অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপুনি বুঢ়া হোৱাত পলম কৰি দিব নেকি খোজে নেকি?

আপুনি বুঢ়া হোৱাত পলম কৰি দিব নেকি খোজে নেকি?

 

নে একেবাৰ বুঢ়া নোহোৱাকৈয়ে থাকিব খোজে?

 

আমি যে বুঢ়া হওঁ আৰু মৰোঁ সেইটো এটা দৰকাৰী কথাও। অকল নতুন প্রজন্মৰ চাল-চলন, কথা-বতৰা, আচাৰ-ব্যৱহাৰ দেখি অতিষ্ঠ হৈ পৰা বাবেই আমাৰ নাটক সামৰাৰ প্রয়োজন নহয়, মানুহৰ (আৰু অন্য জীৱৰো) জীৱন শেষ হোৱাটো বিৱৰ্তনৰ ফালৰ পৰাও প্রয়োজনীয়।

আমাৰ বয়োবৃদ্ধি আৰু মৃত্যু যে এৰাব নোৱৰা কথা সেই বিষয়ে বিৱৰ্তন বিষয়ৰ তাত্বিকসকলে এতিয়া ভালদৰে বুজি পাইছে। তেওঁলোকৰ মতে আমি বুঢ়া হোৱা আৰু মৰাৰ তিনিটা প্রধান কাৰণ আছে। সেইবোৰ হ’ল—

(১) ভাল বস্তু বাছোতে অহা দুর্বলতা: এই ধাৰণাটো প্রথম আগবঢ়োৱা হৈছিল ১৯৫০ৰ দশকটোতে। এই তত্ত্ব মতে প্ৰাকৃতিক নিৰ্বাচন ডেকা মানুহৰ ক্ষেত্ৰত অধিক কার্যদক্ষ। আমাৰ দেহত কোষ বিভাজনৰ ভুল-ত্রুটি বা উৎপৰিৱৰ্তনৰ (mutations) ফলত হোৱা অনিষ্টকাৰী কোষবোৰ দেহৰ পৰা বাহিৰ কৰি দিয়া কামটোত ডেকা শৰীৰ এটা যিমান ভাল, বুঢ়া শৰীৰ এটা সিমান ভাল নহয়। তাৰ ফলত এনে কোষবোৰে বুঢ়া শৰীৰটোৰ অনিষ্ট কৰিবলৈ ধৰে।

(২) একে দেহকোষৰে বেলেগ বেলেগ আচৰণ: শৰীৰৰ কোষ বিভাজনৰ সময়ত উৎপন্ন হোৱা নতুন গুণবিশিষ্ট কোষ কিছুমানে কম বয়সীয়া শৰীৰটোৰ উপকাৰ কৰিলেও, বয়সীয়া শৰীৰটোত অপকাৰহে কৰে। ফলত বুঢ়া হৈ অহাৰ লগে লগে জীৱনটোৰ অৱক্ষয়ো ঘটি গৈ থাকে।

(৩) নতুন প্রজন্মৰ প্ৰতি প্রীতি: জীৱবোৰৰ শৰীৰত সীমিত পৰিমাণৰ হে শক্তি থকা বাবে পুৰণা শৰীৰ এটা মেৰামত কৰি থকাতকৈ নতুন প্রজন্মৰ জননৰ ওপৰতহে অধিক গুৰুত্ব (প্রাকৃতিকভাৱে) আহি পৰে। নতুন প্রজন্মৰ ফালে সম্পদ খৰচ কৰাৰ বা জমা কৰাৰ এই প্ৰবৃত্তিৰ বাবে পুৰণি দেহবোৰ উৱলি যাবলৈ ধৰে।

অমৰ হোৱাৰ অসুবিধা-

 

কিন্তু সকলো জানি-শুনিও আপুনি অমৰ হ’ব খোজে নেকি ?

সেইটো পিছে বৰ সুবিধাজনক কথা বুলিব নোৱাৰি। ভালদৰে কথাবোৰ গমি-পিটি চালে আপুনি "খাবহে ' খুজিব যেন লাগে। সেইবাবে অমৰ হোৱাৰ বৰ মাগিব খুজিছে যদি অলপ সাৱধান হওক। সদায় বা সুদীর্ঘদিন জীয়াই থাকিলে আপুনি যে অকল পৰিয়াল-পৰিজন, বন্ধু-বান্ধৱবিহীন জীৱন এটাহে কটাব লাগিব সেইটো নহয়, তাৰ লগতে আপুনি বাঢ়ি অহা বয়সৰ সমস্ত অসুবিধাৰো সন্মুখীন হ’ব লাগিব। ছাল শোটোৰা-শোটোৰ দিয়া বা গালে-মুখে বয়স নামৰ অসুৰ এটাই দিয়া আঁচোৰবোৰৰ কথাতে থাকিবই, তাৰ উপৰি আপোনাৰ শৰীৰ-মনত তেতিয়া বয়সৰ লগত অহা বহুতো ৰোগেও বাহ ল’ব।

যিমানে বয়স হ'ব, সিমানেই আপোনাক কেন্সাৰ, হাৰ্টৰ অসুখ, এলঝেইমাৰৰ ৰোগ (সেই যে কথাবোৰ পাহৰি যোৱা আৰু মানুহক চিনি নোপোৱা হোৱা ৰোগ), আৰু অন্য বয়সৰ ৰোগে পীড়া কৰিবলৈ ধৰাৰ সম্ভাৱনা বাঢ়ি গৈ থাকিব। ইতিমধ্যে আমাৰ অসংক্রম্যতা তন্ত্ৰ দুর্বল হৈ অহা বাবে নানা সংক্রমণে আমাক আক্রমণ কৰিব। কাক বাৰু তেনে এক হাজাৰ হাজাৰ বছৰীয়া জীৱন লাগে?

কিন্তু আপুনি যদি বৰ দীঘলীয়া জীৱন এটাও পালে আৰু শেষলৈকে সি স্বাস্থ্যৱান জীৱনো হৈ থাকিল। তেনে জীৱন বহুতকে লাগিব পাৰে। বিজ্ঞানীসকলে এনে জীৱনৰ বাবে দীৰ্ঘকালজুৰি চেষ্টা চলাই আহিছিল। এতিয়া তেওঁলোকে যেন তাৰ সন্ধান পাইছে।

এই আবিষ্কাৰৰ পিছত এতিয়া এনে লোভনীয় সম্ভাবনা দেখা গৈছে যে আমি যেন বয়সৰ লগত জড়িত সকলো ৰোগকে একেটা টিলিকতে উৰুৱাই দিব পাৰিম। আমেৰিকাৰ কেলিফৰ্নিয়াৰ নভেটোৰ বাক ইনষ্টিটিউট অৱ ৰিছাৰ্চ অন এজিঙৰ গৱেষিকা জুডিথ কেম্পিছিয়ে (Judith campisi) কৈছে— ‘সেইটোৱেই সপোন আছিল।  ই চিকিৎসা বিজ্ঞান চলোৱাৰ প্রক্রিয়াটোকে সলাই দিব যেন লাগি গৈছে’। এতিয়া এনে দেখা গৈছে যে হৃদপিণ্ডৰ ৰোগ, কেন্সাৰ বা পাহৰণিৰ ৰোগৰ বাবে বেলেগ বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা লোৱাৰ সলনি সোনকালেই এদিন ৰোগীয়ে একেজন মাত্র চিকিৎসকক দেখুৱাই এক সামগ্রিক চিকিৎসা ল’ব পাৰিব। আৰু চিকিৎসাই বা কিয় ল’ব লাগে, তেনে এক সামগ্রিক তন্ত্ৰৰে একেজন চিকিৎসকে মানুহজনক ৰোগে আক্রমণ কৰাৰ বিৰুদ্ধে প্রতিষেধক ব্যৱস্থাই দিব পাৰিব।

কিন্তু এইবোৰ কথাৰ দাৰ্শনিক আৰু ব্যৱহাৰিক দিশো আছে। বয়োবৃদ্ধি কথাটো ৰোগ বুলি বিবেচনা কৰিব লাগেনে, আৰু তাক ঔষধ আৰু চিকিৎসাৰে নোহোৱা কৰি দিয়াৰ কথা ভাবিব লাগেনে? আমি যদি আমাৰ সু-স্বাস্থ্যৰ কালছোৱা বঢ়াই দিব পাৰোঁ, তেনেহ’লে আমি দীৰ্ঘদিন জীয়ায়ো থাকিম নেকি? তাৰ ফলত ব্যক্তি আৰু সমাজৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব? আৰু তেনে সু-স্বাস্থ্যৰ পিছত আমাৰ এদিন কিহৰ বাবে মৃত্যু হ’ব ? নে দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাহিৰে মৃত্যু হোৱাৰ কোনো কাৰণেই নাথাকিব?

কোষৰ বিশেষ বৃদ্ধাৱস্থা-

 

এনে অসম্ভৱ যেন লগা অমৰত্ব বা প্রায়-অমৰত্বৰ বাবে মূল চাবিকাঠী হ'ল পুৰণা, ভাগি-ছিগি যোৱা কোষবোৰক লক্ষ্য কৰি লোৱাটো। আমাৰ নতুন অংগবোৰত আগৰ বিনষ্ট হোৱা চুবুৰীয়া কোষবোৰৰ ঠাইত বিভাজিত হোৱা নতুন কোষ ভৰি থাকে। কিন্তু প্রত্যেকটো কোষ মাত্ৰ কেইবাৰমানহে বিভাজিত হয়। তাৰ পিছত সেই কোষবোৰ মৰি নগৈ এক বিশেষ বৃদ্ধাৱস্থা (Seinescence) প্রাপ্ত হ’ব পাৰে। তেতিয়া সেইবোৰ ডাঙৰ আৰু আগতকৈ চেপেটা হৈ পৰে আৰু সিহঁতৰ ভিতৰত ৰাসায়নিক পৰিৱর্তন হয়। কোষবোৰৰ বিপাকৰ সময়ত মুক্ত হোৱা প্ৰতিক্ৰিয়াশীল ৰসায়নযুক্ত মূলকৰ দ্বাৰা (Free radicals) বিনষ্ট কোষবোৰৰো সেই একে অৱস্থাই হয়। গৱেষিকা কেম্পিছিৰ মতে আমাৰ বয়স হৈ অহাৰ লগে লগে এনে বিশেষ বৃদ্ধাৱস্থাপ্রাপ্ত কোষ শৰীৰটোত গোট খাবলৈ আৰম্ভ কৰে। "আমি চোৱা প্রত্যেক অংগতে আমি এই কোষবোৰ দেখা পাইছো।"

কেইবছৰমান আগলৈকে গৱেষকসকলে এই কোষবোৰেনো কি কাম কৰে সেই বিষয়ে বিশেষ একো জনা নাছিল। এতিয়া তেওঁলোক নিশ্চিত হৈছে যে এই কোষবোৰে আমাৰ বয়োবৃদ্ধিত বিশেষ ভূমিকা গ্রহণ কৰে।

এই বিশেষ বৃদ্ধিাৱস্থাপ্রাপ্ত কোষবোৰ বিভাজিত হ’ব নোৱাৰে যদিও সিহঁতে কিন্তু প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু অন্য ৰসায়ন বাহিৰ উলিয়াই দিয়ে। এইবোৰে দেহৰ নানা ঠাই ফুলাই দিয়ে। সেইটো হ’ল শৰীৰ ৰোগৰোধী তন্ত্ৰ বা অসংক্ৰম্যতা তন্ত্ৰৰ সঁহাৰি। এই কামত স্বাস্থ্যৱান কোষো বিনষ্ট হয়।

আমাৰ বয়স হৈ অহাৰ লগে লগে এনে বিশেষ বৃদ্ধৱস্থাপ্রাপ্ত কোষৰ সংখ্যা বাঢ়ি আহে। ফলত আমাৰ শৰীৰত স্ফীতি আৰু পোৰণ হোৱাটো এক সদায় হৈ থকা বা সদায় চলি থকা ৰোগ হৈ পৰে। বয়সৰ লগত সম্বন্ধ থকা প্রায় সকলো ৰোগৰে স্ফীতি আৰু পোৰণি লগৰীয়া যদিও, এতিয়া গৱেষকসকলে এই স্ফীতি আক পোৰণৰ গ্ল’ক’মা, মাংসপেশী নষ্ট হৈ যোৱা আৰু কেটাৰেক্টৰ লগতো সম্পর্ক বিচাৰি পাইছে। আনকি এলঝেইমাৰৰ ৰোগ, পাৰ্কিনছনৰ ৰোগ, অষ্টিঅ'প'ৰ'ছিছ, আৰ্থ্ৰাইটিছ, হৃদযন্ত্র বিকল হোৱা, উচ্চ ৰক্তচাপ, কেন্সাৰ আৰু হাঁওফাও, যকৃৎ, বৃক্ক আৰু ছালৰ ৰোগৰ লগতো স্ফীতি আৰু প্রদাহৰ সম্বন্ধ, বা তাৰ মূলতে থকা বিশেষ বৃদ্ধাৱস্থাপ্রাপ্ত কোষৰ প্রভাৱ বিচাৰি পাইছে।

সকলো অনৰ্থৰ মূল যদি এই বিশেষ বৃদ্ধাৱস্থাপ্রাপ্ত কোষবোৰেই, তেনেহ’লে আমি সিহঁতৰ পৰা নিস্তাৰ বাবে বা সিহঁতক শৰীৰৰ পৰা বাহিৰ কৰি দিব বা নষ্ট কৰি পেলাব নোৱাৰোঁ নেকি? আমেৰিকাৰ (Darren Baker) ঠিক সেই কামটো কৰিবলৈয়ে আগবাঢ়িছে। তেওঁ আৰু তেওঁৰ সহযোগীসকলে নিগনিৰ কোষবোৰ এনে ধৰণে বিশেষ কৰি বা ইঞ্জিনিয়াৰিং কৰি লৈছে যে সেই বিশেষ বৃদ্ধাস্থাপ্রাপ্ত কোষবোৰত একোটা চিনাক্তকৰণ চিন পৰিছে আৰু তাৰ ফলত সেই কোষবোৰ ধ্বংস কৰি পেলাব পৰা হৈছে। এই কামৰ কাৰণে নির্দিষ্ট কোষ ধ্বংসকাৰী ঔষধ ব্যৱহাৰ কৰা হৈছে।

মানুহৰ বয়োবৃদ্ধিৰ গতিৰোধক-

 

গৱেষক দলটোৱে সেই নিগনিবোৰক তিনি সপ্তাহ বয়সৰ পৰা সেই ঔষধবোৰ দি দেখিছে যে সিহঁতৰ পিঠিত হোৱা কুঁজ আৰু চকুৰ কেটাৰেক্ট নোহোৱাকৈ ৰাখিব পাৰি। তদুপৰি সেই নিগনিবোৰ একে বয়সৰ অন্য নিগনিৰ তুলনাত কম বয়সীয়া যেন দেখা হৈ আছিল। সিহঁতৰ শৰীৰ অধিক বলিষ্ঠ যেন দেখা গৈছিল আৰু সিহঁতৰ ছাল টনটনীয়া, আৰু শোটেৰা-শোটোৰ নিদিয়া আছিল।

বেকাৰৰ গৱেষক গোটটোৱে আনকি এইটোও লক্ষ্য কৰিলে যে ইতিমধ্যে বয়োবৃদ্ধিৰ লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰা নিগনিৰ ক্ষেত্ৰতো এনে ঔষধ ব্যৱহাৰ কৰি ভাল ফল দেখা গৈছে।

কিন্তু নিগনিৰ ক্ষেত্ৰত বয়োবৃদ্ধি মন্থৰ কৰি তোলাটো এটা কথা আৰু মানুহৰ ক্ষেত্রত বয়োবৃদ্ধি মন্থৰ কৰা বা একেবাৰে নোহোৱা কৰাটো আন এটা কথা। নিগনিৰ ক্ষেত্ৰত সিহঁতৰ বিশেষ বৃদ্ধাৱস্থাপ্ৰাপ্ত কোষবোৰত চিনাক্তকৰণৰ চিহ্ন দিবৰ বাবে সিহঁতক ইঞ্জিনিয়াৰিং কৰি সাল-সলনি কৰি লোৱা হৈছিল। মানুহক তেনেদৰে ইঞ্জিনিয়াৰিং কৰি ল’ব নোৱাৰি।

তেনেহ’লে অন্য কিবা উপায়ে মানুহৰ বিশেষ বৃদ্ধাৱস্থাপ্রাপ্ত কোষবোৰ পুনৰ বিভাজনক্ষম কৰি ল’ব পৰা যায় নেকি ? সেই কামো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই।

এতিয়ালৈকে বিজ্ঞানীসকলে এই কথাহে জানে যে বিশেষ বৃদ্ধাৱস্থা কোষবোৰ আকৌ আগৰ দৰে বিভাজনক্ষম কৰি তুলিব নোৱাৰি। কোষৰ এই বিশেষ বৃদ্ধাৱস্থা পুনৰ ঘূৰাই নিব নোৱাৰা বা অপৰিৱৰ্তনীয় অৱস্থা।

তেনেহ’লে আমাৰ বৃদ্ধাৱস্থা ৰোধ কৰিব বা ঘূৰাই নিব পৰাৰ কোনো সম্ভাৱনা নাই নেকি? বিজ্ঞানীসকলে এতিয়া তাৰ কিছু সম্ভাৱনা দেখা পাইছে।

সেই কথা জানিবৰ বাবে আপুনি আৰু দুসপ্তাহ ৰ’ব লাগিব। কোনো কথা নাই, বিজ্ঞানীসকলে আপোনাৰ সেই দুসপ্তাহৰ বয়োবৃদ্ধিও ঘূৰাই দিব পাৰিবই যেন লাগে।

লিখক: ড° দীনেশ চন্দ্ৰ গোস্বামী, পূৰ্বাচল।

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate