- প্ৰতিদিনে ৰাতি শোৱাৰ আগেয়ে গোলাপজল আৰু গ্লিচাৰিণ মিহলাই সানি থ’ব। ওঁঠ সজীৱ আৰু মৃসণ হ’ব।
- বাৰে বাৰে ওঁঠ কামুৰি অথবা চেলেকি থকাৰ অভ্যাস থাকিলে আঁতৰাওক। ইয়াৰ ফলত ওঁঠ ফাটে।
- পাৰিলে সদায় গাজৰৰ ৰস খাওক।
- কেতিয়াবা ওঁঠ ক’লা ক’লা দেখা যায়। দিনে দুবাৰকৈ তিয়হৰ ৰস আৰু নেমুৰ ৰস মিহলাই লগাব। ওঁঠ পৰিষ্কাৰ আৰু কোমল হ’ব।
- মাজে মাজে ক্ৰীম বা গাখীৰৰ সৰ লগাই মালিচ কৰিব।
- ওঁঠত মৌ সানি থ’লেও ওঁঠ ভালে থাকে আৰু নাফাটে।
- লিপষ্টিক পৰাপক্ষত ব্যৱহাৰ নকৰি সামান্য লিপ বাম লগাব পাৰে। ই ওঁঠক বাহিৰৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰিব।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 6/22/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.