এই গছ সাধাৰণতে দুই-আঢ়ৈ মিটাৰ ওখ হয়। এৰি পলুৱে ইয়াৰ পাত খায়। পাত বহল আৰু পাতৰ ঠাৰিবোৰ দীঘল, ফোপোলা। ইয়াৰ গুটি থোপাথোপে লাগে। গাত কোমল কাঁইট থাকে, কিন্তু নিবিন্ধে, বেঁকা হৈ যায়। মানুহৰ বিভিন্ন ৰোগ আৰোগ্যৰ ই এবিধ মহৌষধি গছ। ইয়াৰ শিপা, শিপাৰ ছাল, পাত, গুটি, গুটিৰ পৰা হোৱা তেল ঔষধ হিচাপে ব্যৱহাৰ হয়। ইয়াৰ গুটিৰ তেলক ইংৰাজীত কেষ্টৰ অয়েল বোলে।
বিভিন্ন ৰোগত এৰাৰ ব্যৱহাৰ
এৰাৰ তেল খালে পেটৰ কেচুকৃমি (ডাঙৰ পেলু) বাহিৰ হয়। ডাঙৰৰ ৪ চামুচ, সৰু ল’ৰা-ছোৱালীয়ে ২ চামুচ, ৰাতিপুৱা খালী পেটত খাব।
কটা, ছিঙা, থেতেলা হোৱা, শৰীৰৰ কোনো ঠাইত কাটিলে, ছাল এৰিলে বা থেতেলা হ’লে, কাপোৰত এৰাৰ তেল লগাই বান্ধিলে তেজ বন্ধ হ’ব। বিষ-বেদনা দূৰ হ’ব। ছাল জোৰা লাগিব। কোনো ঠাইত ফুলি বিষালেও এৰাৰ তেল লগালে বিষ কমে।
২৫ গ্ৰাম (৫ চামুচ) আদাৰ ৰসৰ লগত ৫ চামুচ এৰাৰ তেল খালে মূত্ৰশূল বা প্ৰস্ৰাৱৰ ব্যথা দূৰ হ’ব।
এৰাৰ শিপাৰ পাচন ৫-২০ মিলিলিটাৰ শুঁঠচূৰ্ণ ৫ গ্ৰাম মিহলাই খালে পেটৰ শূল দূৰ হ’ব।
এৰাৰ শিপাৰ ক্কাথ ১০ গ্ৰাম সৈন্ধৱ লোণ মিহলাই খালে গাত ওলোৱা গুল্ম ৰোগ গুচে। এৰাৰ শিপাৰ ছাল হালধিৰ লগত বটি খজুওৱা ঠাইত লগালে খজুৱতি কমে।
এৰাৰ শিপাৰ ৰস ৫-১০ মিলিলিটাৰ পানীৰ লগত খালে পেট পৰিষ্কাৰ হয়। জ্বৰ হৈ শৌচ নহ’লে এৰাৰ শিপাৰ ক্কাথ (সিজাই উলিওৱা ঘনপানী) খালে শৌচ হ’ব। গাখীৰ গৰম কৰি থাকোঁতে ৫ গ্ৰাম পৰিমাণৰ কেঁচা এৰাৰ শিপা খুন্দি এই গাখীৰ দি ছেকি লৈ খালে শৌচ খোলোচা হয়। এৰাৰ তেল ডাঙৰে ৫ চামুচ আৰু সৰু ল’ৰা-ছোৱালীয়ে ২-৩ চামুচ ৰাতিপুৱা গাখীৰ বা পানীৰ লগত খালেও শৌচ খোলোচা হয়।
ভৰিৰ সিৰ কোচ খালে বা ভৰিৰ সিৰ মোটা হ’লে
গাখীৰত নিতৌ ১ চামুচ পৰিমাণৰ এৰাৰ তেল কিছুদিন খালে উপকাৰ হ’ব। লগতে এৰাৰ তেল সিৰত মালিছ কৰিবও লাগে।
স্তনৰ বেদনা প্ৰশমিত কৰিবলৈ
প্ৰসূতিৰ স্তনত গাখীৰ বেছি হৈ টানি ধৰিলে আৰু স্তন বিষালে এৰাৰ পাত স্তনত বান্ধি ৰাখিলে আৰু লগতে এৰাৰ পাত সিজোৱা পানী খালে স্তনৰ গাখীৰ কমকৈ ওলোৱাৰ বেদনা প্ৰশমিত হ’ব।
অন্যান্য ৰোগৰ উপশমত
চৰ্মৰোগ (খজুৱতি) অৰ্শ আৰু চকুৰ ৰোগত প্ৰতিদিনে আধা চামুচ এৰাৰ তেল খালে ভাল কাম দিয়ে।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 5/19/2020
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ
আঁহত গছৰ ঔষধি গুণ
একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত