অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এৰবিক ব্যায়াম

এৰবিক ব্যায়াম

জগিং

বৰ্তমান সময়ৰ এবিধ জনপ্ৰিয় এৰবিক ব্যায়াম হৈছে-জগিং। পুৱা লাহে লাহে দৌৰাকে আমি সাধাৰণতে জগিং কৰা বুলি কওঁ। জগিঙক এৰবিক ব্যায়ামৰ ভিতৰত ধৰা হয়। যিবিলাক ব্যায়ামৰ জৰিয়তে আমি দেহক অধিক পৰিমাণে উশাহ ল’বলৈ বাধ্য কৰাও, সাধাৰণতে তেনেকুৱা শ্ৰেণীৰ আধুনিক ব্যায়ামেৰে এৰবিক ব্যায়াম বোলা হয়। জগি বা লাহে লাহে দৌৰাৰ বাহিৰেও চাইকেল চলোৱা, সাঁতোৰা, একেঠাইতে জপিওৱা, খটখটি বগোৱা, নৃত্য-গীত কৰা, বেডমিন্টন-টেনিছ আদি খেলাৰ দৰে বিশেষ কিছুমান ক্ৰিয়াকলাপক এৰবিক্‌ছ ব্যায়ামৰ শাৰীৰ ধৰা হয়। এই এৰবিক ব্যায়ামৰ দ্বাৰা দেহৰ মাংসপেশীসমূহ অধিক ক্ৰিয়াশীল হয়। মাংসপেশীসমূহৰ বাবে অধিক অক্সিজেনৰ প্ৰয়োজন হয়। ফলত অধিক অক্সিজেন লাভ কৰি দেহৰ পেশীসমূহ অধিক সবল আৰু শক্তিশালী হৈ পৰে। সহজ কথাত এই ব্যায়ামৰ জৰিয়তে দেহৰ পেশীসমূহ আৰু সিৰা-উপসিৰাত অধিক পৰিমাণে অক্সিজেন আৰু ৰক্ত সঞ্চালন হোৱা বাবে দেহৰ সমস্ত অংগই বিশেষকৈ হাঁওফাঁও আৰু কলিজাই দ্ৰুতভাৱে কাম কৰিবলৈ বাধ্য হয়, যাৰ ফলত দেহে অধিক কৰ্মশক্তি লাভ কৰিবলৈ সক্ষম হয়। জগিং সাধাৰণ পুৱা কৰিব লাগে। ইয়াক কেতিয়াও এৰাধৰকৈ কৰিব নালাগে। অৰ্থাৎ জগিং কৰি কৰি মাজতে বন্ধ কৰি পুনৰ আৰম্ভ কৰিব নালাগে। ভাগৰ লগাৰ আগেয়েই শেষ কৰিব লাগে। শেষ কৰাৰ সময়তো হঠাতে বন্ধ নকৰি অলপ খোজকাঢ়ি গৈহে বন্ধ কৰা উচিত।

নিয়মিত ৰূপে জগিং কৰা ব্যক্তিৰ হৃদৰোগৰ সম্ভাৱনা নাইকিয়া হয়। দেহ সুস্থ-সবল আৰু মন প্ৰফুল্লিত হয়। দেহৰ মেদ নিয়ন্ত্ৰিত হয়। মনৰ দুশ্চিন্তা আঁতৰি যায়। হৃদপিণ্ড সবল আৰু শক্তিশালী হয়। পৰিপাক প্ৰক্ৰিয়া উন্নত হয়। দেহৰ প্ৰত্যেক অংগ-প্ৰত্যেংগই অক্সিজেনযুক্ত ৰক্ত প্ৰবাহৰ জৰিয়তে সুস্থ আৰু সবলতৰ হয়। সেয়ে নিয়মিতৰূপে জগিং কৰাৰ অভ্যাস গঢ়ি তুলি অনায়াসে নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰি।

লিখক: ভুৱনেশ্বৰ ডেকা।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate