সাম্প্ৰতিক কালৰ স্বাস্থ্য সচেতন লোকসকলে শৰীৰত চৰ্বি গোট খাই থকাটো কেতিয়াও নিবিচাৰে, কিয়নো এই পদাৰ্থ উচ্ছ ৰক্তচাপ, কলিজাৰ, বিকাৰ আদিকে ধৰি নানা দুৰাৰোগ্য বেমাৰৰ বাহ বুলি প্ৰতিপন্ন হৈছে। দেহত শক্তিদায়ক খাদ্য ৰাহি হ’লে ই মেদ কলা হিচাপে সঞ্চিত হৈ শৰীৰৰ ভাৰ বৃদ্ধি কৰে। সেই বাবে স্বাস্থ্য সচেতন লোকসকলে লাহী দেহৰ অধিকাৰী হ’বলৈ চৰ্বিযুক্ত খাদ্য গ্ৰহণত সতৰ্কতা অৱলম্বন কৰে আৰু শৰীৰৰ ভাৰ যাতে বৃদ্ধি হ’ব নোৱাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। নিয়মিতভাৱে ব্যায়ামৰ অনুশীলন কৰি দেহৰ শক্তি খৰচ কৰিলে শৰীৰ লোদৰ-পোদোৰ হোৱাত বাধা পৰে যদিও নোদোকা শৰীৰৰ ভাৰ লাঘৱ কৰি লাহী দেহ লাভ কৰাটো মুঠেই সহজ নহয়। হিচাপ কৰি পোৱা মতে, দেহত ৰাহি হোৱা খাদ্যৰ ন-কেলৰি শক্তি যোগান ধৰিব পৰা পৰিমাণে একগ্ৰাম মেদ কলা গঠন কৰি দেহত সঞ্চয় কৰে, যাৰ ফল শৰীৰৰ ওজন তথা আয়তন বাঢ়ে। সাধাৰণ গাণিতিক নিয়ম অনুসৰি দৈহিক পৰিশ্ৰমৰ জৰিয়তে দেহৰ কেলৰি শক্তি খৰচ কৰিলে একগ্ৰাম চৰ্বি লোপ পাব লাগে। ফলত সেই পৰিমাণৰ চৰ্বিৰ ওজন দেহৰ পৰা হ্ৰাস পাব লাগে, অথচ শৰীৰৰ বেলিকা সেই গণিতৰ বিধি অকাৰ্যকৰী বুলি প্ৰতিপন্ন হৈছে। ব্যায়ামৰ আধুনিক আহিলাবোৰ গণনা সমৃদ্ধ। এইবোৰ ব্যৱহাৰ কৰিলে দেহৰ কিমান কেলৰি শক্তি খৰচ হ’ল, কিমান দূৰ খোজকঢ়া অথবা দৌৰা হ’ল সেইবোৰ তথ্য ওলাই পৰে যি পৰিপ্ৰেক্ষিতত ব্যায়মৰ অণুশীলনত এই ধৰণৰ আহিলা কামত লগালে কি পৰিমাণৰ শক্তি খৰচ হ’ল জানিব পাৰি। এনেধৰণৰ বিজ্ঞান প্ৰদত্ত আহিলাৰ জৰিয়তে ঠাৱৰ কৰা মতে, আধা ঘণতা খোজ কাঢ়িলে প্ৰায় দুশ, লাহে লাহে দৌৰিলে ৬৫৪, চাইকেল চলালে ৬১২, আৰু সাতুৰিলে ৫২২ কেলৰি পৰিমাণৰ শক্তি ব্যয় হোৱাৰ উপৰি দেহত তেজ চলাচল খৰতকীয়া কৰি কলিজাক অধিক কাৰ্যসম্পাদন কৰিবলৈ বাধ্য কৰে। মানুহে নিকা তথা স্বাস্থ্য সহায়ক খাদ্য গ্ৰহণ কৰি ব্যায়ামৰ অনূশীলনৰ জৰিয়তে নিতৌ নিৰ্দিষ্ট পৰিমাণৰ কেলৰি ক্ষয় কৰে, তথাপি শৰীৰৰ ভাৰ হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে। শৰীৰ চৰ্চা কেন্দ্ৰত তেওঁলোকে অনুশীলন কৰে, সুষম খাদ্য গ্ৰহণ কৰে আনকি সুস্বাস্থ্য ৰক্ষাৰ তাগিদাত প্ৰিয় খাদ্যো বৰ্জন কৰে অথচ দেহৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত সফলতা হ্ৰাস কৰিব নোৱাৰে।
থাইৰয়ড গ্ৰন্থিৰ বিকাৰৰ বাবে দেহৰ ভাৰ কমি যোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়, কিয়নো কঠোৰ পৰিশ্ৰম তথা খাদ্য নিয়ন্ত্ৰণ কৰা সত্বেও শৰীৰৰ ওজন নকমে। এই গ্ৰন্থীত সামান্য পৰিমাণে থাইৰয়ড হৰম’ন উৎপন্ন হ’লে শৰীৰৰ বিপাক ক্ৰিয়াত আউল লাগে যাৰ পৰিপ্ৰেক্ষিতত চৰ্বি জমা হৈ শৰীৰৰ ভাৰ বৃদ্ধি কৰে। যদি কোনোবাই অবিৰতভাৱে অৱসাদ গ্ৰস্ততাত ভোগে তেওঁৰ চুলি সৰে আৰু দেহৰ ভাৰ বৃদ্ধি পায়। মহিলাৰ ভাৰ বৃদ্ধি পোৱাৰ আন এক মুখ্য কাৰণ হ’ল ডিম্বাশয়ৰ বিকাৰ যাৰ মূলতে হৰম’নৰ ভাৰসাম্যহীনতা। এই বিকাৰৰ লক্ষণবোৰ হ’ল মুখত নোম গজা, অনিয়মীয়া ঋতু, অনুৰ্ব্বৰ অৱস্থা আদি। কেতিয়াবা উচ্চ ৰক্তচাপ তথা জীৱন শৈলী সম্পৰ্কিত ৰোগ নিৰাময়ৰ বাবে সেৱন কৰা দৰৱৰ বাবেও শৰীৰৰ ওঅজন বাঢ়িব পাৰে। সেই বাবে যদিহে দেহৰ ভাৰ বৃদ্ধি হোৱাৰ কাৰণ স্পষ্ট নহয় তেনেহ’লে সাৱধান হৈ চিকিৎসকৰ ওচৰ চপা ভাল, যিজনে পৰীক্ষা কৰি বেমাৰে আক্ৰান্ত কৰা নাই বুলি নিশ্চিত হ’ব পাৰে। কিবা চিকিৎসা সম্পৰ্কীয় অৱস্থাত ভুগিলে দেহৰ ভাৰ হ্ৰাস পোৱাটো মুঠেই অসম্ভৱ নহয়। বিশেষ ধৰণৰ খাদ্য গ্ৰহণ তথা কৌশল প্ৰয়োগ কৰি অতিৰিক্ত কঠিন কাৰ্য সম্পাদন কৰিলে শৰীৰৰ ওজন নকমাকৈ নাথাকে।
দিনে অন্তত: সাত-আঠঘণ্টা টোপনি নহ’লে বিপাক ক্ৰিয়া লেহেমীয়া হয় যি পৰিপ্ৰেক্ষিতত চৰ্বি সঞ্চিত হৈ শৰীৰৰ ওজন বৃদ্ধি কৰে। টোপনি সম্পূৰ্ণ নহ’লে শৰীৰত লেপ্তিন নামৰ হৰম’ন হ্ৰাস পায় যি অৱস্থাত ভুৰি ভোজনত বাধা পৰে অথচ ইয়াৰ বিপৰীতে অতিমাত্ৰা খাদ্য খাবলৈ উদগনি দিয়া হৰম’নৰ পৰিমাণ বৃদ্ধি পায়, তদুপৰি টোপনি ঠিকমতে নহ’লে মানসিক চাপ বৃধি কৰা হৰম’ন কৰ্টিছল শৰীৰত মুকলি হয় যিয়ে বিপাক লেহেম কৰি চৰ্বি সঞ্চয় কৰে। গৱেষণৰ পৰা জনামতে, টোপনি আধাৰুৱা হ’লে মানুহ ভূৰি ভোজনৰ বশৱৰ্তী হৈ পৰে বাবে দেহৰ ভাৰ বৃদ্ধি নঘটাকৈ নাথাকে। ভুল ধাৰণাৰ বশৱৰ্তী হোৱাৰ ফলত খাদ্য গ্ৰহণৰ বেলিকা বহুতো লোক বিপথে পৰিচালিত হয়। অধিক সংখ্যক মানুহে সপ্তাহৰ পাঁচদিন স্বাস্থ্য উপযোগী নিকা খাদ্য গ্ৰহণ কৰে অথচ অন্তিমদিন দুটা আমোদ-প্ৰমোদত কটাই স্বাস্থ্যৰ পৰিপন্থী আচৰণ কৰে যি পৰিপ্ৰেক্ষিতত প্ৰথম পাঁচদিনৰ শুদ্ধ আহাৰৰ উপকাৰ শেষৰ দুদিনৰ খাদ্য বিপদাপন্ন কৰে। প্ৰথম পাঁচদিন নিয়মিতভাৱে ব্যায়ামৰ অনূশীলন কৰা সত্বেও পাছৰ দুদিনৰ অনিয়মে সুফল পোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। যদি কোনোবাই শুদ্ধ আহৰ খাই থকা বুলি দাবী কৰে সেয়া সম্পূৰ্ণ ভাৱে পাঁচ নহ’বও পাৰে।
পৰিপুষ্টি বিজ্ঞানীৰ লগত আলোচনা কৰি শৰীৰৰ বাবে আৱশ্যকীয় খাদ্যৰ প্ৰকাৰ তথা পৰিমাণ ঠাৱৰ কৰি সেইমতে আগবাঢ়িলে সুস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো সম্ভৱ। দেহৰ ভাৰ বৃদ্ধি নহ’বলৈ যতপৰোনাস্তি প্ৰয়াস কৰিলে শৰীৰ সুস্থ-সবল হৈ থাকে। শৰীৰৰ ভাৰ বৃদ্ধি পালে ইয়াক আগৰ অৱস্থালৈ ফিৰাই অনাটো মুঠেই সহজসাধ্য নহয়। শিশু কালৰে পৰা এই দিশত সকলোকে সচেতন কৰি তুলিব পাৰিলে দেহৰ জটিলতাৰ পৰা হাত সাৰি থাকিব পাৰি। খাদ্যৰ প্ৰতি সদা সচেতন হোৱৰ শিক্ষা শিশুসকলে লাভ কৰিলে খাদ্যৰ গুণাগুণ বিচাৰ কৰি দেহত মেদকলা জমা নহ’বলৈ বিশেষ কাৰ্য সাধন কৰিব পাৰে। স্বাস্থ্য অমূল্য ধন হোৱা হেতুকে ইয়াৰ হানি হ’লে অগৰ অৱস্থালৈ ঘুৰাই আনি সুস্থ-সবল হৈ থকাটো তেনেই সহজ নহয়। সেই বাবে খাদ্য গ্ৰহণত সাৱধানতা অৱলম্বন কৰি দেহৰ ওজন বৃদ্ধিত বাধা প্ৰদান কৰিব পাৰিলে সুস্বাস্থ্য সুৰক্ষিত সুখী জীৱনৰ অধিকাৰী হোৱাটো ধুৰুপ।
আনন্দ দেৱগোস্বামী, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 5/8/2020
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।
আহাৰ আৰু স্বাস্থ্য
এৰবিক ব্যায়াম
কাঠফুলা আৰু মানৱ স্বাস্থ্য