অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওজন হ্ৰাস কৰিবলৈ চুপাৰ ফাচ ফুড :

ওজন হ্ৰাস কৰিবলৈ চুপাৰ ফাচ ফুড :

 

সম্প্ৰতি শকত হোৱা বা ওজন বঢ়া আমাৰ সকলোৰে মাজত এক সমস্যা হৈ পৰিছে। এক সমস্যা কাৰণ অধিক সংখ্যকে বিপাঙত পৰে, কি খাম ? কি খালে আমাৰ ওজন কমিব বা আমাৰ ওজন নাবাঢ়ে! কিন্তু স্বাস্থ্য বিজ্ঞানত এই সম্পর্কে অনেক পৰীক্ষা-নিৰীক্ষা চলাই অহা হৈছে, ফলত এনে কিছুমান খাদ্য আমাৰ বাবে বাছি দিয়া হৈছে, যি আমাৰ শৰীৰৰ বাবে উপৰিও ওজন কমোৱাত সহায় কৰে। হয়, ইয়াকে চুপাৰ ফুড বোলা হয়।

*মাহজাতীয় খাদ্য প্ৰ’টিন আৰু আঁহেৰে সমৃদ্ধ। আধাকাপ মাহজাতীয় খাদ্যই আমাৰ শৰীৰত কার্ব’হাইড্রেটৰ যোগান ধৰাৰ উপৰিও মেটাবলিজিম বঢ়োৱাত সহায় কৰে। ফলত চর্বি নোহোৱা হয়।

*গাখীৰ বা গাখীৰৰ পৰা উৎপাদন হোৱা খাদ্য সামগ্ৰীসমূহ কম চর্বিযুক্ত হোৱাৰ উপৰিও কেলছিয়ামেৰে ভৰপূৰ। গাখীৰত থকা এনে নহয়, পুনৰ চর্বি হোৱাত বাধা প্রদান কৰে।

*গ্ৰীণ টি-ত EGCG নামৰ এক তত্ত্ব পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে অতি লাগতিয়াল। EGCG য়ে মেটাবলিজিম বঢ়োৱাৰ কৰাৰ উপৰিও কেল’ৰি বার্ণ কৰে।

*ওজন কমোৱাৰ ক্ষেত্ৰত আৰু মধুমেহ ৰোগীসকলক শর্কৰাৰ পৰিমাণ সঠিক স্তৰত ৰখাত সহায় কৰে। চাহ-কফি আদিত ডালচেনি দি খাব পাৰি।

*আপেল হ’ল ভিটামিন 'চি'ৰে সমৃদ্ধ। আঁহযুক্ত হোৱাৰ বাবে হজম শক্তি সঠিক ৰূপত ৰখাৰ উপৰিও চর্বি নোহোৱা কৰাত সহায় কৰে।

*টেঙা ফল আমাৰ বাবে সদায় বিভিন্ন ধৰণে উপকাৰী। কমলা, নেমু, মৌচম্বী আদিয়ে চৰ্বি কমোৱাত আন খাদ্যতকৈ ত্রিশ শতাংশ অধিকৰূপে কাম কৰে। টেঙা ফল দিনৰ যিকোনো সময়ত খাব পাৰি যদিও ৰস হিচাপে ৰাতিপুৱাৰ সময়ছোৱাত আটাইতকৈ লাভদায়ক।

*কল পটাছিয়ামেৰে সমৃদ্ধ। দিনটোত আধা কল খালে ওজন কমোৱাত সহায়ক হয় যদিও কেতিয়াও বেছি পকা কল খাব নালাগে।

*ব্লুবেৰি, ষ্ট্ৰ’বেৰি আদি এণ্টি অক্সিডেন্টেৰে ভৰপূৰ। শর্কৰাৰ পৰিমাণ সঠিক ঠাইত ৰাখি চর্বি কমোৱাত সহায় কৰে।

*জলকীয়া খালে ভোক কমায় আৰু মেটাবলিজিম তীব্ৰ কৰে।

*বিলাহীত ভিটামিন ‘এ’, কে, আৰু “চি” সকলো পোৱা যায়। প্রায় ৯০ শতাংশ পানী থকাৰ বাবে সোনকালে পেট ভৰায়। যিকোনো খাদ্যৰ লগতে বিলাহী খাব পৰা যায়। ইয়াত ফেট বাৰ্ণিং তত্ত্ব পোৱা যায়।

*পাচলিৰ ভিতৰত বন্ধাকবিত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ আৰু আঁহ পোৱা যায়, যি চর্বি আৰু কলেষ্ট'ৰেল ফ্রি। তাৰোপৰি শৰীৰত শর্কৰা আৰু কাৰ্ব'হাইড্রেট অধিক হোৱাত বাধা প্রদান কৰে।

উৎস: নন্দিনী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate