অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰতত্ব

শৰীৰতত্ব

মানুহৰ শৰীৰতত্বৰ বিষয়ে পোনপ্ৰ্থমে ১৬ শ শতিকাতে আন্দ্ৰিয়াছ য়াছালিছ নামে ৰাছিয়ান এজন লোক(১৫১৪-১৫৬৪)অনুসন্ধান আৰম্ভ ,কৰিছিল। তেওঁ বহু মৃতদেহ কাটি পৃথক পৃথক কৰি শৰীৰৰ গঠন আৰু পৰিচালনাৰ কাৰন জানিবলৈ চেষ্টা কৰিছিল। উইলিয়াম হাৰ্ভে (ইংৰাজ ১৫৭৮-১৬৫৭)পোনপ্ৰ্থমে মানুহৰ শৰীৰৰ ৰক্তাসঞ্ছালন কথা প্ৰকাশ কৰে।ঊনৈশ আৰু শতিকাতহে চিকিৎসা বিজ্ঞান আৰু মানৱদেহৰ পৰিচালন (physiology)সম্পৰ্কে যথেষ্ট কথা জানিব পৰা হয়।

মাতৃগৰ্ভই মানুহৰ মূল উৎস আৰু ভ্ৰূন হল মানুহৰ আদি স্তৰ।গৰ্ভস্থ ভ্ৰূনত তিনিটা মূল বস্ত থাকে আৰু তাৰ পৰাই আস্থি,মাংস,নাড়ী-ভুৰ,তেজ আদি উৎপন্ন হয়।এই তিনিটা স্তৰ হল –একটোডাৰ্ম আৰু মেছোডাৰ্ম।

একটোডাৰ্মৰ পৰা ছাল মূখ নাকৰ ছিদ্ৰপথ,অনূভূতিপ্ৰ্ৱন কোষ,নখৰ আৱেষ্টনী আৰু স্নায়ুমণ্ডলী উৎপন্ন হয়।এনডোডাৰ্মৰ পৰা পৰিপাক যন্ত্ৰৰ অংগ-প্ৰত্যংগ,গ্ৰন্থি আৰু নাকৰ ছিদ্ৰপথৰ বাহিৰে উশাহ-নিশাহ লোৱা অংগ-প্ৰত্যংগবোৰ তৈয়াৰ হয়।মেছোডাৰ্মৰ পৰা হাড় মাংস,পেশী,প্ৰ্স্ৰাৱকৰনৰ অংগ-প্ৰত্যংগ,প্ৰ্জনন সম্পৰ্কীয় অংগ আৰু তেজৰ কোষ তেজৰ নলী হাওঁফাওঁ আৰু নাড়ীৰ আৱেষ্টনী আদি তৈয়াৰ হয়।

শৰীৰৰ অংগ-প্ৰত্যংগৰ পৰিচয়

মানুহৰ শৰীৰৰ গঠ্ন আৰু আংগিক কাৰ্য্যাৱালীৰ ভিত্তিত শৰীৰটো প্ৰধানকৈ নটা ভাগত ভগাব পাৰি।কিতাপৰ কলেৱৰ বৃদ্ধি হোৱাৰ ভয়ত খুব স্ংক্ষেপে তলত এইবোৰ আলোচনা কৰা হল।

(১) মাংসপেশী

(২) হাড়

(৩) উশাহ-নিশাহ লোৱা প্ৰ্নালী।

(৪) পৰিপাক প্ৰ্নালী।

(৫) প্ৰ্জনন আৰু প্ৰস্ৰাৱ নিৰ্গমন পদ্ধতি।

(৬) ৰক্তাসঞ্ছালন পদ্ধতি।

(৭) মগজু আৰু স্নায়ুমণ্ডলী।

(৮) ছাল।

(৯) গ্ৰন্থিসমূহ।

কোষ

জৈৱকোষবোৰ মাংসপেশীৰ একোটি ক্ষুদ্ৰতম অংশ আৰু মাংসসাৰ (protein), চৰ্বী,শৰ্কৰা ,পানী,আৰু খনিজ লোনৰ সমষ্টি।ইয়াক জীৱ সঞ্চাৰিত বিজলুৱা পদাৰ্থৰে স্ংগঠিত এটি দম বা পিণ্ড বুলি কোৱা হয়।(an originated mass of protoplasm)।আকৃতিত এই কোষবোৰ ঘূৰনীয়া,তিনিসৰীয়া,শলাৰ দৰে বা উদ্ভিদৰ আকৃতিৰ হব পাৰে।কোষবোৰ তেনেই পাতল ছালেৰে আবৃত।এই ছালৰ তলত থকা “চাইটপ্লাজম”(cytoplasm)কোষৰ এবিধ প্ৰ্ধান অংগ আৰু কোষৰ একেবাৰে কেন্দ্ৰবিন্দুত থকা বস্তটোৱে হল নিউক্লিয়াছ।কোষৰ ভিতৰত সূতাৰ লেখীয়া লোৰ মাৰিৰ দৰে আৰু ভিতৰে ভিতৰে ফুটা থকা কেইটামান অংগও আছে আৰু এইবোৰে কোষৰ কৰ্মপ্ৰ্ক্ৰিয়াত অৰিহনা যোগায়।নিউক্লিয়াছত এটা বা তাতোধিক ঘূৰনীয় বা ডিম্বাকৃতিৰ নিউক্লিঅলি থাকে।কোষৰ ৰাসায়নিক কৰ্মপ্ৰ্ক্ৰিয়া আৰু কোষবিভাজন হোৱাৰ কাম এই নিউক্লিঅলিৰ নিয়ন্ত্ৰনত চলে।

কোষৰ বিশেষ গুনবোৰ হল কোষবোৰে ভাগ ভাগ হৈ নতুন কোষৰ জন্ম দিয়ে আৰু আৱশ্যক হলে আকৃতিও সলায়।নিউক্লিয়াছবোৰত ২৩ যোৰ ক্ৰমজম থাকে।এইবোৰ প্ৰোটিনেৰে তৈয়াৰী আৰু জীৱদেহৰ পূৰ্বপুৰুষৰ স্বভাৱ-চৰিত্ৰৰ লক্ষন বহনকাৰী জিনৰ ধাৰক।ক্ৰমজম আদি লৈ যি মূল কোষ ইয়াক অনুবীক্ষন যন্ত্ৰৰেহে দেখা যায়।মানুহৰ শৰীৰ বহুবোৰ অংগ-প্ৰ্ত্যংগ কিছুমান পেশীৰে গঠিত আৰু এই পেশীবোৰ কিছুমান জীৱকোষৰে তৈয়াৰী।শৰীৰৰ হাড়।ছাল,সিৰ,মাংসপেশী,তেজবাহী নলী আদি সকলোবোৰ অস্ংখ্য কোষেৰে গঠিত আৰু এই কোষবোৰ প্ৰ্ত্যোকেই একো একোটা সুকীয়া সুকীয়া জৈৱিক সমষ্টি।শৰীৰ বৰ্ধনৰ কাৰনে নিতৌ নতুন নতুন কোষৰ জন্ম হৈ থাকে। অঘাত পাই বীজানুৰ দ্বাৰা আক্ৰান্ত হৈ নিতৌ নানা কোষ মৰিও আছে আৰু তাৰ ঠাই নতুন নতুন কোষে পূৰন কৰি আছে।শৰীৰৰ কিছুমান কোষ মৰিলে আমি নমৰোঁ।কিন্ত আমি মৰিলে শৰীৰৰ কোষবোৰো মৰি যাব।

মাংসপেশী

মাংসপেশীবোৰো এই কোষৰে গঠিত। মানুহৰ শৰীৰত প্ৰায় ৪০০ বিধ মাংসপেশী আছে। ইয়াৰ কিছুমান ইচ্চামতে লৰ-চৰ কৰিব পাৰি আৰু কিছুমান নোৱাৰী।

হাড়

মানুহৰ শৰীৰটো জকাটো কঠিন হাড়ৰে তৈয়াৰী। এই হাড়বোৰ কিছুমান জৈৱিক পদাৰ্থৰে গঠিত।অজৈৱিক পদাৰ্থই হাড়ৰ দুই তৃতীয়াংশ আৰু জৈৱিক পদাৰ্থই হাড়ৰ এক তৃতীয়াংশ জুৰি থাকে। অজৈৱিক পদাৰ্থ সাধাৰনতে খনিজ লোন(calcium salt)।হাড় পুৰিলে জৈৱিক পদাৰ্থবোৰ পুৰি যায়। কিন্ত অজৈৱিক পদাৰ্থবোৰ নোপোৰে বাবে ইয়াৰ আকাৰ সহজতে নেহেৰুৱায়।এই হাড়বোৰ আহযুক্তঁ মাংসপেশী,কোমল অস্থি আদিৰে স্ংলগ্ন হৈ থাকে।হাড় থকাৰ বাবে আমি থিয় হব,লৰ-চৰ কৰিব পাৰোঁ।মূৰৰ মগজু,বুকুৰ হাওঁ-ফাওঁ,হৃপিণ্ড আদি অতি আপুৰুগীয়া বস্তবোৰ লাউখোলা কামিহাড় আদিয়ে সৰুসুৰা দুৰ্ঘটনাৰ পৰা বচাই ৰাখে।

উশাহ-নিশাহ লোৱা প্ৰণালী

আমি জীয়াই থাকিবলৈ বা কাম কৰিবলৈ শক্তিৰ আৱশ্যক।আমি খোৱা আহাৰ আমাৰ তেজত থকা অম্লজানৰ লগত যেতিয়া স্ংযুক্ত হয় তেতিয়া শক্তি উৎপন্ন হয়।

আমি উশাহত টানি লোৱা এই অম্লজান বায়ুৰ পৰা পাওঁ।এই উশাহ লোৱা যন্ত্ৰবোৰ হল নাক, শ্বাসনলী আৰু হাওঁফাওঁ।

আমাৰ বায়ুনলী নাকৰ পৰা ডিঙি আৰু বুকুৰ ভিতৰেদি সোমাই গৈ দুটা শাখাত ভাগ হৈ সোঁ আৰু বাওঁ হাওঁফাঁওৰ লগত স্ংলগ্ন হৈছে আৰু তালৈ গৈ অস্ংখ্য শাখা-প্ৰ্শাখাত ভাগ হৈছে।এই সৰু সৰু শাখা-প্ৰ্শাখাবোৰৰ মূৰত বায়ুকোষ থাকে। হাওঁফাওঁ বুকুৰ ভিতৰত কলিজাৰ দুয়োফালে অৱস্থিত। হাওঁফাওঁৰ ভিতৰত যিবোৰ নলীৰে তেজ চলাচল কৰে সেই নলীবোৰে অস্ংখ্য চুলীৰ দৰে  সৰু সৰু নলীত ভাগ হৈ বায়ুকোষবোৰৰ ওপৰত জালৰ দৰে আগুৰী থাকে।উশাহ লওঁতে পোৱা অম্লজান গেছ, তেজে এই নলীবোৰৰ মাজেৰে গৈ বায়ুকোষৰ পৰা গ্ৰহন কৰে আৰু দূষিত এঙাৰ গেছ আৰু জলীয় ভাপবোৰ বায়ুকোষবোৰত এৰি দিয়ে।নিশাহ এৰি দিয়াৰ সময়ত যি বায়ু এৰি দিয়া হয় তাৰ লগত এই এঙাৰ গেছ(carbon dioxide) আৰু জলীয় ভাপবোৰ বাহিৰলৈ ওলাই যায়।

হাঁওফাওঁ তলফালে এখন পেশীৰ ডাঠ আৱৰন আছে।ইয়াক মধ্যচ্চদা বোলে।মধ্যচ্ছদাই পেট আৰু বুকুৰ দুভাগ কৰি আহিছে।কামিহাড়ত লাগি থকা পেশীবোৰে আৰু এই মধ্যচ্ছদাই উশাহ-নিশাহ লওতেঁ বুকুৰ কোঠালীৰ আয়তন বুঢ়া-টুটা কৰাত সহায় কৰে।এই মধ্যচ্চদাই উশাহ-নিশাহ লঁওতে বুকুৰ কোঠালীৰ আয়তন বুঢ়া-টুটা কৰাত সহায় কৰে।উশাহ লোৱাৰ সময়ত মধ্যচ্চদাই উশাহ-নিশাহ লওতেঁ বুকুৰ কামিহাড় বোৰ আগফালে ওলাই আহে।তেতিয়া বুকুৰ কোঠালিটোৰ আয়তন বাঢ়ে আৰু বাহিৰৰ বায়ু ভিতৰলৈ সোমাই বায়ুকোষবোৰ পূৰাই পেলায়।নিশাহ এৰি দিয়াৰ সময়ত মধ্যচ্চদাখন নিজে নিজে ওপৰলৈ উঠি আহে আৰু বুকুৰ কোঠালিটোৰ আয়তন কমি যায় আৰু হাওঁফাঁওৰ পৰা বায়ু ওলাই যায়।এইদৰেই হাঁওফাওৰঁ ক্ৰিয়া সম্পাদিত হয় আৰু উশাহ –নিশাহৰ কাম চলি থাকে।

পৰিপাক প্ৰ্নালী

আমি জানো যে যন্ত্ৰ চলিবলৈ প্ৰ্জ্বালকৰ আৱশ্যক।মানুহৰ শৰীৰটোও এটা যন্ত্ৰ।গতিকে এই যন্ত্ৰ্টো চলিবলৈকো শক্তি উৎপাদনৰ বাবে প্ৰ্জ্বালক বা আহাৰৰ আৱশ্যক।মানৱ নিৰ্মিত যন্ত্ৰৰ প্ৰ্জ্বালক শক্তি প্ৰ্দান কৰাৰ পাছত নি:শেষ হৈ যায়,যন্ত্ৰৰ একো উন্নতি সাধন নকৰে।কিন্ত আমাৰ শৰীৰ যন্ত্ৰ্টোৰ বাবে খোৱা আহাৰে শক্তি প্ৰ্দান কৰাৰ ওপৰিও শৰীৰ বৰ্ধনত সহায় কৰে।

আহাৰ খোৱাৰ পৰা আৰম্ভ কৰি শৰীৰৰ নানা অংগ-প্ৰ্ত্যংগৰ মাজেৰে আহাৰ বাগৰি গৈ হজম হৈ বাকী অৱশিষ্ট অংশ শৰীৰৰ পৰা নিৰ্গত হোৱালৈকৈ এই গোটেই কাৰ্যপন্থাটোক একেলেগে পৰিপাক প্ৰনালী বোলে।এই কাৰ্যৰ স্ংশ্লিষ্ট অংগ-প্ৰত্যংগবোৰ হল-মূখ,খাদ্যনলী,পাকস্থলী,যকৃত,ডুঅডেনাম,পিত্তস্থলী,অগ্ন্যাশয়,ক্ষুদ্ৰ অন্ত্ৰ,বৃহৎ অন্ত্ৰ,এপেণ্ডিক্স আৰু মলদ্বাৰ।

আমি খোৱা খাদ্য মুখত থকা দাতেৰেঁ চোবাই খাব লাগে।এই খাদ্য চোৱাই খোৱা নলীৰে গিলোতে পাকস্থলীত পৰে গৈ আৰু তাত ৩-৪ ঘন্টমান থাকে।পাকস্থলীৰ গাত থকা বহুটো সৰু সৰু গন্থীৰ পৰা ওলোৱা ৰসে আহাৰ জীন নিয়ায়।পাকস্থলীৰ পেশীবোৰে খাদ্যবস্তবোৰ নানা ধৰনে সানি-পিটিকি আধা-আধি জীন যোৱা,অধা-জুলীয়া মণ্ডত পৰিনত কৰে।ইয়াত সহায় কৰে যকৃতৰ পিত্তৰসে।তাৰ পাছত খাদ্যবস্তবোৰ ডুমডেনাম হৈ ক্ষুদ্ৰ অন্ত্ৰত পৰে গৈ।ক্ষুদ্ৰ অন্ত্ৰ প্ৰায় ৭ মিটাৰ দীঘল আৰু পেটৰ মেৰ খাই থাকে।ইয়াৰ ভিতৰত আৱৰনখন বিজলুৱা পদাৰ্থৰে তৈয়াৰী।ডুঅডেনামৰে নিম্নাংশত পেপীলা বুলি এটা অংগ আছে।যকৃতৰ পিত্তৰসৰ স্থলী গলব্লডাৰ পৰা অহা পিত্তৰসৰ নলী আৰু অগ্ন্যাশয়ৰ ৰস বহনকাৰী নলীৰ।মূখ এই পেপীলাত আহি আছে পৰিছে।খাদ্যবস্তৰ মণ্ডবোৰ ডুঅডেনামেৰে নামি আহোতেঁ এই ৰসবোৰ মিহালি হয়।তাৰ উপৰিও ক্ষুদ্ৰ অন্ত্ৰৰ ভিতৰৰ বিজলুৱা আৱৰনতো বহুতো গন্থি আছে, যিবোৰৰ পৰাও ৰস নিৰ্গত হৈ খাদ্যত মিহলি হয় আৰু খাদ্য জীন যোবাত সহায় কৰে।খাদ্যবস্তৰ সাৰভাগ এই ক্ষুদ্ৰ অন্ত্ৰত শোষিত হয় আৰু সেয়া শৰীৰে গ্ৰহন কৰে।বাকী যিবোৰ থাকে সেইখিনি বৃহৎ অন্ত্ৰলৈ যায়।ক্ষুদ্ৰ অন্ত্ৰ আৰু বৃহৎ অন্ত্ৰৰ স্ংযোগস্থলত এনে ব্যৱস্থা আছে যাৰ ফলত বৃহৎ সোমোৱাৰ পাছত খাদ্যৰ অৱশিষ্ট ভাগ উভতি যাব নোবাৰে।ক্ষুদ্ৰ অন্ত্ৰ আৰু বৃহৎ অন্ত্ৰৰ স্ংযোগস্থলত এটুকুৰা বাঢ়ি থকা মাংসপিণ্ড আছে।আকাৰত আলপ দীঘলীয়া,এই অংগটোক এপেণ্ডক্স বোলে।ই এক চেন্টিমিটাৰতকৈ ডাঠ নহয়।কিন্ত দীঘলে ৭-৯ চেন্টিমিটাৰ হব পাৰে।এই এপেণ্ডিক্স বাঢ়ি যোৱাকে এপেণ্ডিচাইটিছ ৰোগ বোলে।বৃহৎ অন্ত্ৰ প্ৰায় ২ মিটাৰ দীঘল আৰু আকাৰত ক্ষুদ্ৰ অন্ত্ৰতকৈ ডাঙৰ।বৃহৎ অন্ত্ৰৰ ভিতৰৰ আবৰনো বিজলুবা পদাৰ্থৰে তৈয়াৰী।খাদ্যবস্তৰ অৱশিষ্ট অংশৰ পৰা পানী কিছু পৰিমানে ক্ষুদ্ৰ অন্ত্ৰত শোষিত হলেওঁ বৃহৎ অন্ত্ৰতেই বেছি ভাগ শোষিত হয় আৰু অৱশিষ্ট মলভাগ মলস্থলীলৈ গৈ জমা হৈ থাকে আৰু বেছি হলে সময়মতে বহিৰ ওলাই যায় অৰ্থাৎ শৌচ হয়।

প্ৰ্জনন আৰু প্ৰ্স্ৰাৱ নিৰ্গমন পদ্ধতি

শৰীৰৰ বাহিৰ ফালৰ পৰা দৃষ্টিগোচৰ হোৱা প্ৰ্স্ৰাব নিৰ্গমনৰ বাট আৰু সন্তান জন্মদানৰ কামত ব্যৱহাৰ হোৱা শৰীৰৰ অংগ বা যন্ত্ৰ একেটাই।কেৱল প্ৰয়োগবিধিৰ আচশ্যক অনুসৰি স্ত্ৰী আৰু পুৰুষাংগৰ আকাৰৰ প্ৰভেদ ৰাখি সৃষ্টি কৰিছে।প্ৰ্থমতে প্ৰ্স্ৰাৱ নিৰ্গমন পদ্ধতিৰ বিষ্অয়ে কবলৈ লোৱা হৈছে।

খাদ্যৰ মলভাগ শৌচব হৈ ওলাই যায় বুলি আমি ওপৰত কৈ আহিছোঁ।তেনেকৈ শৰীৰৰ অদৰকাৰী পনীয় বস্তও থাকে।সেইবোৰ বাহিৰ কৰি দিয়াৰ বাবেই এই প্ৰ্স্ৰাৱ নিৰ্গমন পদ্ধতিৰ সৃষ্টি।মানুহৰ নিয়মমতে শৌচ হোৱাটো যেনেকৈ অতি আৱশ্যক ঠিক তেনেকৈ নিয়মমতে প্ৰ্স্ৰাৱ হৈ থকাটোও অতি আৱশ্যক।অন্যাথা গুৰুতৰ ৰোগ আৰু মৃত্যুৰ সুচনা কৰে।

মানুহৰ পেটৰ ওপৰভাগত পাছফালে ৰাজহাড়ৰ কাষত(দূয়োকাষে)এযোৰ গ্ৰ্ন্থি আছে।তাৰ নাম বৃক্ক।এই বৃক্কই তেজৰ লগত থকা অতিৰিক্ত পনীয় ভাগ আৰু কিছুমান অলাগতিয়াল লোন জাতীয় বস্ত,অতিৰিক্ত খাদ্যপ্ৰান আদি চেকি বাহিৰ কৰি দিয়ে।এইবোৰৰ মূত্ৰাশয়লৈ আহি জমা হৈ থাকে।পুৰুষ,মহিলাৰ বাবে একেই নিয়ম।মূত্ৰাশয় ভৰিলে তাৰ পৰা মূত্ৰনলীৰে(পুৰুষৰ লিংগ আৰু মহিলাৰ যোনীদ্বাৰেৰে)বাহিৰ ওলাই যায়।বৃক্ক গ্ৰন্থী ক্ষুদ্ৰ ক্ষুদ্ৰ নলীৰে গঠিত।ইয়াত থকা নেফ্ৰ্নবোৰত প্ৰ্স্ৰাৱ তৈয়াৰ হয়।দূয়োটা বৃক্কত মূঠ দুই নিযুত এনে নেফ্ৰ্ন থাকে।দুয়োটা বৃক্কত মূঠ দুই নিযুত এনে নেফ্ৰ্ন থাকে।ইয়াৰ অসুস্থতাতকৈ নেফ্ৰাইটিছ বোলে।

প্ৰজনন পদ্ধতি

ই এটা বিশাল বিষয়।ইয়াত মই পাৰ্য্যমানে স্ংক্ষেপে আলোচনা কৰিছোঁ।সন্তান লৰাই হওঁক বা ছোৱালীয়েই হওঁক সৰুকালত মাত-কথা চলন-ফুৰ্ন একেই।কিন্ত ডাঙৰ হৈ আহিলে সিহতৰ শাৰীৰিক বৰ্ধন বিশেষ বিশেষভাৱে হবলৈ ধৰে।আচৰনতো বিশেষ পৰিৱৰ্তন দেখায়।ইয়াৰ মূলতে হল সিহতে বংশৰক্ষাৰ বাবে সন্তানৰ জন্মদান ক্ষমতা লাভ কৰিবলৈ ধৰে।সিহতৰ শৰীৰত থকা নানা গ্ৰন্থিৰ ৰস(গ্ৰ্ন্থিৰ বিষয়ে আমি ইয়াৰ পাছত আলোচনা কৰিছো)যেনে-লৰাৰ টেষ্টোষ্টেনৰ আৰু ছোৱালীৰ এষ্ট্ৰোজন হৰমোন ৰস তেজৰ লগত প্ৰ্ৱাহিত হৈ এইবোৰ পৰিৱৰ্তন আনে।প্ৰায় ১২-১৩ বছৰমান বয়সৰ পৰা ছোৱালীৰ আৰু ১৫-১৬ বছৰমান পৰা লৰাৰ আংগিক পৰিৱৰ্তন দেখিবলৈ পোৱা যায় আৰু আচৰনতো ক্ৰমে নাৰী আৰু পুৰুষসুলভ স্ব্ভাৱ প্ৰ্দৰ্শন কৰে।ছোৱালীৰ স্তন দুটিৰ আকাৰ ডাঙৰ হৈ আহে আৰু নিপল বা আগভাগত মোহনীয় পাতল কলা বৃত্তাকৃতিৰ আৱৰন দেখা যায়।জৰায়ু উৰ্বৰ হৈ উঠে আৰু মাহেকীয়া স্ৰাৱ হবলৈ ধৰে।মুখমণ্ডল সতেজ আৰু মোহনীয় হৈ উঠে।লৰাৰ মাত সলনি হৈ গহীন হয়।মুখমণ্ডলত দাঢ়ি-গোফ গজিবলৈ ধৰে।যৌনমিলনৰ কথা ভাল লগা হয় আৰু লিংগোন্থান হয়।

মানুহৰ জকাঁৰ ছবিটোত তলপেট আৰু ভৰিৰ স্ংযোগস্থলত বিভিন্ন অস্থিৰে তৈয়াৰ হোৱা বাকচৰ দৰে দেখা বস্তটোক ইংৰাজীত পেলভিছ বোলে।নাৰীৰ ক্ষেত্ৰত ইয়াৰ ভিতৰফালেই জৰায়ু আৰু যৌনগ্ৰন্থিবোৰ থাকে।ইয়াৰ তলফালে থকা সুৰুঙাৰে জৰায়ুই তলফালে মুখ কৰি থাকে।বহিৰাংশত কেৱল যৌনাংগৰ মুখহে দেখা যায়।সন্তান ধাৰনৰ বাবে জৰায়ু প্ৰ্ধান অংগ আৰু জৰায়ুঁ অবিহনে নাৰীৰ সন্তান জন্ম হব নোৱাৰে।জৰায়ুৰ দুয়োকাষে দুটা ডিম্ববাহী নলী আৰু তাত স্ংযোজীত হৈ দুয়োফালে দুটা ডিম্বকোষ থাকে।এই ডিম্বকোষত থকা ডিম্ববোৰ পূৰঠ হয় প্ৰতিবাৰে মাহেকীয়া স্ব্ৰাৱৰ মাজ ভাগত কোনো এটা ডিম্বকোষৰ পৰা এটা ডিম্ব ওলাই সেই ডিম্ববাহী নলীৰে জৰায়ুলৈ যাত্ৰা কৰে।সদ্যজাত এজনী ছোৱালীয়ে ডিম্বকোষত(দুটাত)মুঠ ৪০,০০০ ৰ পৰা ২,০০,০০০ পূৰঠ ডিম্বানু থাকিব পাৰে।কিন্ত এগৰাকী মহিলাৰ জীৱনকালত মাত্ৰ ৫০০ মান ডিম্বানু পূৰঠ হয়।যি সময়ত ডিম্ব পূৰঠ হৈ ডিম্বকোষৰ পৰা ওলাই জৰায়ুলৈ যাত্ৰা কৰে সেই সময়তে জৰায়ুৰ ভিতৰফালে থকা আৱৰনত(বেৰত)বিশেষ পৰিৱৰ্তন হবলৈ ধৰে।ডিম্ব আহি থাকোতে ডিম্ববাহী নলীত বা জৰায়ুত সোমোৱা সময়ত, স্ত্ৰী-পুৰূষৰ স্ংগম হলে,পুৰুষৰ শুক্ৰকীট গৈ সেই ডিম্বৰ ভিতৰত সোমাই পৰে আৰু শুক্ৰ্কীট স্ংযোজিত ডিম্ব আহি গ্ৰহন কৰিবলৈ সাজু হৈ উঠা জৰায়ুত স্থিতি লয়।এইটোবেই সন্তান-জন্মৰ আৰম্ভনি।জৰায়ুই মানুহৰ আদি অৱস্থাৰ এই ভ্ৰূনটো পূৰ্নপৰ্য্যায়ৰ সন্তানলৈ গঢ় দিয়ে।এইখিনিতে প্ৰায় দহ মাহ দহদিন সময় লাগে।যদি ডিম্বই শুক্ৰকীট নাপায় তেতিয়া হ’লে জৰায়ুই ডিম্ব সহিত ভিতৰ আৱৰনৰ(বেৰৰ)সকলো বস্ত বাহিৰলৈ উলিয়াই দিয়ে।এইয়াই নাৰীৰ মাহেকীয়া স্ব্ৰাৱ।জৰায়ুঁৰ সন্তান ধাৰন কৰিলে এই স্ব্ৰাব নহয়। ডিম্বকোষৰ পৰা ডিম্ব নি:সৃত হোৱাৰ কেইদিনমান পাছতহে,গৰ্ভধাৰন নহলে,মাহেকীয়া ২৮ দিনৰ মূৰে মূৰে হব লাগে। বহু ক্ষেত্ৰত ২৬ দিনৰ পৰা ৩০ দিনৰ ভিতৰত হোৱাও দেখা যায়।সাধাৰনতে এগৰাকী মহিলা ১৫ বচৰৰ পৰা ৪৫ বচৰলৈ সন্তান জন্মদানৰ ক্ষমতাপ্ৰাপ্ত হৈ থাকে। এয়াই হল প্ৰকৃতিৰ নিয়ম। কেতিয়াবা সময়ৰ(বয়সৰ)অলপ-অচৰপ অগা-পিছাও হয়। জৰায়ু সাধাৰনতে মহিলাগৰাকীৰ হাতত মুঠিৰ সমান ডাঙৰ,কিন্ত সন্তান ধাৰন কৰি ৩০ চেন্টিমিটাৰলৈ বাঢ়িব পাৰে।

টেষ্টোষ্টেৰন হৰমোনৰ ফলত পুৰুষ পিতৃত্বপ্ৰাপ্ত হয় বুলি আগতে কৈ অহা হৈছে।এই হৰমোনৰ পুৰুষৰ পিতৃগ্ৰ্ন্থিৰ(টেষ্টিছৰ)পৰা ওলায়।এই ৰসৰ ফলত অণ্ডকোষত শুক্ৰকীট উৎপন্ন হবলৈ ধৰে।যেতিয়া শুক্ৰকীট উৎপাদন হবলৈ ধৰে সেই সময়ত একেলগে লিংগৰ গুৰিত থকা বীৰ্যস্থলীৰ বীৰ্যৰ পনীয়া পদাৰ্থবোৰো তৈয়াৰ হবলৈ ধৰে।বীৰ্যস্থলী নলী আৰু শুক্ৰবাহী নলী আহি প্ৰষ্টেট গ্লেণ্ডত লগ লাগিছে।সংগমৰ শেষত বীৰ্য,শুক্ৰ,আৰু প্ৰ্ষ্টেট গ্লেণ্ডৰ পৰা ওলোৱা ৰস মিহলি হৈ যোনিগৰ্ভত নিক্ষেপিত হয়।

শুক্ৰকীটৰ আকৃতি প্ৰায় ভেকুলিৰ লালুকীৰ দৰে।কণীৰ আকৃতিৰ মূৰটো আৰু এডাল নেজ থাকে।শুক্ৰ্কীটে লৰি-চৰি ফুৰিব পাৰে আৰু এই নেজডাল লৰাই গতিশক্তি পায়।পাঠকসকলে ডিম্বৰ বিষয়ে কিছু আভাস পাইছেই।

পুৰুষৰ ৰতি-তৃপ্তিৰ শেষ ফল বীৰ্যস্খলন।মানৱজাতিৰ ৰক্ষাৰ বাবেই যদিও স্ত্ৰী-পুৰুষৰ যৌনমিলনৰ আৱশ্যক আৰু কামনা-বাসনাৰ সৃষ্টি তথাপি অকল সন্তান লাভৰ বাবেই সকলো যৌনমিলন স্ংঘটিত নহয়।স্ত্ৰী-পুৰুষৰ মিলন যৌৱনকালৰ জীৱন উপভোগৰ বাসনাও।এই বাসনা চৰিতাৰ্থৰ বাবে নাৰীয়ে পুৰুষক আৰু পুৰুষে নাৰীক বৈদ্যুতিক শক্তিৰ দৰেই আকৰ্ষন কৰে।কিন্ত মিলনৰ শেষ ফল হিচাপে এটি জীৱনৰ সৃষ্টি হব পাৰে।স্ংগমৰ শেষত পুৰুষে বীৰ্য্য যোনীপ্ৰ্দেশত নিক্ষেপ কৰে।এবাৰ নিস্খলিত হোৱা এই বীৰ্যৰ পৰিমান সাধাৰনতে ২ বা ৩ মিলিমিটাৰ।এই বীৰ্যত যি শুক্ৰ্কীট থাকে ইয়াৰ স্ংখ্যা ১ মিলিলিটাৰত গড়ে ১০০ৰ পৰা ১২০ নিযুত হব বুলি কোৱা হৈছে।অৱশ্যে সন্তান জন্মৰ বাবে এটি শুক্ৰকীটৰহে আৱশ্যক।

শুক্ৰ্কীট যোনীত নিক্ষেপীত হোৱাৰ পাছত জৰায়ুৰ মূখুৰে জৰায়ুৰ ভিতৰলৈ ই গতি কৰে।উদ্দেশ্য ডিম্বৰ ভিতৰলৈ সোমাই গৈ সৃষ্টিৰ পাতনি মেলা।তাৰ পাছত ডিম্বৰ অনুসন্ধানত জৰায়ুৰ পৰা ডিম্ববাহী নলীৰ ভিতৰলৈও প্ৰৱেশ কৰিব পাৰে।ডিম্ব পোৱা মাত্ৰকে ডিম্বৰ বাহিৰৰ আৱৰন ভেদ কৰি শুক্ৰ্কীট ভিতৰলৈ সোমাই যায়।শুক্ৰকীটৰ মূৰটো সোমোৱা মাত্ৰ্কে ডিম্বৰ আৱৰনখন ত্ৎক্ষনাত কঠিন হৈ পৰে আৰু শুক্ৰকীটৰ নেজডাল চিঙি যায়।কোনোমতে এটা শুক্ৰকীটৰ মূৰ সোমোলেই আন শুক্ৰকীট সোমাবলৈ আৰু সময় নাথাকে আৰু ডিম্বৰ বাহিৰৰ আৱৰন টান হৈ যায়।সেইবাবে মানুহৰ ক্ষেত্ৰত এটি শুক্ৰকীটে এটি ডিম্বক নিষিক্ত(ফাৰটিলাইজ)কৰি তোলে আৰু এটি সন্তানৰ জন্ম হয়।কিন্ত কেতিয়াবা ইয়াৰ ব্যক্তিক্ৰম হোৱাও দেখা যায় আৰু একাধিক ডিম্ব ডিম্বকোষৰ পৰা ওলাই আহিলে একাধিক ডিম্ব ডিম্বকোষৰ পৰা ওলাই আহিলে একাধিক সন্তানৰ জন্ম হয়। কাৰন অস্ংখ্য শুক্ৰকীট জৰায়ু বা ডিম্ববাহী নলীত থাকে।এইখিনিতে মনত ৰাখিবলগীয়া কথা হৈছে যে ডিম্ব নি:সৃত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত ডিম্বই শুক্ৰকীট পাব লাগিব।নাপালে অথবা শুক্ৰকীট যোনীত নিক্ষেপীত হোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত ডিম্ব,ডিম্বকোষৰ পৰা ওলাই নাহিলে ডিম্ব বা শুক্ৰকীট মৰি যায়।অৰ্থাৎ ডিম্ব ৪৮ ঘণ্টা আৰু শুক্ৰকীট মাত্ৰ ৭২ ঘন্টাহে অকলে জীয়াই থাকিব পাৰে।ডিম্বকোষৰ পৰা এটি ডিম্বই পূৰঠ হৈ ওলাই আহি জৰায়ুলৈ গতি কৰাৰ নিয়ম।কিন্ত দুটা বা তাতোধিক ডিম্ব আহিলে যিমানটা ডিম্ব আহে সিমানটাই সন্তান হব পাৰে।কাৰন নিষেচন কৰিবলৈ শুক্ৰ্কীটৰ অভাৱ নাই।ঠিক তেনেকৈ ডিম্বৰ ভিতৰলৈ এটা শুক্ৰকীটেই সোমোৱাৰ নিয়ম।যদি একাধিক শুক্ৰকীট এটা ডিম্বৰ ভিতৰলৈ সোমায় তেতিয়াহলে লগ লাগি থকা যুগ্ম সন্তান হব।

বন্ধ্যা হোৱাৰ কাৰন

পেলভিছ বাকচৰ ভিতৰত মহিলাসকলৰ জৰায়ুটো থাকে।এই জৰায়ু সন্তান লৈ আকাৰত ডাঙৰ হৈ থাকে।গতিকে পেলিভছৰ আকৰ বৰ সৰু হলে সেই নাৰীয়ে সন্তান ধাৰন কৰিব নোৱাৰিৱও পাৰে।জৰায়ু নাথাকিলে(নপুংসকৰ)সন্তান নহয়।ডিম্বকোষ ৰোগাক্ৰান্ত হৈ ডিম্ব পৈনত নকৰিলে সন্তান নহয়,মাহেকীয়াও নহয়।ডিম্ববাহী নলীত যিকোনো কাৰনত প্ৰতিবন্ধক থাকিলে,পৈনত ডিম্ব জৰায়ুলৈ আহিব নোবাৰিলে সন্তান নহয়।বন্ধ্যাকৰন অস্ত্ৰোপচাৰ তেনেকৈয়ে কৰা হয়।

মহিলাসকলৰ দৰে পুৰুষৰো সন্তানৰ জন্মদান ক্ষমতাৰহিত হব পাৰে।শুক্ৰকীটৰ গতি শক্তি আছে বুলি আমি আগতে কৈ আহিছো।দৰাচলতে শুক্ৰ্কীটবোৰৰ মাজত,জৰায়ুৰ ভিতৰলৈ ডিম্বৰ ভিতৰলৈ সোমোৱলৈ এক ভীষন প্ৰ্তিযোগীতা সৃষ্টি হয়।কাৰন শুক্ৰকীট অনেক সোমাব পাৰিব এটাহে।গতিকে শুক্ৰকীটবোৰ বলবান হব লাগে।শুক্ৰ্কীটবোৰ দুৰ্বল হলে,ভালকৈ লৰ-চৰ কৰিব নোৱাৰিলে সন্তান হোৱাৰ আশা কম থাকে।আমি এক মিলিমিটাৰ বীৰ্যত ১০০ৰ পৰা ১২০ নিযুত শুক্ৰকীট(এজন সুস্থ মানুহৰ)থাকে বুলি কৈ আহিচোঁ।কিন্ত যিকোনো কাৰনত মানুহ দুৰ্বল হলে আৰু শুক্ৰকীটৰ এই স্ংখ্যা কমি গলে বিশেষকৈ ষাঠি নিযুততকৈ কম হলে সেই পুৰুষৰ সন্তান জন্মদান ক্ষমতা নোহোৱা হয়।পুৰুষৰ বীৰ্য পৰীক্ষানলীত ভৰাই এই স্ংখ্যা জানিব পাৰি।চিকিৎসা কৰি দুৰ্বল শুক্ৰকীট বলবান কৰিব পাৰি,শুক্ৰকীটৰ স্ংখ্যা বঢ়াবও পাৰি।কিন্ত অণ্ডকোষৰ বৃদ্বি নহলে ৰোগাক্ৰান্ত হৈ অণ্ডকোষত শুক্ৰকীট উৎপন্ন নহলে অথবা শুক্ৰ্কীট বীৰ্যস্থলীলৈ অহা বাট কিবা কাৰনত বন্ধ হলে সেই পুৰুষৰ সন্তান নহয়।চিকিৎসা কৰি পুৰুষৰ প্ৰ্জননত বাধা দিয়া ৰোগসমূহ নিৰাময় কৰিব পাৰিলে সন্তানহীন পুৰুষৰো সন্তান হব পাৰে।কিন্ত অণ্ডকোষ নাথাকিলে সন্তান নহয়।সন্তানহীন পৰিয়ালত স্বামী-স্ত্ৰী উভয়ৰে স্বাস্থ্য পৰীক্ষা কৰাব লাগে।বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাই চিকিৎসা কৰালে সন্তান হোৱাৰ সম্ভাৱনা থাকে।

ৰক্তসঞ্চালন পদ্ধতি

মানৱ শৰীৰৰ আন এটি আপুৰুগীয়া সম্পদ হল তেজ।শৰীৰৰ তেজেই আমাৰ বল-শক্তি,তেজেই আমাৰ শ্ৰীবৃদ্ধিৰ কাৰক।প্ৰ্কৃতাৰ্থত তেজেই আমাৰ জীৱন।গছৰ পুলিবোৰক যেনেকৈ পানীৰ আৱশ্যক তেনেকৈ মানুহৰ অংগ-প্ৰত্যংগবোৰ তেজৰ দৰকাৰ।যেতিয়ালৈ গছ-পুলিবিলাকে পানী পাই থাকে,সেউজীয়া হৈ থাকে।কিন্ত পানী নাপালেই সেইবোৰ শুকাই যায়।মানুহৰ শৰীৰৰো একেই কথা।যেতিয়ালৈকে অংগ-প্ৰ্ত্যংগবোৰ তেজৰ যোগান পাই থাকে সেইবোৰ স্বাস্থ্যবান হৈ থাকে।কৰ্মঠ হৈ থাকে।যদি তেজৰ যোগান ব্যাহত হয় যি অংগ-প্ৰত্যংগলৈ ভালকৈ তেজৰ যোগান নাথাকে সেই অংগ প্ৰ্ত্যংগ শুকাই ক্ষীনাই যাব ধৰে আৰু দুৰ্বল হয়।আমি আগতে কৈ আহিছোঁ যে শৰীৰৰ ক্ষুদ্ৰতম জীৱ হল কোষ।এই কোষবোৰৰ কিছুমান প্ৰ্তিদিনে মৰিছে আৰু নতুন নতুন কোষ সৃষ্টি হৈ সেই ঠাই পূৰাইছে।এই নতুন সৃষ্টিৰ কাম তেজৰ সহায়তেই সম্পাদিত হৈছে।

আমাৰ শৰীৰৰ তেজ শৰীৰটো প্ৰতিটো অংগ-প্ৰত্যংগৰ প্ৰতিটো কোষলৈ চলাচল হয় আৰু অম্লজান এঙাৰ গেছ তেজে খাদ্যৰ সাৰভাগৰ পুষ্টিৰস,গ্ৰন্থিবোৰৰ উৎপাদিত ৰসবোৰৰ ই বাহক হিচাপে কাম কৰে।শৰীৰৰ দূষিত এঙাৰ গেছ তেজে বহন কৰি হাঁওফাওৰ বায়ুকোষবোৰলৈ লৈ যায়  যিবোৰ নিশাহত শৰীৰৰ পৰা ওলায় যায়। তেনেকৈ উশাহত বায়ুকোষলৈ বাহিৰৰ পৰা অহা অম্লজান গেছ আৰু অন্ত্ৰৰ পৰা খাদ্যৰ পুৰিপুষ্ট তেজে লৈ অংগ-প্ৰত্যংগবোৰক যোগান ধৰে।তেজত ৰোগ প্ৰতিষেধক বেক্টেৰিয়াও থাকে আৰু শৰীৰৰ কোনো অংশত ৰোগে আক্ৰমন কৰিলে তাক বাধা দিয়ে।আমাৰ শৰীৰৰ কোনো অংশত আঘাত লাগিলে,কাটিলে বা পকিলে অথবা আমি কোনো ৰোগত ভূগিলে আমি যে আৰোগ্য হওঁ তাৰ মূলতেই হল তেজ।আমাৰ গাত ঠাণ্ডা লাগিলে বা গৰম লাগিলে শৰীৰৰ তাপৰ সমতা তেজে ৰক্ষা কৰে।

শৰীৰৰ বিভিন্ন অংশলৈ তেজক পাম্প কৰি পঠোৱা কাৰ্য সম্পাদন কৰে হৃৎপিণ্ডই।হৃপিণ্ডই বা কলিজা বুকুৰ সোঁমাজত কামিহাড়ৰ তলত অৱস্থিত।হৃপিণ্ডৰ কাম জন্মৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যুৰ সময়লকৈ অবিৰাম গতিত চলি থাকে। হৃপিণ্ডই বন্ধ হোৱা মানেই মৃত্যু।এই হৃপিণ্ডৰ পৰা শৰীৰৰ সকলো অংশলৈ দুবিধ তেজবাহী নলীৰে স্ংলগ্ন কৰা আছে।এবিধৰ নাম  ধমনী আৰু ইয়াৰে পৰিস্কাৰ অম্লজানযুক্ত তেজ,হাওফাওঁ পৰা হৃপিণ্ডলৈ আৰু তাৰ পৰা শৰীৰৰ নানা অংগৰ পৰা দূষিত এঙাৰ গেছ যুক্ত তেজ হৃপিণ্ডলৈ আহে।এই তেজ হাওঁফাওঁলৈ যায় আৰু বায়ুকোষত এঙাৰ গেছ এৰি দিয়ে গৈ।

সেই তেজ অম্লজান মিহলি হৈ হৃপিণ্ডলৈ আহে আৰু হৃপিণ্ডি শৰীৰৰ নানা অংশলৈ পাম্প কৰি পঠায়।এজন প্ৰাপ্তবয়স্ক লোকৰ শৰীৰৰ ওজনৰ ৭ বা ৮ শতাংশ তেজ আৰু মানুহজনৰ মুঠ তেজৰ পৰিমান প্ৰায় চাৰি বা পাচঁ লিটাৰ।ৰক্ত সৰবৰাহ বাবে হৃপিণ্ডই প্ৰ্তিমিনিটত ৭০-৮০ বাৰ হৃস্পন্দন(পাম্পিং)কৰে,প্ৰ্তিদিনত এশ হাজাৰ বাৰ হৃস্পন্দন কৰে।৪৫০০-ৰ পৰা ৯০০০ কিলোগ্ৰাম তেজ(মানুহৰ শৰীৰৰ আকাৰ অনুসৰি)১,৩০,০০ কিলোমিটাৰতকৈও অধিক ৰক্তবাহিকা নলীৰ মাজেৰে হৃপিণ্ডই পাম্প কৰি শৰীৰৰ বিভিন্ন অংশলৈ পঠাই থাকে।মানুহ এজনৰ হৃপিণ্ডই তেওঁৰ হাতত মুঠিৰ সমান ডাঙৰ।

তেজ ৰঙা গধুৰ আৰু অস্বচ্চ পদাৰ্থ।তেজৰ পনীয়া অংশক প্লাজমা বোলে।প্লাজমা সমূদায় তেজৰ অধা পৰিমাণৰ হয়।এই প্লাজমাভাগৰ কোনো ৰং নাই।তেজত ৰঙা কনিকাবোৰ থকাৰ বাবে তেজ ৰঙা দেখি।কণিকা তিনি প্ৰকাৰৰ।লোহিত ৰক্তকনিকা(erythrocytes),শ্বেত ৰক্তকনিকা(leukocytes)আৰু অনুচক্ৰিকা বা প্লেটলেটছ(thrombocytes)।লোহিত ৰক্তকনিকা,প্ৰতি কিউবিক মিলিলিটাৰ তেজত,পুৰুষৰ পাচঁ নিযুত আৰু মহিলাৰ ৪,৫ নিযুত থাকে।লোহিত ৰক্তকনিকাত,হিমগ্লবিন থাকে যিটো পদাৰ্থত অম্লজান গেছ সোমাই থাকে।সেয়েহে হাওঁফাওৰ এলভিয়লি বা গেছ সোমাই থকা মোনালৈ তেজ গলে তেজ অম্লজানপুষ্ট হৈ পৰে আৰু সেই তেজ শৰীৰৰ অন্যান্য কোষলৈ গলে কোষবোৰে অম্লজানৰ যোগান পায়।তেজৰ পৰা অম্লজান কোষে গ্ৰহন কৰাৰ পাছত তেজৰ হিমগ্লবিন কমি যায় আৰু তেতিয়া তেজৰ ৰ্ং অলপ নীলাভ হয়।হিমগ্লবিন প্ৰোটিনসমূহ ইয়াত সামান্যভাৱে লো থাকে।লো অম্লজানৰ বাহক,অম্লজান আৰু প্ৰোটিন শৰীৰৰ মেৰামতি আৰু কোষবৃদ্ধিৰ কাম কৰে।হিমগ্লবিনৰ পৰিমান কমিলে শৰীৰ দুৰ্বল হয়।

বগা কনিকা(leukocytes)এজন পূৰ্নবয়স্ক লোকৰ প্ৰ্তি কিউবিক মিলিলিটাৰ তেজৰ পাচঁৰ পৰা দহ হেজাৰলৈ থাকে।এইবোৰৰ ৰোগৰ বেক্টৰিয়া আৰু জীৰ্ণ-শীৰ্ণ পেশীৰ কোষ আদিৰ বিনাশ ঘটায় বা ভক্ষন কৰে।বগা কণিকাৰ বৃদ্ধি বা কম হোৱাৰ পৰা ৰোগৰ অৱস্থা ক্লিনিকেল পৰীক্ষাৰে জানিব পাৰি।

প্লেটলেটছৰ(thrombocytes)স্ংখ্যা এজন পূৰ্নবয়স্ক লোকৰ প্ৰ্তি মিলিলিটাৰ তেজত তিনিৰ পৰা পাঁচ লাখ থাকে।এইবোৰক হাড়ৰ মজ্জাৰ চাইটপ্লাজমাৰ পৰা সুলকি অহা টুকৰা(giant cell)বুলি কোৱা হৈছ।এইবোৰে তেজ গোট মৰাৰ কাম কৰে।ৰক্তক্ষৰন বন্ধ কৰে।

কেতিয়াবা এইবোৰ ৰক্ত পৰিৱাহী নাড়ীৰ মাজতো তেজ গোট খুৱায়।তেতিয়া সেই ঠাইৰ পৰা ৰক্তসঞ্চালন বন্ধ হয়।তেনে ব্লাড ক্লট হৃপিণ্ডৰ ৰক্তবাহিকা নাড়ীতে বেছিকৈ হয়,হলে থ্ৰ্মবছিচ ৰোগ হয় আৰু মানুহৰ হঠাৎ মৃত্যু হয়।এই থ্ৰ্মবছিচ ৰোগ মগজতো হয় আৰু হঠাৎ মৃত্যু হয়।

স্নায়ুমণ্ডলী

শৰীৰৰ স্নায়ুবোৰে গোটেই শৰীৰৰ কাম নীয়াৰীকৈ চলাই নিয়াত সহায় কৰে।সকলো অংগ-প্ৰত্যংগৰ লগত সমন্বয় ৰক্ষা কৰে আৰু শৰীৰৰ নানা অংগৰ ক্ৰিয়া নিয়মীয়া কৰায়।স্নায়ুবিক প্ৰনালীৰ মূল অংগবোৰ হল মগজু,মেৰুমজ্জা,আৰু স্নায়ুবিক পেশী।স্নায়ুবিক প্ৰ্নালীৰ মগজু আৰু মেৰুমজ্জাই হল কেন্দ্ৰ স্থল।মগজুৰ পৰা ১২ যোৰ আৰু আৰু মেৰুমজ্জাৰ পৰা ৩১ যোৰ স্নায়ু ওলাই শৰীৰৰ নানা অংগলৈ শাখা-প্ৰশাখা পঠাই জালৰ দৰে গোটেই মানৱদেহটো আগুৰী আছে।মগজু আৰু মেৰুমজ্জা পাতল ধোৱা বৰনীয়া আৰু বগা পদাৰ্থৰে তৈয়াৰী।বগা বৰনৰ বস্ত্ববোৰ স্নায়ুবিক কোষেৰে আৰু পাতল ধোৱা বৰনীয়া বস্তবোৰ আঁহযুক্ত কোষেৰে তৈয়াৰী।

মগজু বা ব্ৰেইন মানুহৰ লাওখোলাৰ তলত অৱস্থিত।এজন প্ৰাপ্তবয়স্ক লোকৰ ব্ৰেইন ওজনত ১,২৮০ ৰ পৰা ১,৩৮০ গ্ৰামমান হয়।সদ্যজাত কেছুৱা এটিৰ ওজন প্ৰায় ৩৭০-৪০০ গ্ৰাম।এবছৰ বয়সমানলৈ ইয়াৰ ওজন প্ৰায় দুগুন হয়,চাৰি-পাচঁ বছৰমানলৈ এই ওজন তিনিগুনমান বাঢ়ে।তাৰ পাছত কিছু লেহেম গতিত বাঢ়িবলৈ ধৰে আৰু বিশবছৰ বয়সলৈ বাঢ়ি থাকে।ব্ৰেইনৰ লেটিন শব্দ চেৰেব্ৰাম(cerebrum)গতিকে ইয়াক সেইভাবেই চিনাক্তকৰন কৰা হৈছে।মগজু প্ৰধানকৈ তিনি ভাগবিভক্ত।চেৰেব্ৰাম(cerebrum),চেৰেবেলাম(cerebellum)আৰু মেডুলা অৱলংগটা।

মগজুৰ চেৰেগ্ৰাম অংশক চেৰেব্ৰেল হেমিছফিয়াৰ বোলে।আকাৰত ই গোলাৰ্দ্ধৰ দৰে আৰু দুভাগত বিভক্ত,সোফালে আৰু বাওফালেঁ।প্ৰতিটো ফালৰে চাৰিটা খলপাই সন্মখৰ ফাল,কুমৰ ফাল,চকুৰ ফাল,আৰু পাছৰ কাষৰ আগুৰী আছে।ইয়াৰ তলত পাছ্মূৰৰ তলত ভাগত মগজুৰ চেৰেবেলাম আৰু তাৰ তলত মেডুলা অৱলংগটো ভাগ আছে।এই মেডুলা অৱলংগটোৰ সৈতে মেৰুমজ্জা বা ৰাজহাড়ৰ মোটা স্ংযোজিত হৈ আছে।

আমি আগতেই উল্লেখ কৰিছোঁ যে মগজু আৰু মেৰুমজ্জাৰ(মেৰদণ্ড বা ৰাজহাড়ৰ আশ্ৰয়ত থকা মোটা,ঢিলা সিৰডাল)পৰা ৪৩ যোৰ স্নায়ুসিৰ ওলায়,গোটেই শৰীৰ বিয়পি জালৰ দৰে আগুৰী আছে আৰু এই স্নায়ু সিৰ,উপসিৰ আৰু পেশীবোৰে শৰীৰৰ সকলো অংগ-প্ৰত্যংগৰ সৈতে সমন্বয় ৰক্ষা কৰি শৰীৰৰ আভ্যন্তৰীন কামবোৰ সুচাৰুৰুপে চলাই থাকে।

স্নায়ুৱিক পেশীবোৰে অবিৰামভাৱে কাম কৰে।মগজুৱেই হল স্নায়ুমণ্ডলীৰ ৰজা।মগজুৰ আদেশমতেই স্নায়ুবোৰে কাম কৰে।আমাৰ গৰম বা ঠাণ্ডা লাগিলে শৰীৰৰ স্প্ৰ্শেন্দ্ৰিয়বোৰৰ যি অনুভূতি হয় লগে লগেই স্নায়ুৱে সেই অনূভূতি মগজূলৈ পঠায়।মগজুই অনুভূতিৰ তাৎপৰ্য উপলব্ধি কৰি তাৰ বাবে প্ৰ্তিব্যৱস্থা লবলৈ অংগ-প্ৰ্ত্যংগবোৰক আদেশ দিয়ে।এই আদেশবোৰৰ কিছুমান আমাৰ জ্ঞাত আৰু কিছুমান অজ্ঞাত্ভাৱেই হব পাৰে।যেনে ধৰক চকুৰ আগত এটা বনৰীয়া জন্ত দেখিলে আমি হৎঠাতে ৰৈ দিঁও আমি ৰৈ দিবলৈ যি আজ্ঞা ভৰি দুখনলৈ আহিল এইটো আমাৰ জ্ঞাত অৱস্থাতে আহিল।আমি বস্তটো দেখিছোঁ।কিন্ত ধৰক আপুনি কিবা কাম কৰি থাকোতেঁ হঠাৎ কিবা এটা বস্ত ওপৰৰ পৰা আপোনাৰ মূৰেতে পৰিব খুজিলে বা চকুত পৰিব খুজিলে আৰু অপুনি চকু মুদি দিলে বা অলপ আতঁৰি গল।পাছতহে আপুনি বস্তটো দেখিলে।বস্তটো নেদেখিলেও কিন্ত আপোনাৰ অনূভূতি জাগ্ৰ্ত হৈছিল।এনেধৰনে সকলো পঞ্চ ইন্দ্ৰিয়ৰ অনূভূতিবোৰ স্নায়ুই অহৰহ্ভাৱে মগজুলৈ পঠিয়াই আছে।মগজুই তাৰ অৰ্থ বিশ্লেষন কৰি অংগ-প্ৰ্ত্যংগবোৰৰ দ্বাৰা কামবোৰ কৰাই আছে।অকল ঘ্ৰান,দৰ্শন,পৰ্শন,লেহন আৰু শ্ৰ্ৱনেন্দ্ৰিয়ৰ অনুভূতিৰ অথাই নহয়।শৰীৰৰ অভ্যন্তৰীন অংগ-প্ৰ্ত্যংগবোৰৰ সমস্ত কৰ্মৰাজি স্নায়ুমণ্ডলীৰ যোগেৰেই প্ৰ্তিমহূৰ্তত সম্পাদিত হৈ আছে।মুখত খাদ্যবস্ত চোবাই গুড়ি কৰা,খাদ্যৰস যকৃতে বাইল ৰস ঢালি দিয়া খাদ্যৰ সাৰভাগৰ বস্তবোৰ অন্ত্ৰত শোষন কৰা,মলস্থলী পূৰা হলে খালি কৰা আদি শৰীৰৰ বিভিন্ন কাম মগজু আৰু মেৰুমজ্জাই কৰাই থাকে।একমাত্ৰ ভাল টোপনীত থাকিলেহে স্নায়ুমণ্ডলীয়ে অলপ জীৰনী পায়।জাগ্ৰ্ত অৱস্থাত কোনটো নহয় কোনোবাই স্নায়ুই কিবা কামত ব্যস্ত হৈয়ে থাকে।স্নায়ুমণ্ডলীত দুবিধ সিৰ ছেনছৰি নাৰ্ভ(sensory nerve)আৰু মটৰ নাৰ্ভ থাকে।স্ংজ্ঞাবাহক সিৰবোৰে শৰীৰৰ কোনো অংগত অনুভূত তথ্য বা খবৰটো নি মগজুক দিয়ে।তেতিয়া মগজুবে তথ্যবোৰ বিশ্লেষন কৰি আজ্ঞাবাহী সিৰ বা মটৰ নাৰ্ভৰে আদেশ পঠাই তৎসম্পৰ্কীত অংগৰে কৰ্ম সম্পাদন কৰোৱায়।তেনেকৈ স্নায়ুমণ্ডলী অবিৰতভাৱে কৰ্মত আৱদ্ধ হৈ থাকে।গতিকে স্নায়ুকোষবৰৰ পৰিপুষ্টি আৰু জিৰনীৰ অতি আৱশ্যক।

শৰীৰৰ নখ আৰু চুলিত স্নায়ু নাই বাবে নখ বাবে নখ আৰু চুলিৰ অনুভূতিও নাই।মানুহক অজ্ঞান কৰা কোনো ঔষধ ব্যৱহাৰ কৰিলে স্নায়ুই অনুভূতি লাভ কৰা শক্তি হেৰুৱাই।গুৰুতৰ আঘাত আদি প্ৰাপ্ত হলেও মানুহ সামায়িকভাবে স্ংজ্ঞাহীন হৈ পৰে।স্নায়ু দুৰ্বল হলে সেই অংশত কেতিয়াবা জোকাঁৰণি উঠে আৰু আমি মাংসই নচা বুলি কওঁ।আমি মানসিকেই হওঁক বা শাৰীৰিকেই হওঁক পৰিশ্ৰম কৰি থাকিলে স্নায়ুমণ্ডলীয়ে কাম কৰি থাকে আৰু যেতিয়া ভাগৰি পৰে আমি টোপনি অনুভৱ কৰো।টোপনি আহিলে স্নায়ুমণ্ডলীয়ে জীৰনী পায় আৰু পুনৰ কাম কৰিবলৈ শক্তি লাভ কৰে।

টোপনিত সপোন দেখি থাকিলে স্নয়ুমণ্ডলী সম্পূৰ্ন জিৰনীত নাথাকে।শাৰীৰিক কাৰ্যাৱালী বন্ধ থাকে যদিও আভ্যন্তৰীন কিছুমান স্নয়ুৰ কাম চলিয়ে থাকে।সেয়েহে টোপনীত সপোন দেখি থাকিলে শৰীৰ সুস্থ হৈ নুঠে,ভাগৰ যেন নপলায়।শৰীৰ সুস্থ হবলৈ ভাল টোপনিৰো আৱশ্যক।

চকু

স্নায়ুৱিক অনূভূতিপ্ৰ্ৱন অংগবোৰৰ ভিতৰত চকুৰ গঠন আৰু কিছুমান কাৰ্যপদ্ধতি মন কৰিবলগীয়া।মানুহৰ চকুক এটা কেমেৰাৰ লগত তুলনা কৰিব পাৰি।বাহিৰৰ পৰা চকুত যি বগা অংশ দেখা যায় তাক স্কেৰা বোলে।বাহিৰৰ পৰা হাতঘড়ীৰ সমুখৰ আয়নাৰ ঢাকনিৰ দৰে যি অংশ দেখা যায় তাক কৰ্নিয়া বোলে।এই কৰ্নিয়া সম্পৰ্ন স্বচ্চ,গোলাকাৰ আৰু বাহিৰলৈ ওফন্দি থকা বা দূৰাপিঠিয়া।

কৰ্নিয়াৰ ভিতৰৰ অংশক আইৰিছ বোলে আৰু ইয়াৰ সোঁ মাজতে অছে চকুৰ মনি।ইয়াৰ ঠিক পাছ ফালে থাকে চকুৰ লেন্সখন।কেমেৰাৰ লেন্সখন অগা-পিছা কৰি ফটো তুলিবৰ সময়ত এডজাষ্ট কৰি লোৱা হয়।চকুৰ লেন্সখনে কিন্ত আৱশ্যক অনুসৰি ওচৰৰ আৰু দূৰৰ ছবি কেন্দ্ৰীভূত কৰিবৰ সময়ত আকাৰ  সলনি কৰি ডাঙৰ বা সৰু কৰে।চকুৰ মনিয়ে পোহৰ নিয়ন্ত্ৰন কৰে।চকুৰ একেবাৰে ভিতৰৰফালে গোটেই মনিটো আগুৰী থকা আৱৰনখনক বোলে ৰেটিনা।ই কেমেৰাত ফটো লবলৈ ভৰোৱা ফিল্মৰ দৰে কাম কৰে আৰু বাহিৰৰ ছবি গ্ৰহন  কৰে।ইয়াৰ লগত স্ংযোজিত অপটিক নাৰ্ভ বা স্নায়ুৱিক সিৰবোৰে মগজুলৈ খবৰ পঠায়।মগজুৱে লগে লগে আমাক জানিবলৈ দিয়ে আমি কি দেখিছোঁ।

ছাল

ছালে আমাৰ শৰীৰটো ঢাকি ৰাখে আৰু বীজানুৰ পোনপটীয়া অক্ৰমন আৰু শীত,তাপ,আদিৰ পৰা বচাই ৰাখে।এই ছাল দু-তৰপীয়া।একেবাৰে ওপৰত মাখিছাল।ই বৰ পাতল আৰু অহৰহ পুৰনিবোৰ মৰি নতুন তৈয়াৰ হৈ সলনি হৈয়ে থাকে।ইয়াৰ তলত আচল ছাল।ই কিছু ডাঠ অৰু বহলিব পৰা পেশীৰে গঠিত।সেয়ে শৰীৰৰ জোৰাবোৰৰ ছাল দৰকাৰ হলে বাঢি দীঘল হয় আৰু কোঁচ খাই চুটি হয়।ছালৰ পেশীবৰত চৰ্বী থাকে।পুৰুষতকৈ মহিলাৰ চৰ্বী বেচি থাকে।চকুৰ পতা,কানৰ লতি আৰু যৌনাংগৰ ছালত চৰ্বী নাথাকে।ছালৰ তলত থকা চৰ্বীয়ে অতিৰিক্ত জমা হিচাপে থাকি পুষ্টি সাধানত সহায় কৰে।ছালত সৰু সৰু কিছুমান বিন্ধা বা লোমকূপ থাকে।এইবোৰেদি শৰীৰৰ অলাগতিয়াল বস্ত্ববোৰ ওলায়।ঘামে এইবোৰ ওলোৱাত সহায় কৰে।ঠাইভেদে শৰীৰৰ ছাল ১-৪ মিলিমিটাৰলৈ ডাঠ। চকুৰ পতাৰ ছালেই আটাইতকৈ পাতল আৰু ভৰিৰ তলুৱাৰ ছালেই আটাইতকৈ ডাঠ।ছাল অনূভূতিপ্ৰ্ৱন অৰ্থাৎ ছালত কিবা লাগিলে গম পোৱা যায়।

গ্ৰ্ন্থি

গ্ৰ্ন্থিবোৰ সৰু সৰু কিছুমান কোষপিণ্ড।গ্ৰ্ন্থি দুবিধ।এবিধৰ ভিতৰে ভিতৰে সৰু নলী থাকে।ইয়াক এক্সক্ৰাইন আৰু আনবিধৰ ভিতৰে ভিতৰে কোনো নলী নাথাকে,যিবিলাকক এণ্ডক্ৰাইন গ্ৰন্থি বোলে।এই গ্ৰন্থিবোৰৰ পৰা কিছুমান ৰস ওলায় আৰু তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংশলৈ গৈ নানা কাম সম্পন্ন কৰে।পিটুইটাৰী,থাইৰয়ড এড্ৰিলেলছ,অণ্ডকোষ ডিম্বকোষ নলীহীন গ্ৰন্থি।লালটি গ্ৰন্থি,ঘৰ্মগ্ৰ্ন্থি,অন্ত্ৰগ্ৰ্ন্থি,আদি নলীযুক্ত গ্ৰন্থি। থাইৰয়ড ধেতুৰিৰ তলত ডিঙিত অৱস্থিত।ইয়াৰ পৰা ওলোৱা ৰসে শৰীৰৰ বৰ্ধন আৰু বিকাশৰ কাম কৰে।পিটুইটাৰী গ্ৰন্থি সৰ্বশ্ৰেষ্ঠ গ্ৰন্থি।থাইৰয়ড গ্ৰন্থিৰ কাম পিটুইটাৰী গ্ৰন্থিয়ে নিয়ন্ত্ৰন কৰে।পিটুইটাৰী গ্ৰন্থি মগজুৰ তলত থাকে আৰু আন গ্ৰন্থিবোৰৰ কাম নিয়ন্ত্ৰন কৰে:;শৰীৰৰ বৃদ্ধি,বিকাশ আৰু খাদ্যবস্তৰ ৰাসায়নিক পৰিৱৰ্তন সাধন কৰে।পিতৃ গ্ৰ্ন্থি আৰু মাতৃ গ্ৰন্থিৰ কাৰ্যৱালীৰ বিষয়ে আমি আগতেই আলোচনা কৰি আহিছোঁ।আমি আগতে কৈ আহিছোঁ যে স্নায়ুৱিক পদ্ধতিৰ দ্বাৰা গ্ৰন্থিবোৰৰ কাম সম্পাদিত আৰু নিয়ন্ত্ৰিত হয়।মহিলাৰ স্তন দুটিও গ্ৰন্থি আছে আৰু কিছুমানৰ নাই।যিবোৰৰ নাই সেইৱোৰ শৰীৰৰ অন্য অংগৰ সৈতে লগলাগি থাকে। এণ্ডক্ৰাইন গ্ৰন্থিৰ পৰা ওলোৱা ৰস এক্সক্ৰাইন গ্ৰন্থিৰ পৰা ওলোৱা ৰসতকৈ পৰিমানত কম।

যিহেতু এইবোৰৰ নলী নাথকে সেইবাবে ইয়াৰ পৰা ওলোৱা ৰস তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংশলৈ যায়।এণ্ডক্ৰাইন গ্ৰন্থিৰ ৰস নি:সৰনত অনিয়মিত হোৱাও দেখা যায়।তেতিয়া ইয়াৰ প্ৰতিক্ৰিয়াও শৰীৰৰত প্ৰতিফলিত হয়।উদাহৰনস্বৰুপে শিশুৰ বাঢ়ন কালত পিটুইটাৰী গ্ৰন্থিৰ ৰস কম পৰিমানৰ হলে শিশু বাওনা হব আকৌ ৱেছি হলে শৰীৰ বেছ ডাঙৰ-দীঘল হব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate