অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিজিটেল দক্ষতা: একৈচ্ শতিকাৰ শিক্ষকৰ প্ৰয়োজনীয়তা

একৈচ্ শতিকাৰ দেওনাত ভৰি দিয়া প্ৰায় পোন্ধৰতা বছৰ সম্পূৰ্ন হল;ইতিমধ্যে বিশ্বজগতত বিজ্ঞান আৰু তথ্য-যোগাযোগ প্ৰযুক্তি বিদ্যাই জ্ঞানৰ প্ৰয়োগৰ নিত্য নতুন সংঙ্কৰনৰে বিশ্বক এখন নতুন ‘জ্ঞান সমাজ’ হিচাবে গঢ় দিছে,বিশ্বৰ এটা কোনৰ বতৰা নিমিষতে অন্য কোনত সদৰিকৈ জনাৰ ব্যবস্হা কৰি বিশ্ববাসীক একেখন সমাজৰে নাগৰিক কৰি তুলিছে।‘ডিজিটেল টেকন’লজীৰ’ প্ৰয়োগেৰে আমি নিজকে এখন গ্লোবেল চচাইটিৰ এজন অংশীদাৰ হিচাবে এজনে আন এজনৰ লগত নানা দিশৰ ভাবৰ আদান-প্ৰদান কৰি নতুন নতুন চিন্তা চৰ্চাৰ সুবিধাৰে উন্নতিৰ জখলাত ভৰি ৰাখিবলৈ সক্ষম হৈছো;অৰ্থাত আমি এখন  ডিজিটেল পৃথীবীৰ বাসিন্দা হৈছো!

একৈচ্ শতিকাৰ শিক্ষাৰ্থীসকল আৰু ইটো-সিটো দিশ

একৈচ্ শতিকাৰ শিক্ষাৰ্থীসকলৰ বাবে সাক্ষৰতা বুলিলে মাথো বৈষয়িক জ্ঞান অৰ্জনাৰ্থে বিদ্যালয়ত আয়ত্ব কৰা শিকণ,লিখন আৰু গননাকে(3R’s) নুবুজাই,শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় অনান্য শিকিব লগা বিষয় সমূহত লেখতলবলগীয়া হৈছেঃ মাল্টিকালশাৰেল, মিডিয়া, তথ্য, মনোআবেগিক,পাৰিপাৰ্শ্বিক,অৰ্খনৈতিক,সাইবাৰ সাক্ষৰতা অথবা ‘ডিজিটেল সাক্ষৰতা’। তথ্য,যোগাযোগ-প্রযুক্তিৰ মাধ্যমেৰে প্ৰয়োজনসাপেক্ষে তথ্য সংগ্ৰহ কৰি নিজস্ব ভাবে নতুনকৈ জ্ঞানৰ সংযোজনা কৰা,বিশ্লেষন কৰা আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা অৰ্জন কৰাকে ‘ডিজিটেল সাক্ষৰতা’ বুলিব পাৰি।‘ডিজিটেল সাক্ষৰতা কেইটামান দক্ষতাৰ সৈতে জড়িত,যিবিলাক পাৰস্পৰিক বিষয় নিৰ্ভৰশীল বা আন্তঃবৈষয়িক। Warshauer আৰু Matuchniakৰ মতে তিনিতা প্ৰধান কৌশলৰ সমষ্টিয়েহে  ব্যক্তিক ডিজিটেল সাক্ষৰতা লাভত সহায় কৰে,যেনেঃ(১)তথ্য,সংবাদ মাধ্যম ও প্ৰযুক্তি,(২)শিকণ ও সৃজনীমূলক দক্ষতা,আৰু (৩) জীৱন ও কেৰিয়াৰ নৈপুনতা।( Digital literacy requires certain skill sets that are interdisciplinary in nature. Warshauer and Matuchniak list information, media, and technology; learning and innovation skills; and life and career skills as the three skill sets that individuals need to master in order to be digitally literate, or the 21st-century skills) উন্নত আৰু বহূ উন্নয়নমুখী দেশে তথ্য আৰু প্ৰযুক্তিবিদ্যাপুষ্ট শিক্ষাব্যৱস্হাৰে শ্ৰেনীকক্ষত শিক্ষাৰ্থীসকললৈ উন্নত মানবিশিষ্ট শিক্ষা আগবঢ়াইছে যত শিক্ষকসকলে বন্ধু,চিন্তাশীল জ্ঞানী আৰু পথ পদৰ্শকৰ ভূমিকা লয়;শিক্ষকৰ দায়িত্ব শিক্ষাৰ্থীক জ্ঞানচৰ্চা আৰু ব্যৱহাৰত সহায় কৰা। আধুনিক শিক্ষাবিদ সকলে নতশিৰে মানি লৈছে যে একৈচ্ শতিকাৰ শিক্ষাব্যৱস্হা শিক্ষাৰ্থীকেন্দ্ৰিক,শিক্ষককেন্দ্ৰিক নহয়।

‘সকলোৰে বাবে সাক্ষৰতা’ অভিযানত ‘ডিজিটেল সাক্ষৰতাও’ ৰাইজৰ শিক্ষাৰ এটা মৌলিক আধাৰ বুলিয়ে বিবেচনা কৰি ভাৰত চৰকাৰে তেনেদৰে আগবাঢ়ি যোৱাৰ উদেশ্যৰে নেশ্যনেল ডিজিটেল লিটাৰেচি মিশ্যনৰ(NDLM) প্ৰকল্প হাতত লয় যাতে ডিজিটেল নাগৰিকত্বই জনসাধাৰনক এই নতুন পদ্ধতিত সাক্ষৰিত কৰি তুলিব পাৰে। ডিজিটাল আই.টি(INFORMATION TECHNOLOGY) ৰ জৰীয়তে যাতে শিক্ষাৰ্থীসকলে সাক্ষৰতা আহৰন কৰাৰ  সুবিধা পায় তাৰ প্ৰতি লক্ষ্য ৰাখি নিদেৰ্শনা আগবঢ়ৱা প্ৰধান উদ্দেশ্য সমূহ হৈছেঃ গ্ৰামাঞ্চল,যুবসমাজ আৰু সকলোৱে ডিজিটেল শিক্ষাৰ  মাধ্যমৰে সুকলমে জ্ঞানভিত্তিক শিক্ষা আহৰন কৰি সমাজত/গ্ৰাম্য অঞ্চলত আৰ্থ-সামাজিক দিশত বিপুল উন্নয়নমুলক পৰিবৰ্ত্তন অনা,নাৰীক সশক্তিকৰন কৰি স্বাবলম্বী হব পৰাকৈ ক্ষমতা আগবঢ়াৱা ।ইয়াৰ বাবে এন.ডি.এল.এম বিলাক জ্ঞানকেন্দ্ৰ হব আৰূ ই সম্পুৰক শিক্ষা হব।সকলো প্ৰদেশতে ইয়াৰ  কাৰ্য্যকৰীকৰণৰ ৱ্যবস্হা গ্ৰহন কৰা হয়। কেবাখনো ৰাজ্যই তথ্য আৰু প্ৰযুক্তিবিদ্যাক শিক্ষন-শিকন প্ৰনালীৰ অবিছেদ্য অংগ হিচাবে শ্ৰেনীকক্ষত প্ৰয়োগ কৰি লাভাবান্বিত হৈছে.সেইমৰ্মে কাৰ্য্যকৰীকৰনৰ দিত্বীয় পৰ্যায়ত অন্য ১০খন ৰাজ্যৰ ভিতৰত অসমকো অন্তৰ্ভূক্ত কৰা হয় আৰু চৰকাৰে ‘আনন্দৰাম বটা’ প্ৰকল্পৰ জৰীয়তে স্কুলীয়া শিক্ষা সাং কৰা মেধাবী ছাত্ৰ/ছাত্ৰীলৈ লেপটপ আগবঢ়ায়।

উন্নত বা উন্নয়নশীল পশ্চিমীয়া/পূব এচিয়াৰ দেশসমূহত ডিজিটেল শিক্ষা লাভৰ ওপৰত মাথো গুৰুত্ব দিয়াই নহয় গবেষনা আৰু অধ্যয়নৰ ওপৰত ভৰ দি পুঙ্খানুপুঙ্খকৈ আলোচনা কৰি শিক্ষাৰ মানদন্দ বঢ়াব পৰাৰ কাৰনে ডিজিটেল টেকনলজীৰ সুপ্ৰয়োগ কৰিবৰ কাৰনে টনকিয়াল ব্যৱস্হা গ্ৰহণ কৰি শ্ৰেনীকক্ষত ইয়াৰ সহায়ৰে পাঠদান দিবৰ কাৰনে শিক্ষকসকলক কেনেদৰে আৰু কোনবিলাক ডিজিটেল স্কীলৰ প্ৰশিক্ষন দিব পাৰি,ক্লাচৰূমত শিক্ষাৰ্থী উপযোগীকৈ  কোনবিলাক ‘ক্লাচৰুম কনটেনট’ তৈয়াৰী কৰোতে ডিজিটেল উপকৰণ যোগ্যতাৰ জৰীয়তে শ্ৰেনীকক্ষ উপযোগী সুচী/সুচীপত্ৰ আদি প্ৰস্তুত কৰিব লাগে তাৰ পুৰ্ন আভাস দি শিক্ষকৰ যোগ্যতা বঢ়াবৰ কাৰণে শিক্ষক/শিক্ষয়ত্ৰীক প্ৰাধান্য দিছে,কিয়নো শ্ৰেনীকক্ষত শিক্ষকেই গুৰিধৰোতা।তেনেদৰেই শিক্ষক-শিক্ষয়ত্ৰীৰ আৰূ ছাত্রছাত্রীসকলৰ প্রয়োজনীয় ডিজিটেল কৌশল অর্জনৰ বাবে তত্পৰতা অবলম্বন কৰা হৈছে।  এইক্ষেত্ৰত University College London (UCL)ৰ দ্ৱাৰা প্ৰস্তুত ‘E-learning Environment’বা ইন্টাৰনেটৰ ব্যাপক ব্যৱহাৰৰ কাৰনে শিক্ষকসকলৰ ৩৩টা ডিজিটেল দক্ষতাৰ প্ৰয়োজন বুলি আলোচনা কৰিছে।(The Digital Department-Workshop at 2012 AUA Conference Report:21ST CENTURY KNOWLEDGE AND SKILLS IN EDUCATOR PREPARATION September 2010)। ( public research university)

ডিজিটেল দক্ষতাৰ গুৰূত্ব দি মাইক্ৰচফ্টৰ উপসভাপতিজনে উনুকিয়াইছে যে “আধুনিক শিক্ষকসকল মাথোন উদ্ভাবনিমুলক শিক্ষনপ্ৰক্ৰিয়াৰ মাজতে সীমাবদ্ধ নহয়,তেওঁলোক শিক্ষাৰ্থীৰ বাবে উত্সাহ,উদ্দীপনাৰো লেখতলৱলগীয়া উত্স; তেওঁলোকে শ্ৰেনীকক্ষৰ পাৰিপাশ্বিকতাক নতুনত্বৰ মাধ্যমৰে বিপুল পৰিবৰ্তন আনিবলৈ সক্ষম হয়”l বিভিন্ন বয়সৰ ছাত্রছাত্রী সকলক স্কুল বা পাঠ গ্ৰহনত সহায় কৰাৰ ওপৰিও ভবিষ্যত চাকৰিজীৱনৰ প্ৰস্তুতিতো ই অতি নিৰ্ভৰযোগ্য এটি কলা।আজিকালি সুনিপুন পাঠদানৰ ক্ষেত্ৰত শিক্ষকসকলে তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ বিশাল জগতখনৰ পৰা লাভাম্বিত হবলৈ নিজ নৈপুনতা বঢ়াবলৈ আগবাঢ়ি আহিছে। মাথো সেয়ে নহয়,গ্ৰাম্যাঞ্চল বা যাতায়তৰ অসুবিধা থকা দূৰ্গম এলেকাবাসীও ইয়াৰ সুব্যৱহাৰৰে ঘৰতে বহি কিছুমান কাম কৰিবলৈ সুবিধা পাইছে।উদাহৰণ স্ৱৰূপে কব পাৰি যে ঘৰতে বহি  নেটৰ মাধ্যমৰে লাইটৰ বিল দিব পাৰি বা কৰবাত দূৰ ভ্ৰমন কৰাৰ আগতে টিকটতোও কিনিব পাৰি। নিঃসন্দেহে মৌলিক দক্ষতাসমূহৰ দ্ৰুত বিকাশত ই সহায়ক ভূমিকা লৈছে।

বিদ্যালয়ত ডিজিটেল দক্ষতাৰ প্ৰয়োজনীয়তা:

গুনাবৰ্তামূলক শিক্ষালাভৰ বাবে,শ্ৰেনীকক্ষত শিকন-শিক্ষন পদ্ধতি শিক্ষাৰ্থীকেন্দ্ৰিক কৰিবৰ কাৰনে E learning/M learningৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। UNESCOৰ দ্ৱাৰা প্ৰকাশিত ৰিপোৰ্ট মতে ডিজিটেল শিক্ষা উপকৰণে শিক্ষাৰ মানদন্দ বঢোৱাত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে। বৰ্দ্ধিত জনসংখ্যাৰ বাবে আজিকালি বেচিভাগ বিদ্যালয়ত আহলবহল বিদ্যালয় প্ৰাংগন,খেলপথাৰ আদিৰ অভাব,বৈদিক যুগত সম্পূৰ্ন প্ৰাকৃতিক পৰিবেশত শিক্ষা প্ৰদান কৰা হৈছিল-শিক্ষা আছিল আনন্দদায়ক আৰু স্ৱতঃফূৰ্ত।প্ৰকৃতিৰ কোমল আবেষ্টনীত তেনেদৰে লাভকৰা শিক্ষা আমি একৈচ্শ শতিকাত প্ৰদান কৰাতো সম্ভব নহয়। সেয়েহে বহু সময়ত বিদ্যালয়ৰ হল বা শ্ৰেনীকক্ষটোকেই কৃটিমভাবে প্ৰয়োজন সাপেক্ষে শিক্ষাৰ্থী উপযোগী বাতাবৰনৰ (Simulated situation)সৃষ্টি কৰিব লগা হয়;এই ক্ষেত্ৰত ডিজিটেল শিকনৰ ভূমিকা মন কৰিবলগীয়া।ইয়াৰ দ্বাৰা এহাতে পাঠদান বা পাঠ গ্ৰহন কাৰ্য্যৰ গতানুগতিকতা লাঘব হয় আৰু আনন্দদায়ক পটভূমিয়ে সহজে শিকাত সহায় কৰিব পাৰে।মন কৰিলে পৰিলক্ষিত হয় যে উন্নত দেশসমূহত ডিজিটেল শিক্ষাৰ মাধ্যমৰে শিক্ষাক শিক্ষাৰ্থী কেন্দ্ৰিক, আনন্দদায়ক,সহজবোধ্য,কৌশলী আৰু সময়সাপেক্ষ কৰি তুলিছে।এনে পদ্ধতিৰে শিশুৰ বিষয়ভিত্তিক জ্ঞান,গণনাজ্ঞান আৰু ভাষাশৈলীৰ আৰু তেওঁলোকৰ সৃজনীমুলক প্ৰতিভাৰ বিকাশত সহায় হয়, সেয়েহে উন্নত দেশসমূহৰ সৈতে খোজ মিলাবলৈ উন্নয়নশীল দেশ বহুততে তথ্য আৰু যোগাযোগ প্ৰযুক্তিক শিক্ষাৰ অন্যতম আহিলা হিচাবে শ্ৰেনীকক্ষত ব্যৱহাৰ কৰিবলৈ লৈছে।

পাঠ্যক্ৰমত  এহাতে নানান দিশৰ সমীকৰন,অন্যহাতে শিকন-শিক্ষন পদ্ধতিত পৰিবৰ্তনৰ প্ৰয়োজন;এনে সন্ধিক্ষনত চিৰাচৰিত শিক্ষন-শিকন পদ্ধতিত ডিজিটেল শিক্ষন উপকৰণসমূহৰ প্ৰয়োগ  অপৰিহাৰ্য্য যাতে স্বাভাবিক সমল বিলাকক ৰূপান্তৰিত কৰি simulated classroom environmentত সাবলীল ভাবেই শিক্ষা দিব পাৰি।শ্ৰেনীকক্ষত শিক্ষন-শিকন পাঠক্ৰিয়াত কম্পিউটাৰ,হোৱাইট বোৰ্ড,প্ৰিন্টাৰ,ডিজিটেল কেমেৰা,স্কেনাৰ,চাইন্চ গ্লোব,মাল্টিমিডিয়া প্ৰজেক্টৰ আদিৰ প্ৰয়োগে সহজে শিকাত সহায় কৰে।চমুৱাই কব পাৰি যে ডিজিটেল স্বাক্ষৰতাই শিক্ষা, শিক্ষাদান ও শিকনৰ ত্ৰিকোনী সফলতাত এক চৰম বৈপ্লবিক নিৰ্নয় লব পাৰিছে।(বহুতেই ভাষা, লিখন ও মুদ্রণৰ আৰ্ভিভাবৰ পাচত তথ্য-প্রযুক্তিবিদ্যা উপাদানক  কুৰিশতিকাৰ চতুৰ্থ বিপ্লব বুলিও কব খোজে)

শিক্ষন পদ্ধতিত নতুন দিশৰ সূচনা আৰু আন বহুতো কথা

শিক্ষন পদ্ধতিত নতুন দিশৰ সূচনা কৰোতে শিক্ষকসকলৰ পাঠদান ব্যৱস্হাত এই বিলাক উপকৰণ সন্নিবিষ্ট কৰনত গুৰুত্ব দিবলগা হৈছে যিহেতু বৃত্তিগত ভাবে ডিজিটেল দক্ষতা বঢ়ালেহে শ্ৰেনীকক্ষত তেওঁলোকে প্ৰয়োজন সাপেক্ষে পাঠদান প্ৰস্তুতিত e`/m learning প্ৰয়োগ কৰি পাঠদান আকৰ্ষনীয়,সহজ,সাৱলীল আৰু আনন্দদায়ক কৰি শিক্ষাৰ্থীৰ বাবে সহজ বোধ্য কৰিব পাৰিব।      এই ক্ষেত্ৰত উল্লেখনীয় হৈছে-‘একশ্যেচ্ টু ইনফৰমেশ্যন আৰু একশ্যেচ্ ইনক্লুচিভ এন্দ ইন্নোভেটিভ চাৰ্ভিচেজ।’ যাতে শিক্ষন পদ্ধতি(Pedagogy)শিক্ষাৰ্থীকেন্দ্ৰিক আৰু সময় উপযোগী হয়। ডিজিটেল জ্ঞানপুষ্ট শিক্ষকসকলে পাঠদান কৰোতে এই জ্ঞানৰ সদব্যবহাৰ কৰি শিক্ষাৰ্থীক আমোদজনক ভাবে নতুন নতুন দিশৰ অবতাৰনা কৰিবৰ বাবে কনটেন্ট এৰিয়া বাচি মাল্টিমিদিয়া ক্লাচৰুম আদিত,ভিডিঅ,অডিঅ,এনিমেশ্যন,ছবিৰ সহায়ৰে শ্ৰেনীকক্ষৰ পাঠদানত সন্নিবিষ্ট কৰিব লাগিব তেতিয়াহে ক্লাচৰুমত কিতাপত থকা বিষয়সমুহ মূৰ্ত হৈ উঠিব আৰু শিক্ষাৰ্থীয়ে অলাগতিয়ালভাবে মুখস্হ বিদ্যাৰ সহায় লোৱাৰ প্ৰয়োজন নেথাকিব।(এটি চমু উদাহৰন: শেহতীয়াকৈ প্ৰকাশিত বেচলাইন চাৰ্ভেৰ আধাৰত প্ৰকাশ হৈছে যে ক্লাচ ফৰ/ফাইভৰ ছাত্ৰ/ছাত্ৰীয়ে প্ৰথম শ্ৰেনীৰ মাতৃভাষাৰ কিতাপ পঢ়িব নোৱাৰে অৰ্থাত্ শ্ৰেনীত পঢ়াগূনটোক গূৰুত্ব দিয়া নহয়,অথচ পৌৰানিক যুগৰে পৰা ৰিডিংক শিকনৰ মুল আধাৰ হিচাবে লোৱা হৈছিল যদিও আমাৰ সচৰাচৰ স্কুলসমূহত এই দিশতো আওঁকান কৰিছে;আনহাতে পৰিলক্ষিত হৈছে যে উন্নত দেশবিলাকত মাল্টিমিডিয়া ক্লাচৰুমৰ মাধ্যমৰে শিক্ষাৰ্থীৰ ৰিডিং হেবিট বঢ়োৱা হৈছে।আমাৰ শ্ৰেনীকক্ষতো তেনে ব্যৱস্হাৰে বিপুল পৰিমানৰ শিক্ষাৰ্থীক ৰিডিংৰ কৌশল বঢ়াব পাৰি।) তদুপৰি বহু শিক্ষানুস্হানত শিক্ষাৰ্থীসকলে ভবিষ্যতে কি দিশত আগবাঢ়িব,যেনে সাধাৰন শিক্ষা লব নে অন্যধৰনৰ বিষয় নিৰ্নয়  বা উচ্চ শিক্ষা নলৈ কেনেধৰনৰ টেকনিকেল বিষয় নিৰ্দ্ধাৰন কৰিব আদিৰ বুজ লবলৈ APTITUDE TEST প্ৰয়োগ কৰিবলৈকো ডিজিটেল টেকনোলজীৰ ব্যৱহাৰ সহায়ক হয়।

মোবাইলফোন/কম্পিউটাৰ আদিক মাথোন আনন্দদায়ক মাধ্যম হিচাবে সীমাবদ্ধ নেৰাখি শিক্ষাপদ্ধতিৰ অবিছেদ্য অংগ হিচাবে লবৰ কাৰনে শিক্ষকসকলকো প্ৰশিক্ষনৰ দৰ্কাৰ যাতে পাঠদানৰ সৈতে সমন্ধৰাখি তেওঁলোকে ভিডিঅ,এনিমেশ্যন,চিত্ৰ আদিৰে নিত্যনতুন বিষয় সন্নিবিষ্ট কৰি শিক্ষাৰ্থীৰ সহজে শিকিব পৰাকৈআকৰ্ষনীয় আৰু সহজবোধ্য কৰিব পাৰে।শিক্ষকসকলৰ বাবে এতিয়াও আচুতীয়াকৈ ডিজিটেল সাক্ষৰতা বা লিটাৰেচীৰ প্ৰয়োগ সমন্ধীয় শিক্ষাপ্ৰদানৰ নিয়মীয়া প্ৰশিক্ষন ব্যৱস্হা নাই,ইচ্ছুক বা তত্পৰসকলে নিজাববীয়াকৈ শিকিছে যদিও শ্ৰেনীকক্ষত শিকন-শিক্ষনৰ মাধ্যম হিচাবে সদৰীকৈ কামত লগোৱাৰ সুবিধা নাই। ইয়াৰ প্ৰধানকাৰনসমূহ বিশ্লেষন কৰিলে জলজল পটপটকৈ দৃশ্যমান হৈ উঠে যে এতিয়াও শিক্ষকসকলৰ বাবে প্ৰস্তুত পাঠ্যক্ৰমত গভীৰভাবে এই দিশ সন্নিবিষ্ট কৰাৰ পৰিকল্পনা আধৰুৱা হৈ ৰৈছে।শিক্ষকসকলক প্ৰশিক্ষনৰ মাধ্যমৰে তথ্য আৰূ প্ৰযুক্তিবিদ্যা কিমান সহজভাবে পাঠদান সমল হিচাবে লব পাৰি তাৰ উদাহৰনমুলক ক্লাচৰুম শিক্ষাৰ আখৰা দিয়াৰ,শিকাবৰ সময়ত পাঠৰ সৈতে সংযোগ ৰাখি প্ৰয়োজনীয় চাৰ্চ ঈঞ্জিন(Google/গুগল,য়াহু,বিংআদি)বা সামাজিক Website(Wikipedia, Face book, YouTube),চফ্টৱৱেৰ আদিৰ জৰীয়তে মাল্টিমিদিয়া ক্লাচৰুম আদিত ভিডিঅ,অডিঅ, এনিমেশ্যন,ছবি ইত্যাদিৰ সহায় লৈ শিক্ষকসকলে পাঠপ্ৰস্তুত কৰি পাঠদান মনোগ্ৰাহী আৰু সফল কৰিব পাৰে তাৰ বাবে শিক্ষাবিভাগে বিশেষ গুৰুত্ব দিব লাগে, আৰু শিক্ষকসকলক সময়ে সময়ে (হস্ৰ কালীন বা দীঘলীয়া) প্ৰশিক্ষন দিব লাগিব। E-Learning Environments ৰ দ্বাৰা আয়োজিত কৰ্মশালাত প্ৰস্তাবিত দক্ষতাসমুহ(৩৩টা) ক্ৰমশ আমাৰ শিক্ষকসকলেও যাতে আহৰন কৰিব পাৰে তাৰবাবে আমাক মাথোন ৰাজনৈতিক তত্পৰতাই নহয়,আমাৰ শিক্ষকসকলৰ বাবে এক চ্যালেন্জস্বৰুপ মনোভাব গঢ়িব লাগিব আৰু বিভিন্ন প্ৰতিকুল পৰিবেশক জয় কৰিব পৰাকৈ বিদ্যালয়ত সজাগতা আৰু মানসিক প্ৰস্তুতি সৃষ্টি কৰিব লাগিব।

আমাৰ বিদ্যালয়সমূহৰ পুতৌজনক আন্তৰগাঠনিও টনকিয়াল কৰিব লাগিব, যিহেতু আমি কোনোমতেই উপেক্ষা কৰাতো অনুচিত যে বৰ্ত্তমান শিক্ষাব্যৱস্হাত শিক্ষাৰ পাঠদান পদ্ধতি(Pedegogy)আৰু তথ্য-প্ৰযুক্তিৰ উপযুক্ত সমন্বয়ৰ মাধ্যমৰেহে গুনবৰ্ত্তাপুষ্ট শিকন-শিক্ষন ব্যৱস্হা সফল হ’ব। জনপ্ৰিয় ভাবে দৈনন্দিন জীবনত স্মাৰ্ট ফোন, টেব,লেপটপ আদিৰ প্ৰয়োগ হোৱাৰ দৰে স্কুলতো ডিজিটেল শিক্ষনক সফলতাৰে প্ৰয়োগ কৰিবৰ কাৰনে উপযুক্ত বাতাবৰন সৃষ্টি কৰিব লাগিব  কিয়নো তেতিয়াহে ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’ এই ফকৰাতো মুৰ্তময় হৈ উঠিব।

(উপৰুক্ত তথ্য যুগুত কৰোতে নেটৰ সহায় লোৱা হৈছে)

লেখিকা: ড° উৎপলা কোৱঁৰ,অৱসৰপ্ৰাপ্ত প্ৰফেছৰ-এনচিইআৰটি

০৮৪১৯৯২১৪৬৫

শেহতীয়া উন্নীতকৰণ: : 7/18/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate