অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এ চিৰ দোষগুণঃ

এ চিৰ দোষগুণঃ

ষাঠি-সত্তৰ দশকলৈ চৰকাৰী অফিচ, কোৰ্ট-কাছাৰী, ডাঙৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ ওপৰত ডাঙৰ ডাঙৰ কাপোৰেৰে তৈয়াৰী পাংখা ওলমি আছিল আৰু এইবোৰ হাতেৰে টানি চলাবলৈ মানুহ ৰাখিছিল। আমাৰ ঘৰবোৰত বাঁহৰ টকৌ পাতৰ বিছনীয়ে গৰমৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ আহিলা আছিল। বেছি গৰম পৰিলে ডাঙৰ গছৰ তলত জিৰণি লৈছিল। দুই-এক আঢ্যৱন্ত মানুহৰ ঘৰত দুই-এখন ফেন দেখা গৈছিল। বৰ্তমান আমি অতি আধুনিক জীৱন যাপন কৰিবলৈ অভ্যস্ত হৈ পৰিছো। এ চি বৰ্তমান অফিচ, কাছাৰী, অনুষ্ঠান-প্ৰতিষ্ঠানতে বহুলভাৱে ব্যৱহাৰ হৈছে। প্ৰায়বোৰ মধ্যবিত্ত পৰিয়ালে এতিয়া এ চি ব্যৱহাৰ কৰে। কলেজত বিজ্ঞান আশীৰ্বাদ নে অভিশাপ ৰচনাখনতে গম পাইছিলো বিজ্ঞানৰ আৱিষ্কাৰে আমাক বিভিন্ন ৰোগৰ পৰা মুক্তি দিয়া, আমাৰ দৈনন্দিন জীৱনৰ বহু কাম অতি সহজে সমাধান কৰি আমাৰ জীৱন আৰামেৰে জীয়াই থকাত সহায় কৰিছে। ইয়াৰ বিপৰীতে শাৰীৰিক শ্ৰম কৰা, খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ বাবে বিভিন্ন আধুনিক ৰোগৰো জন্ম হৈছে। সকলো বস্তুৰে দুটা দিশ থকাৰ দৰে এ চিৰো ভাল-বেয়া দুয়োটা দিশেই লাহে লাহে প্ৰকট হ’বলৈ ধৰিছে। কিন্তু আমাৰ সচেতনতাই আমাক ইয়াৰ পৰা মুক্ত কৰিব পাৰে। খুব বেছি গৰমৰ এটা ঋণাত্মক প্ৰভাৱ আছে, আমাৰ বুদ্ধি-বৃত্তি, শাৰীৰিক কৰ্মদক্ষতাৰ ওপৰত। এয়াৰ কণ্ডিচনিং ছিষ্টেমে ইয়াক পৰিশোধিত কৰে যাৰ বাবে আমি উন্নতৰ অৱস্থাৰ মাজেৰে যাব পাৰো।

এ চিৰ ভাল গুন-

 

-  কাম-কাজ অস্বস্তি নোহোৱাকৈ মনোযোগেৰে সম্পূৰ্ণ কৰাত সহায় কৰে। অৰ্থাৎ কামৰ লগে লগে বিশ্ৰাম বঢ়াৰ ফলত কামৰ উৎকৰ্ষ বৃদ্ধি কৰে।

-  শাৰীৰিক ক্ষমতা বৃদ্ধি, বিকাশজনিত ক্ষমতাৰ বৃদ্ধি হয়।

-  কম তাপমাত্ৰাৰ ফলত কীট-পতংগ পৰজীৱীৰ উপস্থিতি হ্ৰাস হয়।

-  ঘাম কম ওলায় বা একেবাৰে নহয়, সেয়েহে শাৰীৰিক শুষ্কতাৰ পৰিমাণ কম হয়।

-  পৰিমিত-পৰিশীলিত আৰু পৰিচৰ্যাৰ ফলত বাহিৰৰ পৰজীৱী কীটাণু, ৰেণু, ছটক বাহিৰ হৈ যায় বাবে বতাহ পৰিশোধিত হয়।

এ চিৰ বেয়া দোষঃ

 

-  তাপমাত্ৰা আৰু জলীয় বাষ্পৰ পৰিৱৰ্তনে আমাৰ শ্বাসতন্ত্ৰৰ আক্ৰমণ কৰিব পাৰে।

-  শৰীৰ ছাল-মিউকাছ মেমব্ৰেনত শুষ্কতা বঢ়ায়।

-  বতাহচালিত ধূলিকণা আৰু ছত্ৰাকে এলাৰ্জী সৃষ্টি কৰিব পাৰে।

-  হঠাতে নাকেৰে পানী ওলোৱা, গলত অসুবিধাৰ সৃষ্টি হোৱা হ’ব পাৰে।

- কণ্ঠস্বৰ গধুৰ হোৱা।

-  চকুৰ কনজাংটিভাইটিছ হ’ব পাৰে।

- চকুৰ শুষ্কতা কিছু লোকৰ হোৱা দেখা যায়।

-  যিসকলে কণ্টেকলেন্স ব্যৱহাৰ কৰে তেওঁলোকৰ চকুৰ অসুবিধা হ’ব পাৰে।

-মূৰৰ বিষ, মূৰ ঘূৰোৱা যেন অনুভৱ, অৱশ লগা ইত্যাদি হ’ব পাৰে।

-  কাপোৰেৰে আবৃত্ত নোহোৱা ঠাইত বিষ হ’ব পাৰে।

-  কিছু লোকৰ জইণ্ট পেইন হ’ব পাৰে।

সমাধানৰ উপায়ঃ

 

ৰোগ থাকিলে যেনেকৈ চিকিৎসা তথা সাৱধানতা অৱলম্বন কৰিবলৈ দিয়া হয়, ঠিক তেনেকৈ এ চিৰ অপকাৰৰ পৰা মুক্ত হ’বলৈ কিছু সাৱধানতা ল’ব পৰা যায়।

-  ঠাণ্ডাৰ দিনত এ চি বন্ধ থাকে, গৰমৰ দিনত এ চি চলোৱাৰ আগেয়ে এ চি মেকানিক মাতি আনি ভালদৰে চাফ-চিকুণ কৰিহে এ চি ব্যৱহাৰ কৰক।

- বৃত্তিগতভাৱে স্থাপন আৰু ৰক্ষণা-বেক্ষণ দৰকাৰ।

-  তাপমাত্ৰা ২১ ডিগ্ৰীৰ পৰা ২৫ ডিগ্ৰী ৰাখক।

-  বাষ্প মাত্ৰা ৬০ শতাংশৰ পৰা ৭০ শতাংশ হোৱা দৰকাৰ।

-  এলাৰ্জী থকা বা যিসকলে এলাৰ্জীত অনবৰতে ভোগে তেনে লোকৰ ক্ষেত্ৰত High Efficiency Particulate Air (HEPA) ফিল্টাৰ ব্যৱহাৰ কৰা উচিত।

-  HEPA ফিল্টাৰ এবাৰেই ব্যৱহাৰ হয়। ইয়াৰ কণা দূৰীকৰণ ক্ষমতা নূন্যতমভাৱে (Minimum Particulate Removal Efficiency) ৭৯৯.৯৭ শতাংশ ৩ মাইক্ৰন।

-  এলাৰ্জী থকা লোকৰ ক্ষেত্ৰত Air Purifier আৰু অতি বেগুনীয়া ৰং পৰিষ্কৰণ পদ্ধতি কাৰ্যকৰী।

 

(উৎসঃ খবৰ, ড০ সনাতন ডেকা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate