কল আমাৰ সকলোৰে বাবে জনাজাত গছ আৰু প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা যায়। কলৰ পাত গছ আৰু ফল (কল) অত্যন্ত প্ৰয়োজনীয় বস্তু। দেৱতাৰ পূজা-পাৰ্বণত বিশেষ একো দিব নোৱাৰিলেও কল দিলেই হয়। কলৰ পাত, গছ গৰু-ম’হ আৰু হাতীৰ খাদ্য। কিন্তু ইয়াৰ ভেষজ ঔষধি গুণৰো তুলনা নাই।
কলগছৰ পচলা, ফল, ফুল আৰু কল-পচলাৰ ৰস ঔষধৰ দৰে ব্যৱহাৰ হয়। এইবোৰ খালে তেজৰ দোষ, অম্ল, গেছ, শৌচ কচা, যকৃতৰ দোষ, শ্বাসকষ্ট, কাহ, চৰ্দি, উচ্চ ৰক্তচাপ আদি অসুখত উপকাৰ হয়।
কেঁচা কলপাত অলপ টান হৈছে, এই পৰ্যায়ৰ, থেতেলাই ৰস উলিয়াই ৰাতি একাপ খাব পাৰিলে বহুত উপকাৰ হয়। কিন্তু ইয়াৰ লগত লোণ বা চেনি দিব নালাগে। কলপাতত ক্লৰ’ফিল থাকে। গতিকে এই ৰস পেটলৈ গ’লে চৰ্মৰোগ নহয়। অন্ত্ৰৰ ঘাও শুকাই যায়, লিউকোমিয়া নহয়।
কেঁচা কল, পকা কল দুয়োবিধেই উপকাৰী। কিন্তু কেঁচা কল তৰকাৰী কৰি খালে বায়ুৰ উত্পন্ন হয়। শৌচ কচা হয়। পকা কল ভালকৈ চোবাই খাব লাগে। কাৰণ পকা কল মুখৰ লালাটিৰ দ্বাৰাহে হজম হয়। গতিকে পকা কল কেতিয়াও গিলি থ’ব নালাগে। কল দিনৰ ১০ টাৰ পৰা ১ টাৰ ভিতৰত খাব লাগে। অন্যথা ক্ষতি হ’ব। সূৰ্যাস্তৰ পাছত কোনো ফলেই খোৱা উচিত নহয়।
পকা কল খালে শৰীৰ সুন্দৰ হয়। দুপৰীয়া আহাৰ খোৱাৰ পাছত ২ টা কল খাব পাৰি। ই বলবৰ্ধক। ই মেদ বৃদ্ধি কৰে।
প্লুৰেচি, ব্ৰংকাইটিছ, নেফ্ৰাইটিছ, কাহ, ৰক্তক্ষৰণ, খেকাৰত তেজ যোৱা আদি ৰোগত কলৰ ৰস খালে ভাল ফল দিয়ে। কাটিলে, ফুটিলে বা বৰল আদিয়ে কামুৰিলে কলপাত বটি প্ৰলেপ দিলে উপকাৰ হয়।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020
তুলসী (শক্তিবৰ্ধক)
আপেল (শক্তিবৰ্ধক)
অৰ্জুনৰ ছাল (শক্তিবৰ্ধক)
আঁহত বা অশ্বত্থ গছ (শক্তিবৰ্ধক)