অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইংৰাজী ভাষাৰ প্ৰতি থকা ভয় এটা ডাঙৰ সমস্যা। কোৱা বাহুল্য যে কেৱল ইংৰাজী বিষয়টোৰ বাবেই বহুতো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা জীৱন আধাতে সামৰিব লগা হয়। ইংৰাজী ভাষাটো এটা আন্তৰ্জাতিক ভাষা। গতিকে ই সমগ্ৰ বিশ্বৰে েটা সংযোগী ভাষা। ইংৰাজী ভাষাৰ উপযুক্ত জ্ঞান অবিহনে ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী সময়ত শিক্ষাৰ লগতে নিয়োগৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰে। বৰ্তমান তথ্য প্ৰযুক্তিৰ পৃথিৱীত ইন্টাৰনেটযোগে বেছিভাগ চাকৰিৰ আবেদন বা পৰীক্ষা সম্পাদিত হয়। আৰু ইংৰাজী ভাষাৰ জৰিয়তেহে এইবোৰ সম্ভৱ।
স্বৰাজোত্তৰ কালছোৱাত প্ৰায় দুটা দশক ধৰি অসমৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত ইংৰাজী ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ভাষা আন্দোলনৰ পিছৰে পৰা শিক্ষাৰ মাধ্যম অসমীয়া কৰা হয়। লগতে ইংৰাজী বিষয়টো বাধ্যতামূলক বিষয় হিচাপে ৰখা হয়। বৰ্তমান সময়ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰক অৱহেলাৰ দৃষ্টিৰে চোৱাৰ প্ৰধান কাৰণ হ’ল অভিভাৱকসকলে নিজৰ সন্তানক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰিব খোজে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ইংৰাজী ভীতি আৰু ভাষা জ্ঞানৰ অভাৱৰ বাবে অভিভাৱকসকলে শিক্ষাৰ মাধ্যমক জগৰীয়া কৰিব খোজে যদিও এইটো যুক্তিহীন। ইয়াৰ বাবে দায়ী প্ৰচলিত শিক্ষা ব্যৱস্থা।
শেহতীয়া পৰীক্ষাৰ ফলাফলবোৰত ইংৰাজী বিষয়ত লেটাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গ’ল যদিও গুণগত মানৰ ফালৰ পৰা প্ৰকৃত অৰ্থত ইংৰাজী ভাষা জনা ছাত্ৰ-ছাত্ৰী নোলাল। কিয়নো ইংৰাজীত লেটাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী সময়ত ইংৰাজীত আবেদন এখনকে লিখিব নোৱৰাৰ উদাহৰণো আমি প্ৰত্যক্ষ কৰিছোঁ।
এই সমস্যাৰ বিজ্ঞানসন্মত বিশ্লেষণ আমি এনেদৰে কৰি চাব পাৰোঁ। শিশু এটিয়ে মানুহ এজনক ভয় কৰিলে যিদৰে তেওঁৰ কাষ চাপিব নোখোজে, ঠিক তেনেদৰে এটা বিষয়ৰ প্ৰতি ভয় থাকিলেও বিষয়টো আমি ভালদৰে আয়ত্ত কৰিব নোৱাৰাটো স্বাভাৱিক। আমাৰ পৰিৱেশ, পাঠ্যক্ৰম আৰু শিক্ষা ব্যৱস্থাই প্ৰধানকৈ এই সমস্যাৰ বাবে দায়ি বুলি ক’ব পাৰি। শিশুৱে মাতৃভাষা মাধ্যমতে প্ৰাথমিক শিক্ষা গ্ৰ্হণ কৰাটো বিজ্ঞানসন্মত। কিন্তু বৰ্তমান সময়ত মাতৃভাষা ভালদৰে আয়ত্ত নকৰাকৈয়ে বিদেশী ভাষা এটা শিকিবলৈ দিয়া হয়। ফলত কোনো এটা ভাষাতে দক্ষতা লাভ কৰিব নোৱাৰে। তদুপৰি মাতৃভাষাৰ বিপৰীতে ইংৰাজীক এটা কঠিন বিষয় বুলি আগৰে পৰা শুনি শুনি বিষয়টোৰ প্ৰতি ন-শিকাৰুৰ মনত এটি অজান ভীতি সঞ্চাৰ হয়। আমাৰ পাঠ্যক্ৰমত ইংৰাজী ভাষাটো সন্নিৱিষ্ট কৰাৰ উদ্দেশ্য হৈছে আমাক এই ভাষাটোৰ জ্ঞান দিয়াটো। কিন্তু কাৰ্যক্ষেত্ৰত ইংৰাজী এটা বিষয় হিচাপেহে শিকোৱা দেখা যায়। সেইবাবে মুখস্থ কৰি অধিক নম্বৰ লাভ কৰাতহে ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্ব আৰোপ কৰে। আকৌ অসমীয়া মাধ্যমৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী বিষয়টোৰ ক্ষেত্ৰত এটা হীনমন্যতা থকা দেখা যায়। এইক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে প্ৰস্তুত কৰি তোলাটো অতি গুৰুত্বপূৰ্ণ।
ইংৰাজী বিষয়ৰ পাঠৰ পৰা আয়ত্ত কৰিব লগা মুখ্য বস্তুকেইটা হ’ল- শব্দজ্ঞান, ব্যাকৰণ, ভাষাগত বৈশিষ্ট আৰু নৈতিক মূল্য। কিন্তু এটা শ্ৰেণীৰ পাঠ্যক্ৰমৰ লগত আনটো শ্ৰেণীৰ পাঠ্যক্ৰমৰ সামঞ্জস্যহীনতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বহু কথা নিশিকাকৈয়ে উত্তীৰ্ণ হৈ গৈ থাকিবলগীয়া হয়। লগতে ইংৰাজী ব্যাকৰণ শিকোৱাৰ সময়ত সমান্তৰালভাৱে অসমীয়া ব্যাকৰণৰ সামঞ্জস্য থকা ভাগবোৰ শিকালে ইংৰাজী বিষয়টো উজু হৈ পৰিব। বহুতো ক্ৰুটিপূৰ্ণ ব্যৱস্থাৰ মাজেৰেই ছাত্ৰ-ছাত্ৰীসকলে মাধ্যমিকৰ ডেওনা পাৰ হয়। বিদ্যালয় পৰ্যায়ত নিশিকাকৈ অহা বিভিন্ন সৰু-সুৰা কথাৰ বাবে মহাবিদ্যালয় পৰ্যায়ত তেওঁলোকে দ্বিধাবোধ কৰে।
অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত কথিত ইংৰাজীত(Spoken Engilsh) একেবাৰে গুৰুত্ব দিয়া নহয়। অৱশ্যে ছেবাৰ নিৰ্দেশনাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম আৰু নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত প্ৰকল্প(Project) আৰু মৌখিক(Oral)ৰ অন্তৰ্ভুক্ত কৰিছে যদিও বহুতো বিদ্যালয়ত ‘What is your name’? জাতীয় প্ৰশ্ন সুধিয়েই দায়িত্ব সামৰা দেখা যায়। তদুপৰি এইবোৰ সঠিক ধৰণে হৈছে নে নাই পৰ্যবেক্ষণ কৰিবলৈ ছেবাই পৰ্যবেক্ষক নিয়োগ কৰা নাই। ভাষাটো অলপ- অচৰপ ক’ব জানিলে বিষয়টো ছাত্ৰ-ছাত্ৰীৰ মনত উজু হৈ পৰে। গতিকে এইক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।
ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী বাতৰিকাকত পঢ়া আৰু ৰেডিঅ’, দূৰদৰ্শন আদিৰ ইংৰাজী বাতৰি শুনাৰ অভ্যাস কৰিলে ভাষাটো বোধগম্য হৈ পাৰিব। ইয়াৰ ফলত ভাষাটোৰ প্ৰতি থকা ভীতি কিছু হ’লেও আঁতৰিব। তদুপৰি বিদ্যালয়সমূহত ইংৰাজী মাধ্যমতে বিতৰ্ক, দলবদ্ধ আলোচনা, বক্তৃতা দিয়া আদি শিকোৱাৰ ব্যৱস্থা কৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব।
লেখক: প্ৰসেনজিৎ কলিতা(শিক্ষা বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 12/21/2023