যিমান বেছি পাৰে আপেল খুৱালে মদৰ নিচা এৰা দিয়ে। আফিঙৰ নিচাও দূৰ হয়।
কিন্তু আপেল যদি সিজাই খোৱাৰ অভ্যাস কৰা হয়, মদ খালে নিচাটো যায়েই লগতে মদৰ প্ৰতি ঘৃণাও ওপজে। কেৱল মদেই নহয় সকলো ধৰণৰ নিচাৰ প্ৰতিয়ে বিতৃষ্ণা জন্মে। প্ৰতিদিনে নহৰু কেঁচাই খাবলৈ (২ কোঁহকৈ) ললেও মদৰ প্ৰতি হেঁপাহ কমে।
আজিকালি আমাৰ দেশত আফিং খোৱাৰ প্ৰচলন কমিছে। তাৰ ঠাইত বিস্তৃতভাৱে ব্যৱহাৰ হয় বিড়ি-চিগাৰেট-চাধা।
তথাপি যিয়ে খায় তেওঁক এৰাবলৈ, তেওঁ নজনাকৈ অলপ অলপকৈ কমাই আনিব। দিনে এটা মটৰৰ পৰিমাণ কমালে বিশেষ প্ৰতিক্ৰিয়া নহ’ব আৰু তেওঁক ঘিউ, গাখীৰ যিমান পাৰি বেছিকৈ খাবলৈ দিয়ক। অলপ কিছুদিনৰ ভিতৰতে আফিঙৰ প্ৰতি আগ্ৰহ কমি যাব। দিনে ৮-১০ বাৰ ৫০-৬০ মিলিলিটাৰ গাখীৰ, মাখন, ঘিউ, মালাই, ৰাবৰি, হালুৱা আদি বেছিকৈ খাবলৈ দিব লাগিব।
যনী গুড়ি কৰি ৰাখিব আৰু আফিং বন্ধ কৰাৰ পাছত কিবা প্ৰতিক্ৰিয়া হ’লে যনী এক বা আধা চামুচ মুখত লৈ চুহি, চেলেকি খাব। আফিং নহ’লেও চলিব।
১০০ গ্ৰাম যনী আৰু ১০০ গ্ৰাম গুৱা-মৰি, ৬০ গ্ৰাম বিট লোণ বেলেগে বেলেগে গুড়ি কৰি লওক আৰু মিহলাওক। এই মিশ্ৰণৰ ওপৰত দুটা নেমুটেঙাৰ ৰস মিহলাই দিব।
ইয়াৰ পাছত, পাৰিলে পূৰ্ণিমাৰ জোনাক ৰাতি বাহিৰত থ’ব। পিছদিনা তাৱাত অলপ গৰম কৰি একোটা বুট বা মটৰৰ সমান ডাঙৰ বড়ি বনাই লওক। যেতিয়াই বিড়ি, চিগাৰেট, চাধা আদি খাবৰ ইচ্ছা হয় ফটকৈ ইয়াৰে বড়ি এটা মুখত সুমুৱাই লওক। অথবা বড়ি নকৰি এনেয়ে গুড়ি কৰি বটলত ৰাখিব পাৰে। তেতিয়া এই একে পৰিমাণৰ গুড়ি আদি মুখত লৈ চুহি চেলেকি থাকিব। তেনেকৈ কিছুদিন গ’লে বিড়ি, চিগাৰেটৰ বদ অভ্যাস দূৰ হ’ব।
ক’লা সৰু শিলিখা চকলিয়াই পকেটত ৰাখি, বিড়ি খাবৰ ইচ্ছা গ’লেই তাৰে দুই-তিনি চকল খাবলৈ ল’লে, এই বদ অভ্যাস দূৰ হ’ব।
পিঁয়াজৰ ৰস ২৫ মিলিলিটাৰ নিতৌ কেইদিনমান খালে বিড়ি, চিগাৰেট, চাধাৰ প্ৰতি হেঁপাহ কমি যাব।
বেছি চাহ খোৱাৰ অভ্যাস হ’লে খাওঁ খাওঁ লাগি থাকে। ফলত শৰীৰৰ বিস্তৰ ক্ষতি হয়। গতিকে এই অভ্যাস এৰাব লাগে।
এটা লং, দুটা জালুক, ৪ টা তুলসীৰ পাত ২৫০ মিলিলিটাৰ পানীত সিজাওক। গাখীৰ, চেনি বা মিছিৰি দি চাহৰ সলনি খাবলৈ লওক। এই চাহ খালে চাহপাতৰ চাহ নাখালেও হয় আৰু চাহৰ অভ্যাস এৰা দিয়ে। শৰীৰৰ ক্ষতি বন্ধ হয়, আকৌ এই মিশ্ৰণ- চাহ খোৱাৰ ফলত শৰীৰৰ উপকাৰ হয়। ইচ্ছা কৰিলে, গাখীৰ, চেনি নিদিলে উপকাৰ বেছি হয়।
আফিঙৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ নিচাৰ অভ্যাস এৰাবলৈ সপ্তগুণী চূৰ্ণ ব্যৱহাৰ কৰক।
বগা মূছলী, ভঁইৰা, লা, পাঠানী লোধ, সৰু এলাচি, বাবলা বা পলাশৰ আঠা আৰু ক’লা তামোলৰ ফুল সম পৰিমাণত লৈ (দশকৰ্মৰ বস্তু বিক্ৰী কৰা দোকান বা কোনো কবিৰাজৰ দোকানত পাব) বেলেগে বেলেগে গুড়ি কৰি পাছত মিহলাওক। ইয়াৰ পাছত সামান্য গাখীৰ ছটিয়াই বুট বা মটৰৰ সমান ডাঙৰকৈ বড়ি বনাই লওক।
নিচা এৰাবলৈ এটা বড়ি অনবৰত মুখত ৰাখিব। চোবাব নালাগে, মুখত ৰাখিলে ২-৩ দিনলৈ গলি নাযায়। কিবা খাব লগা হ’লে বড়িটো উলিয়াই থৈ খোৱা-লোৱা হ’লে বড়িটো ধুই আকৌ মুখত সুমুৱাই ল’ব। ৰাতি উলিয়াই থ’ব পাৰে। নহ’লে পেটলৈ যাব পাৰে। গ’লেও একো নহয়, বৰং মহিলাসকলৰ ঋতুস্ৰাৱৰ গণ্ডগোল থাকিলে নিয়মিতহে হয়। এই বড়ি যেতিয়ালৈ মুখত থাকে কোনো নিচা খাবলৈ ইচ্ছা নহয় আৰু কিছুদিন গ’লে নিচা খোৱাৰ অভ্যাস দূৰ হ’ব।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 6/5/2020
অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
আঁঠুৰ বিষৰ হোমিও আৰু আকুপাংচাৰ চিকিৎসা
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা