অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইতাৰ দিহা

আইতাৰ দিহা

অজীৰ্ণ বা বদহজম:

 

লক্ষণ:

 

দুৰ্গন্ধযুক্ত উগাৰ অহা, মুখলৈ টেঙা পানী উজাই অহা, পেট ফুলা, আভোক, খাদ্যৰ প্ৰতি অৰুচি, দুৰ্গন্ধযুক্ত আচৰণ, কোষ্ঠকাঠিন্য অথবা শাওঁযুক্ত তৰল পায়খানা।

কাৰণ:

 

ফল-মূল, শাক-পাচলি আৰু বিভিন্ন ধৰণৰ ক্ষাৰজাতীয় খাদ্য হজম হোৱাৰ পিছত শৰীৰৰ তেজত ক্ষাৰৰ মাত্ৰা বৃদ্ধি পায়। তাৰ ফলত তেজৰ সজীৱতা সুৰক্ষিত হৈ থাকে। চৰ্বি আৰু শৰ্কৰাযুক্ত খাদ্যই তেজৰ অম্লভাগ বৃদ্ধি কৰে। তেজত এই অম্লভাগৰ পৰিমাণ বৃদ্ধি পালে শৰীৰৰ ৰক্ত শোষন তন্ত্ৰবিলাক, যেনে- প্লীহা, যকৃৎ, হৃদপিণ্ড, মূত্ৰাশয় আদিৰ ওপৰত অত্যধিক চাপ পৰে। ৰক্ত শোধনৰ কামত ব্যস্ত হৈ থাকিবলগীয়া হোৱাৰ ফলত এই অংগবিলাক ক্ৰমশঃ দুৰ্বল হৈ পৰে আৰু তাৰ পৰিণতিত যথাযথভাৱে কাম কৰাত অক্ষম হৈ পৰে। খাদ্যবস্তু দাঁতেৰে চোবাবলৈ লোৱাৰ লগে লগে মুখত প্ৰয়োজন অনুপাতে লেলাউটিৰ নিঃসৰণ হয়। লেলাউটি মিশ্ৰিত খাদ্যবস্তু পাকস্থলী পোৱাৰ লগে লগে যকৃৎ(কিডনি) আৰু অগ্নাশয়ে(পেনক্ৰিয়াছ) পাচক ৰস নিঃসৰণ কৰিবলৈ আৰম্ভ কৰে। সেয়ে খাদ্যবস্তু মুখতে ভালদৰে চোবাই নেখালে যকৃতে ভালদৰে কাম কৰিবলৈ নোৱাৰে। যদি আমাৰ আহাৰত আমিষ খাদ্যৰ পৰিমাণ বেছি হৈ থাকে, তেনেহ’লে তেজত অম্লৰ আধিক্যৰ বাবে অগ্নাশয় দুৰ্বল হৈ পৰে আৰু ই পৰ্যাপ্ত মাত্ৰাত পাচক ৰস নিঃসৰণ কৰিব নোৱাৰে। ফলত খাদ্যদ্ৰব্য পাচন তন্ত্ৰত ভালদৰে পাচন হ’ব নোৱাৰে আৰু তেনে ধৰণৰ অৰ্ধজীৰ্ণ খাদ্য পাচন তন্ত্ৰত লাহে লাহে পচিবলৈ আৰম্ভ কৰে আৰু এনে ধৰণৰ অৰ্ধজীৰ্ণ খাদ্য সঞ্চিত হৈ অন্ত্ৰৰ গতিপথো আংশিকভাৱে বন্ধ হৈ পৰে। এই দূষিত অৰ্ধজীৰ্ণ খাদ্যই বিষাক্ত গেছ সৃষ্টি কৰে আৰু এই গেছে শ্বাস-প্ৰশ্বাস আৰু বায়ুক দুৰ্গন্ধযুক্ত কৰে। অৰ্ধজীৰ্ণ খাদ্যই বিষাক্ত তেজৰ অম্লভাগ বেছি পৰিমাণে বঢ়াই তোলে। এই অৱস্থাৰ নামেই অজীৰ্ণ বা বদহজম।

অজীৰ্ণ ৰোগ কোনো প্ৰাণঘাতক ৰোগ নহয়। কিন্তু ইয়াৰ ফলত ভালেমান যন্ত্ৰণাদায়ক ৰোগৰ সৃষ্টি হ’ব পাৰে। এই ৰোগৰ পৰা পাকস্থলী, অন্ত্ৰ আৰু মল নলীত বিভিন্ন ধৰণৰ ক্ষত, কোষ্ঠকাঠিন্য আৰু জটিল আন্ত্ৰিক ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

ঘৰুৱা দিহা:

 

  • দুই গ্ৰাম পৰিমাণৰ হিং ঘিউত ভাজি সম পৰিমাণৰ সৈন্ধৱ লৱণৰ লগত মিহলাই আহাৰ খোৱাৰ আগতে সেৱন কৰিলে অজীৰ্ণ ৰোগ নিৰাময় হয়।
  • এডোখৰ পাণৰ লগত অথবা আধা চামুচ চফ গুটিৰ লগত ডাব-নাৰিকল বা কেঁচা নাৰিকল এডোখৰ খালে অজীৰ্ণ ৰোগ নিৰ্মূল হয়।
  • নিমখত ডুবাই ৰখা গোল নেমু আধা চামুচ পৰিমাণত খালে অজীৰ্ণ ৰোগ ভাল হয় আৰু আভোক নাইকিয়া হয়।
  • সমান পৰিমাণৰ শিলিখা আৰু চফ গুটিৰ গুড়ি, দুগুণ পৰিমাণৰ মিচিৰিৰ সৈতে মিহলাই গুড়ি কৰি বটি লৈ, সেই মিশ্ৰণৰ আধা চামুচকৈ প্ৰতিদিনে আহাৰৰ আগে আগে খাই থাকিলে অজীৰ্ণ ৰোগ গুচে।

পথ্য:

 

পুৰণি চাউলৰ ভাত, সতেজ সেউজীয়া পাচলিৰ জোল, ঘৰত পতা দৈ, চেনিসহ ম’হৰ দৈৰ ঘোল খাব লাগে। মনত ৰাখিব দৈৰ ঘ্ল, অজীৰ্ণ ৰোগীৰ বাবে বিশেষ উপকাৰী।

বিধি নিষেধ:

 

  • ভোক নেলাগিলে বা অলপ ভোক লাগিলেই আহাৰ খোৱা, প্ৰতিদিনে গুৰুপাকী খাদ্য(মাছ, মাংস আৰু কণী আদি) গ্ৰহণ কৰা, নিচাযুক্ত দ্ৰব্য সেৱন কৰা, সুস্বাদু খাদ্য অধিক মাত্ৰাত খোৱা, আহাৰ গ্ৰহণৰ পিছতে দৌৰা-দৌৰিকৈ কামত ধৰা, সম্পূৰ্ণকৈ পেট ভৰাই খোৱা, শাৰীৰিক পৰিশ্ৰম নকৰা, বেছি পৰিমাণে মানসিক শ্ৰম কৰা আদি অভ্যাসবোৰ ত্যাগ কৰিব লাগে।
  • পৰাপক্ষত পুৱাৰ জলপান নোখোৱাই ভাল। যদি ভোক লাগে, তেনেহ’লে মিঠা আৰু ৰসাল ফল, যেনে- আম, জামু, মাটিকঠাল, সকলো ধৰণৰ নেমু আৰু কোষ্ঠকাঠিন্য থাকিলে অমিতা উপকাৰী। মনত ৰাখিব যে- নেমু, দৈ আদি টেঙা। সোৱাদযুক্ত খাদ্য সদায় সামান্য পানী আৰু নিমখৰ সৈতে খাব লাগে। সৰু মাছৰ বাহিৰে অন্য সকলো আমিষ খাদ্যই এই ৰোগীৰ বাবে অপকাৰী।
  • মাংস আৰু কণী বিষতুল্য। একাদশীত উপবাস, পূৰ্ণিমা অমাবস্যাত নিশিপালন কৰিব লাগে।
  • এই ৰোগত প্ৰতিদিনে মুক্ত বায়ুত ভ্ৰমণ কৰা আৰু সামান্যভাৱে শাৰীৰিক শ্ৰম অতি প্ৰয়োজনীয়। দিনত শোৱাৰ অভ্যাস আৰু ৰাতি টোপনি ক্ষতি কৰাটো বিপজ্জনক।
  • ৰাতিৰ আহাৰ আঠ বজাৰ আগতে খাই কিছুসময় খোজ কাঢ়িব লাগে। দাইল ক্ষাৰধৰ্মী খাদ্য হ’লেও ই গুৰুপাকী। সেয়ে অজীৰ্ণ ৰোগীয়ে দাইল নেখাব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate