অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইতাৰ দিহা :

আইতাৰ দিহা :

 

অম্লৰোগ বা এচিডিটি -

লক্ষণ -

শাৰীৰিক দুৰ্বলতা, টেঙা টেঙা উগাৰ অহা, মূৰ ঘূৰোৱা, পেট পোৰা, বুকু জ্বলা-পোৰা কৰা।

কাৰণ:

দীৰ্ঘদিন ধৰি আহাৰ-বিহাৰত অনিয়ম আৰু অত্যাচাৰ চলি থাকিলে বা ভোক নেলাগিলেও জোৰ কৰি আহাৰ গ্ৰহণ কৰিলে, লোভৰ বশৱৰ্তী হৈ গুৰুপাকী আহাৰ গ্ৰহণৰ অভ্যাস কৰিলে পাচক ৰসে যথাযথভাৱে সেই খাদ্য জীণ নিয়াব নোৱাৰে। তেনেদৰে ক্ষৰিত পাচক ৰসো ক্ৰমশঃ দূষিত অম্লত পৰিণত হৈ পৰে। দূষিত খাদ্যই সৃষ্টি কৰা বিষবাষ্প অজীৰ্ণ পাচক ৰসৰ বিকৃতিৰ ফলত সৃষ্টি হোৱা দূষিত অম্লৰসেই আৰু ৰসে উদৰত জ্বলা-পোৰাৰ সৃষ্টি কৰে, বুকু জ্বলা-পোৰা কৰে, মুখলৈ টেঙা পানী উজাই আহে আৰু মূৰ ঘূৰায়।

ঘৰুৱা দিহা -

*এডোখৰ পাণৰ লগত ডাব নাৰিকলৰ টুকুৰা অথবা চফ গুটিৰ সৈতে নাৰিকল সৰুকৈ সৰুকৈ কুটি চোবাই খাব লাগে।

*সমান পৰিমাণত চক পেঞ্চিল(Chalk) আৰু উখুৱা চাউল গুড়ি একেলগে মিহলাই পটা বা গ্ৰাইণ্ডাৰত বটি লৈ এই মিশ্ৰণৰ পৰা আধা তোলা পৰিমাণত খালে পেটৰ যন্ত্ৰণাৰ পৰা আশু আৰোগ্য পোৱা যায়।

*তেতেলী গছৰ চাল পুৰি তাৰ বগা ছাই সংগ্ৰহ কৰি ৰাখক। এই ছাই দুই গ্ৰাম পৰিমাণত পৰিষ্কাৰ পানীৰ লগত মিহলাই খালে অম্লৰোগ নিৰাময় হয়।

*মাটিৰ পাত্ৰ এটাত সমান পৰিমাণৰ আকণৰ পাত আৰু সৈন্ধৱ লৱণ লৈ পাত্ৰটোৰ মুখখন ভালদৰে মাটিৰ আন এটা পাত্ৰৰে বন্ধ কৰি জুইৰ ওপৰত ৰাখক। কিছু সময়ৰ পিছত পাত্ৰটোৰ ভিতৰত থকা আকণ পাত আৰু সৈন্ধৱ লৱণ একেলগে ছাই হৈ পৰিব। এই ছালৰ মাত্ৰ দুই গ্ৰাম পৰিমাণত লৈ পানীত গুলি খাওক।

*অম্লৰোগতো ৰোগীয়ে একাদশী তিথিত উপবাস আৰু পূৰ্ণিমা অমাৱস্যা তিথিত নিশিপালন কৰিলে অম্লৰোগ নিৰাময় হয়।

পাতল পায়খানা:

সাধাৰণতে খাদ্যৰ দোষত মানুহৰ পাতল বা পনীয়া পায়খানা হয়। য’তে ত’তে পানী খালে দূষিত পানীৰ যোগেদিও এই ৰোগ বিয়পিব পাৰে। খোৱা পানী পৰিশোধন নকৰাকৈ প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰি পোনে পোনে খালে আৰু বাহিৰৰ অপৰিষ্কাৰ হোটেল, ৰেষ্টুৰেন্টত প্ৰস্তুত কৰা খাদ্য, ভালদৰে ধুই চফা নকৰা বাচনত খালেও এই ৰোগ হ’ব পাৰে। সেয়ে খোৱাপানী অতি কমেও বিছ মিনিট সময় ভালদৰে উতলাই ঠাণ্ডা কৰি খাব লাগে। ক’ৰবালৈ যাবলগীয়া হ’লে য’তে ত’তে আহাৰ গ্ৰহণ কৰাটোও এই ৰোগৰ কাৰক হ’ব পাৰে। এই ৰোগ সাধাৰণতে গৰমৰ দিনত বেছিকৈ হয় আৰু এই ৰোগ হ’লে সঘনাই পনীয়া পায়খানা হোৱাৰ কাৰণে ৰোগীৰ শৰীৰ নিৰ্জলা হৈ পৰাৰ সম্ভাৱনা থাকে।

ঘৰুৱা দিহা -

*১০০ গ্ৰাম চাউল বা দুখন হাতেৰে বনোৱা ৰুটি কেৰাহিত ভালকৈ ভাজি পিছত দুচামুচ জিৰা গুটি মিহলাই ক’লা হৈ যোৱাকৈ ভাজি লওক। পিছত দুয়োটাকে পটাত বটি ভালদৰে গুড়ি কৰি লওক। এই গুড়ি দুচামুচ মাত্ৰাত লৈ পানীৰ সৈতে দিনটোত চাৰিবাৰ খাওক। পায়াখানা বন্ধ নোহোৱা পৰ্যন্ত এই গুড়ি খাই থাকক।

*কুমলীয়া কেঁচা বেল সৰু সৰু টুকুৰা কৰি কাটি ছাঁত ভালদৰে শুকুৱাই লওক। এই শুকান বেলক ‘বেল শুঠ’ বোলে। ভালদৰে শুকান হ’লে এই শুঠ ঢেঁকী বা উৰালত মিহিকৈ গুড়ি কৰি লওক। মিহি ছালনীৰে চালি গুড়িবোৰ টানকৈ সাঁফৰ মাৰি বটলত ভৰাই ৰাখক। পনীয়া শৌচ বা ডায়েৰিয়া হোৱা ৰোগীক বয়স অনুযায়ী এই গুড়ি বেলেগ বেলেগ মাত্ৰাত খুৱাব লাগে। অৰ্থাৎ ৬ মাহৰ পৰা এবছৰ বয়সৰ শিশুক ১২৫ মিলিগ্ৰামৰ পৰা ১.৫ গ্ৰাম আৰু প্ৰাপ্তবয়স্ক লোকৰ কাৰণে ১৬ গ্ৰাম পৰ্যন্ত দুবাৰত ভাগ কৰি দিনটোত পানীৰ লগত মিহলাই খুৱাব। এই ব্যৱস্থা গ্ৰহণ কৰিলে পনীয়া পায়খানা একেদিনাই বন্ধ হ’ব।

*শুকানকৈ ভজা জিৰা আৰু শিমলু গছৰ আঠা (মোচৰস) সমান পৰিমাণত লৈ গুড়ি কৰি লওক। এই গুড়ি ৬ মাহৰ পৰা এবছৰীয়া শিশুক ১২৫ মিলিগ্ৰামৰ পৰা ১.৫ গ্ৰাম, ৫ বছৰৰ পৰা ১৬ বয়সলৈ ৬ গ্ৰামৰ পৰা ১৬ গ্ৰাম আৰু প্ৰাপ্তবয়স্ক লোকক ১৬ গ্ৰাম পৰিমাণত দিনটোত দুবাৰ ভাগ কৰি খুৱালে পাতল পায়খানা বন্ধ হ’ব।

*কাঁইটীয়া খুতুৰাৰ (হাতীখুতুৰা) ৪ ডোখৰ শিপাৰ (৪ ইঞ্চিলৈ দীঘল) লগত ৪-৫ টা জালুকৰ সৈতে বটি লৈ জিৰা তিওৱা পানী মিহলাই (এচামুচ) দিনে দুবাৰকৈ একেৰাহে সাতদিন খালী পেটত খুৱাই থাকিলে পনীয়া শৌচ বন্ধ হয়।

*ডালিমৰ বাকলিৰ গুড়ি একৰ পৰা ৩ গ্ৰাম মাত্ৰাত মৌ লগত মিহলাই দিনে দুবাৰকৈ খুৱাই থাকিলে  সাতদিনত এই ৰোগ সম্পূৰ্ণ নিৰাময় হ’ব।

পনীয়া পায়খানা হৈ থকাৰ সময়ত বা ঔষধ সেৱন কৰি থকাৰ সময়ত ঘৰত নিমখ আৰু চেনি মিহলি কৰি পানীৰ বটলত ভৰাই ৰাখিব। এই পানী ৰোগীৰ সঘনাই খাবলৈ দি থাকিব। নিমখ-চেনি মিহলি পানী প্ৰস্তুত কৰাৰ বিধি-

এগিলাছ বা ২০০ মিলিলিটাৰ পানী ভালদৰে উতলাই ঠাণ্ডা কৰি তাত এচামুচ চেনি আৰু এচিকুট নিমখ (০.১ গ্ৰাম) মিহলাই ল’লে নিমখ-চেনিৰ চৰবৎ প্ৰস্তুত হৈ যায়।

পথ্য:

কাচকল সিদ্ধ, চিৰা, আখৈৰ মগু, ডাবৰ পানী, মচুৰ দাইল সিজোৱা পানী, ডিমৰু আদি ৰোগীক খাবলৈ দিব।

গ্ৰহণী:

গ্ৰহণী ৰোগো পাতল পনীয়া পায়খানাৰ দৰে এক অতি কষ্টকৰ ৰোগ। খাদ্য আৰু পানীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ ফলতে এই ৰোগ হয়। এই ৰোগ হ’লে খোৱা খাদ্য ভালদৰে হজম নহয় আৰু ৰোগীৰ সঘন পায়খানাৰ লগত শাঁও পৰে।

ঘৰুৱা দিহা:

*মানিমুনি পাতৰ ৰস দুচুমাচ, দুপৰটেঙা বা পাতেগজা গছৰ পাতৰ ৰস দুচামুচ, দুবৰি বনৰ ৰস দুচামুচ, আদাৰ ৰস এচামুচ মিহলাই দিনে তিনিবাৰকৈ, একেৰাহে এসপ্তাহ ধৰি খাই থাকিলে এই ৰোগ  সম্পূৰ্ণৰূপে নিৰাময় হয়।

*বগা ডেৰেণা বা ভোটএৰাৰ গছৰ আঠা ৪-৫ টোপাল এটা বাতাচাত লগাই পুৱা খালী পেটত খাই থাকিলে তিনিদিনতে এই ৰোগ আৰোগ্য হয়।

*কাঁইটীয়া খুতুৰাৰ শিপা (৪-৫ ইঞ্চি), ৪-৫ টা জালুকৰ সৈতে বটি প্ৰতিদিনে পুৱা খালী পেটত একেৰাহে দুসপ্তাহ খাই থাকিলে এই ৰোগ আৰোগ্য হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate