অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস

যোগ সাধনা এক প্ৰাচীন ভাৰতীয় কলা আৰু এই কলা এসময়ত বিশ্বৰ অন্যতম জনপ্ৰিয় সাধনাৰুপে পৰিগণিত হৈছিল।এই সাধনা অনুশীলন কৰিলে মানুহৰ শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক দিশ অতি উন্নত হ’ব পাৰে।লগতে মানুহৰ স্বাস্থ্যও ভাল হয়।প্ৰায় পাঁচ হেজাৰ বছৰৰ পুৰণি এই পদ্ধতিয়ে যুগে যুগে ভাৰতৰ জনসাধাৰণক উপকৃত কৰি আহিছে।২০১৪ ৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’এটা সমগ্ৰ বিশ্বজুৰি পালন কৰিবলৈ আহবান জনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটি প্ৰস্তাৱ দাঙি ধৰিছিল আৰু এই দিৱস পালনৰ যোগেদি বিশ্বৰ শান্তি আৰু সহযোগিতা বৃদ্ধি কৰিব পৰা হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰিছিল।২০১৪ চনৰ ১১ ডিচেম্বৰত বহা ৰাষ্ট্ৰ্সংঘৰ সাধাৰণ পৰিষদে সেই প্ৰস্তাৱটোত অনুমোদন জনালে।যোগৰ অনুশীলনৰ যোগেদি বিশ্ব শান্তি আৰু উন্নয়ন আৰু সৰ্বসাধাৰণৰ শাৰীৰিক স্বাস্থ্য উন্নত হ’ব বুলি যোগ সাধনাৰ উপকাৰিতা সম্পৰ্কে প্ৰচাৰ কৰাত গুৰুত্ব দিয়া হ’ল।

২০১৫ চনৰ ২১ জুনৰ দিনা পোনপ্ৰথমবাৰৰ বাবে ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’সমগ্ৰ বিশ্বজুৰি পালন কৰা হ’ল।এই দিৱস পালনৰ কাৰ্যসুচীত ভাৰতৰ ৰাজধানী দিল্লীত ‘গীনিজ বুক অব ৰেকৰ্ড,ৰ তথ্য মতে সৰ্বাধিক সংখ্যক ৩৬ হেজাৰ লোকে অংশগ্ৰহণ কৰি বিশ্বৰ বৃহত্তম যোগ পাঠ্যক্ৰম্ৰুপে পৰিগণিত হ’ল।

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ কিছু তথ্য

 

কেবাশও যোগ পদ্ধতিৰ ভিতৰত ‘হঠ যোগ’ই হৈছে সৰ্বাধিক জনপ্ৰিয় পদ্ধতি।এই পদ্ধতিত কেবাবিধো ভ্ংগী,ধ্যান আৰু শ্বাস –প্ৰশ্বাসৰ কৌশল আছে।‘যোগ’শব্দটি মুলত: সংস্কৃত ভাষাৰ পৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ‘সংযোগ’বা ‘যুক্ত হোৱা’।ইয়াৰ অৰ্থ হৈছে মানুহৰ মন আৰু দেহৰ ‘একত্ৰিকৰণ’।যোগ পদ্ধতি উদ্ভাৱন হৈছিল ২০০২ চনত।কুকুৰ আৰু ইয়াৰ গৰাকীৰ মাজত মন:সংযোগেই আছিল এই শ্ৰেণীৰ যোগৰ লক্ষ্য।কুকুৰ আৰু গৰাকীৰ মাজত স্ংযোগ ঘটি দুয়োৰে মাজত শক্তিৰ সঞ্চালন বা বিনিময় হোৱাটো এই যোগৰ উদ্দেশ্য আছিল।উন্নয়ন আৰু শান্তিৰ প্ৰতি অৱদান আগবঢ়াব পৰা একপ্ৰকাৰৰ ‘ক্ৰীড়া’ৰুপেও ইয়াক চোৱা হয়।জৰুৰীকালীন অৱস্থাত মানসিক চাপৰ পৰা মানুহক মুক্ত কৰাৰ ক্ষেত্ৰতো যোগই সহায় কৰিব পাৰে বুলি ৰাষ্ট্ৰ্সংঘৰ সচিব বেন কি মুনে মন্তব্য কৰিছিল।

‘যোগ হৈছে নিজৰ গভীৰলৈ কৰা নিজৰ যাত্ৰা,নিজৰ মাজেৰে কৰা যাত্ৰা আৰু নিজৰ গভীৰলৈ কৰা যাত্ৰা’।–ভগৱৎ গীতা

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত কৰিবলগীয়া

 

ভৰি-হাতবোৰ লৰচৰ কৰি চপাই পুনৰ মেলি ধৰি পোনাওক।এই অভ্যাসে যোগ অনুশীলন কৰাত সহায় কৰিব।লগতে আপোনাক মানসিক উদ্বেগমুক্ত কৰি মনটো পাতল কৰি তুলিব আৰু শৰীৰৰ পেশীৰ জঠৰতা আঁতৰাব।দৈনন্দিন কামে আৰু নিৰ্ধাৰিত কামে আনি দিয়া দৈহিক অৱসন্নতাও এনেধৰণৰ অংগৰ প্ৰসাৰণে আঁতৰ কৰিব।

মনটো উদ্বেগমুক্ত কৰিবলৈ কিছু সময় লওক আৰু নিজৰ হৃদযন্ত্ৰৰ স্পন্দন শুনিবলৈ চেষ্টা কৰক।যোগ অনুশীলনৰ অধিকাংশ সময়েই মানসিক আৰু আধ্যাত্মিক সাধনাতে পাৰ হয়।সেয়ে আপুনি উদ্বেগমুক্ত আৰু নিয়ন্ত্ৰিত অৱস্থাত থকাটো অতি প্ৰয়োজন।যোগ অনুশীলনে মানুহৰ ঋণাত্মক অভিজ্ঞতা কেনেকৈ নাইকিয়া কৰে আৰু জীৱনৰ গুণগত মান উন্নত কৰে,সেই কথা আপুনি কোনো যোগ প্ৰশিক্ষণৰ পৰা জানি লওক।যোগ অনুশীলনৰ যোগেদি নিজৰ অন্তৰ্জগতৰ লগত সংযোগ ঘটাব পাৰে আৰু গোটেই দিনটোৰ কাৰণে আপুনি দুশ্চিন্তা আৰু উদ্বেগৰ পৰা মুক্ত হৈ থাকিব পাৰে।‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’বা ‘বিশ্ব যোগ দিৱস,সমগ্ৰ বিশ্বৰ জনসাধাৰণে তৃতীয় বাৰৰ বাবে পালন কৰিব ২০১৭ চনৰ ২১ জুন বুধবাৰৰ দিনা।

‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’প্ৰতিবছৰে ২১ জুনৰ দিনা পালন কৰাৰ বাবে অনুমোদন  জনাবলৈ ৰাষ্ট্ৰ্সংঘৰ সাধাৰণ পৰিষদত ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰৰ দিনা আবেদন জনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল ‘ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ এক অতি মুলব্যান উপহাৰ হৈছে ‘যোগ’।মানৱ সভ্যতাৰ ইতিহাসত এই আবেদনেই পোন প্ৰথমৰ বাবে গৃহীত এখন দেশৰ প্ৰস্তাৱ আছিল।এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে অনুমোদন জনালে ‘গ্লোবেল হেলথ এণ্ড ফৰেইন পলিচি’ৰ অধীনত।উত্তৰ গোলাৰ্ধত ২১ জুনৰ দিনটো আটাইতকৈ দীঘল দিন আৰু বিশ্বৰ প্ৰান্তত এই দিৱসটো বিভিন্ন ধৰণে পালন কৰি অহা হৈছে।এই দিনটো বিভিন্ন কাৰ্যসুচীৰে পালন কৰা হয়,বিশ্বৰ প্ৰায় ১৭৭ খন দেশত।এইবিলাকৰ ভিতৰত আমেৰিকা,চীন আৰু কানাডা আদি দেশো আছে।

যোগৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যেৰে এই দিৱসটোৰ কাৰ্যসুচীবিলাকৰ ভিতৰত ৰখা হৈছে-যোগ প্ৰশিক্ষণ শিবিৰ,যোগ প্ৰতিযোগিতা আৰু সমুহীয়া যোগ অনুশীলন আদি।নিয়মীয়াকৈ যোগ অনুশীলন কৰিলে এক সুন্দৰ মানসিক,শাৰীৰিক আৰু বৌদ্ধিক স্বাস্থ্য অধিক ভাল হয় বুলি এই দিৱস পালনৰ যোগেদি মানুহে বুজি উঠিবলৈ সুযোগ পায়।যোগ অনুশীলনে মানুহৰ জীৱনশৈলী সম্পুৰ্ণৰুপে সলনি কৰিব পাৰে আৰু মানুহৰ চিন্তা-চৰ্চাও পুৰ্বতকৈ বহুখিনি উন্নত কৰে।

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ উদ্দেশ্যবিলাক

 

*যোগৰ বিষ্ময়জনক আৰু প্ৰাকৃতিক উপকাৰিতাবোৰৰ সম্পৰ্কে জনসাধাৰণক জনোৱা।

*যোগ অনুশীলনৰ যোগেদি মানুহক প্ৰকৃতিৰ সৈতে সংযোগ কৰোৱা।

*যোগ অনুশীলনৰ যোগেদি ‘ধ্যান’ৰ সৈতে অভ্যস্ত  কৰোৱা।

*সমগ্ৰ বিশ্বৰে মানুহৰ মনোযোগ যোৰ আধ্যাত্মিক উপকাৰবিলাকৰ প্ৰতি আকৰ্ষিত কৰোৱা।

*সমগ্ৰ বিশ্বতে স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান জনোৱা ৰোগবিলাকৰ হাৰ হ্ৰাস কৰা।

*সাম্প্ৰ্দায়বিলাকক বা গোট বিলাকক এটা দিন স্বাস্থ্যৰক্ষাৰ অৰ্থে ব্যস্ততাপুৰ্ণ জীৱনৰ পৰা আঁতৰি ঘনিষ্ঠভাৱে কটাবলৈ একত্ৰিত কৰোৱা।

*সমগ্ৰ বিশ্বততে উন্নয়নৰ গতি,প্ৰগতি আৰু শান্তি বিয়পাই দিয়া।

*যোগ সাধনাৰ যোগেদি মানুহক প্ৰতিকুল পৰিৱেশৰ পৰা উদ্ধাৰ কৰি মানসিক দুশ্চিন্তাৰ পৰা সকাহ দিয়া।

*সমগ্ৰ বিশ্বৰে মানুহৰ মাজত যোগৰ সহাত সহযোগিতা শক্তিশালী কৰা।

*যোগ অনুশীলনৰ যোগেদি শাৰীৰিক আৰু মানসিক ৰোগৰ বিষয়ে মানুহক সজাগ কৰি তোলা।

*স্বাসথ্যসন্মতত অভ্যাস আৰু ৰীতি-নীতি প্ৰত্যাহাৰ কৰি,শুভ অভ্যাস আৰু পৰম্পৰা সন্মানসহকাৰে অনুশীলন কৰোৱাই স্বাস্থ্য ভালে ৰখাৰ ব্যৱস্থা কৰোৱা।

*সুস্বাস্থ্য ৰক্ষা সম্পৰ্কীয় অধিকাৰৰ লগতে স্বাসথ্যসন্মত জীৱনশৈলীৰ বিষয়েও মানুহক জনোৱাৰ উপৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ একেবাৰে উচ্চতম মানদণ্ড উপভোগ কৰিবলৈ মানুহক শিকোৱা।

উৎস:স্বাস্থ্য

 

 

 

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate