মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আপেলত লুকাই আছে মৃত্যুৰ ‘বীজ’ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপেলত লুকাই আছে মৃত্যুৰ ‘বীজ’ :

আপেলত লুকাই আছে মৃত্যুৰ ‘বীজ’ৰ বিষয়ে লিখা হৈছে ।

 

নিতৌ আপেল খালে চিকিৎসকৰ ওচৰ পাব নালাগে বুলি আমাৰ বহুতৰ মাজত এক ধাৰণা আছে।শৰীৰৰ বাবে অতি উপকাৰী এইবিধ ফল ৰোগ প্ৰতিৰোধক আৰু পুষ্টিকৰ।সুস্বাস্থ্য অটুট ৰখাত সহায় কৰে এই আপেলে।সেয়ে পুষ্টিগুণৰ বাবে আপেলক ফলৰ ভিতৰত উচ্চ স্থানত ৰাখিলেও ইয়াৰ বীজতে লুকাই আছে মাৰাত্মক বিষ।সেইবাবে আপেল খোৱাৰ সময়ত ইয়াত থকা বীজ আঁতৰাইহে খোৱাটো জৰুৰী।গৱেষকসকলৰ মতে আপেলৰ বীজত থাকে এমিগডেলিন(Amygdalin) ,যিয়ে আমাৰ শৰীৰত হজমত সহায় কৰা উৎসেচকৰ সংস্পৰ্শলৈ আহি ছায়ানাইড উৎপন্ন কৰে।এই ৰাসায়নিক দ্ৰব্যবিধে মগজুৰ অক্সিজেন প্ৰৱাহ বন্ধ কৰি দিব পাৰে,যাৰ বাবে মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ তথ্য অনুসৰি ৭০ কেজি ওজনৰ এজন পুৰ্ণবয়স্ক লোকৰ বাবে ১-২ মিলিগ্ৰাম ছায়ানাইডেই প্ৰাণঘাটি হ’ব পাৰে।এই পৰিমাণৰ ছায়ানাইডৰ বাবে এজন লোকে অন্তত:আপেলৰ দুশ গুটি নাইবা ২০ টা আপেল খাব লাগিব।মাৰ্কিন সংস্থা এজেঞ্চী ফৰ টক্সিক ছাবষ্টেন্সেছ এণ্ড ডিজিছ ৰেজিষ্ট্ৰিৰ তথ্য অনুসৰি খুব কম পৰিমাণৰ ছায়ানাইডো মাৰাত্মক হ’ব পাৰে।ইয়ে আমাৰ হাৰ্ট আৰু মগজু অচল কৰি পেলায়।ইয়াৰ উপৰি ছায়ানাইড শৰীৰত প্ৰৱেশ কৰিলে হাৰ্ট এটাক হোৱাৰ লগতে শ্বাসৰুদ্ধ হ’ব পাৰে।কম পৰিমাণে পেটত সোমালে মুৰৰ বিষ,বমি,পেটৰ বিষ,দুৰ্বল হৈ পৰিব পাৰে।আপেলৰ উপৰি,চেৰি,প্লাম আদিৰ গুটিতো ছায়ানাইড থাকে।সেয়েহে এইসমুহ ফলৰ গুটিও বিশেষজ্ঞসকলে পৰামৰ্শ গিলি পেলোৱাৰ খোৱাৰ পৰা বিৰত থাকিবলৈ দিছে।তেওঁলোকৰ মতে আপেলৰ গুটি ফলত খাদ্যনলী নাইবা পেটৰ সমস্যাত ভুগিব পাৰে।

উৎস: নিয়মীয়া বাৰ্তা

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top