অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইতাৰ দিহা :

আইতাৰ দিহা :

 

গৰম বস্তুৱে পুৰিলে:

জুয়ে অথবা গৰম পানী বা অন্য জুলীয়া দ্ৰব্যই পুৰিলে, পোৰা অংশটোত প্ৰচণ্ড যন্ত্ৰণা হয়। পিছলৈ পোৰা অংশটো ভমভমায় আৰু পানীজোলা বান্ধি ফুলি উঠে।

বেছিকৈ পুৰিলে ছালখন উঠি গৈ ভিতৰৰ মঙহ ওলাই যন্ত্ৰণা তীব্ৰতৰ হয়। জুই অথবা অন্য গৰম বস্তুৱে পুৰিলে পোৰা অংশৰ যন্ত্ৰণা শাম নকটা পৰ্যন্ত ঠাইডোখৰত ঠাণ্ডা পানী ঢালি থাকিব।

পোৰা ওপৰতহে পোৰা অংশ কিমান বহুল বা কিমান গভীৰ, তাৰ ওপৰতহে পোৰা অংশৰ চিকিৎসা নিৰ্ভৰ কৰিব।

যদি বেছি বহল আৰু বেছি গভীৰলৈকে পুৰিছে, তেনেহ’লে তৎক্ষনাত ডাক্তৰৰ ওচৰলৈ খাওক।

কিন্তু সামান্যভাৱে পুৰিলে, অৰ্থাৎ গৰম পানী, গৰম চাহ, গৰম গাখীৰ আদি বস্তুৱে পুৰিলে তলত দিয়া দিহাবোৰ মানি চলক।

ঘৰুৱা দিহা:

*ডালিমৰ পাত বটি পোৰা অংশত লেপ দিলে, পোৰণিৰ যন্ত্ৰণা কমে।

*যদি কেনেবাকৈ হাতৰ তলুৱা পোৰে, তেনেহ’লে ১০-১৫ মিনিট সময় বৰফৰ টুকুৰা পোৰা অংশ সানি থাকক।

এই ব্যৱস্থাই পোৰণিৰ লগতে পোৰা অংশ উখহি উঠা, পানী জোলা বন্ধা বা পিছলৈ দাগ লৰৈ যোৱা আদিও নাইকিয়া কৰে।

*পোৰা অংশত পকা কল এটা পিটিকি সানি থলে পোৰণিৰ যন্ত্ৰণা কমে আৰু পানী জোলাও নাবান্ধে।

*মৰিচা শাকৰ পাত দূবৰি বন মিহলাই বটি পোৰা অংশত মলমৰ দৰে সানি থলে, পোৰণি কম হয় আৰু পানীজোলা নাবান্ধে।

*জেতুকা পাত এমুঠি ভালদৰে ধুই লৈ পানী বা মিঠাতেলৰ লগতে বটি পোৰা অংশত লেপ দি থলে পোৰণি নাইকিয়া হয়।

*শৰীৰৰ হাত-ভৰি আদি মুকলি অংশত পুৰিলে তৎক্ষণাত পকা বিলাহী চকল চকলকৈ কাটি পোৰা অংশত লগাই থওক।

টুকুৰাবোৰ শুকাই নোযোৱালৈকে লগাই থওক। পোৰণি নাইকিয়া হ’ব।

*টাৰ্পিন তেল আৰু কৰ্পূৰ সমান পৰিমাণত মিহলাই পোৰা অংশত লগালে তৎক্ষণাত পোৰাৰ যন্ত্ৰণা নিৰাময় হয়।

*কেঁচা আলু এটি বটি লৈ পোৰা অংশত মলমৰ দৰে সানি থ’লে জ্বলা-পোৰাৰ যন্ত্ৰণা নাইকিয়া হয়।

*পোৰা অংশত কেঁচা হালধি বটি লেপ দি শুকাবলৈ দিয়ক।

শুকাই যোৱাৰ পিছত পোৰা অংশ ধুই পুনৰ একেদৰে লেপ দিয়ক। এনেদৰে বাৰে বাৰে লগাই থাকিলে পোৰণিৰ যন্ত্ৰণা নাইকিয়া হয়।

*পোৰা অংশত বিশুদ্ধ মৌৰ লেপ দি থলে পানীজোলা নুঠে আৰু ঘা হ’লেও সোনকালে শুকাই যাব।

*বৰগছৰ কুমলীয়া পাত এমুঠি বিশুদ্ধ গৰুৰ ঘিউৰ লগত বটি লৈ পোৰা ঘাত লগালে পোৰণি নাইকিয়া হয় আৰু ঘাও সোনাকালে শুকায়।

*তিচি তেলৰ লগত নাৰিকলৰ পানী মিহলাই উতলাই ঠাণ্ডা কৰি বটলত ভৰাই ৰাখক।

এই মিশ্ৰণ পোৰা অংশত লগাই থাকিলে সোনকালেই পোৰণি নাইকিয়া হয়।

*তেতেলিৰ গছ বা ডাল পুৰি তাৰ ছাই নাৰিকলৰ তেলৰ লগত মিহলাই পোৰা ঘাত লগাই থাকিলে পোৰা ঘা সোনকালে শুকায়।

*শৰীৰৰ কোনো অংগ পুৰিলে ঘাডোখৰ শুকুৱাৰ পিছত বগা দাগ এটা দীৰ্ঘদিনৰ কাৰণে ৰৈ যায়। এনে দাগ দেখাত বৰ আপচু যেন লাগে।

মৌজোলত কপাহ তিয়াই সেই দাগৰ ওপৰত বান্ধি ৰাখিলে কিছুদিনৰ ভিতৰতে বগা দাগ নাইকিয়া হৈ ছালৰ স্বাভাৱিক ৰং ধৰিব।

*চালকুঁৱৰীৰ পাতৰ শাহ পোৰা অংশত লগালে লগে লগে আৰাম পোৱা যায়।

*আঁহত গছৰ চাল শুকুৱাই মিহিকৈ বটি গুড়িবোৰ বটল এটাত ভৰাই সাঁফৰ মাৰি থওক। এই গুড়ি যিকোনো পোৰা ঘাত ছটিয়াই থলে সোনকালে ঘা শুকায়।

*ছাল জ্বলি গ’লে সেই অংশত তৎক্ষণাত পোৰণি উঠে। এই যন্ত্ৰণা নাইকিয়া কৰিবৰ কাৰণে কণী এটাৰ বগা অংশ পোৰা ছালত সানি দিয়ক আৰু কিছু সময় শুকাবলৈ দিয়ক। বিষ কমি যোৱাৰ পিছত ঠাইডোখৰত দাগ ৰৈ নেযাবলৈ কেবাবাৰো কণীৰ বগা বীজল সানি থাকিব।

*মৌৰ লগত লং বটি পোৰা অংশত লগালে পোৰা অংশত ঘা নহয় আৰু তাত পোৰণিৰ যন্ত্ৰণাও নহয়।

*কেৰেলা বটি তাৰ ৰস উলিয়াই কপাহত তিয়াই পোৰা অংশত লগাই থাকিলে পোৰণি কম হয়।

*বগৰীৰ কুমলীয়া পাত এমুঠি ভালদৰে ধুই দৈৰ সৈতে বটি লগালে পোৰা ঘাৰ চিন-মোকামেই নাথাকে।

*পোৰা অংশত যিকোনো টুথপেষ্ট সানি শুকাবলৈ দিয়ক। পোৰণি নাইকিয়া হ’ব আৰু পানীজোলা নুঠে।

মেদবহুলতা:

*বগৰীৰ পাত,

*ডালিমৰ ফুলৰ কলি,

*অমৰলতা(সিদ্ধিলতা),

*এৰা গছৰ শিপা আৰু ঢাকি(Butea frondosa) গছৰ ফুল, প্ৰত্যেকৰে এক গ্ৰাম পৰিমাণত লৈ ১০০ মিঃলিঃ পানীত বটি লওক।

পিছত তাৰ লগত মিচিৰি মিহলাই খাওক। একেৰাহে এমাহমান খাই থাকিলে মেদবহুলতা হ্ৰাস পাব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate