শৰীৰৰ তেজ বৃদ্ধিৰ ক্ষেত্ৰত কিচমিচৰ সহায় অতুলনীয়।
শৰীৰত তেজ কম হ’লে ৰাতি ১০-১৫ টা কিচমিচ ধুই ভিজাই থওক। ১২ ঘণ্টাৰ পাছত ৰাতিপুৱা কিচমিচবোৰ এটা এটাকৈ চোবাই খাওক। এই ধৰণে ২-৪ সপ্তাহ প্ৰতিদিনে খালে ৰক্ত বৃদ্ধি আৰম্ভ হৈ যাব। তেজ পৰিষ্কাৰো হ’ব। নাকেৰে তেজ ওলোৱা অসুখ থাকিলে আৰোগ্য হ’ব। কিচমিচে বীৰ্য বঢ়ায়, পেট, হাঁওফাঁওৰ ৰোগ আঁতৰায়।
২০-৩০ টা কিচমিচ গৰম পানীত ভালকৈ ধুই এৱাঁ গাখীৰত তিয়াই ৰাখক। এঘণ্টামান পাছত এই গাখীৰ আৰু কিচমিচ উতলাওক। ৩-৪ বাৰ ওপৰলৈ উঠি আহি উতলিলে নমাই থওক। পাছত গাখীৰখিনিও খাওক। এই ধৰণে খালেও ৰক্ত বৃদ্ধি হ’ব। যাৰ শীতৰ দিনত বৰ ঠাণ্ডা লাগে, কঁপি থাকে, ঠাণ্ডাৰ ভয়তে গা ধুবলৈ এলাহ কৰে, এওঁলোকৰ শৰীৰত তেজ কম থাকে। কিছুদিন (১ মাহমান) একেৰাহে খালে তেজৰ দুৰ্বলতা দূৰ হ’ব। ইয়াৰ বাহিৰেও যকৃতৰ অসুখ, বদহজম, নিম্ন ৰক্তচাপ আদি অসুখ আৰোগ্য হয়।
আঙুৰ খালেও তেজ বৃদ্ধি হয়। ৰক্তহীনতাৰ বাবে হোৱা নানা অসুখ দূৰ হয়।
আঙুৰৰ ৰস ২৫ মিলিলিটাৰ দুবেলা খোৱাৰ আধা ঘণ্টামান পাছত দিনত দুবাৰ ২-৩ সপ্তাহ খালেও ৰক্ত বৃদ্ধি হয়। পেট ফুলা, বদহজম, পেটৰ গেছ, হৃত্পিণ্ডৰ ৰোগ, মূৰ ঘূৰোৱা, মূৰ বিষোৱা আদি নানা অসুখো দূৰ হয়। আঙুৰৰ ৰস দুৰ্বল স্বাস্থ্যৰ ৰোগীৰ পক্ষে খুব শক্তিবৰ্ধক। মহিলাসকলৰ বাবে আঙুৰ অতি উপকাৰী আৰু শক্তিবৰ্ধক বস্তু।
আঙুৰে তেজ বঢ়োৱাৰ উপৰিও মাংসপেশীক সুদৃঢ় কৰি ৰাখে, চেহেৰা সুন্দৰ আৰু উজ্জ্বল হয়। হাঁওফাঁওৰ ৰোগ আৰোগ্য হয়। মূত্ৰাশয়ৰ দুৰ্বলতা নাশ কৰে। প্ৰস্ৰাৱ ভালকৈ হয়।
সৰু ল’ৰা-ছোৱালীৰ বাবেও আঙুৰ ভাল খাদ্য। শিশুৰ দুৰ্বলতা আঁতৰোৱাত আঙুৰৰ সমান একো নাই। আঙুৰ, কিচমিচ আৰু মনাক্কাত প্ৰচুৰ লৌহ পদাৰ্থ থাকে। আঙুৰ খালে হিম’গ্ল’বিন বাঢ়ি যায় আৰু শৰীৰৰ সকলো ধৰণৰ দুৰ্বলতা নাশ হয়।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 4/28/2020
অৰ্জুনৰ ছাল (শক্তিবৰ্ধক)
কল (শক্তিবৰ্ধক)
আঁহত বা অশ্বত্থ গছ (শক্তিবৰ্ধক)
আপেল (শক্তিবৰ্ধক)