অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যৰ বিচাৰ

পৰিপাক প্ৰনালীৰ কথা আলোচনা কৰোতেঁ আমি খাদ্য আমাক কিয় লাগে-শৰীৰ যে এটা যন্ত্ৰ আৰু ই চলিবলৈ ইন্ধনৰ আবশ্যক এই বিষয়ে আলোচনা কৰিছোঁ। লগতে খাদ্যবস্ত শৰীৰে কেনেকৈ গ্ৰ্হন কৰে,কেনেকৈ খাদ্য সাৰলৈ পৰিৱৰ্তন হয়, অন্ত্ৰবোৰত শোষিত হয় আৰু তেজে কেনেকৈ পৰিবহন কৰি শৰীৰৰ সকলো অংগ-প্ৰত্যংগলৈ কোষলৈ যোগান ধৰে এই বিষয়েও আলোচনা কৰিছোঁ।আমাৰ শৰীৰৰ পুষ্টিসাধন তথা এয়া চলি থাকিবলৈ কি কি ধৰনৰ খাদ্যৰ আৱশ্যক এই বিষয়ে ইয়াত আলোচনা কৰিবলৈ লোৱা হৈছে।

শৰীৰ ৰক্ষাৰ উপাদান কাৰ্ৱহাইড্ৰট, প্ৰোটিন, চৰ্বী নানাবিধ খনিজ লোন পানী আৰু নানাবিধ ভাটামিন আমাৰ শৰীৰটো চলাই থাকিবলৈ প্ৰতিদিনেই আৱশ্যক।আমি দৈনন্দিন খোৱা খাদ্যত এইবোৰ বস্ত থাকিব লাগে আৰু এক নিদিষ্ট পৰিমানত আৱশ্যক হয়।এইবোৰৰ ঘাটি হলে শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ নিজ নিজ কামবোৰ চলাই নিয়াত বাধাপ্ৰাপ্ত হয় আৰু আমাৰ শৰীৰৰত তেতিয়া ঘাটিজনিত ৰোগে দেখা দিয়ে।উপাদানবোৰ বেছি হলেওঁ শৰীৰে গ্ৰহন কৰিব নোবাৰে,খাদ্যধিক্যৰ বাবে কিছুমান অসুখ আৰু অৱশেষত ৰোগৰ উৎপত্তি হয়।গতিকে দেহসুখ পাবলৈ হলে আমি খোৱা খাদ্যবস্তৰ ভাল,বেয়া কম-বেচি আদি পৰিমানবোৰ বিচাৰ কৰি খোৱাৰ আৱশ্যক হয়।

শ্বেতসাৰ বা শৰ্কৰা খাদ্য

শৰ্কৰা খাদ্য বা কাৰ্বহাইড্ৰেট আমাৰ অতি আৱশ্যকীয় ,খাদ্য। ই আমাৰ শৰীৰযন্ত্ৰটো চলাই নিয়াৰ ইন্ধনস্বৰুপ।ইয়াৰ পৰা শৰীৰে কেলৰি বা উত্তাপ বা শক্তি আহৰন কৰে।ই আমাৰ শৰীৰৰ বাবে প্ৰাথমিক উপাদান।এজন পূৰ্নবয়স্ক লোকৰ বাবে ১,৮০০ ৰ পৰা ২,০০০ কেলৰি প্ৰ্তিদিনে আৱশ্যক।তাৰ পৰা ভাত বা ৰুটি ৪৫০-ৰ পৰা ৫০০ গ্ৰাম খালে আৱশ্যকীয় কেলৰি পোৱা যায়।১ গ্ৰাম শৰ্কৰাত ৪ কেলৰি থাকে।আমি খোৱা খাদ্য পাকস্থলি,যকৃৎ অগ্ন্যাশয় আৰু অন্ত্ৰৰ ৰসত মিহলি হৈ জীন যায় আৰু গ্লোকজলৈ ৰুপান্তৰিত হৈ ক্ষুদ্ৰ অন্ত্ৰ বৃহৎ অন্ত্ৰত শোষিত হৈ তেজৰ লগত মিহলি হয় আৰু তেজে সৰ্বশৰীৰৰ কোষবোৰলৈ ইয়াৰ যোগান ধৰে।এই গ্লোকজ যকৃত আৰু মাংসপেশীত গ্লাইকজেনলৈ ৰুপান্তৰিত হয়।গ্লাইকজেন কোষত থকা চাইটপ্লাজমাৰ এটা উপাদান।মাংসপেশীয়ে এই গ্লাইকজেন ভাঙি শক্তিৰ বা উত্তাপৰ সৃষ্টি কৰে।যকৃতৰ গ্লাইকজেন ভৱিষ্যতৰ  ৱ্যৱহাৰৰ বাবে জমা থাকে।লঘোনে থকা দিনত এই গ্লাইকজেন ব্যৱহাৰ হয়।জমা থকা গ্লাইকজেন আকৌ গ্লোকজলৈ পৰিৱৰ্তিত হয় আৰু অন্ত্ৰত গৈ আগতে কোৱাৰ দৰে শোষিত হৈ তেজৰ লগত মিহলি হৈ শৰীৰৰ সকলো অংগ-প্ৰত্যংগৰ কোষলৈ যায় উত্তাপৰ সৃষ্টি কৰে।শৰ্কৰা খাদ্যৰ অৱশিষ্ট ভাগ হল পানী আৰু এঙাৰ গেছ।

প্ৰোটিন খাদ্য

প্ৰোটিন মানুহৰ দৈহিক কোষবোৰৰ এবিধ প্ৰ্ধান উপাদান।খাদ্যত থকা প্ৰোটিন খাদ্য জীন গৈ অন্ত্ৰত এমাইন এচিডলৈ ৰুপান্তৰিত হয় আৰু তেজত মিহলি হৈ শৰীৰৰ সকলো অংগ-প্ৰত্যংগৰ কোষবোৰলৈ যায়।এই প্ৰোটিন কোষ আৰু পেশীবোৰে কিছু পৰিমানে গ্ৰহন কৰে।অৱশেষবোৰৰ পানী, এঙাৰ গেছ আৰু নাইট্ৰোজেনৰ জাতীয় পদাৰ্থ, এমনিয়া আৰু ইউৰিক এচিড হয়গৈ আৰু শৰীৰৰ অলাগতিয়াল বস্ত হৈ পৰাত শৰীৰৰ পৰা বাহিৰ ওলায় যায়। এজন পূৰ্নবয়স্ক লোকৰ বাবে দেহত প্ৰ্তি কেজি ওজনৰ বিপৰীতে প্ৰ্তিদিনে ১গ্ৰাম প্ৰোটিনৰ আবশ্যক। কন কন কেচুৱাৰ বাবে,দেহৰ প্ৰ্তি কেজি ওজনৰ বীপৰীতে ২-৩ গ্ৰামৰ আবশ্যক।কাৰন শৰীৰ গঠন আৰু বৃদ্ধিত প্ৰোটিনেই কাম কৰে।সেইবাবে প্ৰোটিনক “বডি বিলডাৰ্চ” বুলি কোৱা হয়।১ গ্ৰাম প্ৰোটিনত ৪ কেলৰি শক্তি থাকে।

চৰ্বী খাদ্য

মানুহৰ শৰীৰৰ তৃতীয় বিধ অতি আৱশ্যকীয় উপাদান হৈছে চৰ্বী। চৰ্বী খাদ্য জীন যোৱা অৱস্থাত অন্ত্ৰ্ত, গ্লিচাৰিন আৰু ফেটি এচিডলৈ ৰুপান্তৰিত হয় আৰু শেহত মানৱ দেহৰ চৰ্বীলৈ পৰিৱৰ্তিত হয়।তেতিয়া এই চৰ্বী তেজৰ লগত মিহলি হৈ শৰীৰৰ সকলো অংগ-প্ৰত্যংগলৈ যায়।শৰীৰৰ নানা পেশীয়ে চৰ্বীক বুঢ়া-টুটা কৰিব পৰা ইলাষ্টিক হিচাপে গ্ৰহন কৰে।ইয়াৰ উপৰিও চৰ্বীয়ে শক্তি আৰু তাপৰো যোগান ধৰে।চৰ্বীৰ অৱশেষ ৱস্ত পানী আৰু এঙাৰ গেছ।এজন পূৰ্নৱয়স্ক লোকক প্ৰ্তিদিনে ৬০০ কেলৰি চৰ্বীৰ আৱশ্যক।প্ৰ্তিদিনে ৭ চামুচ মান ঘি বা তৈলজাতীয় বস্ত খালে ৬০ গ্ৰামমান চৰ্বী পোৱা যায় আৰু তাৰ পৰা আৱশ্যকীয় কেলৰি পোৱা যাৱ।১ গ্ৰাম চৰ্বীত ৯ কেলৰি থাকে।

পানী

শৰীৰৰ সকলো অংগ-প্ৰত্যংগত পানী থাকে।শৰীৰৰ প্ৰায় শতকৰা ৭০ ভাগেই পানী।শৰীৰৰ কোষ,পেশী,তেজৰ প্লাজমা,ৰসবাহী নলী আদি সকলোতে পানী থাকে।ইয়াৰ উপৰিও পানীয়ে খাদ্যৰ সাৰভাগ পৰিপাক নলীত পনীয়া কৰি বৈ যোৱাত সহায় কৰে।সাধাৰনতে এজন মানুহক ৪ৰ পৰা ৭,৫ লিটাৰ পানী প্ৰ্তিদিনে আৱশ্যক।প্ৰ্তিবাৰ প্ৰস্ৰাৱ কৰোতেই প্ৰায় ৫০০ মিলিমিটাৰ পানী ওলাই গলে ভাল। তাৰ বাবে বেছি পানী খোবাৰ আৱশ্যক।

গৰম দিনত বা গৰম ঠাইত কাম কৰিলে ইয়াতকৈ আৰু অধিক পানীৰ আৱশ্যক হয়।পানীয়ে মানুহৰ শৰীৰৰ প্ৰায়বোৰ চাফাই কাম কৰে আৰু প্ৰ্স্ৰাৱ, ঘাম, শৌচ, আৰু নিশাহৰ লগত ওলাই যায়। কেইদিনমান পানী খাবলৈ নাপালে মানুহৰ মৃত্যু হব পাৰে।খনিজ লোন শৰীৰে গ্ৰহন কৰোতেওঁ পানীৰ অৱশ্যক হয়।

ভিটামিন

ইয়াৰ উপৰিও মানুহৰ শৰীৰীক ভিটামিন আৱশ্যক।কিন্ত ভিটামিন শৰীৰৰ কোনো উপাদান নহয়।শৰীৰৰ আন আন উপাদানৰ ৰসায়নৰ প্ৰ্ক্ৰিয়াত ভিটামিনৰ অতি আৱশ্যক হয়।গতিকে শৰীৰৰ বাবে ভিটামিন অপৰিহাৰ্য। ভিটামিন প্ৰায় ২০ বিধমান আছে।

ভিটামিন “এ”

আমাৰ চকুৰ ৰেটিনাখন এখন পৰ্দা।বাহিৰৰ বস্তৰ ছবিবোৰ এই পৰ্দাত উঠে আৰু আমি দেখা পাও।আইনাৰ দৰে ৰেটিনাত বাহিৰৰ বস্ত প্ৰ্তিবিম্বিত কৰিব পৰা বস্তটো হৈছে ভিটামিন “এ”।তেনেকৈ আমাৰ ছালৰ খলপ দুটা।ইনাৰ ডাৰ্মিজ বা ছাল আৰু আউটাৰ দাৰ্মিজ বা উপৰুৱা ছাল।ভিটামিন এৰ অভাৱ হলে এই ইনাৰ ডাৰ্মিজ আৰু আউটাৰ ডাৰ্মিজৰ ক্ষতি হয়,শুকাই যাব পাৰে।ছাল খহটা হয়,দেখিবলৈ আপচু হয় বা ছালৰ উজ্জলতা নোহোৱা হয়।ভিটামিন এ কিছুমান এপিথেলিয়েল টিছুৱে গ্ৰ্হন কৰে।এজন প্ৰাপ্তবয়স্ক লোকক প্ৰ্তিদিনে প্ৰায় ১-২ মিলিগ্ৰাম বা ৫,০০০ ইন্টাৰনেশ্যনেল ইউনিটৰ আৱশ্যক।

ভিটামিন বি-১

ভিটামিন বি১ বা থায়েমিন নাথাকিলে খাদ্যবস্তৰ হজম নহয়,ভোক নলগা হয়।শৌচ কচা হয় আৰু সোনকালে ভাগৰ লাগে।শৰীৰত এই ভিটামিনৰ বেছি অভাৱ হলে সিৰবোৰত সিৰসিৰনি বা জিনজিননি ধৰে,আজোৰ-পিজোৰ আদি উত্তেজনাৰ সৃষ্টি হয়।একেলগে ভিটামিন বি১ আৰু ভিটামিন বি-৬ কমি গলে মানুহৰ উত্তেজনা বাঢ়ে,অস্থিৰ হয় আৰু ,মানসিক ভাৰসাম্য হেৰুওৱা খোজে।ভিটামিন বি-১ৰ অভাৱত মানুহৰ গলৰ ভিতৰত থকা থাইৰইড গ্ৰ্ন্থিৰ কৰ্মক্ষমতা কমি যায়।থাইৰইড গ্ৰন্থিয়ে শৰীৰৰ সকলো কাম সঠিকভাৱে সম্পাদন হোৱাত সহায় কৰে,শৰীৰটো পাতলকৈ ৰাখে,শৰীৰৰ কৰ্মক্ষমতা অক্ষুন্নকৈ ৰাখে আৰু শৰীৰৰ লাৱন্য ৰক্ষা কৰে। থাইৰইড গ্ৰ্ন্থিয়ে ঠিকমতে কাম নকৰাৰ ফলতে মানুহ শকত হয়।এজন সাধাৰন মানুহৰ বাবে প্ৰ্তিদিনে ১,২ ৰ পৰা ১,৮ মিলিগ্ৰাম ভিটামিন বি১-ৰ আৱশ্যক।মহিলাৰ বাবে ১,৫ মিলিগ্ৰাম হলেই হয়।

ভিটামিন বি-২

ভিটামিন বি-২ বা ৰিৱফ্লেভিন শৰীৰে কাৰ্বহাইড্ৰেট গ্ৰহন কৰাৰ কামত লাগে।ই চকুৰ বাবেও আৱশ্যক।ৰিবফ্লেভিনৰ অভাৱ হলে চকু ৰঙা পৰে,খজুৱায়,ফুলে,জ্বলন হয় আৰু চকুঅৰ পৰা পানী ওলাই থাকে।পোহৰৰ চকমকনি সহ্য নহয় আৰু মানুহৰ সোনকালে ভাগৰ লাগে।ভিটামিন বি-২ ই যৌৱন অটুট ৰাখে,বৃদ্ধকাল সোনকালে অহাত বাধা দিয়ে।এজন পূৰ্নবয়স্ক লোকৰ বাবে প্ৰ্তিদিনে ১,৭মিলিগ্ৰামৰ ৰিৱফ্লেভিন আৱশ্যক।

ভিটামিন বি-৬

ভিটামিন বি ৬ বা পাইৰডক্সিন ভিটামিন গল ব্লাডাৰ ষ্টন হব নিদিয়ে যেনেকৈ ভিটামিন এই কিডনি ষ্টন হব নিদিয়ে।পাইৰডক্সিন,আইনচিটল আৰু কলিন নামৰ ই ভিটামিনৰ সৈতে খুৱালে আৰটেৰী বা ৰক্তবাহী সিৰত জমা হব খোজা কলেষ্টেৰেল নষ্ট হয় আৰু আৰটেৰীবোৰ ডাঠ নহয়,ৰক্ত চলাচলৰ পথ ঠেক হব নোৱাৰে।উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা কম হয়।ভিটামিন-বি ৬ ভিটামিন চিৰ দৰে ৰোগ প্ৰ্তিৰোধকো।এই ভিটামিন প্ৰায়বোৰ খাদ্যবস্ততে থাকে।

ভিটামিন বি-১২

ভিটামিন বি-১২ বা চিয়ানকবালামিক এবিধ কবাল্ট আৰু ফছফেটৰ মিশ্ৰ্ন।ই ৰক্তহীনতা ৰোগত ভোগা লোকক আৰোগ্য কৰে।ভিটামিন বি-১২-ৰ অভাৱ হলে শৰীৰৰ প্ৰায় সকলো অংগ-প্ৰত্যংগৰে ক্ষতি হয়।কঠিন এনিমিয়া ৰোগ হয় আৰু নাৰ্ভৰ দুৰ্বলতা প্ৰকাশ পায়।এজন পূৰ্নবয়স্ক লোকৰ বাবে প্ৰ্তিদিনে ৩-৪ মিলিগ্ৰাম ভিটামিন ১২- আৱশ্যক।সকলো বি শ্ৰেনীৰ ভিটামিনেই পানীত গলে আৰু খাদ্যবস্তত একেলগে কেবাবিধো ভিটামিন বি পোৱা যায় আৰু এইবোৰে হজম  কৰাত সহায় কৰে।ভিটামিন বি-কমপ্লেক্স মানে ভিটামিন বি-১বি-২।বি-৬,আৰু বি-১২ ৰ স্ংমিশ্ৰ্ন আৰু অভোকত ভিটামিন বি-কমপ্লেক্সেৰে চিকিৎসা কৰা হয়।

ভিতামিন ‘চি’

ভিটামিন বা এককৰবিক এচিড।ই পানীত গলে।ই মাংসপেশীবোৰক লগ লগাই ৰাখে,কোষবোৰৰ অৱৰনবোৰ সবল কৰে আৰু মাংসপেশীৰ বগা আহঁবোৰ সংযোগ স্থাপন কৰি কৰ্ম-সম্পাদন কৰায়।ভিটামিন ‘চি’য়ে শৰীৰক ৰোগৰ বিৰুদ্ধে যুজিবলৈ শক্তি প্ৰদান কৰে।ভিটামিন’চি’ৰ অভাৱ হলে স্কাৰ্ভি নামৰ যোগ হয়।ভোক নলগা হয়,মূখত ঘা হয়,দাঁতৰ গুৰীৰে তেজ ওলায়,ছালত বগা, কলা,নীলা দাগ পৰে,ভৰি ফুলে,জোৰাবোৰত বিষ হয় আৰু ৰক্তহীনতা ৰোগ হয়,মানুগ অস্থিৰ হৈ পৰে।শৰীৰৰ কেপিলাৰিজ বা উপসিৰাবোৰ কঠিন হয়।ছালত অলপ খোঁচ লাগিলেই তেজ ওলায়।চকুৰ ছানি ৰোগ গুচাবলৈ ভিটামিন ‘চি’ৰ আৱশ্যক হয়।এজন পূৰ্নবয়স্ক লোকক প্ৰ্তিদিনে ৩০ মিলিগ্ৰাম ভিটামিন ‘চি’ লাগে।

ভিটামিন ডি

ভিটামিন ডি বা কেলচিফেৰল। শৰীৰে কেলচিয়াম আৰু ফছফৰাছ শুহি লোৱাৰ কামত ভিটামিন ডিৰ আৱশ্যক হয়।ই চৰ্বীৰ স্ংস্পৰ্শত গলে। কেলচিয়াম আৰু ফছফৰাছ শৰীৰৰ বৰ লাগতিয়াল উপাদান আৰু দূয়োটাৰে ৰাসায়নিক সম্পৰ্ক আছে। এটা নহ'লে আনটো কামত নালাগে।শৰীৰৰ যিটো গঠন দুয়োবিধ লগ লাগি ৰক্ষা কৰে,ভিটামিন ‘ডি’ নহলে দুয়োটা লগ নালাগে। গতিকে হাড়ৰ সুস্থতাৰ বাবে ভিটামিন ‘ডি’ৰ আৱশ্যক। মানুহৰ ৪০ বছৰ মানৰ পৰা কেলচিয়াম আৰু ফছফৰাছ কমি যাব ধৰে।গতিকে সেই সময়ৰ পৰা ভিটামিন ‘ডি’ৰ অতি অৱশ্যক।লৰা-ছোৱালীৰ ভিটামিন ‘ডি’ৰ অভাৱত ৰিকেট বেমাৰ হয়।হাড়ৰ ভাজ লাগে। প্ৰ্তিদিনে এটি শিশুক ১০ মিলিগ্ৰাম আৰু প্ৰাপ্তবয়স্ক লোকক ২,৫ মিলিগ্ৰামৰ আৱশ্যক হয়।

ভিটামিন ই

ভিটামিন ই টকফেৰল আৰু টকট্ৰেইনলছৰ ৰাসায়নিক স্ংমিশ্ৰন। এই দুবিধ বস্তত এণ্টি অক্সিডেণ্ট পদাৰ্থ থাকে আৰু সেইবাবে কোষবোৰৰ অতি পাতল আৱৰনবোৰো ভিটামিন ইৰ সহায়ত সুৰক্ষিত হৈ থাকে।শৰীৰৰ গতানুগতিক উন্নয়ন,কোষৰ বিভাজন,আৰু তেজৰ ৰক্ত কনিকাবোৰক বিনষ্ট হোৱাৰ পৰা বচাই ৰাখিবলৈ ভিটামিন ইড় আৱশ্যক।ই মাংসপেশীৰ বিষ আৰু উচ্চ ৰক্তচাপৰ অসুখতো উপকাৰী।হৃপিণ্ড সবল কৰাৰ বাবে ভিটামিন ‘ই’ অতি আৱশ্যক।

ভিটামিন ‘কে’

ভিটামিন কে দুই প্ৰকাৰে দেখা যায়।‘ফাইটমেনাডিন’ গছ বিৰিখত থাকে আৰু ‘মনাকুইনন’জীৱ-জন্তত পোৱা যায়।শৰীৰৰ তেজ ওলালে বন্ধ হবলৈ লিভাৰত ‘প্ৰথমবিন’ নামৰ বস্ত তৈয়াৰ হয়।এই প্ৰথমবিধ তৈয়াৰ হবলৈ ভিটামিন ‘কে’ৰ আৱশ্যক।ই বৃহৎ অন্ত্ৰত বেক্টৰিয়াৰ সহযোগীতা তৈয়াৰ হয়।শাক-পাচলিতো থাকে।ইয়াৰ অভাৱ সাধাৰনতে দেখা নাযায়।

খনিজ লোন

ভিটামিন উপৰিও আমাৰ শৰীৰক কিছুমান খনিজ লোণৰো আৱশ্যক।খাদ্যবস্ত যেনে ভাত,ৰুটি,দাইল,শাক-পাচলি আদিক জীণ নিয়াই শৰীৰৰ উপাদান কাৰ্বহাইড্ৰেট, প্ৰোটিন, চৰ্বীলৈ পৰিৱৰ্তন কৰা আৰু এই কামত সহায় কৰা ভিটামিনৰ উপৰিও শৰীৰটো চলাই থাকিবলৈ আমাৰ শৰীৰক কিছুমান খনিজ লোণৰো আৱশ্যক হয়।এতিয়া সেই বিষয়ে কবলৈ লোৱা হৈছে।এইবোৰ হল ফছফৰাছ,কেলচিয়াম,লো বা আইৰন,কপাৰ।মেংগানিজ,কবাল্ট।ছডিয়াম ক্লৰাইড,পটাছিয়াম,মেগনেছিয়াম,ক্লৰিন,ফছফেট আৰু পানী।পানীৰ বিষয়ে আমি আগতে উল্লেখ কৰি আহিছোঁ।

  • কেলচিয়াম: হাড আৰু দাতৰঁ উপাদানবোৰৰ ভিতৰত কেলচিয়াম মুখ্য উপাদান।হৃদযন্ত্ৰৰ তালমতে কৰা কাৰ্য(পাম্পিং)মাংসপেশীবোৰৰ টানি ধৰা আৰু ঢিলা কৰি এৰি দিয়া কাৰ্য,তেনেকৈ সিৰবোৰ স্ংকোচন আৰু শিথিলকৰন কাৰ্য আৰু তেজ গোট মাৰি(কটা-ছিঙা হলে)তেজ বন্ধ কৰা কাৰ্য এই সকলোবোৰতে কেলচিয়ামৰ আৱশ্যক হয়।এজন পূৰ্ণবয়স্ক লোকৰ বাবে প্ৰতিদিনে ১ মিলিগ্ৰাম আৰু এজনী গৰ্ভৱতী নাৰীৰ বাবে ১,৫ মিলিগ্ৰাম আৱশ্যক।গাখীৰতেই কেলচিয়াম প্ৰধানকৈ পোৱা যায়।শাক-পাচলীৰ পৰা পোৱা কেলচিয়াম শৰীৰত বৰকৈ নাথাকে।
  • ফছফৰাছ: ফছফৰাছে দাতঁ,হাড় আৰু শৰীৰৰ তৰল পদাৰ্থবোৰৰ বাবে সমানেই আৱশ্যক।মাংসপেশীবোৰৰ ৰাসায়নিক পৰিৱৰ্তন সাধনত আৰু কোষবোৰৰ বিভিন্ন কামত ফছফৰাছৰ আৱশ্যক হয়।এজন পূৰ্ণবয়স্ক লোকৰ বাবে প্ৰতিদিনে ১ৰ পৰা ১,৫ মিলিগ্ৰাম ফছফৰাছে আৱশ্যক।গুটি শস্য,বিন,গৰু-ছাগলীৰ গাখীৰত ফছফৰাছ থাকে।
  • লো বা আইৰন: ই ধাতৱ পদাৰ্থ আৰু তেজৰ হিমগ্লবিন আৰু কোষবোৰৰ কেন্দ্ৰত স্থিত মূল কাণ্ডৰ এবিধ উপাদান।ই কোষবোৰলৈ,হাওঁফাওঁৰ পৰা কঢ়িয়াই অনা অম্লজানৰ বাহক হিচাপে কাম কৰে আৰু এই অম্লজানৰ সহায়ক কোষবোৰে শৰীৰ মৌলিক কৰ্মবোৰ সম্পাদন কৰে।শৰীৰে আইৰন গ্ৰহন কৰোতে শৰীৰৰ কেলচিয়াম,ফছফৰাছ আৰু হাইড্ৰ্ক্লৰিক এচিডৰ ওপৰত নিৰ্ভৰশীল।আইৰন শৰীৰৰ পৰা বাহিৰ হৈ নাযায়।শৰীৰৰ তেজ গলে মহিলাৰ গৰ্ভাৱস্থাৰ সময়ৰ বাবে,আৰু শৰীৰৰ বৃদ্বিৰ ভৱিষ্যতৰ কামৰ বাবে জমা হৈ থাকে।এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে প্ৰতিদিনে ১৫ মিলিগ্ৰাম আইৰনৰ আৱশ্যক।আইৰনৰ অভাৱ হলে ৰক্তহীনতা ৰোগ হয়। কডলিভাৰ,কণী।মাংস,পিয়াজ,কেচাকাল আদিত আইৰন পোৱা যায়।
  • আয়োডিন:আয়োডিন শৰীৰৰ মূখ্য থাইৰইড গ্ৰ্ন্থীৰ এবিধ মূল উপাদান।থাইৰইড গ্ৰন্থী থুতিৰৰঁ তলত থাকে।ইয়াৰ পৰা ওলোৱা ৰসে শৰীৰৰ বৰ্ধন আৰু বিকাশৰ কাম কৰে আৰু দৈহিক উপাদানসমূহৰ ৰাসায়নিক পৰিৱৰ্তন নিয়মিতভাৱে কৰায়।লৰা-ছোৱালীৰ বাঢ়নকালত আয়োডিনৰ অভাৱ হলে শাৰীৰিক আৰু মানসিক বিকাশত বিশেষ জটিলতাৰ সৃষ্টি কৰিব পাৰে।ডেকা আৰু বয়সস্থ লোকৰ আয়োডিনৰ অভাৱ হলে সাধাৰনতে গলগণ্ড ৰোগ হোৱা দেখা যায়।এজন মানুহৰ বাবে(মহিলাৰো)প্ৰতিদিনে ১০০-ৰ পৰা ১৫০ মাইক্ৰগ্ৰাম(এটা আলপিনৰ আগৰ পৰা এটা টোপোলাৰ সমান)আৱশ্যক আৰু গোটেই জীবনটোত এক চাহ-চামুচৰ সমান পৰিমান লাগে।ইয়াক কডলিভাৰ অইল,সাগৰীয় মাছ,পিয়াজ,আৰু সতেজ শাক-পাচলিত পোৱা যায়।আমাৰ দেশত বহু ঠাইত আয়োডিন ঘাটিজনিত ৰোগ বেছিকৈ পৰিলক্ষিত হোৱাত বজাৰত আয়োডিন মিহলোৱা নিমখ বিক্ৰি কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে।
  • কপাৰ,মেংগানিজ,কবাল্ট:এইবোৰে ধাতৱ পদাৰ্থ আৰু আইৰনৰ সৈতে লগ লাগি তেজৰ ৰক্তকণিকা এইবোৰে উৎপন্ন কৰে।এজন লোকক ১-২মিলিগ্ৰাম প্ৰতিদিনে লাগে।
  • ছডিয়াম ক্লৰাইড বা লোন: মানুহে খাদ্যত ব্যৱহাৰ কৰা লোন বা নিমখ।ই তেজৰ এচিডৰ সমতা ৰক্ষা কৰে।প্ৰ্তিজন লোকক প্ৰতিদিনে ১০ ৰ পৰা ১২ গ্ৰামৰ আৱশ্যক।ছডিয়াম ক্লৰাইডৰ অভাৱত শাৰীৰিক দুৰ্বলতা মানসিক অৱসাদ,ভাগৰ,সিৰামূৰী ধৰা আৰু শৰীৰৰ উত্তাপ কমি যোৱা দেখা যায়।
  • ক্লৰিন : শৰীৰৰ তেজ আৰু হাইড্ৰ্ক্লৰিক এচিডৰ কামত লাগে।ইয়াক বিলাহী কল আৰু কেচাঁ শাক-পাচলীত পোৱা যায়।
  • পটাছিয়াম আৰু মেগনেছিয়াম: এইবোৰে শৰীৰৰ মাংসপেশীৰ স্ংকোচন আৰু সিৰা-উপসিৰাৰ উত্তেজনা সৃষ্টি কৰা কাৰ্যত আৱশ্যক হয়।পটাছিয়াম কোষবোৰ তৰল পদাৰ্থবোৰৰ উপাদান আৰু শৰীৰৰ ৭০ শতাংশ পানী পটাচিয়াম ৰক্ষা কৰে।ইয়াৰ অভাৱ হলে টোপনি গধূৰ ভাৱ,ঘোৰ নিদ্ৰা বা অচেতন অৱস্থা,ঔদাসীন্য আৰু মাংসপেশী আৰু শৰীৰৰ মাজত সহযোগীতা হেৰাই যায়।
  • ফছফেট:ই মাংসপেশীবোৰৰ তৰল পদাৰ্থবোৰৰ প্ৰ্ধান এচিড আৰু ই আয়োনিক বা চুম্বকীয় তৰ্ংগৰ সমতা ৰক্ষা কৰে।

সুষম আহাৰ

আমাৰ শৰীৰাটো সুস্থভাৱে চলি থাকিবলৈ আমাৰ শৰীৰৰ উপাদানৰ বস্ত,কাৰ্বহাইড্ৰেট,প্ৰোটিন,চৰ্বী বা ফেট,নানাবিধ ভিটামিন,নানাভিধ খনিজ লোনৰ প্ৰতিদিনে আমাৰ শৰীৰৰ বাবে যে আৱশ্যক এই বিষয়ে আমি আগৰ পাঠত আলোচনা কৰি আহিছোঁ।এইবোৰ আমি প্ৰ্তিদিনে আহাৰ খায়ে শৰীৰক যোগান ধৰোঁ।কিন্ত শৰীৰত লাগতিয়াল উপাদান আছে বুলিয়ে কোনো এবিধ খাদ্য খালেই আমাৰ শৰীৰৰ পুষ্টি সাধন নহয়।অথবা ভাল খাদ্য,সোৱাদো লাগিছে বুলি বেছিকৈ খালে উপকাৰৰ পৰিৱৰ্তে অপকাৰহে হয়।আকৌ শৰ্কৰা,খাদ্য মাংসবোৰ(প্ৰোটিন)খাদ্য আৰু চৰ্বী প্ৰতিদিনত(সাজতে)এক নিদিষ্ট পৰিমানত খোৱাৰ আৱশ্যক হয়।আমাৰ শৰীৰটো চলিবলৈ শক্তিৰ আৱশ্যক হয়।এই শক্তি ওপৰত উল্লেখ কৰা তিনিওবিধ খাদ্যত থাকে।কিন্ত কেৱল প্ৰোতিনসমৃদ্ব মাংস,কণী,মাছ,আদি খাই শক্তি আহৰন কৰিব নোৱাৰে।গতিকে সেইবোৰ বিচাৰ কৰি,কোনবিধৰ কিমান পৰিমানৰ খাদ্য খোৱা উচিত জনাৰ আৱশ্যক।তেনেকৈয়ে শ্ৰীবৃদ্বি হয়, দেহসুখ লাভ হয়।

আমাৰ শৰীৰৰ কোষবোৰে খাদ্যবস্তৰ পৰা পোৱা গ্লুকজ বা চেনীৰ পৰা উত্তাপ সৃষ্টি কৰে বুলি আমি আগতে উল্লেখ কৰিছোঁ আৰু এই কাম অবিৰত্ভাৱে চলি থাকে।কেৱল পৰিশ্ৰ্ম কৰাৰ সময়ত বেছি অৰু জিৰনীৰ সময়ত কম হয়।মানুহৰ শৰীৰৰ আকাৰ আৰু পৰিশ্ৰমৰ প্ৰভেদ অনুসৰিও ই বেলেগ বেলেগ হয়।গতিকে লৰা-ছোৱালী,স্ত্ৰী,পুৰুষ,আকৌ স্ত্ৰী-পুৰুসৰ শৰীৰৰ অৱয়ৱৰ আকাৰ মতে,কামত থকা, জিৰনিত থকা আদি বেলেগ বেলেগ অৱস্থাৰ উত্তাপ সৃষ্টি বেলেগ বেলেগ হয় আৰু সেই অনুপাতে খাদ্যৰো কম বা বেচি পৰিমানত আৱশ্যক হয়।

এজন সৰ্বসাবাৰন মানুহে কি ধৰেনে উত্তাপ সৃষ্টি কৰিব পাৰে তাৰ এটা হিচাপ শৰীৰবিদসকলে দিছে।এজন মানুহৰ শৰীৰৰ প্ৰতি কেজি ওজনে প্ৰ্তি ঘন্টাত যি উত্তাপ সৃষ্টি কৰে তাৰ এক কেলৰি বোলা হৈছে।আনটো হিচাপ মতে মানুহৰ প্ৰতি বৰ্গমিটাৰ ছালত (বডি ছাৰ্ফেছ)৪০ কেলৰি আৰু মহিলাৰ ক্ষেত্ৰত ৩৮ কেলৰি সৃষ্টি হয়।সাধাৰনতে এজন লোকৰ ১,৭৭ৰ পৰা ১,৮৩ বৰ্গমিটাৰ(বডি ছাৰ্ফেছ) থাকে।সেই হিচাপত এজন লোকক প্ৰ্তিদিনত ২,৬০০ ৰ পৰা ৪,০০০ কেলৰিৰ আৱশ্যক হয়।এইবোৰ হৈছে বিভিন্নজনৰ মতৰ ফলশ্ৰুতি।আমি প্ৰায় সকলোৰে সমৰ্থিত বিভিন্নজনৰ প্ৰ্তিদিনৰ আৱশ্যকীয় কেলৰিৰ তালিকা এখন তলত উপস্থাপন কৰিছোঁ।

ব্যক্তি বিশেষ

বয়স

প্ৰ্তিদিনৰ আৱশ্যকীয় কেলৰি

শিশু

১-২ বছৰ

১,২০০

৩-৬ বছৰ

১,৫০০

লৰা-ছোৱালী

৭-৯ বছৰ

১,৮০০

১০-১২ বছৰ

১,৫০০

যুবক-যুৱতী

১৩-১৫ বছৰ

২,৫০০

পুৰুষ

১৬-১৮ বছৰ

৩,০০০

মহিলা

১৬-১৮ বছৰ

২,২০০

সাধাৰন কামৰ পুৰুষ

 

২,৮০০

কঠিন কামৰ পুৰুষ(শ্ৰ্মিক)

 

৩,৯০০

বুঢ়া মানুহ-টেবুলৰ কাম

 

২,৮০০

বুঢ়া মানুহ-কোনো কাম নকৰে

 

২,১০০-১,২০০

মহিলা-সাধাৰন কাম বন কৰে

 

২,৮০০

মহিলা-টান কাম কৰে

 

৩,০০০

মহিলা-গৰ্ভৱতী

 

৩,০০০-৩,৩০০

মহিলা-শিশুক বুকুৰ গাখীৰ খুৱায়

 

৩,৭০০

 

এতিয়া যি পৰিমানৰ কেলৰি আমাৰ শৰীৰক প্ৰ্তিদিনে লাগে,আমি খাদ্য খাই যোগান ধৰিব লাগিব। খাদ্যবিদ্যা বিশাৰদ বা ডায়েটিছিয়ানসকলে কৈছে যে কাৰ্বহাইড্ৰেট, প্ৰোটিন আৰু ফেট আদি সকলোৰে পৰা কেলৰি(উত্তাপ)সৃষ্টি হলেও কেলৰি উৎপাদনৰ বাবে কাৰ্বহাইড্ৰেটই প্ৰধান খাদ্য আৰু ইয়াৰ পৰা শতকৰা ৬০-ৰ পৰা ৭০ ভাগ আহৰন কৰা আৱশ্যক।কাৰন প্ৰোটিন আৰু ফেট,কাৰ্বহাইড্ৰেটৰ দৰে সহজে হজম হোৱা খাদ্য নহয়।চৰ্বী খাদ্যৰ পৰা শতকৰা ৩০ ভাগ আৰু প্ৰোটিনৰ পৰা ১২-ৰ পৰা ২০ ভাগ আহৰন কৰা উচিত।খাদ্যত প্ৰোটিন আৰু ফেট বেচি হলে শৰীৰৰ  ক্ষতিসাধন কৰে।এই খাদ্যৰ পৰিমানকে সুষম আহাৰ বোলে।ইয়াৰ লগত অৱশ্যে ভিটামিন আৰু খনিজ লোনৰ আৱশ্যক হব।

খাদ্যৰ পৰা শৰীৰৰ উপাদানবোৰ ঠিকমতে নাপালে শৰীৰত ৰোগে দেখা দিয়ে।বিশেষকৈ লৰা-ছোৱালীৰ বাঢ়নকালত সুষম আহাৰৰ অতি আৱশ্যক।খাদ্যৰ পৰিমান আৱশ্যকীয় জোখত নাথাকিলে তাক বিষম আহৰ বুলিব পাৰি।বিষম আহাৰত লৰা-ছোৱালীৰ ‘কচিওৱাৰকাৰ’ ৰোগ হয়।খাদ্য লগাতকৈ কম হলে ‘মেৰাছ্মাছ’ নামৰ ৰোগ হয়।কচিওৱাৰকাৰ ৰোগত ভোগা শিশু অকালতে বুঢ়া হোৱা যেন হয়।চুলি হালধীয়া বা ৰঙা হয়;গাৰ মাংস শোঁতোৰা-শুতুৰি পৰে।তেওঁলোকে ভাল খাদ্যই খায়।কিন্ত প্ৰোটিন কম হোৱাৰ বাবে তেনে ৰোগৰ উৎপত্তি হয়।যিসকলে খাদ্য লগামতে খাবলৈ নাপায় তেওঁলোকৰ ‘মেৰাছ্মাছ’ ৰোগ হয়,শুকাই-ক্ষীনাই যায়।

আৱশ্যকীয় কেলৰি লাভ কৰিব পৰাকৈ এজন সাধাৰন মানুহৰ বাবে দৈনন্দিন খাদ্যবস্তবোৰৰ,কি বিধ খাদ্যৰ কিমান পৰিমানে প্ৰ্তিদিনে খোৱা আৱশ্যক তাৰ এখন তালিকা তলত দিয়া হল।

সামিষ আহাৰ

নিৰামিষ আহাৰ

ঢেকীত বনা চাউল

২৫০ গ্ৰাম

চাউল

২৫০ গ্ৰাম

আটা

১৫০ গ্ৰাম

আটা

১৫০ গ্ৰাম

দাইল

১০০ গ্ৰাম

দাইল

১০০ গ্ৰাম

ঘি বা তেল

১৫০ গ্ৰাম

গাখীৰ বা দৈ

২৫০ গ্ৰাম

মাছ

১০০ গ্ৰাম

ঘি বা তেল

১৫০ গ্ৰাম

পাত থকা শাক-পাছলি

১০০ গ্ৰাম

পাত থকা শাক

১৫০ গ্ৰাম

গাখীৰ

৩৪০ গ্ৰাম

পাত নথকা পাচলি

১৫০ গ্ৰাম

চেনী বা গুৰ

৫০ গ্ৰাম

আলু আদি

৫০ গ্ৰাম

মাংস(সপ্তাহত এসাজ বা দুসাজ

২৫০ গ্ৰাম

ফল

৫০ গ্ৰাম

বতৰৰ ফল

৫০ গ্ৰাম

নিমখ আৰু মছলা

সোৱাদ অনুপাতে

নিমখ আৰু মছ্লা

সোৱাদ অনুপাতে

 

 

 

বিভিন্ন দিশ চিন্তা কৰি শৰীৰতত্ববিদসকলে ডায়েটেছিয়ানষকলে মত প্ৰকশ কৰিছে যে,৭০ কি:গ্ৰা ওজনৰ এজন পুৰুষক ২,৮০০ কেলৰি খাদ্য প্ৰ্তিদিনে আৱশ্যক অৰু তেনেকৈ এজনী ৫৬ কি:গ্ৰা ওজনৰ মহিলাক কমেও ২,০০০ কেলৰি খাদ্য প্ৰ্তিদিনে আবশ্যক।পুৰুষৰো শৰীৰৰ ওজন কম হলে খাদ্যৰ পৰিমানো সামান্য কমিব পাৰে।গতিকে অতি কমেও এজন মানুহক ২,০০০ কেলৰি খাদ্যৰ আৱশ্যক বুলি আমি ধৰি লব পাৰো।সেই অনুপাতে এই খাদ্যৰ তালিকাৰ পৰা কি খাদ্য কিমান পৰিমানত লাগিব বিচাৰ কৰি লব পাৰিব।খাদ্যৰ যাতে কাৰ্বহাইড্ৰেট ৫০-ৰ পৰা ৬০ শতাংশ,প্ৰোটিন ১২-২০ শতাংশ আৰু ফেট যাতে ৩০-৪০ শতাংশ হিচাপত থাকে তালৈ চকু দিব লাগিব।মানুহ বুঢ়া হৈ আহিলে কাৰ্বহাইড্ৰেট ৫০ শতাংশ আৰু ফেট ২০ শতাংশ হোৱা উচিত।ফেট বেছি হলে কলেষ্টেৰল উৎপন্ন হৈ ৰোগাক্ৰান্ত কৰিব পাৰে।

আমাৰ আৱশ্যকীয় কৰ্বহাইড্ৰেট প্ৰোটিন,ফেট,ভিটামিনবোৰ আৰু খনিজ,লোনবোৰ,উপলব্ধ খাদ্যবস্তবোৰৰ কোন বিধৰ পৰা কি পৰিমানত পোৱা যায় তাৰ এখন তালিকা তলত দিয়া হল—

উপাদান

কাম

খদ্যৰ প্ৰ্তি শ গ্ৰামত

দৈনিক অৱশ্যক

শৰ্কৰা খাদ্য(কাৰ্বহাইড্ৰেট

শক্তিৰ (এনাৰ্জি) বাবে

ভাত-৭৬ গ্ৰাম

বাৰ্লি-৭৩ গ্ৰাম

আটা-৭২ গ্ৰাম

ঘেহু-৫০ গ্ৰাম

কঠাল গুটি-৩৮ গ্ৰাম

কল-১৭ গ্ৰাম

আলু-১৫ গ্ৰাম

বিন-১০ গ্ৰাম

কমলা-৭ গ্ৰাম

বন্ধাকবি-৭ গ্ৰাম

প্ৰতিদিনে যি পৰিমানৰ কেলৰি লাগে তাৰ শতকৰা ৫০-৭০ ভাগ এই খাদ্যৰ পৰা পাব লগে।এক গ্ৰাম শৰ্কৰা খাদ্যত ৪ কেলৰি পোৱা যায়।

প্ৰোটিন

শৰীৰৰ বৃদ্বিৰ আৰু ৰোগ নিৰাময়ৰ বাবে শৰীৰৰ হানি হোৱা কোষৰ পূৰ্নতা লাভৰ বাবে লাগে

চয়াবিন-৪০ গ্ৰাম

মাংস-২৪।০৬ গ্ৰাম

ছানা-২৮ গ্ৰাম

মগুমাহ-২৪ গ্ৰাম

বুট-২২ গ্ৰাম

বাদাম-২১ গ্ৰাম

সৰিয়হ তেল-২২ মি:লি

মাছ-১৬-১২ গ্ৰাম

আটা-১২,১ গ্ৰাম

কণী-১২ গ্ৰাম

চাউল(ঢ়েকী)-৮,৫ গ্ৰাম

কল-৬,৯ গ্ৰাম

কঠালগুটি-৬,৬ গ্ৰাম

গাখীৰ-৩ গ্ৰাম

প্ৰতিদিনৰ আৱশ্যকীয় কেলৰীৰ শতকৰা ১২-২০ ভাগ।১ গ্ৰাম/*- প্ৰোটিনে ৪ কেলৰি উৎপন্ন কৰে।

চৰ্বী (ফেট)

শৰীৰৰ শক্তিৰ বাবে

অলিভ অইল ১০০ গ্ৰাম

কডলিভাৰ অইল-১০০

ঘি-৯৯,২

মাখন-৪২

সৰিয়হৰ তেল-৩৯,৭

নাৰিকল তেল-৩৫

ছানা-৩৩

কনী-১১

মাছ(ৰৌ)-৭,৫৫

গাখীৰ-৩,৫

মাছ-পুঠি

শল আদি-২,৮

মাংস-২,৫

মুঠ কেলৰিৰ শতকৰা ২০,৩০ ভাগ হব লাগে।১ গ্ৰাম চৰ্বীত ৯ কেলৰি পোৱা যায়।

ভিটামিন ‘এ’

চকুৰ দৃষ্টি শক্তি ছালৰ উপৰি ভাগ আৰু ভিতৰলৈ থকা সকলো নলী আৰু পথৰ বাহিৰৰ ফালে থকা ছালৰ কোষ এপিথেলিয়েল টিছুৰ বাবে,জন্মদিন ক্ষমতাৰ বাবে।অভাবে কুকুৰীকণা দৃষ্টি শক্তি লোপ,,ছালৰ বেমাৰ বন্ধ্যাত্ব আদি।

সকলো ডাঠ সেউজীয়া,হালধীয়া আৰু ৰঙা শাক-পাচলি আৰু ফল আদিত থাকে।প্ৰ্তি শ গ্ৰামত ইন্টাৰনেশ্য্যনেল ইউ-নিট।কডলিভাৰ-৯৯,৪০০

গাজৰ-১৮,১৯৩

পালেং-১২,৯০০

হেলচি,কলমৌ-৪,৯৫৮

বিলাহী-২,৯৭৮

মাখন-৩,৯৬৯

ছানা-১,২৯২

কনী-৯৯৪

বন্ধাকবি-৮৯৩

লেছেৰা মাহ আদি-৪৯২

(ইন্টাৰনেশ্যনেল ইউনিট)বয়স্ক লোক ৬,০০০ দুগ্ধপোষ্য শিশুৰ মাতৃ ৮,০০০ লৰা-ছোৱালীৰ ৪,৫০০।(লিভাৰত ভিটামিন ‘এ’ জমাও থাকে।)/*-

ভিটামিন বি-এ

শৰীৰৰ কোষবোৰ অম্লজান লোবাত সহায়ক হয়।অভাবে মূৰৰ বিষ,ভাগৰ লগা,অভোক,বদ-হজম,নাৰভাচনেচ,সাহসৰ অভাৱ,আৰু ভৰিৰ কলিমা সৰু হৈ থাকে

বেছিকৈ চফা নকৰা আটা চাউল আদিত থাকে।উৰহী-০,৪

আলু-০,১

বন্ধাকবি-০,০৭

গাখীৰ-০,০৪

কৰ্মী পুৰুষ-২,৩

কৰ্মী মহিলা-১,৮

দুগ্ধপোষ্য শিশুৰ মাতৃ-২,৫

সাধাৰন কামৰ মানুহ-১,৮

মহিলা-১,৮

ভিটামিন বি-২

খদ্যৰ পৰা শৰীৰৰ উপাদান গ্ৰহন কৰাত আৱশ্যক।অভাবে দুৰ্বলতা,ছাল ফটা,কাউৰীৰ ঘা,বাঢ়নত বাধা,সোনকালে প্ৰৌঢ়ত্ব প্ৰাপ্ত হয়।

ছানা-০,৪৯

কনী-০,৩৮

গাখীৰ-০,১৪

আলু-০,০৭

শাক-পাচলিতো থাকে।বেছিকৈ চফা নকৰা চাউল, আটা আদিত থাকে।শাক-পাচলি ৰন্ধা পানী জোল নেপেলাব

কৰ্মী পুৰুষ-২,৩

কৰ্মী মহিলা-১,৮

সাধাৰন কৰ্মী পুৰুষ-১,৮

মহিলা-১,২

দুগ্ধপোষ্য শিশুৰ মাতৃ-২,৫

ভিটামিন-চি

শৰীৰৰ সৌন্দৰ্য ৰক্ষা কৰে।লৰা-ছোৱালীৰ ৰোগ প্ৰ্তিৰোধ কৰে।ঘা সোনকালে শুকায়।অভাৱে স্কাৰ্ভি ৰোগ হয়,অস্থিৰতা,মনোযোগ হীনতা,দাতঁৰ আলুৰে তেজ ওলায়।

ফুলকবি-৭০

বন্ধাকবি-৭০

হেলচি কলমৌ-৬০

কমলা-৫৬

নেমুটেঙা-৪৯

নতুন আলু-৩২

পুৰনি-২১,১০

গাজৰ-১৪

পিয়াজ-১৪

কমলা,নেমু,সেউজীয়া শাক-পচলী চালাদ আদিত থাকে।

মহিলা-৭০

পুৰুষ-৭৫

কেচুৱাঁ-৩৫

শিশু-৬০

কিশোৰ-৮০-১০০

ভিটামিন ডি

শৰীৰৰ কোষ-বোৰৰ সৃষ্টি আৰু মেৰামতিৰ কামত লাগে।জন্মদান ক্ষমতাৰ সহায়ক অভাৱে হাড়ৰ গঠন দুৰ্বল হয়,শ্বাস-প্ৰশ্বাসৰ ৰোগ,পানী লগা অসুস্থ যক্ষ্মা ৰিকেটছ হব পাৰে

সূৰ্য্যৰ কিৰনেই প্ৰ্ধান উৎস।কডলিভাৰ অইল-১৯,৮৪৫

মাখন কনী-৬০

ছানা-১৪

গাখীৰ-১০

বয়স্ক লোক-৮০০০

শিশু-৪০০্‌

কেলচিয়াম

হাড় দাত জেৰ পনীয়া ভাগ স্নায়ু আৰু পেশীৰ বলিব পৰা কামত লাগে,অভাবে দাতৰঁ ক্ষয়,ৰিকেট ৰোগ,ৰক্ত হীনতা,হৃদস্পদন আৰু মাংসপেশীৰ(ক্ৰেম্পছ হব পাৰে)

গাখীৰ(স্কিমড)-১,২১৪

ছানা-৮০৫

হেলচি,কলমৌ আদি-২২০

গাখীৰ-(ক্ৰিমসহ)-১২০

ৰুটি-১০৫

বন্ধাকবি-৬৩

কনী-৬০

ফুলকবি-৪৯

আলু-৭

বয়সিয়াল লোক-৮০০০

গৰ্ভৱতী-২,০০০

দুগ্ধপোষ্য শিশুৰ মাতৃ-৩০০০

কেছুৱা-১,০০০

শিশু-১২০০-১৪০০

ফছফৰাছ

হাড়,দাতঁ,মগজু স্নায়ু আদিৰ কামত লাগে।কেলচিয়ামৰ সহায়ক।সাধাৰনতে আহাৰতে ফছফৰাছ পোৱা যায়।অভাৱ নঘটে।

ছানা-৫৪২

কনী-২১৭

গাখীৰ-৯৪

ফল-১৮

ৰুটি-৯৮

চয়াবিন,ঢেকীৰ চাউল নানবিধ চাউল,নানাবিধ দাইলতো পোৱা যায়।

বয়স্ক লোক-৯০০

শিশু-১,২০০

লো

তেজৰ ৰঙা কনিকাৰ বাবে আৱশ্যক।অভাৱে ৰক্তহীনতা,হজম শক্তিত ব্যাঘাত,অলসতা আদি।

কনী-৩১

বিন-২৫

হেলচি,কলমৌ আদি-১৮

বন্ধাকবি-১০

আলু-১০

গুৰ,পিয়াজ,গাজৰ,কল আদিত যথেষ্ট থাকে।

বয়স্ক লোক-১২

মাতৃ-১৫

কেচুবাঁ-৬

শিশু-১৫

ছডিয়াম

শৰীৰৰ সকলো ধৰনৰ ৰসৰ(বডি ফ্লুইড)বাবে ঘাম,আৰু প্ৰ্স্ৰাবৰ ক্ষতি পূৰনৰ বাবে।অভাৱে মাংসপেশীৰ বিষ(ক্ৰেম্পছ )হব পাৰে।

লোনৰ বাহিৰেও এইবোৰত থাকে।কৰ্নফ্লেক্স-১,০৪৩

ছানা-৫১০

ৰুটি-৩৯২

মাখন-২২০

কনী-১৩০

বয়স্ক লোক-৪০০০।গৰমৰ ঠাইত অতি আৱশ্যক।৩ ঘ্ণ্টা ঘাম ওলালেই এই পৰিমান ওলাই শেষ হৈ যায়।

পটেছিয়াম

শৰীৰৰ মাংসপেশী আৰু কোষৰ বাবে লাগে।

গাখীৰ-৫০

গাখীৰ-৫০

কনী-২৬৩

ছানা-১১৫

বয়স্ক লোক-৩,০০০

 

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate