মানৱ জীৱনৰ বিভিন্ন স্তৰত টোপনিৰ পৰিমাণ বিভিন্ন হয়। এই বিষয়টো আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল শ্লীপ ফাউণ্ডেছন নামৰ সংস্থাটোৱে কৰা গৱেষণাত প্ৰকাশ পাইছে। বেছিভাগ লোকৰ মুখতেই শুনা যায় যে তেওঁৰ পৰ্য্যাপ্ত টোপনি হোৱা নাই। কিন্তু এই পৰ্য্যাপ্ত শব্দটোৰ পৰিমাণ কিমান? উক্ত গৱেষণাত এই প্ৰশ্নৰ উত্তৰ পোৱা গৈছে যে টোপনিৰ পৰ্য্যাপ্ত পৰিমাণ নিৰ্ভৰ কৰে ব্যক্তিৰ বয়সৰ ওপৰত। নিয়মিত টোপনিৰ সময়ত ব্যাঘাত বিভিন্ন ধৰণৰ মাদক দ্ৰব্য আৰু উত্তেজক দ্ৰব্য সেৱন কফি বা যিকোনো শক্তিবৰ্ধক পানীয় গ্ৰহণ, এলাৰ্ম ঘড়ী বা শুৱাৰ সময়ত পোহৰ থকা নথকা এই সকলোবোৰেই আমাৰ স্বাভাৱিক টোপনিৰ ব্যৱস্থাটোক প্ৰভাৱিত কৰে। উক্ত ফাউণ্ডেছনে এইটো ব্যক্ত কৰিছে যে প্ৰতিজন ব্যক্তিৰ জীৱন শৈলীয়েও টোপনিক প্ৰভাৱিত কৰে আৰু টোপনিৰ চাহিদা কম বেছি হ’ব পাৰে। তলত বয়স অনুসৰি টোপনিৰ চাহিদাৰ পৰিমাণ উল্লেখ কৰা হ’ল:
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 7/20/2020
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসমৰ জাতীয় জীৱনত হুঁচৰি গীতৰ তাৎপৰ্য
অসমীয়া লোকগীতত শ্ৰীকৃষ্ণ
অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান