অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব হস্ত প্ৰক্ষালন দিৱস

আজিকালি বিভিন্ন সংক্ৰামক ৰোগৰ প্ৰতিষেধক ছিটা ওলাইছে আৰু এই বিলাক ব্যৱহাৰ কৰি ভালেকেইবিধ সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পৰা গৈছে। কিন্তু কিছুমান মাৰাত্মক সংক্ৰামক ৰোগৰ প্ৰতিষেধক ছিটা উদ্ভাৱন হোৱা নাই আৰু সেই বিলাক ৰোগ মানুহৰ খাদ্যৰ যোগেদি, বিশেষ ভাৱে ভালকৈ চফা নকৰা হাতৰ যোগেদি আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু কিছুদিনৰ ভিতৰতে এই বিলাক ৰোগৰ লক্ষণ প্ৰকাশ পায় আৰু পিছলৈ ৰোগীৰ অৱস্থা কাহিল কৰি পেলায়। বিশেষ ভাৱে কণ কণ শিশু আৰু কিশোৰ অৱস্থাৰ ল’ৰা – ছোৱালীয়ে যিকোনো আহাৰ খোৱাৰ আগতে হাত দুখন ভালদৰে ধুই নোলোৱাৰ বাবে কিছুমান সংক্ৰামক ৰোগত বেছিকৈ ভোগে। কেৱল হাত দুখন চাবোনেৰে ধুই পৰিষ্কাৰ কৰি লোৱাৰ পিছত আহাৰ খালে বহু কেইবিধ সংক্ৰামক ৰোগৰ পৰা বাচি থাকিব পৰা যায়।

চাবোনেৰে হাত ধোৱাৰ গুৰুত্ব আৰু সজাগতা বৃদ্ধি কৰি ৰোগ প্ৰতিৰোধ কৰাটো এটা সহজ, ফলপ্ৰসূ আৰু কম খৰচী ব্যৱস্থা। এই বাৰ্তাটো প্ৰতি বছৰে ১৫ অক্টোবৰৰ দিনা পালন কৰা বিশ্ব হস্ত প্ৰক্ষালন দিৱসৰ দিনা বিশ্বৰ সকলো ঠাইতে জনসাধাৰণৰ মাজত বিভিন্ন অনুষ্ঠানৰ যোগেদি প্ৰচাৰ কৰা হয়। গ্লোবেল হেণ্ডৱাশ্বিং পাৰ্টনাৰশ্বিপ নামৰ সংস্থাটোৱে এই দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলে আৰু সংস্থাটোৱে জনসাধাৰণক প্ৰয়োজনত চাবোনেৰে হাত ধোৱাত অনুপ্ৰাণিত কৰিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। লগতে চাবোনেৰে হাত ধোৱাৰ উপকাৰিতা সম্পৰ্কেও সজাগতা সৃষ্টি কৰে।

বিশ্বত প্ৰথম বাৰৰ কাৰণে গোলকীয় হস্ত প্ৰক্ষালন দিৱস ২০০৮ চনত পালন কৰা হৈছিল। সেই দিনা বিশ্বৰ ৭০ খনতকৈ অধিক দেশত ১২০ নিযুত শিশুৱে চাবোনেৰে হাত ধুই এই দিৱসৰ পাতনি মেলে। ২০০৮ব চনৰে পৰা স্থানীয় আৰু জাতীয় নেতা সকলে গোলকীয় হস্ত প্ৰক্ষালন দিৱসটোৰ হস্ত প্ৰক্ষালন শব্দটোৰ প্ৰচাৰৰ কামত, হাত ধোৱাৰ যতন (চিংক) আৰু পানীৰ টেপ আদি বহুওৱাৰ কামৰ বাবে আঁচনি প্ৰস্তুত কৰে। হাত ধোৱা কামটো কিমান সহজ তথা পৰিষ্কাৰ হাতৰ পৰা পাব পৰা উপকাৰ বিলাকৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ ল’লে। এই প্ৰচেষ্টাৰ ফলতে প্ৰতি বছৰে বিশ্বৰ প্ৰায় এশ খন দেশৰ দুশ নিযুতৰো অধিক লোকে গোলকীয় হস্ত প্ৰক্ষালন দিৱসৰ কাৰ্য্যসূচী বিলাকত অংশ গ্ৰহণ কৰি আহিছে। এই দিৱস পালনত বিভিন্ন দেশৰ চৰকাৰ বিলাকে, আন্তৰ্জাতিক অনুষ্ঠান, সামাজিক সংগঠন (এনজিঅ’), ব্যক্তিগত সংস্থা আৰু ব্যক্তি বিশেষেও পৃঠপোষকতা আগবঢ়াই আহিছে।

২০১৭ চনৰ এই দিৱসৰ বাবে নিৰ্ধাৰিত কৰা বাৰ্তাটো হ’ল – আমাৰ হাত, আমাৰ ভৱিষ্যত। এই বাৰ্তাটোৱে আমাক সোঁৱৰাই থাকে যে, হস্ত প্ৰক্ষালনে আমাৰ নিজৰ স্বাস্থ্যক সুৰক্ষা দিয়ে। লগতে আমাৰ নিজৰ ভৱিষ্যৎ তথা জাতিটো গঢ় দিয়াটো সহায় কৰে। কাৰণ হস্ত প্ৰক্ষালন এক কম খৰচী আৰু ফলপ্ৰসূ উপায় আৰু ই আমাক লক্ষ্যত উপনীত হোৱাত সহায় কৰে। হস্ত প্ৰক্ষালনৰ অভ্যাসে শিশু সকলক শিক্ষা গ্ৰহণত সহায় কৰে, ৰোগীৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে আৰু অসমতা দূৰ কৰে। হস্ত প্ৰক্ষালনৰ অভ্যাসে আমাৰ স্বাস্থ্য ৰক্ষাতো প্ৰত্যক্ষ ভাৱে সহায় কৰে।

আপুনি পৃথিৱীৰ যি ঠাইতে নেথাকক লাগে, আপুনি বিশ্ব (গোলকীয়) হস্ত প্ৰক্ষালন দিৱসত অংশ গ্ৰহণ কৰিব পাৰে। এই সম্পৰ্কীয় ৱেবচাইটত এই দিৱসৰ কাৰ্যসূচী পালনৰ বাবে আগতীয়াকৈ নিৰ্দেশনা দিয়া থাকক।

প্ৰধানকৈ ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা বিশ্ব হস্ত প্ৰক্ষালন দিৱসৰ কাৰ্যসূচী ২০০৮ চনত পোন প্ৰথম বাৰৰ বাবে ফিলিপাইনছৰ চাগায়ান দে অ’ৰ’ৰ চিটি চেণ্ট্ৰেল স্কুলত উদ্‌যাপন কৰা হয় আৰু স্কুলৰ ছাত্ৰ – ছাত্ৰী সকলক চাবোনেৰে কেনেকৈ হাত ধুব লাগে, সেই কথা প্ৰদৰ্শন কৰা হয়। এই দিৱসৰ কাৰ্যসূচী ৰুপায়ন আৰু প্ৰচাৰ কৰা হয়, শ্বাসতন্ত্ৰ আৰু আন্ত্ৰিক ৰোগ প্ৰতিৰোধৰ যোগেদি শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে। কেৱল চাবোনেৰে হাত ধোৱাৰ অভ্যাসৰ যোগেদি শ্বাসতন্ত্ৰ আৰু আন্ত্ৰিক (ডায়েৰিয়া, গ্ৰহণী আদি) ৰোগ প্ৰতিৰোধ কৰি শিশুৰ মৃত্যুৰ হাৰ প্ৰায় ২৫ ৰ পৰা ৫০ শতাংশ হ্ৰাস কৰিব পাৰি।

চাবোনেৰে হাত ধোৱাৰ অভ্যাসে এই দুবিধ মাৰাত্মক ৰোগৰ লগতে আন এবিধ সংক্ৰামক ৰোগ নিমোনিয়াও প্ৰতিৰোধ কৰিব পাৰে। আক্ৰান্ত হোৱা পাঁচ বছৰৰ তলৰ বয়সৰ শিশুৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হ’ল এই ৰোগ। প্ৰতি বছৰে এই ৰোগত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত ১.৮ নিযুত শিশুৰ মৃত্যু হয়। ডায়েৰিয়া আৰু নিমোনিয়া – এই দুয়োটা ৰোগত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত বছৰি ৩.৫ নিযুত শিশুৰ মৃত্যু হয়। চাবোনেৰে হাত ধুওৱাৰ অভ্যাসে পাঁচ বছৰৰ তলৰ শিশুৰ ডায়েৰিয়া ৰোগত মৃত্যুৰ হাৰ ৩০ শতাংশ আৰু শ্বাস তন্ত্ৰৰ ৰোগত মৃত্যুৰ হাৰ ২১ শতাংশ হ্ৰাস কৰিব পাৰে।

আহাৰ খোৱাৰ আগত আৰু শৌচ কৰাৰ পিছত চবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে, যিকোনো প্ৰতিষেধক ছিটা দিয়া বা চিকিৎসা কৰাতকৈ ডায়েৰিয়া জাতীয় ৰোগত হোৱা শিশুৰ মৃত্যুৰ হাৰ প্ৰায় ৫০ শতাংশ আৰু স্বাসতন্ত্ৰৰ ৰোগত হোৱা মৃত্যুৰ আশংকা ২৫ শতাংশ হ্ৰাস পায়। সেয়ে শিশু সকলৰ মাজত চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলাটো অভিভাৱক আৰু শিক্ষক সকলে এক নৈতিক কৰ্তব্য ৰুপে গ্ৰহণ কৰা উচিত।

বিশ্ব হস্ত প্ৰক্ষালন দিৱসৰ কেইটিমান তথ্য

 

*২০১৪ চনৰ ১৫ অক্টোবৰৰ দিনা উদ্‌যাপিত বিশ্ব হস্ত প্ৰক্ষালন দিৱসৰ বিস্তৃত কাৰ্যসূচীৰ বাবে ভাৰতৰ মধ্য প্ৰদেশে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। সেইদিনা ৰাজ্য খনৰ ৫১ খন জিলাৰ ১,২৭৬,৪২৫ টি শিশুৱে এই দিৱসৰ কাৰ্যসূচীৰ অংশ গ্ৰহণ কৰিছিল।

*কেতিয়াবা কিছুমান দেশত ১৫ অক্টোবৰৰ পৰিৱৰ্তে অন্য দিনতো বিশ্ব হস্ত প্ৰক্ষালনৰ কাৰ্য্যসূচী পালন কৰে। ইথিওপিয়াৰ আডিছ আবাবাত ৩০০ লোকে ২০১৩ চনৰ ১ নৱেম্বৰত এই দিৱস পালন কৰিছিল। ফিলিপাইনছৰ লুপক চেণ্ট্ৰেল এলিমেণ্টাৰি স্কুলত ২০১৫ চনৰ ১৫ অক্টোবৰৰ দিনা শ্ৰেণী আৰম্ভ হোৱাৰ আগতেই হস্ত প্ৰক্ষালন কাৰ্য্যসূচী সম্পূৰ্ণ কৰিছিল।

এই দিৱসৰ ইতিহাস

 

পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ফৰ হেণ্ডৱাশ্বিংৰ উদ্যোগত বিশ্ব হস্ত প্ৰক্ষালন দিৱস বিশ্ব জল সপ্তাহৰ মাজতে ২০০৮ চনৰ আগষ্ট মাহত ছুইডেনৰ ষ্টকহলমত পোন প্ৰথমবাৰৰ বাবে পালন কৰি এই দিৱসৰ পাতনি মেলা হয়। কিন্ত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে প্ৰতিবছৰে ১৫ অক্টোবৰৰ দিনটো বিশ্ব হস্ত প্ৰক্ষালন দিৱস ৰুপে নিৰ্দিষ্ট কৰি দিয়ে। ২০০৮ চনৰ বৰ্ষটো আন্তৰ্জাতিক অনাময় বৰ্ষৰুপে অনুমোদন দিয়া হয়। কিমান সঘনাই আপুনি চাবোনেৰে হাত ধুইছে, সেইটো ডাঙৰ কথা নহয়, কিন্ত কিমান ভালকৈ হাত ধুইছে আৰু হাতত লাগি থকা ৰোগ বীজাণুবোৰ শেষ হোৱাকৈ হাত ধুইছেনে নাই, সেই কথাৰ প্ৰতি লক্ষ্য কৰাটোহে গুৰুত্ব পূৰ্ণ কথা।

হাত দুখন কেতয়া চাবোনেৰে পৰিষ্কাৰ কৰি ধুব?

 

*আহাৰ প্ৰস্তুত কৰাৰ আগতে, প্ৰস্তুতিৰ মাজতে আৰু পিছত হাত দুখন ভালদৰে ধুব।

*আপুনি বাহিৰলৈ ফুৰিবলৈ যাঁওতেও হাত দুখন ধুই যাব।

*কোনো ৰোগীৰ খবৰ ল’বলৈ যোৱাৰ আগত আৰু পিছত।

*যিকোনো ৰাজহুৱা ঠাইৰ যিকনো অংশ স্পৰ্শ কৰাৰ পিছত, যেনে – এ টি এম, ফিংগাৰপ্ৰিণ্ট স্কেনাৰ, লিফ্টৰ বুটাম, চুইচ, ৰাজহুৱা টয়লেটৰ হেণ্ডেল আদিৰ লগতে ৰাজহুৱা পৰিবহন (বাছ, ৰে’ল সেৱা) ব্যৱহাৰ কৰাৰ পিছতো হাত দুখন চাবোনেৰে ধুব লাগে।

*পোহনীয়া জীৱ – জন্তৰ প্ৰতিপালনৰ পিছত।

*ডায়পাৰ সলনি কৰাৰ পিছত।

*বজাৰ – সমাৰ কৰাৰ পিছত।

হাত কেনেকৈ ধুব?

 

*প্ৰথমে হাত দুখন তিয়াই লওক। পানী পৰিষকাৰ আৰু ঠাণ্ডা বা সামান্য গৰম হ’ব লাগে। এতিয়া টেপটো বন্ধ কৰি চাবোন সানক।

*এতিয়া চাবোনৰ ফেন দুয়ো খন হাতৰ তলুৱা, পিঠি আৰু আঙুলিৰ আগ বিলাকত ভালদৰে সানক।

*এই ফেন সনা কামটো অতি কমেও ১৫ ছেকেণ্ড সময়লৈ কৰিব।

*এতিয়া পৰিষ্কাৰ পানীৰে হাত দুখন ধোৱক।

*শুকান টাৱেলেৰে ভালদৰে মচি পেলাওক বা বতাহত শুকাবলৈ দিয়ক।

ঘৰৰ বাহিৰলৈ ওলাই গ’লে এনেদৰে হাত ধোৱাটো অসুবিধা হ’ব পাৰে। সেয়ে এলকোহল যুক্ত চেলিটাইজাৰ ব্যৱহাৰ কৰক।

আপোনাৰ চিকিৎসকে সঘনাই চাবোনেৰে হাত ধোৱাৰ বাবে দিয়া পৰামৰ্শ অৱহেলা নকৰিব। এই অভ্যাসে সঁচাকৈ আপোনাৰ জীৱন ৰক্ষা কৰিব।

 

উৎস : স্বাস্থ্য আৰু দীৰ্ঘজীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate