আপোনাৰ খোৱা বস্তু হজম হোৱা নাই নেকি?
আমি সদায়ে খাই হজম কৰা খাদ্য দ্ৰব্যয়ো কেতিয়াবা কিবা কাৰণত হজম নহৈ মনত অশান্তি দিয়ে। তেনেকুৱা অৱস্থাত এনেদৰে ব্যৱস্থা লওঁক-
- কেতিয়াবা মুখৰ জুতিৰ কাৰণে বেছি বস্তু খোৱা হয়। তেনে এবিধ বস্তু হ’ল মিঠাই জাতীয় বস্তু। মিঠাই খাই অজীৰ্ণ হ’লে কেইটামান লং চোবাই পানী খাই দিলে ভাল পোৱা যায়।
- বগৰী খাই যদি আপোনাৰ হজম হোৱা নাই গৰম পানী খাই দিয়ক।
- সৈন্ধৱ লৱণ খাওঁক যদি খিচিৰি খাই আপোনাৰ অজীৰ্ণ হৈছে।
- তেল খাই অজীৰ্ণ হ’লে ছাছিপান খাওঁক।
- আপুনি পিঠা আৰু ঘিউত বনোৱা বস্তু বেছি খাইছে নেকি? সেইবোৰ খাই হজম হোৱা নাই নেকি? তেনেহ’লে গৰম পানীত নেমুৰ ৰস পেলাই খাওঁক। সোনকালে হজম হ’ব।
- যদি কল খাই অজীৰ্ণ হৈছে সৈন্ধৱ লৱণ খাওঁক।
- কেতিয়াবা কঁঠাল খাই হজম হোৱা নাই যদি এটা কল বা কঁঠাল গুটি এটি চোবাই খাওঁক।
- কমলা খাই হজম নহ’লে গুড় অলপ খাই দিয়ক। আৰাম পাব।
- শাক খাই অজীৰ্ণ হ’লে সৰিয়হৰ গুড়ি খাওঁক। সোনকালে হজম হ’ব।
- জ্বলা খাই অজীৰ্ণ হ’লে মিঠাতেল খাওঁক। দ্ৰুতগতিত আৰাম পাব।
- চাউল কেইটামান চোবাই খাওঁক যদি নাৰিকল খাই আপোনাৰ হজম হোৱা নাই।
- পেটত হজম শক্তি কমিলে আজিকালি সহজতে বজাৰত পোৱা হজ মোলাৰ বড়ি ব্যৱহাৰ কৰিব পাৰে।
- চৰ্বি জাতীয় অৰ্থাৎ মাংস আদি খাই হজম নহ’লে নেমুৰ ৰস খাই দিয়ক। আৰাম পাব।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.