অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ শিক্ষা-ব্যৱস্থা সম্পৰ্কে কেইটিমান চিন্তা

অসমৰ শিক্ষা-ব্যৱস্থা সম্পৰ্কে কেইটিমান চিন্তা

মই শিক্ষাবিদ নহওঁ, তথাপি মনলৈ অহা কেইটামান চিন্তা আপোনালোকৰ বিবেচনাৰ বাবে আগবঢ়ালো। এই চিন্তা-ভাৱনাৰ উৎসনো কি?

প্ৰথমতে, মোৰ গোটেই আনুস্থানিক শিক্ষা অসমৰ তথা ভাৰতৰ (চৰকাৰী) শিক্ষা প্ৰতিষ্ঠানৰ যোগেদি পোৱা। লগতে একেধৰণৰ ব্যৱস্থাৰে শিক্ষিত হৈ অহা আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ বহু লোক কৰ্মজীৱনত লগ পাইছো। নিজৰ শিক্ষা জীৱনৰ অভিজ্ঞতা আৰু সহকৰ্মীসকলৰ পৰা পোৱা মতামতৰ যোগেদি দেশৰ শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে কিছু ভাৱধাৰা গঢ় লৈ উঠিছে। দ্বিতীয়তে, দুই-তিনিখন উন্নত দেশৰ সহকৰ্মীৰ লগত দীৰ্ঘদিন কাম কৰা সূত্ৰে তেওঁলোকৰ শিক্ষা ব্যৱস্থাই কেনেদৰে এজন ব্যক্তিক কৰ্মজীৱনৰ বাবে তৈয়াৰ কৰে সেই বিষয়ে অলপ ধাৰণা হৈছে। তৃতীয়তে, বৰ্তমান বাংগালোৰত বাস কৰা এজন পিতৃ হিচাপে আৰু শিক্ষাৰ বিষয়ে এজন আগ্ৰহী লোক হিচাপে এইক্ষেত্ৰত অলপ পঢ়াশুনা আৰু আলোচনা-বিলোচনা কৰিছো। এইখিনিৰ ভিত্তিতে লিখিবলৈ আগবাঢ়িছো। শিক্ষা এটি জটিল ক্ষেত্ৰ, এটা লেখাত সকলো দিশ সাঙোৰা সম্ভৱ নহয়। আনহাতে, মোৰ জ্ঞানো নিচেই সিমিত। যি লিখিছো সেয়া আলোচনাৰ আৰম্ভণি বুলি গণ্য কৰিলেহে বোধহয় আগবঢ়াৰ পথ ওলাব।

বৰ্তমান ভাৰত তথা অসমৰ শিক্ষা ব্যৱস্থাৰ দুটা প্ৰধান বিষয় হৈছে:

(ক) গাঁৱে-ভুঞে ব্যক্তিগত খণ্ডৰ শিক্ষা-প্ৰতিষ্ঠানৰ পয়োভৰ হৈছে আৰু এনে প্ৰতিষ্ঠানৰ প্ৰতি সৰ্বসাধাৰণ লোকৰ আস্থা জন্মিছে। বিশেষকৈ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ(তৰ) মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত “চৰকাৰী হ’লে বেয়া, প্ৰাইভেট হ’লে ভাল” বুলি ধৰি লোৱাৰ প্ৰৱণতা আহিছে। প্ৰাক-প্ৰাথমিক বিদ্যালয়তো চৰকাৰী খণ্ডত একেবাৰেই নাই। প্ৰশ্ন হৈছে, যিমান পাৰি সিমান ব্যক্তিগত শিক্ষা-প্ৰতিষ্ঠান স্থাপন হ’লেই বা কৰিলেই আমাৰ শিক্ষা-ব্যৱস্থা ভাল হৈ যাব নেকি? চৰকাৰী শিক্ষা-প্ৰতিষ্ঠানবোৰ সামগ্ৰীক বিচাৰত সঁচাকৈয়ে বেয়া নেকি? সমগ্ৰ দেশৰ শিক্ষা-ব্যৱস্থাত চৰকাৰী শিক্ষা-প্ৰতিষ্ঠানে আগভাগ লোৱা উচিত নে ব্যক্তিগত শিক্ষা-প্ৰতিষ্ঠানে আগভাগ লোৱা উচিত?

(খ) আমাৰ শিক্ষা ব্যৱস্থাই কেৱল নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীহে পাইকাৰী হাৰত উত্পাদন কৰিব পাৰে, ঠিক কামৰ যোগ্য কৰি নহয়। তাতে “ভাল নম্বৰ” পোৱা সকলকহে সকলোৱে গুৰুত্ব দিয়ে, যেন “কম নম্বৰ” পোৱা সকলৰ প্ৰতি শিক্ষাৰ ব্যৱস্থাটোৰ একো দ্বায়িত্বই নাই। বৰ্তমান ব্যৱস্থাত সকলোধৰণৰ প্ৰতিভাক আঁকোৱালি লৈ সবল মনৰ নাগৰিক গঢ়ি তোলাৰ প্ৰতি তেনেই চকু দিয়া নহয়। প্ৰতিজনৰ ব্যক্তিগত প্ৰতিভাক সমান্তৰালভাৱে বিকাশৰ সুবিধা দিয়াৰ সলনি সকলোকে এক ঠেক গণ্ডীৰ মাপকাঠীৰে জোখা হয়। গতিকে চিন্তা কৰাৰ প্ৰয়োজন হৈছে সাৰ্বজনীনভাৱে মঙ্গল হোৱাকৈ এক শিক্ষা ব্যৱস্থা গঢ়িবলৈ কি কি উপাদানৰ প্ৰয়োজন?

এই দুটা প্ৰধান বিষয়ৰ প্ৰেক্ষাপটত উঠা প্ৰশ্নৰ উত্তৰ তলত ডাঙি ধৰিবলৈ চেষ্টা কৰিলো।

(১) সমগ্ৰ দেশৰ শিক্ষা-ব্যৱস্থাত চৰকাৰী প্ৰতিষ্ঠানৰ ভূমিকা কেনে হোৱা উচিত? চৰকাৰী শিক্ষা-প্ৰতিষ্ঠান সঁচাকৈয়ে বেয়া নেকি? ভাৰতৰ জনসাধাৰণ, প্ৰচাৰ মাধ্যম আৰু বুদ্ধিজীৱিৰ মাজত এক মতামত গঢ় লৈ উঠিছে যে ব্যক্তিগত খণ্ডৰ শিক্ষা-প্ৰতিষ্ঠানৰ প্ৰসাৰেই আমাৰ শিক্ষা-ব্যৱস্থাৰ উন্নতিৰ একমাত্ৰ উপায়। কিন্তু গোটেই পৃথিৱীৰ অভিজ্ঞতাই কি কয়? আমাৰ দেশৰনো আচল ছবিখন কি? প্ৰগ্ৰেম ফৰ ইণ্টাৰনেশ্বনেল ষ্টুডেণ্টচ এছেচমেন্ট (Programme for International Students’ Assessment, PISA) বা পিছাৰ মতে ৬৫ খন উন্নত দেশৰ অভিজ্ঞতাৰ পৰা এই কথা সাব্যস্ত হৈছে যে ব্যক্তিগত শিক্ষা প্ৰতিস্থানৰ পয়োভৰে দেশৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ড নবঢ়ায়। অন্যহাতে, শিক্ষা-ব্যৱস্থাৰ ক্ষেত্ৰত মুক্ত বজাৰৰ প্ৰতিযোগিতাই অসমতা বঢ়ায়হে। আমেৰিকা যুক্তৰাষ্ট্ৰ (USA) আৰু চুইডেনৰ (Sweden) ক্ষেত্ৰত এই কথা প্ৰমাণিত হৈছে। ভাৰততো ভাল গৱেষণাৰ দ্বাৰা সাব্যস্ত হৈছে যে, ছাত্ৰ-ছাত্ৰীৰ আৰ্থ-সামাজিক স্থানৰ প্ৰভাৱ যেতিয়া আঁতৰাই চোৱা যায়, তেতিয়া ব্যক্তিগত আৰু চৰকাৰী শিক্ষা-প্ৰতিষ্ঠানৰ মানদণ্ডৰ মাজত কোনো পাৰ্থক্য নেথাকে। আচৰিত কথা হৈছে, ভাৰতৰ শিক্ষা-ব্যৱস্থাত ব্যক্তিগত শিক্ষা-প্ৰতিষ্ঠানৰ সংখ্যা পৃথিৱীৰ বেচিভাগ দেশৰ তুলনাত দুগুণতকৈয়ো বেছি। মাত্ৰ বিফল ৰাষ্ট্ৰ (failed state) বিলাকতহে ব্যক্তিগত শিক্ষা-প্ৰতিষ্ঠানৰ এনে পয়োভৰ দেখা যায়। গতিকে এই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ দিব পাৰি— চৰকাৰী শিক্ষা-প্ৰতিষ্ঠানৰ ভূমিকা আগশাৰীলৈ অনাৰ বাহিৰে বেলেগ পথ নাই। চৰকাৰী শিক্ষা-প্ৰতিষ্ঠানত সমস্যা নিশ্চয় আছে, কিন্তু তাৰ সমাধান ব্যক্তিগত খণ্ডৰ প্ৰসাৰৰ যোগেদি কৰিব নোৱাৰি। গতিকে জনসাধাৰণ, প্ৰচাৰ মাধ্যম, বুদ্ধিজীৱি আৰু বিশেষকৈ মধ্যবিত্ত শ্ৰেণীয়ে চৰকাৰী বিদ্যালয়ৰ উন্নতিকৰণত হাতে-কামে লাগিলেহে আমাৰ শিক্ষা-ব্যৱস্থাৰ সৰ্বাংগীন উন্নতি সম্ভৱ হ’ব।

(২) শিশুৰ বৌদ্ধিক বিকাশৰ কাৰণে জীৱনৰ প্ৰথম কেইটা বছৰ বহু গুৰুত্বপূৰ্ণ। এই তথ্যৰ ভিত্তিতে চাৰিওফালে প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ জন্ম হৈছে। কিন্তু দুখৰ কথা যে এনে বিদ্যালয়ৰ মাত্ৰ ব্যক্তিগত খণ্ডত হে স্থাপন হৈছে। অৰ্থাৎ দুখীয়া লোকৰ সন্তান প্ৰাথমিক বিদ্যালয় পোৱাৰ পূৰ্বতেই বৌদ্ধিকভাৱে পিচপৰি যাব লগা হৈছে। এইটো সমাজৰ বাবে ক্ষতিকাৰক কাৰণ ইয়াৰ ফলত আমাৰ সমাজৰ অধিকাংশ শিশুৱেই তেওঁলোকৰ স্বাভাৱিক প্ৰতিভা পূৰ্ণ কৰিবলৈ সুবিধা পোৱাৰ পৰা বঞ্চিত হৈছে। ওপৰত কোৱাৰ দৰে চৰকাৰেই যিহেতু শিক্ষা ব্যৱস্থাৰ গুৰু দ্বায়িত্ব কান্ধত ল’ব লাগিব, গতিকে সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাক-প্ৰাথমিক বিদ্যালয়ো স্থাপন কৰিব লাগে।

(৩) শিক্ষক প্ৰশিক্ষণৰ পদ্ধতিৰ সাৰ্বজনীন স্তৰত সলনি আৰু বিনিয়োগ। বৰ্তমান সময়ত শিক্ষক হ’বলৈ যিবোৰ ডিগ্ৰী, ডিপ্লোমা অথবা প্ৰশিক্ষণ লাগে সেইবোৰ কেৱল কাগজত লিখা চাৰ্টিফিকেটতকৈ বৰ বেচি একো নহয়। শিক্ষক হোৱাৰ দৰে এটা জটিল কাম আমি “সকলোৱেই কৰিব পাৰে” বুলি ধৰি লওঁ। অন্যহাতে চাওক ফিনলেণ্ডৰ (Finland) শিক্ষা-ব্যৱস্থা, যি গোটেই পৃথিৱীৰে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে। ফিনলেণ্ডত বিদ্যালয়ৰ শিক্ষক হ’বলৈ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আছে। এই পাঠ্যক্ৰমত ভৰ্ত্তি হ’বলৈ অতিকৈ মেধাৱী (প্ৰথম দহ শতাংশ) ছাত্ৰ-ছাত্ৰীহে সক্ষম হ্য়। আমি অন্ধ অনুকৰণ কৰিব নালাগে, কিন্তু শিক্ষকৰ কৃতকাৰ্য্যতা বঢ়াবলৈ তেখেতসকলক যি শিক্ষা আৰু প্ৰশিক্ষণৰ দৰকাৰ সেইখিনি উচ্চ মানদ্বণ্ডেৰে সৰ্বাংগীনভাৱে যোগান ধৰিব লাগে। শিক্ষকক পথ দেখুৱাই দিয়া, উত্সাহ-উদ্দীপনা যোগোৱা, সঁজুলি-সমলৰ বাবে আৰ্থিক অনুদান দিয়া ইত্যদি কামবোৰ সামুহিক স্তৰত কেন্দ্ৰীয় প্ৰয়াসেৰে হ’ব লাগে। শিক্ষকৰ মনোবৃত্তিত সকলো ছাত্ৰ-ছাত্ৰীকে সমানে আগুৱাই নিয়াৰ মানসিকতা প্ৰতিষ্ঠা কৰিব লাগে। ফিনলেণ্ডৰ এজন শিক্ষকৰ উক্তিত, “উচ্চশিক্ষিত ধনী লোকৰ সন্তানক যিকোনো শিক্ষকেই ভাল শিক্ষা দিব পাৰে। আমি চেষ্টা কৰো দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ তত্বাবধান ল’বলৈ— এইটো আমাৰ চিন্তাৰ কোঁহে-কোঁহে সোমাই আছে।”

(৪) শিক্ষকৰ সামাজিক অৱস্থান আৰু শিক্ষা-পদ্ধতি অৱলম্বনৰ স্বাধীনতা। এইটো আৰু এটা দিশ, যাৰ বিষয়ে ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থাৰ পৰা শিকিবলগীয়া আছে। মন কৰিব ফিনলেণ্ডত শিক্ষকৰ দৰমহা অন্য চাকৰিৰ তুলনাত বেচি নহয়। তেন্তে সকলোতকৈ শ্ৰেষ্ঠ আৰু চোকা-বুধিৰ যুৱক-যুৱতী শিক্ষকৰ চাকৰিলৈ কিয় আকৃষ্ট হয়? তাৰ কাৰণ দুটা: সন্মান আৰু শিক্ষা-পদ্ধতি অৱলম্বনৰ স্বাধীনতা। শিক্ষকৰ ক্ষেত্ৰত তেওঁলোকৰ মূলমন্ত্ৰ হৈছে— “শ্ৰেষ্ঠকেইজনক বাচি লোৱা, তেওঁলোকক উপযুক্ত শিক্ষা দিয়া, সন্মান দিয়া আৰু স্বাধীনতা দিয়া”। ভাবি চাওক, এয়া আমাৰ শিক্ষকৰ বাবেও প্ৰযোজ্য হয়নে? আমি মধ্যবিত্ত শ্ৰেণীয়ে আমাৰ শিক্ষা-ব্যৱস্থাৰ দুৰ্বলতাবোৰৰ পৰা পইছা দিয়েই ফালৰি কাটিবলৈ চেষ্টা কৰিছো, আমাৰ সন্তানক খৰচী ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঠিয়ায়। আমাৰ সমাজত এতিয়া টকাৰহে জয়জয়কাৰ। তাৰ সলনি যদি সমাজত ধনী জনতকৈ শিক্ষকৰ স্থান উচ্চ হয় তেন্তে অদূৰ ভৱিষ্যতে আমি নিচিন্ত মনেৰে আমাৰ উত্তৰ-প্ৰজন্মক চৰকাৰী শিক্ষানুষ্ঠানত কম খৰচতে শিক্ষিত কৰিব পাৰিম। আজি আমাৰ শিক্ষক পইছাৰ দুখীয়া নহয়, মৰ্য্যদা আৰু সহায়-সহযোগৰহে দুখীয়া।

(৫) স্থানীয় প্ৰচেষ্টাৰ দ্বাৰা উন্নত, সফল শিক্ষা পদ্ধতিৰ উপাদানবোৰৰ আৱিষ্কাৰ আৰু প্ৰসাৰণ হ’ব লাগে। সফল শিক্ষা পদ্ধতি বুলি ইয়াকে বুজোৱা হৈছে যাৰ দ্বাৰা সমুহ ছাত্ৰ-ছাত্ৰীয়ে মনোযোগ আৰু উত্সাহেৰে পাঠ্যক্ৰমৰ বিষয়-বস্তু শিকিবলৈ সক্ষম হয়। এনেধৰণৰ প্ৰচেষ্টা ভাৰতৰ দুই-এখন ঠাইত হৈছে, অসমত হৈছে নে নাই এইবিষয়ে মই জ্ঞাত নহয়। উত্তৰাখণ্ড ৰাজ্যৰ লোহাঘাট ব্লকত চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ মাজত স্থানীয় আলোচনা গোট আছে। গোটৰ সদস্য হোৱাৰ সিদ্ধান্ত প্ৰতিজন শিক্ষকৰ বাবে ইচ্চাকৃত। তেওঁলোকে একগোট হৈ শিক্ষা দিয়াৰ বিভিন্ন দিশ আলোচনা কৰে— সৰু-ডাঙৰ সমস্যাৰ সমাধান বিচাৰে, ইজনে সিজনৰ সৈতে ভাল শিক্ষক হোৱাৰ কিটিপ আদান-প্ৰদান কৰে। ইয়াৰ ফলত অন্ততঃ যিসকল শিক্ষকৰ ভাল শিক্ষা দিয়াৰ আগ্ৰহ আছে তেখেতসকল অনুপ্ৰাণিত হৈ উত্তম শিক্ষক হোৱাৰ পথত আগবাঢ়িছে। উত্তৰ-পূব কৰ্ণাটকৰ “পদ-গৱেষণা” (Barefoot Research) অন্য এক উদাহৰণ। অসমীয়াত হয়তো “গাঁৱলীয়া-গৱেষণা” বুলি ক’লেহে ইয়াৰ আচল অৰ্থ ওলাব। এই প্ৰচেষ্টাৰ মূল উদ্দেশ্য হৈছে “গৱেষণা” শব্দটো মাটিলৈ নমাই অনা— যে সকলো শিক্ষকৰ বাবেই এক গৱেষণাৰ দৃষ্টিভংগী বৰ দৰকাৰী। কেৱল বিশ্ববিদ্যালয়ত বহি থকা গৱেষণাকাৰীয়েহে গৱেষণা কৰিব লাগে তেনে নহয়, স্থানীয় স্তৰতো শিক্ষাবৃত্তিৰ সমস্যাবোৰৰ অনুসন্ধান তথা সমাধান শিক্ষকবৃন্দই গৱেষণামূলক দৃষ্টিভংগীৰে কৰিব লাগে।

শিক্ষক হোৱাটো জটিল কাম, অকল পাঠ্যক্ৰমত ব্যুত্পত্তি থাকিলেই নহয়, প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত প্ৰতিভা আৰু মানসিকতাৰ লগত সংযোগ স্থাপন কৰিব পাৰিলেহে প্ৰকৃত সফলতা অৰ্জন কৰিব পাৰি। গতিকে সাৰ্বজনীনভাৱে ভাল প্ৰশিক্ষণৰ কাৰ্য্যক্ৰম হাতত লোৱাৰ লগতে স্থানীয় সমস্যা নিজেই সমাধান কৰাৰ স্বাধীনতা আৰু সম্বল প্ৰতিজন শিক্ষকক দিয়া উচিত।

(৬) ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশত জোৰ দিব লাগে, মাত্ৰ পাঠ্যক্ৰমত সৰহ নম্বৰ পাবলৈ নহয়। বিশেষকৈ নেতৃত্ব লোৱাৰ মানসিকতা গঠন, নতুন তথা স্বাধীন চিন্তা কৰাৰ সামৰ্থ্য, সমুহীয়াকৈ মিলামিচাৰে বৃহত্তৰ স্বাৰ্থত কাম কৰাৰ মনোবৃত্তি ইত্যাদি দিশবোৰত গুৰুত্ব দিব লাগে। আমাৰ সমাজত তথা কৰ্মক্ষেত্ৰত প্ৰধানকৈ আনুষ্ঠানিক নেতৃত্বৰহে প্ৰচলন— অৰ্থাৎ পদৱীৰ যোগেদিহে নেতৃত্বৰ প্ৰকাশ হয়। যদিও আনুষ্ঠানিক নেতৃত্বৰ প্ৰয়োজন আছে, তথাপি প্ৰতিজন ব্যক্তিৰে কোনো নহয় কোনো ক্ষেত্ৰত নেতৃত্ব দিয়াৰ অৱকাশ আছে। যেতিয়া বুজনসংখ্যক ব্যক্তিয়ে এজন সু-নেতাৰ দৃষ্টিভংগী আৰু দ্বায়িত্ববোধেৰে সমাজলৈ বৰঙণি আগবঢ়াব, তেতিয়া সমাজৰ গাঁঠনি উন্নত হ’বই। আৰু এটা চিন্তিত হ’ব লগা বিষয় হৈছে, আমাৰ সমাজত আলোড়নকাৰী নতুন চিন্তা কৰা ব্যক্তিৰ অভাৱ। এইটো আমাৰ শিক্ষা-ব্যৱস্থাৰ বিফলতা। আমাৰ ব্যৱস্থাত ব্যতিক্ৰমী চিন্তাধাৰাক দবাই ৰাখি ঠেক গণ্ডিৰে আগুৱাই যোৱাতহে মন দিয়া হয়। সৰুৰেপৰা দমনত থাকি প্ৰশ্ন কৰাৰ উদ্যম হেৰাই যায়। নতুন আৱিষ্কাৰৰ শিহৰণ হেৰাই যায়। এইবোৰ পুৰণি পদ্ধতি অনতিপলমে সলাব লাগে। ছাত্ৰ-ছাত্ৰীক প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰিবলৈ উত্সাহ দিয়াৰ লগতে প্ৰশ্নৰ সঠিক উত্তৰৰ যোগেদি নতুন বাট দেখুৱাই দিয়াৰ দ্বায়িত্ব সমূহ শিক্ষকে আঁকোৱালি লব লাগে। আজিৰ দিনত কৰ্মক্ষেত্ৰৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে সামুহিক ভাবে কাম কৰাৰ সামৰ্থ্যৰ ওপৰত। অথচ এই গুৰুত্বপূৰ্ণ  সামৰ্থ্যটোৰ বিকাশৰ বাবে আমাৰ শিক্ষানুষ্ঠানবোৰত প্ৰায় একোৱেই কৰা নহয়। আমাৰ ব্যৱস্থাই শিকায় কেৱল প্ৰতিযোগিতাৰ বিষয়েহে। অভিজ্ঞতাৰ পৰা দেখা যায় যে প্ৰতিযোগিতাত প্ৰথম-দ্বিতীয় হ’লেই সফলতা নিশ্চিত নহয়, ওপৰত কোৱা গুণবোৰো অপৰিহাৰ্য্য। ছাত্ৰ-ছাত্ৰীয়ে দলীয়ভাৱে সহযোগিতাৰে কাম কৰাৰ সামৰ্থ্য আহৰণ কৰিব পৰা হ’বলৈ শিক্ষানুষ্ঠানবোৰে পদক্ষেপ ল’ব লাগে।

(৭) স্থানীয় বিদ্যালয়ৰ পৰিচালনা তথা কামকাজৰ খবৰ স্থানীয় ৰাইজে জানিব লাগে আৰু যি ক্ষেত্ৰত পাৰে বিদ্যালয়ৰ কৰ্তৃপক্ষক সহায়-সহযোগ আগবঢ়াব লাগে। এই সন্দৰ্ভত মহিলাসকলে আগভাগ ল’লে আৰু ভাল হয়। সন্তানৰ পঢ়া-শুনাৰ খুঁটি-নাটি এগৰাকী মাতৃৰ আঙুলিৰ মূৰতে থাকে, গতিকে মাতৃসকলেহে এখন বিদ্যালয়ৰ প্ৰকৃত ৰূপ বুজি পায়। সন্তানৰ শিক্ষাত এগৰাকী মাতৃৰ তেজ, ঘাম, আশা, সপোন সকলো সোমাই থাকে। গতিকে এই বিষয়টো তেখেতসকলে কেতিয়াও আওকাণ নকৰে। চট্টিছগড় ৰাজ্যৰ খমৰীয়া গাঁৱত মহিলাৰ এনে নিষ্ঠাৰ প্ৰমাণ পোৱা গৈছে। কেইবছৰমানৰ আগতে এই গাঁৱৰ ৰাইজে সিদ্ধান্ত ল’লে যে গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিত অকল মহিলাহে থাকিব। এই সিদ্ধান্তৰ এক ফলাফল স্বৰূপে বিদ্যালয়ৰ শিক্ষকসকলে মুক্ত মনেৰে নিজৰ আসোঁৱাহসমূহ দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই গৈছে। উন্নতিৰ বতাহৰ অন্য এটা উমান পাবলৈ চাওক এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাৰ ৰেহৰূপ। যেতিয়া সমিতিত পূৰুষৰ প্ৰাধান্য আছিল তেতিয়া সমিতিৰ সভা দিনৰ দুই বজাত বুলিলে তাৰ দুঘণ্টামানৰ পাছতহে দুই এজনকৈ সমিতিৰ সদস্য গোট খাইছিল, কিন্তু যেতিয়া সমিতিখন সম্পূৰ্ণভাৱে মহিলাৰ হাতত তুলি দিয়া হ’ল তেতিয়া দেখা গ’ল যে সমিতিৰ সভাত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সকলো সদস্য উপস্থিত হয়হি!

সামৰণিত কওঁ যে এই প্ৰৱন্ধত কেইটামান বহল পৰিসৰৰ চিন্তাহে থূলমুলকৈ বৰ্ণনা কৰিলো। প্ৰত্যেকটো ধাৰণাক পুনৰ গভীৰভাৱে চালিজাৰি চালেহে ভাল-বেয়াৰ সঠিক বিচাৰ কৰিব পৰা যাব আৰু তাৰ পাছতহে হাতে-কামে কাৰ্য্যকৰী কৰাৰ পথ সুগম হ’ব।

(এই প্ৰবন্ধৰ বাবে লাইভমিন্ট (www.livemint.com) ত প্ৰকাশ পোৱা অনুৰাগ বেহাৰৰ (Anurag Behar) বহুকেইটা লিখনিৰ সহায় লোৱা হৈছে। প্ৰকৃতাৰ্থত, তেখেতৰ লিখনিৰ পৰা পোৱা অনুপ্ৰেৰণা আৰু সমলৰ অবিহনে এই লেখা সম্ভৱ ন’হলহেঁতেন। অনুৰাগ বেহাৰলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো। লগতে সমুহ পাঠকক তেখেতৰ গোটেইকেইটা লিখনি লাইভমিন্টত পঢ়িবলৈ অনুৰোধ জনালো— http://www.livemint.com/Search/Link/Author/Anurag%20Behar?offset=10)

লিখক: ভাগ্য কোঁৱৰ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate