আমলখি এবিধ টেঙাজাতীয় ফল। ইয়াৰ ঔষধি গুণ অপূৰ্ব আৰু মানুহৰ বাবে বিশেষভাৱে কল্যাণকাৰক বাবে ইয়াক অমৃত ফল, শ্ৰীফল বুলিও জনা যায়। আমলখি সদায় খালে চকুৰ জেউতি বাঢ়ে। হৃদৰোগ ভাল হয়, উচ্চ ৰক্তচাপ প্ৰশমিত হয় আৰু যকৃত পুষ্ট আৰু সবল হৈ থাকে। আমলখিৰ ৰস ১০-ৰ পৰা ২০ মিলিলিটাৰ চূৰ্ণ ৫-১০ গ্ৰাম আৰু ক্কাথ ৫০-১০০ মিলিলিটাৰ মাত্ৰাত ব্যৱহাৰ হয়। কিন্তু কিডনিৰ কোনো দোষ থাকিলে আমলখি খাব নালাগে (কবিৰত্ন অমৰকৃষ্ণ মজুমদাৰ)। আমলখিৰ বিশেষ গুণ হ’ল ইয়াক শুকালে, সিজালেও ইয়াৰ গুণ নষ্ট নহয়। সাঁচি ৰাখিলেও গুণ একেই থাকে।
বিভিন্ন ৰোগত আমলখিৰ ব্যৱহাৰ
সমান সমান আমলখি চূৰ্ণ আৰু যষ্টিমধু চূৰ্ণ মিহলাই তাৰ লগত ১০ গ্ৰাম চেনি মিহলাই খালে অম্লপিত্তৰ বাবে হোৱা অন্ত্ৰৰ ঘা শুকাই যায়।
শীতপিত্ত
দেহৰ কোনো ঠাই খজুৱালে যদি ফুলি উঠে তাক শীতপিত্ত বোলে। আমলখিৰ চূৰ্ণ, নিমৰ পাতৰ চূৰ্ণ আৰু হালধিৰ ৰস সম মাত্ৰাত মিহলাই ১০ গ্ৰেন বা এক চতুৰ্থাংশ চামুচ মাত্ৰাত দিনে ৩-৪ খালে শীতপিত্ত আৰোগ্য হয়। ছালৰ বিভিন্ন উদ্ভেদ, খজুৱতি দূৰ হয়।
প্ৰস্ৰাৱত তেজ যোৱা
আমলখিৰ ৰস, কুঁহিয়াৰৰ ৰস মিহলাই তাত অলপ মৌ দি খালে প্ৰস্ৰাৱ স্বাভাৱিক হ’ব। আমলখিৰ ৰস ৩-৪ চামুচ কুঁহিয়াৰৰ ৰস ৩-৪ চামুচ ল’ব।
প্ৰমেহ (প্ৰস্ৰাৱৰ দ্বাৰৰ ৰোগ)
যোনি প্ৰদাহ, শ্বেতপদৰ (বগা স্ৰাৱ) আৰু পিত্তশূল---এইবোৰ ৰোগত আমলখি চূৰ্ণ ১০ গ্ৰাম, মৌ ১ চামুচ আৰু অলপ চেনি লৈ, দিনে এবাৰকৈ কেইদিনমান খালে উপকাৰ হয়। যোনিৰ যন্ত্ৰণাত ৪ চামুচ কেঁচা আমলখিৰ ৰস আৰু ৪ চামুচ হেলেচি শাকৰ ৰস মিহলায়ো দিনে ১ বাৰকৈ ১৫ দিন খালে যোনিৰ যন্ত্ৰণা কমিব। বগা স্ৰাৱত আমলখিৰ গুড়ি ১ চামুচ আৰু ১ চামুচ মিছিৰিও ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি একেৰাহে ৭ দিন খাব পাৰে, বগা স্ৰাৱ বন্ধ হ’ব।
কফ ৰোগত
ৰোগীক আমলখিৰ চূৰ্ণ ২ চামুচ সামান্য গাখীৰ আৰু ঘিউ মিহলাই খাবলৈ দিলে কফ উপশম হ’ব।
জ্বৰ
জ্বৰ সহজে নেৰে, আমলখিৰ ৰস ২ চামুচৰ লগত গৰুৰ ঘিউ অলপ মিহলাই খাবলৈ দিয়ক। উপকাৰ হ’ব।
অৰ্শ
আমলখিৰ চূৰ্ণ ২ চামুচ অলপ গৰুৰ গাখীৰৰ লগত একেৰাহে কেইদিনমান খাবলৈ দিয়ক। অৰ্শই এৰা দিব।
মূত্ৰাশয়ৰ পাথৰি
আমলখি চূৰ্ণ মূলাৰ লগত খালে উপকাৰ হয়।
পনীয়া শৌচ
আমলখি আৰু বিট লোণ সমান মাত্ৰাত চূৰ্ণ কৰি লৈ খোৱাবস্তু হজম নহৈ হাগনি হ’লে তাৰে ৩ গ্ৰাম পৰিমাণ চূৰ্ণ দিনত ৩ বাৰ পানীৰ লগত খাওক। পনীয়া শৌচ হোৱা বন্ধ হ’ব।
আমলখি আৰু হালধি ১০ গ্ৰামকৈ লৈ ক্কাথ বা পাচন কৰি লওক (সিজাই আৰক উলিয়াই লওক)। এই পাচন খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা, গুহ্যদ্বাৰৰ জ্বলা-পোৰা থাকিলে প্ৰশমিত হ’ব।
জণ্ডিচ বা কামলা ৰোগ
কেঁচা (পকা কিন্তু শুকান নহয়) আমলখিৰ ৰস ৩ গুণ আৰু ১ ভাগ মৌ মিহলাই ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি খাওক। জণ্ডিচ ৰোগত বিশেষ উপকাৰ পাব।
হাড় ভাঙিলে
হাড় ভাঙিলে চিকিৎসাৰ পাছত সোনকালে আৰোগ্য হৈ আহিবলৈ কোনো ফলৰ লগত আমলখিৰ ৰস খাবলৈ দিয়ক, উপকাৰ হ’ব।
আমলখি জুইত পুৰি তাৰ ছাই সৈন্ধৱ লোণৰ লগত বটি ৩-২ টোপ সৰিয়হৰ তেল মিহলাই ইয়াৰে সদায় দাঁত মাজক। পায়ৰিয়া আৰোগ্য হ’ব।
ৰক্তক্ষৰণ
কাটি, ছাল এৰি, তেজ ওলালে, আমলখিৰ ৰস লগাই দিয়ক, তেজ বন্ধ হ’ব।
খজুৱতি
আমলখিৰ চূৰ্ণ তেলত মিহলাই ঘঁহিলে খজুৱতি দূৰ হয়। ফোঁহা, ঘামচিৰ দৰে উদ্ভেদ, ব্ৰণ আদি আৰোগ্য হয়। জুইৰ ডাক্ লাগিলে বা পুৰি গ’লেও আমলখিৰ গুড়ি ব্যৱহাৰ কৰিব পাৰি।
কেঁচা আমলখিৰ ৰস উলিয়াই অলপ নিমখ দি নিতৌ খালে অলপ কেইমাহমানৰ ভিতৰতে মধুমেহ আৰোগ্য হয়।
মহিলাৰ বহুমূত্ৰ ৰোগ (সোমৰোগ)
প্ৰস্ৰাৱ বেছি হয় (চেনি তেজত বা প্ৰস্ৰাৱত নাথাকিবও পাৰে), ২০ মিলিলিটাৰ আমলখিৰ ৰসত পকা কল এটা আৰু অলপ (৫ গ্ৰাম) চেনি লৈ সানি খালে মহিলাৰ বহুমূত্ৰ ৰোগ দূৰ হয়।
ভাত (আহাৰ) খাই থাকোঁতে আধামান খোৱা হ’লে ৬-৭ চামুচ আমলখিৰ ৰস আধা গিলাচ পানীত লৈ খাওক। তাৰ পাছত আকৌ ভাত খাই শেষ কৰক। এইভাৱে একেৰাহে ২২ দিন খাওক। উচ্চ ৰক্তচাপ, হৃত্পিণ্ডৰ পীড়া আদিৰ ভয় দূৰ হ’ব। হৃত্পিণ্ড সবল হ’ব। মস্তিষ্কৰ দুৰ্বলতাও দূৰ হ’ব। ই অত্যন্ত কাৰ্যকৰী ঔষধ।
বাৰ্ধক্যজনিত ৰোগ
আমলখি আৰু কলা খুন্দি চূৰ্ণ কৰি লওক। এই চূৰ্ণ ৫ গ্ৰাম (১ চামুচ) ঘিউ বা মৌৰ লগত লৈ চেলেকি চেলেকি খাওক। বাৰ্ধক্যৰ বহু সমস্যা দূৰ হ’ব। নতুন উদ্যম আৰু শক্তি লাভ কৰিব।
কৃমি ৰোগ
কেঁচা আমলখিৰ ৰস ৩০ মিলিলিটাৰ (৬ চামুচ) নিতৌ খালী পেটত ৰাতিপুৱা ১ সপ্তাহ খালে সকলো ধৰণৰ কৃমি নাশ হ’ব।
স্মৰণশক্তি হ্ৰাস
প্ৰতিদিন ৰাতিপুৱা আমলখিৰ মোৰব্বা খাওক, স্মৰণশক্তি বৃদ্ধি হ’ব।
বমি
আমলখিৰ ৰসৰ লগত পিপলিৰ গুড়ি মিহলাই চেলেকি চেলেকি খাবলৈ দিয়ক বমি বন্ধ হৈ যাব।
আমলখিৰ ৰস কেইটোপমান নাকত পেলাই দিয়ক, তেজ পৰা বন্ধ হৈ যাব। যাৰ প্ৰায়ে নাকেৰে তেজ ওলাই থাকে তেওঁ একেৰাহে কিছুদিন আমলখি খালে, এই কষ্টৰ পৰা উদ্ধাৰ পাব। আমলখি বটি কপালত প্ৰলেপ দিবও পাৰে।
চুলিৰ ৰোগ
অসময়ত চুলি পকা, চুলি সৰা আদি সমস্যা থাকিলে আমলখিৰ চূৰ্ণত তুলসীৰ পাত থেতেলা কৰি লৈ মিহলাই এই মিশ্ৰণ হাতৰ আঙুলিৰে চুলিৰ গুৰিত ঘঁহি দিয়ক। তাৰ ১০ মিনিটমান পাছত চেঁচা পানীৰে মূৰ ধুই দিয়ক। এইভাৱে কিছুদিন চুলিৰ যত্ন কৰিলে চুলি পকা আৰু চুলি সৰা বন্ধ হ’ব।
মূৰৰ বিষ
আমলখিৰ গুড়ি পানীত গুলি কপালত সানক, মূৰৰ বিষ দূৰ হ’ব।
দৃষ্টিশক্তি কমিলে
আমলখিৰ চূৰ্ণ গৰুৰ গাখীৰৰ লগত খাওক। একেৰাহে কিছুদিন খাওক। দৃষ্টিশক্তি বাঢ়িব।
হিকটি
আমলখি, কয়েতবেলৰ (বেলৰ নিচিনা এবিধ টেঙা ফল, কপিত্থ) ৰস আৰু পিপলি মিহলাই গুড়ি কৰি মৌৰ লগত খাবলৈ দিয়ক। হিকটি প্ৰশমিত হ’ব।
চকু নমা ৰোগ
কেঁচা আমলখি থেতেলা কৰি পৰিষ্কাৰ কাপোৰেৰে ছেকি চকুত লগালে চকু নমা অসুখত আৰাম পাব, অসুখ কমিব।
শৌচ কচা
শৌচ কচা বা কোষ্ঠকাঠিন্য থাকিলে আমলখিৰ ৰস গাখীৰৰ লগত খালে অন্ত্ৰ পৰিষ্কাৰ হয়, শৌচ কচা দূৰ হয়।
যিকোনো কাৰণত হাড় কোমল হোৱা বুলি জানিলে আমলখি নিয়মিতভাৱে (সদায়) কিছুদিন খাওক। হাড় কঠিন হৈ পৰিব। ইয়াৰ উপৰিও হজম শক্তি বাঢ়িব, ভালকৈ ভোক লগা হ’ব।
কেঁচা আমলখিৰ ৰসত মৌ মিহলাই বৰ্ষাকালীন ডেৰ-দুইমাহ (গ্ৰীষ্ম ঋতুত) খালে শৰীৰৰ প্ৰভূত উপকাৰ হয়, সৰ্বৰোগ নিৰাময় হয়।
ধাতু শোধক
কেঁচা আমলখিৰ ৰস ১০ মিলিলিটাৰ, ১০ মিলিলিটাৰ মৌৰ লগত গ্ৰীষ্ম কালত ১-২ মাহ খালে বীৰ্যৰ দুৰ্বলতা দূৰ হয়।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 6/17/2020
অপৰাজিতা ফুলৰ ঔষধি গুণ
অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ
অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ
আঁহত গছৰ ঔষধি গুণ