অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিকল্প কেৰিয়াৰৰূপে বন্যজীৱ বিজ্ঞান

বিকল্প কেৰিয়াৰৰূপে বন্যজীৱ বিজ্ঞান

কলেজীয়া জীৱনৰ শেষৰ দিনকেইটাত আমাৰ প্ৰায়বোৰৰে মনবোৰ ভৱিষ্যত কেৰিয়াৰৰ প্ৰশ্নৰে উদ্বিগ্ন হৈ পৰে৷ বহুতেই চাকৰিৰ বাবে আবেদন কৰে, অন্যই চাকৰিমুখী কাৰিকৰী শিক্ষাৰ বাবে মন মেলে৷ সচৰাচৰ বাচি লোৱা এইসমূহ কেৰিয়াৰৰ তুলনাত আমাৰ বহুতৰে দৃষ্টিগোচৰ নোহোৱাকৈ ৰৈ যোৱা আকৰ্ষণীয় কেৰিয়াৰসমূহৰ ভিতৰত এটা হ’ল বন্যজীৱ-বিজ্ঞান (Wildlife Science)| এই বিজ্ঞানে বন্যজীৱ (উদ্ভিদ আৰু প্ৰাণী)ৰ বাসস্থান (habitat), আচৰণ (behavior), শ্ৰেণীবিভাজন (taxonomy) আৰু সংৰক্ষণ (conservation) আদি সকলো বিষয় সামৰি লয়৷ নিতৌ গৱেষণালব্ধ নতুন নতুন তথ্য সংযোগেৰে বন্যজীৱ বিজ্ঞানৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে৷ প্ৰকৃতিৰ অনুপম বৈচিত্ৰ্যৰ মাজত থাকি ভালপোৱা, ইয়াৰ গছ-লতা, জীৱ-জন্তুৰ বিষয়ে জানিবলৈ আৰু এইবোৰৰ সংৰক্ষণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়টো অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহিব পাৰে৷

 

বন্যজীৱ বিজ্ঞান অধ্যয়নৰ বাবে অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত ভালেসংখ্যক শিক্ষানুষ্ঠানত সুবিধা আছে৷ ইয়াৰে ভিতৰত প্ৰখ্যাত শিক্ষানুষ্ঠান সমূহ হৈছে—

স্নাতকোত্তৰ পৰ্য্যয়ত:

• ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc, বাংগালোৰ)
• ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (NCBS, বাংগালোৰ)
• ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠান (WII, ডেৰাডুন)
• ছেলিম আলী চেন্টাৰ ফৰ অৰ্নিথ’লজি এণ্ড নেচাৰেল হিষ্টৰি (SACON, কইম্বটোৰ)
• এমিটি ইন্সিটিউট অব ৱাইল্ডলাইফ চায়েন্স (Amity Institute Of Wildlife Sciences, নয়ডা)
• এ ভি চি মহাবিদ্যালয় (AVC College, তামিলনাডু)
• নৰ্থ উৰিষ্যা ইউনিভাৰ্ছিটি (North Orissa University, উৰিষ্যা)
• গুৱাহাটী বিশ্ববিদ্যালয় (অসম)

 

বন্যজীৱ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নিজৰ আগ্ৰহ অনুযায়ী বিভিন্ন ক্ষেত্ৰত নিয়োজিত হ’ব পৰা যায়৷ উচ্চ শিক্ষা তথা গৱেষণাৰ বাবে আগ্ৰহীসকলে ভাৰতৰ বিভিন্ন অঞ্চলত চলি থকা গৱেষণা প্ৰকল্পত যোগদান কৰিব পাৰে৷ অথবা নিজাকৈ গৱেষণা আৰম্ভ কৰিব পাৰে৷ এনে স্বাধীন গৱেষণাৰ বাবে ভাৰতত চৰকাৰী তথা বেচৰকাৰী আৰু আন্ত:ৰাষ্ট্ৰীয় সংগঠনৰ পৰা আৰ্থিক সাহায্য পোৱা যায়৷ গৱেষণাৰ বাবে ভাৰতৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল— ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc), ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (NCBS), ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠান (WII) আদি৷ তাৰোপৰি ভাৰতত ভালেসংখ্যক স্বেচ্ছাসেৱী সংগঠনেও বন্যজীৱ সম্পৰ্কে উৎকৃষ্ট গৱেষণা চলাই আহিছে আৰু সংৰক্ষণৰ বাবে কাম কৰি আহিছে৷ এনে অগ্ৰণী সংগঠনসমূহৰ ভিতৰত নেচাৰ কনজাৰভেশ্যন ফাউণ্ডেশ্যন (NCF, বাংগালোৰ), অশোকা ট্ৰাষ্ট ফৰ ৰিচাৰ্ছ ইন ইক’লজি এণ্ড এনভাইৰনমেন্ট (ATREE,বাংগালোৰ), ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ (WWF), ৱাইল্ডলাইফ ট্ৰাষ্ট ফৰ ইণ্ডিয়া (WTI), আৰণ্যক (অসম) ইত্যাদি উল্লেখযোগ্য৷

 

সম্প্ৰতি বন্যজীৱ বিজ্ঞান বহুতৰ বাবে এক আকৰ্ষণীয় কেৰিয়াৰ হৈ উঠিছে৷ এই ক্ষেত্ৰখনত অৰণ্যৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, গছ-লতা, পশু-পক্ষীৰ বিষয়ে নিত্য নতুন তথ্য জনাৰ তথা আৱিষ্কাৰৰ সম্ভাৱনাৰ লগতে জৈৱ-বৈচিত্ৰৰ সংৰক্ষণৰ বাবে হাতে কামে লগাৰ সুযোগ পোৱা যায়৷ তাৰোপৰি কোনো কোনোৰ দৰে এই ক্ষেত্ৰখন কেৱল পুৰুষৰ বাবেহে অনকূল বুলি কৰা ধাৰণাও তেনেই অমূলক৷ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কওঁ যে, নাৰী-পুৰুষে সমানেই এই ক্ষেত্ৰখনত দক্ষতা দেখুৱাই আহিছে৷

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ বৰ্তমান সময়ত এক বহুল চৰ্চিত বিষয়৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে বাঢ়ি অহা প্ৰয়োজনসমূহ পূৰ কৰিবলৈ হোৱা অভূতপূৰ্ব উদ্যোগিক বিকাশৰ ফলত বহুতো জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ প্ৰাকৃতিক অৰণ্যভূমিৰ ধব্ংস হৈছে৷ লগে লগে এই পৃথিৱীৰ পৰা প্ৰায় সকলোৰে অগোচৰে মেলানি মাগিছে অলেখ-অসংখ্য বন্য জীৱ-জন্তুৱে৷ সমগ্ৰ বিশ্বত মাথোঁ কেইটামান অঞ্চলতহে এতিয়াও মানুহৰ ধ্বংসাত্মক কাৰ্য্যকলাপৰ ফলত হোৱা সংকট স্বত্বেও বৈচিত্ৰ্যময় প্ৰাকৃতিক অৰণ্যসমূহ বৰ্তি আছে৷ জৈৱ-বৈচিত্ৰ্যৰ ‘হটস্পট’ বুলি আখ্যা দিয়া এনে অঞ্চলসমূহৰ ভিতৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলো অন্যতম৷ কিন্তু, দুখৰ বিষয় এয়ে যে আমাৰ এই দুলৰ্ভ প্ৰাকৃতিক সম্পদৰ বিষয়ে গৱেষণা কৰা বা ইয়াৰ অপূৰ্ব জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত হাতে-কামে লগা অসমীয়া লোকৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট কম৷ সেয়ে, এইক্ষেত্ৰত আগ্ৰহী আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ নিৰ্বাচনৰ সময়ত বন্যজীৱ বিজ্ঞানৰ বিষয়েও বিবেচনা কৰি চাব পাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত ই এক নতুন দিগন্তৰ উন্মোচন কৰিবলৈ সক্ষম হ’ব৷

লিখক: জলি ৰুমী বৰা

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate