ভঁইৰাৰ গছ বৰ ওখ হয়। ইয়াৰ ফল গোলাকাৰ আৰু অলপ ধোঁৱা বৰণীয়া ৰঙৰ। ফলৰ ভিতৰত এটা মাত্ৰ গোট থাকে। ফলৰ বাকলি আৰু গুটিৰ শাহ ঔষধৰ কামত ব্যৱহাৰ হয়। ব্যৱহাৰৰ মাত্ৰা ২-৪ গ্ৰাম।
বিভিন্ন ৰোগত ভঁইৰাৰ ব্যৱহাৰ
শ্বাসকষ্ট
উশাহ-নিশাহ লোৱাত কষ্ট হ’লে ভঁইৰাৰ চূৰ্ণ ২৫ গ্ৰাম মৌৰ লগত খালে কষ্টৰ উপশম হয়।
হৃত্পিণ্ডৰ ৰোগত
১০ গ্ৰাম ভঁইৰাৰ গুড়িৰ লগত গুৰ মিহলাই খালে আৰাম পোৱা যায়।
মাত ভাঙিলে
সৈন্ধৱ লোণ, পিপলি আৰু ভঁইৰা একেলগে গুড়ি কৰি মৌৰ লগত চেলেকি চেলেকি খালে মাত স্বাভাৱিক হয়।
কফ ৰোগত
সৈন্ধৱ লোণ, পিপলি আৰু ভঁইৰা একেলগে গুড়ি কৰি মৌৰ লগত চেলেকি চেলেকি খালে উপকাৰ হ’ব।
গলত ঘা
সৈন্ধৱ লোণ, পিপলি আৰু ভঁইৰা একেলগে গুড়ি কৰি মৌৰ লগত চেলেকি চেলেকি খালে উপকাৰ হ’ব।
গ্ৰহণী ৰোগত
সৈন্ধৱ লোণ, পিপলি আৰু ভঁইৰা একেলগে গুড়ি কৰি মৌৰ লগত চেলেকি চেলেকি খালে উপকাৰ হ’ব।
চকুৰ অসুখত
ভঁইৰা গুটিৰ শাহ মৌৰ লগত বটি চকুত লগালে উপকাৰ হয়।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020