অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষক, শিক্ষাদান আৰু তথ্য-যোগাযোগ প্ৰযুক্তি

 

শিক্ষকৰ ভূমিকা

শিক্ষা পদ্ধতিৰ কেন্দ্র বিন্দুত শিক্ষকৰ অৱস্থান

আই চি টি ৰ সাহাৰ্য্যত শিক্ষকৰ সহজীকৰণ ভূমিকাটো শ্রেণীত শিক্ষকৰ শিক্ষণৰ ক্ষেত্রত কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে।পৰম্পৰাগত শিক্ষকৰ প্রশাসনিক ক্ষমতা আৰু অভ্যাসটো এতিয়াও যথেষ্ট গুৰুত্বপূর্ণ (বিশেষকৈ তেওঁলোকৰ বাবে যিসকলৰ সম্পর্কটো পাঠ্য পৰিকল্পনাৰ লগত, তৈয়াৰীৰ লগত আৰু অনুধাৱনৰ লগত সম্পর্কিত আছে)বিষয়।

আই চি টিৰ সাহায্যত পাঠৰ পৰিকল্পনাটো কঠিন কাম

যিবিলাক ঠাইত সামান্য পৰিমানে পৰিকল্পনা লোৱা হৈছে সেইবিলাক ঠাইত আই চি টিৰ সাহাৰ্য্যত পাঠৰ পৰিকল্পনাটোৰ ক্ষেত্রত এটা মুখ্য ভূমিকা গ্রহণ কৰে, অনুসন্ধানৰ পৰা পোৱা গৈছে যে ছাত্র-ছাত্রীৰ কাম কাজ খিনি প্রায়েই কাৰো চকুত নপৰাকৈয়েই থাকি যায়, ফলস্বৰূপে কম পৰিমানে অভীষ্টসাধন হয়।

শিক্ষণবিজ্ঞান

প্রযুক্তিৰ প্রৱর্তনখিনি অকলে মাথোন শিক্ষা আৰু শিক্ষণ পদ্ধতিটোক সলনি কৰিব নোৱাৰে

অকলে আই চি টি ৰ অস্তিত্বটোয়ে শিক্ষাৰ অভ্যাসটোক সলনি কৰিব নোৱাৰে। যিনহওঁক, আই চি টি য়ে শিক্ষকক শিক্ষাৰ পদ্ধতিটোক এটা বিশেষ মাত্রাত সলনি কৰিবলৈ সক্ষম হয়। শিক্ষকৰ শিক্ষণ পদ্ধতিটো আৰু প্রয়োজনীয় পদ্ধতিগত কার্যকৰণ বিলাক আই চি টিৰ ব্যৱহাৰত যথেষ্ট প্রভাব পেলায় আৰু শিক্ষকৰ চৰিত্র আই চি টি-ব্যৱহার্য প্রতিক্রিয়া ছাত্র-ছাত্রীৰ কৃতিত্বত সাহাৰ্য্য কৰে।

বেছি পৰিমানে ‘শিক্ষণ কেন্দ্রীক’ শিক্ষাৰ পৰিৱেশটো তৈয়াৰ কৰিবলৈ আই চি টি সহায়িক সৰঞ্জাম›খিনি অধিক ভাবে সাহাৰ্য্য কৰে।

অ ই চি ডি (অ'ৰগেনাইজেচন ফৰ ইক’নমিক্স কোপাৰেচন এণ্ড ডেভেলপমেন্ট) দেশ বিলাক, অনুসন্ধানমূলক সহমত আৰু আই চি টিৰ অতি কাৰ্য্যকৰী ব্যৱহাৰ বিলাক হ’ল সেই বিলাক যিবিলাকত শিক্ষক সকল, আই চি টিৰ সাহাৰ্য্য প্রাপ্ত, ছাত্র-ছাত্রী সকলৰ বিচাৰ বুদ্ধি আৰু চিন্তা ধাৰাটোক পোনে পোনে আহবান জনোৱা হয় গোটেই শ্রেণীৰ ভিতৰত হোৱা আলোচনাৰ মাধ্যমে নাইবা আই চি টিৰ সহায়তাত ব্যক্তিগত / সৰু সৰু দলৰ কাম-কাজৰ মাধ্যমে। চিৰাচৰিত ‘শিক্ষন-কেন্দ্রীক’ শিক্ষাৰ পদ্ধতিৰ পৰা অধিক পৰিমানে ‘শিক্ষণ কেন্দ্রীক’ শিক্ষাৰ ধৰনটোক সলনি কৰিবৰ বাবে আই চি টি এটা অতি গুৰুত্বপূর্ণ অঙ্গ হিচাবে পৰিগণিত হৈছে।

আই চি টিৰ পৰিৱর্তনক সাহাৰ্য্য আৰু চাপ’র্ট/চলি থকা শিক্ষণ পদ্ধতিটোৰ অভ্যাস বঢ়োৱা।

প্রয়োজনীয় চিৰাচৰিত পদ্ধতিৰ যিখিনি প্রয়োজন সেই খিনিকে কামত লগা্য, শিক্ষাৰ ক্ষেত্রত শিক্ষণৰ মৌলিক পৰিৱর্তনখিনিক অধিক পৰিমানে লগাই আই চি টি ৰ সাহাৰ্য্যত শিক্ষকৰ শিক্ষনপদ্ধতিটো ব্যৱহাৰ কৰি মাথোন শিক্ষাৰ অভ্যাসটোক এটা ক্ষুদ্র মাত্রাৰ গতি আনি দিব পাৰে। শিক্ষকৰ শিক্ষণ ব্যৱস্থাৰ লগতে ছাত্র-ছাত্রী সকলৰ লগত আলাপ-আলোচনাৰ ক্ষেত্রত আই চি টি য়ে আতি বেছিকৈ শিক্ষণ ব্যৱস্থাটোক কামত লগাব পাৰে।

তথ্য উপস্থিত কৰণৰ ক্ষেত্রত আই চি টিৰ সাহাৰ্য্য লোৱাটো এটা মিশ্রিত কার্যকাৰিতা।

উপস্থিত কৰণ সৰঞ্জাম হিচাবে আই চি টিক ব্যৱহাৰ কৰি (অভাৰ হেড আৰু এল চি ডি প্রজেক্ট, টেলিভিচন, ইলকট্রনিক হোৱাইট ব’র্ড, গাইডেড “ৱেব-টুৰ”, য’ত ছাত্র-ছাত্রী সকলে একেলেথাৰিয়ে একেটা বিষয়কেই কম্পিউটাৰৰ পর্দাত দেখিবলৈ পায়)কার্যক্ষেত্রত মিশ্র প্রতিক্রিয়া দেখা যায়। বিভিন্ন টান টান বিষয় বিলাক বুজি পোৱাৰ ক্ষেত্রত শ্রেণীত পাৰস্পৰিক বুজাপঢ়া (বিশেষকৈ দৃশ্যগত অনুকৰনৰ মাধ্যমে), আই চি টিৰ এই ধৰনৰ প্রয়োগৰ ফলত চিৰাচৰিত শিক্ষণপদ্ধতিৰ অভ্যাসটোৰ কর্মক্ষমতাক বৃদ্ধি কৰে আৰু আলোচনা চলি থকা বা দেখুয়াই থকা মূল বিষয় বস্তুৰ পৰা দৃষ্টিৰ পৰিৱর্তন হৈ যায়।

শিক্ষকৰ আই চি টিৰ প্রয়োগকৌশলগত ক্ষমতা আৰু জ্ঞান

 

প্রয়োগকৌশলগত দিশৰ পৰা আই চি টি শিক্ষণৰ সফলতাৰ চুক্তিটোয়েই আই চি টি ৰ সম্পর্কে শিক্ষকৰ প্রয়োগকৌশলগত কৃতিত্বৰ ক্ষেত্রত যথেষ্ট নহয়।

‘ৱান অফ ট্রেনিং’ যথেষ্ট নহয়।

শিক্ষক সকলক যথেষ্ট পৰিমাণে আই চি টিৰ পৰিচিতিৰ প্রয়োজ়ন হয়, যাতে নির্দিষ্টকৈ প্রয়োজনীয় সামগ্রীৰ বাছনি কৰিব পৰা যায়। যিনহওঁক সঠিক শিক্ষণ পদ্ধতিৰ উন্নয়নখিনি আই চি টিৰ কতৃত্বপূর্ণ প্রয়োগকৌশলতকৈ অধিক গুৰুত্বপূর্ণ।

আই চি টিক তেওঁলোকৰ শিক্ষনপদ্ধতিত ব্যৱহাৰ কৰি মাথোন কিছু সংখ্যক শিক্ষকে বহল মনৰ ‘জ্ঞান’ৰ পৰিচয় দিয়ে।

আনকি অতিকৈ উন্নত অ ই চি ডি দেশ বিলাকৰ স্কুলত মাথোন সামান্য কিছু সংখ্যক শিক্ষকৰ আই চি টি সৰঞ্জাম আৰু বিষয়বস্তুৰ সম্পর্কে নির্দিষ্ট সর্বাঙ্গীন জ্ঞান বা ধ্যান ধাৰনা আছে।

শিক্ষা আৰু শিক্ষণ সৰঞ্জামৰ ক্ষেত্রত আই চি টিৰ ব্যৱহাৰৰ বীপৰিতে তুলনামূলক ভাবে অ ই চি ডি দেশ বিলাকত, আই চি টিৰ সাহাৰ্য্যপ্ৰাপ্ত ‘কম্পিউটাৰ শিক্ষণ’ বিষয়টো কম দেখা যায়।

ই চি ডি দেশৰ অভিজ্ঞতাত, প্রতিদিনৰ শিক্ষাৰ ক্ষেত্রত আৰু শিক্ষণৰ কর্মকাণ্ডৰ প্রযুক্তিৰ ব্যৱহাৰৰ বিষয় খিনি “কম্পিউটাৰ শ্রেণীৰ” নির্দ্ধাৰিত নির্দেশৰ তুলনাত অধিক গুৰুত্বপূর্ণ। আকৌ শিক্ষা আৰু শিক্ষণৰ পদ্ধতিৰ ক্ষেত্রত প্রযুক্তিৰ উন্নতিখিনি দেখিবলৈ পোৱা যায়। যিবিলাক স্কুলত অধিক সংখ্যক আই চি টিৰ লগত যুক্ত দক্ষতা আৰু অভিজ্ঞতা সম্বলিত ছাত্র-ছাত্রী আছে সেইবিলাক অধিক পৰিমানে কম্পিউটাৰ কোর্চৰ দৰে নহয়, কিন্তু সেই বিলাক স্কুল তুলনামূলক ভাবে ভাল যিবিলাকত আই চি টিৰ ৰুটিন মতে গোটেই বছৰতেই শিক্ষকৰ ব্যৱহাৰিক উন্নয়ন আৰু শিক্ষাৰ লগতে শিক্ষণৰ পদ্ধতিৰ সম্পর্কে শিক্ষা প্রদান কৰা হয়।

প্রযুক্তিৰ ব্যৱহাৰৰ বিষয়ত শিক্ষকতকৈ ছাত্র-ছাত্রী সকল অধিক বেছি উন্নত।

ই চি ডি দেশ বিলাকত, ছাত্র-ছাত্রী সকলৰ জ্ঞান আৰু আই চি টিৰ ব্যৱহাৰৰ লগত শিক্ষকৰ সামর্থ্য আৰু আই চি টিৰ ব্যৱহাৰৰ ক্ষেত্রত শিক্ষকৰ সক্ষমতাৰ তুলনা কৰিলে এটা ডাঙৰ ব্যৱধান দেখিব পৰা যায়। এইটো মতামত দিব পৰা যায় যে শিক্ষক সকল অপৈনত আৰু দক্ষতাহীন আৰু তেওঁলোকৰ এই নিন্মমুখী ধাৰাটো এটা গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে যাৰ ফলত ছাত্র-ছাত্রীসকলক কার্যকৰী আই চি টি শিক্ষাৰ ক্ষেত্রত বাধাৰ সন্মূখীন হোৱা দেখা যায়।

আই চি টিৰ ব্যৱহাৰত শিক্ষকসকল

বিশেষকৈ প্রশাসনিক কাম কাজৰ ক্ষেত্রত শিক্ষকসকল আই চি টি ব্যৱহাৰ কৰে।

শিক্ষক সকল প্রায়েই আই চি টি ক তেওঁলোকৰ ‘দৈনন্দিন কামৰ’ বাবে (ৰেকর্ড ৰখা, পাঠৰ উন্নয়ন পৰিকল্পনা, তথ্যৰ প্রেজেন্টেচন, ইন্টাৰনেটত প্রাথমিক তথ্য বিচৰা) ব্যৱহাৰ কৰে।

অধিক জ্ঞান সম্পন্ন শিক্ষক সকল ‘কম্পিউটাৰ সহায়ক নির্দেশ’ বিলাকত কম পৰিমানে ভৰসা কৰে।

কিছুমান শিক্ষক আই চি টি ৰ ব্যৱহাৰৰ ক্ষেত্রত কম্পিউটাৰ সহায়ক নির্দেশ বিলাক অধিক পৰিমানে জানে যদিও তেওঁলোক অন্যান্য শিক্ষকৰ তুলনাত ইয়াক কম ব্যৱহাৰ কৰে, কিন্তু আই চি টিক প্রায় সকলো ক্ষেত্রতেই কামত লগায়।

কিদৰে শিক্ষক সকল তেওঁলোকৰ সাধাৰন শিক্ষাৰ ধৰণটোৰ বাবে আই চি টিৰ ওপৰত নির্ভৰশীল

আই চি টি ব্যৱহাৰিক ধৰণটো শিক্ষকসকলৰ শিক্ষণপদ্ধতিটোৰ মানসিকতাৰ লগত সম্পর্কিত। যিসকল শিক্ষকে কার্যকৰীভাবে - অধিক পৰিমাণে আই চি টিক কামত লগায় আৰু – কম পৰিমাণে চিৰাচৰি্ত “ট্রাঞ্চমিচন মেথদ” শিক্ষণপদ্ধতি ব্যৱহাৰ কৰে। যিসকল শিক্ষকে বেছি পৰিমানে চফট্‌ ৱেৰ ব্যৱহাৰ কৰাৰ পক্ষে সেই সকলে অধিক পৰিমাণে “গঠনমূলক” শিক্ষণপদ্ধতিৰ পক্ষে।

আই চি টিৰ লগত যুক্ত শিক্ষা পদ্ধতিটো অধিক সময় লয়

শিক্ষক সকলৰ বাবে আই চি টিৰ পৰিচিতি আৰু তাৰ ব্যৱহাৰ অধিক পৰিমানে সময় সাপেক্ষ বিষয়। কিয়নো একাধাৰে তেওঁলোকে শিক্ষনপদ্ধতিটোৰ অভ্যাস আৰু পৰিকল্পনাৰ ফালে গুচি আহে আৰু অন্যহাতে এই পৰিকল্পনা বিলাক নিয়মিতভাবে ব্যৱহাৰ কৰে।

মাথোন চাওকঃ আই চি টিৰ জ্ঞানৰ সৈতে শিক্ষা দিয়াটোত অধিক সময়ৰ প্রয়োজন হয় (অতিৰিক্ত কিমানখিনি সময় লাগিব সেই একেটা বিষয়বস্তু সাৱটি লবলৈ তাৰ ওপৰত নির্ভৰ কৰি অনুমান কৰা সময়ৰ পৰিৱর্তন হব পাৰে, ১০% হ’ল সাধাৰন সময়)

শিক্ষকৰ আত্মবিশ্বাস আৰু প্রেৰণা

সামান্য সংখ্যক শিক্ষকৰ আই চি টি ব্যৱহাৰৰ প্রতি আত্নবিশ্বাস আছে

এটা বৃহৎ অংশৰ আই চি টিৰ সুবিধা খিনি মাথোন সামান্য সংখ্যক শিক্ষকে আত্নবিশ্বাসেৰে ব্যৱহাৰ কৰিবলৈ পাৰে, আৰু যিদৰে পাঠ্য পৰিচালন কৰা হয় তাৰ ওপৰত সীমিত বিশ্বাস নির্ভৰ কৰে।

ভয়ৰ কাৰণে বহুতো শিক্ষকে আই চি টি ব্যৱহাৰ কৰিবলৈ টান পায়

ই চি ডি দেশ বিলাকত, বহুতো শিক্ষকে আই চি টিৰ ব্যৱহাৰৰ ক্ষেত্রত এতিয়াও ভয় কৰে, আৰু সেই বাবেই তেওঁলোকৰ শিক্ষা ব্যৱস্থাত ইয়াৰ অর্ন্তভুক্তি কৰিবলৈ টান পায়।

আই চি টি এ (কিছু সংখ্যক) অন্ততঃপক্ষে শিক্ষকক আৰম্ভনিতে উৎসাহ দিব বিচাৰে

অন্ততঃপক্ষে প্রথমতে, আই চি টিক পৰিচিত কৰিবলৈ কিছুসংখ্যক শিক্ষকক বৃত্তিগত উন্নয়নৰ বাবে উৎসাহ দিব পাৰে।

বৃত্তিগত উন্নয়নৰ বাবে শিক্ষক সকলক অংশগ্রহণ কৰিবলৈ উৎসাহ দিবৰ বাবে কিছুপৰিমানে উৎসাহমূলক আর্থিক অনুদান আগবঢ়াব লাগে।

শিক্ষক সকলক কিছু পৰিমাণে অতিৰিক্ত আর্থিক বৰঙনি দি তেওঁলোকক বৃত্তিগত উন্নয়ন কর্মকাণ্ডত অংশগ্রহণ কৰিবলৈ উৎসাহ দিব পৰা যায়। বিভিন্ন ধৰণৰ আর্থিক বৰঙনি আগবঢ়াব পাৰি যেনে চার্টিফিকেট বা প্রশংসাপত্র, বৃত্তিগত পদোন্নতি, দৰমহা বৃদ্ধি, বৃত্তিগত কর্মকাণ্ডত অংশগ্রহণ কৰিবৰ সময়চোৱাত আর্থিক সাহাৰ্য্য, স্কুল আৰু কমিউনিটি লেভেলত আইনমতে আৰু বিধি সন্মত হীন স্বীকৃতি, কম পৰিমানে অন্তৰণ আৰু বর্ধিত উৎপাদনতা।

শিক্ষক সকলৰ ব্যৱহাৰ কৰাটো আই চি টিত প্রৱেশ পথটো অতি গুৰুত্বপূর্ণ বিষয়

আই চি টিৰ ক্ষেত্রত আটাইতকৈ গুৰুতপূর্ণ বিষয়টো হ’ল শিক্ষক সকল নিয়মিয়াকৈ আই চি টিৰ শিক্ষনপদ্ধতিত অংশগ্রহণ কৰেনে নাই সেইটো আৰু তাৰ কাৰ্য্যকাৰীতা আৰু সেই সম্পর্কিত নানান ধৰণৰ সা-সঁজুলিৰ ব্যৱহাৰ নিশ্চিত কৰা।

বিষয়ৰ জ্ঞান

 

পাঠ্যত কি দৰে আই চি টি ব্যৱহাৰ হয় আৰু কি দৰে আই চি টি ৰ সুবিধা বিলাকক কামত লগাব পাৰি আৰু এইটো কি দৰে প্রভাৱ বিস্তাৰ কৰে, এই খিনি শিক্ষক সকলৰ সেই বিষয়টোৰ ওপৰত থকা দখলৰ ওপৰত নির্ভৰ কৰে।

আই চি টি ৰ ওপৰত শিক্ষক সকলৰ দক্ষতা আৰু ছাত্র-ছাত্রী সকলক কিমানখিনি বুজাব পাৰে তাৰ ওপৰত ইয়াৰ সফলতা নির্ভৰ কৰে।

সাক্ষ্যৰ পৰা দেখা গৈছে যে যদি ব্যৱহাৰিক জীৱনত শিক্ষক সকলে আই চি টিৰ লগত প্রত্যক্ষভাবে জৰিত হৈ থাকে তেতিয়া হ'লে বিষয়বস্তুৰ ওপৰত শিক্ষক সকলৰ জ্ঞানখিনিক ছাত্র-ছাত্রী সকলে বেছি ভালকৈ বুজি পায়।

চি আই টিৰ মাধ্যমে নতুন / অতিৰিক্ত তথ্যৰ পৰিচিতিটো যথেষ্ট নহয়।

কোনো নতুন আৰু অতিৰিক্ত বিষয় বস্তুৰ লগত পৰিচিতিতকৈ ছাত্র-ছাত্রী সকলৰ সিদ্ধিলাভটোয়েই ডাঙৰ বিষয়, বিশেষকৈ যেতিয়া ছাত্র-ছাত্রী সকলে নিজকে প্রশ্ন কৰিব আৰু তাৰ উত্তৰ নিজেই বুজি পাব।

আই চি টি এ শিক্ষক সকলক নিজ বিষয়বস্তুৰ শিক্ষাৰ বাবে সাহাৰ্য্য কৰিব পাৰে

উন্নত মানৰ আৰু অতিৰিক্ত শিক্ষাৰ সুবিধা প্রদান কৰি, আই চি টি এ শিক্ষক সকলক তেওঁৰ / তাইৰ নিজা বিষয় বস্তৰ ওপৰত নিজ-শিক্ষা প্রদান কৰিব পাৰে।

শিক্ষকৰ বৃত্তিগত উন্নয়ন

আই চি টিৰ শিক্ষা সফলভাবে ব্যৱহাৰৰ কাৰনে শিক্ষকৰ প্রশিক্ষণ আৰু সহযোগিতাটো বৰ টান

শিক্ষাৰ ক্ষেত্রত সফলতাৰে আই চি টিৰ ব্যৱহাৰটো শিক্ষকৰ প্রশিক্ষণ আৰু বৃত্তিগত উন্নয়নৰ ক্ষেত্রত দেখা যায়।

শিক্ষকৰ বৃত্তিগত উন্নয়ন এটা পদ্ধতি মাথোন, কিন্তু কোনো ঘটনা নহয়।

চিৰাচৰিত ভাবে মাথোন এবাৰৰ শিক্ষক প্রশিক্ষণ কার্যালয়টো শিক্ষক সকলৰ সুবিধাজনক ভাবে আই চি টিৰ ব্যৱহাৰত সিমান প্রভাৱ পেলাব নোৱাৰে, শিক্ষাৰ ক্ষেত্রত সফলতাৰে অসম্পূর্ণ কাম খিনি সম্পূর্ণ কৰিবৰ চেষ্টা কৰা উচিত। একেলেথাৰিয়ে চলি থকা বৃত্তিগত উন্নয়নমূলক কর্মকাণ্ড বিলাক তুলনামূলক ভাবে মাথোন এবাৰৰ প্রশিক্ষন ব্যৱস্থাটোতকৈ অধিক কাৰ্য্যকৰী।

আই চি টিৰ পৰিচিতিয়ে শিক্ষক সকলৰ চলি থাকে বৃত্তিগত উন্নয়নমূলক আঁচনিক সঠিকভাৱে আগবঢ়াই নিয়ে।

শিক্ষাৰ ক্ষেত্রত শিক্ষকৰ প্রশিক্ষণ আৰু বৃত্তিগত উন্নয়নৰ প্রয়োজনীয়তাৰ বাবে আই চি টিৰ কার্যকৰ প্রয়োগ হ'ব লাগে। যিনহওঁক, এই বিলাক বাঢ়িব ধৰা চাহিদাৰ ক্ষেত্রত আই চি টি এটা গুৰুত্বপূর্ণ সজুঁলি হিচাবে পৰিগণিত হ'ব পাৰে, কিয়নো বেছিকৈ ভাল শিক্ষাৰ বিষয় বস্তুৰ জগতত প্রৱেশ কৰাৰ সুবিধা, দৈনন্দিন প্রশাসনিক কাম-কাজৰ ক্ষেত্রত সাহাৰ্য্য, কাৰ্য্যকৰী শিক্ষাৰ অভ্যাসৰ অনুকৰণ, ছাত্র-ছাত্রীৰ সাহাৰ্য্যৰ বাবে সহাযয়কাৰী নেটৱর্ক,মুখামুখী আৰু দূৰৈৰ শিক্ষা ব্যৱস্থা, আৰু প্রকৃত সময় বা সমলয় হোৱা।

সফলতাৰে শিক্ষকৰ বৃত্তিগত উন্নয়নৰ নমুনাটোক মুঠ তিনিটা ভাগত ভগাব পাৰি

সফলতাৰে চলি থকা শিক্ষকৰ বৃত্তিগত উন্নয়নৰ নমুনাটোক মুঠ তিনি ভাগত ভগাব পাৰিঃ

১) চাকৰিৰ-আগমূহুর্ত্ত, শিক্ষণপদ্ধতিত প্রাথমিক দিশ দেখুওৱা, দক্ষতা, প্রশাসনিক ক্ষমতা

আৰু বিভিন্ন ধৰনৰ শিক্ষাৰ সা-সঁজুলি (আই চি টিৰ সৈতে)।

২) চাকৰীত, গঠনমূলক, মুখামুখী আৰু দূৰৈৰ শিক্ষা ব্যৱস্থা, চাকৰীৰ আগ-মূহূৰ্তৰ

প্রশিক্ষণ ব্যৱস্থা আৰু প্রত্যক্ষভাবে শিক্ষকৰ প্রয়োজন খিনি, আৰু

৩) চলি থকা স্বীকৃত আৰু অস্বীকৃত শিক্ষণ পদ্ধতি আৰু প্রয়োগকৌশল সাহাৰ্য্য,

আই চি টিৰ সাহায্যপ্রাপ্ত, শিক্ষকৰ বাবে, প্রতিদিনৰ কামৰ প্ৰত্যাহ্বান ইত্যাদি।

কাৰ্য্যকৰী শিক্ষকৰ বৃত্তিগত উন্নয়নমূলক কাম খিনি মডেল নির্ভৰ শিক্ষাৰ অভ্যাস হোৱা উচিত

কার্যকৰী শিক্ষকৰ বৃত্তিগত উন্নয়ন খিনি যিমানখিনি সম্ভৱ ক্লাচৰুম পৰৱেশৰ লগত খাপ খাব লাগে। আই চি টিৰ ক্ষেত্রত ‘হাতে হাতে’ প্রশিক্ষণটো ভীষণ প্রয়োজন য’ত আই চি টি

এটা গুৰুত্বপূর্ণ শিক্ষা পদ্ধতি হোৱা উচিত।

মূল্য নির্দ্ধাৰক প্রশিক্ষণ পদ্ধতিটো অতি গুৰুত্বপূর্ণ

বৃত্তিগত উন্নয়নৰ ভিতৰত শিক্ষনপদ্ধতিৰ নির্ণায়ক অভ্যাস আৰু শিক্ষক সকলক বিভিন্ন ধৰনৰ মূল্যাংকন পদ্ধতিৰ বাট মুকলি কৰে।

কার্যকৰী বৃত্তিগত উন্নয়নৰ বাবে যথাযোগ্য পৰিকল্পনাৰ প্রয়োজন হয়

এটা প্রয়োজনীয় মূল্যাংকন শিক্ষকসকলৰ বৃত্তিজ্ঞত উন্নয়নক বাট দেখুৱায়, দৈনন্দিন চোৱাচিতা কৰা আৰু মূল্যাংকনখিনি এই বিলাক কর্মকাণ্ডত দেখা পোৱা উচিত আৰু প্রতিক্রিয়াখিনি স্থায়িত্ব পোৱা উচিত, যদিহে বৃত্তিগত উন্নয়নখিনি কার্যকৰী আৰু শিক্ষকৰ চাহিদামতে পূৰন কৰিব পৰা হয়।

শিক্ষক সকলৰ বাবে চলি থকা, প্রতিদিনৰ সাহাৰ্য্য খিনি কঠিন

শিক্ষকসকলৰ বৃত্তিগত উন্নয়ন আৰু আই চি টিৰ মাধ্যমে চলি থকা আৰু প্রতিদিনৰ সাহাৰ্য্যখিনি অত্যন্ত প্রয়োজন সাপেক্ষ আৰু সহজসাধ্য কৰি তোলে (ৱেব চাইটৰ মাধ্যমে, দলগত আলোচনাৰ মাধ্যমে, ই-মেইল, ৰেডিও নাইবা টেলিভিচন ব্রডকাষ্টিঙৰ মাধ্যমে)।

সক্ষম গুনাগুণ

 

শিক্ষণপদ্ধতিৰ সাল-সলনি কৰি, আঁচনি আৰু মূল্যাংকন পদ্ধতিটো পুনৰ গঠন কৰি আৰু স্কুল বিলাকক অধিক পৰিমাণে স্বাধীনতা প্রদাণ কৰি আই চি টি ব্যৱহাৰৰ কাৰণে সাহাৰ্য্য প্রদান কৰা। যথেষ্ট পৰিমাণে সমর্থিত গুনাগুনৰ সৈতে শিক্ষক সকল আই চি টিক এটা ‘গঠনমূলক’ বিষয়ত ব্যৱহাৰ কৰিব পাৰে যাতে তেওঁলোকৰ শিক্ষণপদ্ধতিৰ মানসিকতা মানি লয়।

প্রয়োগ কৌশলগত গঠন প্রণালী বিলাক বৰ কঠিন

কম্পিউটাৰৰ শিক্ষাৰ ক্ষেত্রত শিক্ষক সকলৰ যথেষ্ট পৰিমাণে জ্ঞান থকা প্রয়োজন, আৰু যথেষ্ট পৰিমাণে প্রয়োগ কৌশলগত সাহাৰ্য্যও দিয়া প্রয়োজন, যদি তেওঁলোকে আই চি টিক সফলতাৰে ব্যৱহাৰ কৰিব পাৰে।

আই চি টিৰ পৰিচিতিৰ বাবে যথেষ্ট পৰিমাণে সময়ৰ প্রয়োজন হয়

যদি সঠিকভাবে আৰু কার্যকৰী ভাবে আই চি টি কামত লগাব বিচাৰে তেতিয়া হ’লে যথেষ্ট পৰিমাণে সময় অৱশ্যই দিব লাগে যাতে নতুন এটা দক্ষতা, তেওঁলোকৰ দৈনন্দিন জীৱণত কামত লগাব পাৰে আৰু প্রয়োজনীয় অতিৰিক্ত পঠন-পাঠ্যৰ পৰিকল্পনা কৰিব পাৰে।

স্কুলৰ প্রশাসনিক আৰু কমিউনিটিৰ সাহাৰ্য্য পোৱা গুৰুত্বপূর্ণ হ'ব পাৰে

স্কুলৰ প্রশাসনিক আৰু কমিউনিটিৰ পৰা সাহাৰ্য্য পোৱা, আৰু কিছুমান ক্ষেত্রত, আশেপাশে থকা কমিউনিটিত, শিক্ষক সকলক আই চি টি ব্যৱহাৰ কৰা দেখা গৈছে, যদি আই চি টিক কার্যকৰী ভাবে অকলে ব্যৱহাৰ কৰিছে তেতিয়াহে। এই কাৰনতেই দুয়োটা দলৰ ক্ষেত্রতেই লক্ষ্য নির্দিষ্ট হোৱাটো অত্যন্ত প্রয়োজন।

শিক্ষক সকলৰ বৃত্তিগত উন্নয়নৰ সাহাৰ্য্যৰ বাবে দলগত অভ্যাসটো অতিকে গুৰুত্বপূর্ণ বিষয়

স্বীকৃত আৰু অস্বীকৃত দলৰ অভ্যাস অতি সূক্ষ্মভাবে নিৰীক্ষণ কৰা নেটৱর্ক শিক্ষাৰ কর্মকাণ্ডৰ বাবে আই চি টি এই ক্ষেত্রত অতি গুৰুত্বপূর্ণ হৈ উঠিব পাৰে। এই ধৰণৰ সাহায্যকাৰী পদ্ধতিটো আই চি টিৰ ব্যৱহাৰৰ বাবে স্বীকৃত হব পাৰে।

শিক্ষাৰ প্রয়োজনত আই চি টিৰ পৰিচিতি পাঠ্যৰ পৰা পাঠ লোৱা

শিক্ষাৰ প্রয়োজনত আই চি টিৰ লগত পৰিচিতি এটা বিশাল পৰিৱর্তন বা উন্নত পদ্ধতিৰ প্রয়োগ, এইটো গুৰুত্বপূর্ণ যে আই চি টিক সফল ভাবে ব্যৱহাৰ কৰাটো সহায়তাকাৰক আৰু চৌদিশে বিয়পাই দিয়ে।

উৎস: infodev

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate