অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওজন হ্ৰাসত দুবিধ খাদ্য :

ওজন হ্ৰাসত দুবিধ খাদ্য :

 

আলমণ্ড:

অতিমাত্ৰা ফাইবাৰ নিহিত আছে আলমণ্ডত । ইয়াত বহু পৰিমাণে প্ৰ’টিন থাকে । দিনে এটা বা দুটাকৈ আলমণ্ড খালেও শৰীৰৰ বাবে উপকাৰী। ভোক লাগিলে অস্বাস্থ্যকৰ লঘু আহাৰ খোৱাতকৈ এই আলমণ্ড খোৱাৰ অভ্যাস গঢ়ি তোলক । কাৰণ আলমণ্ডত নিহিত থকা ফাইবাৰ আৰু প্ৰ’টিন শৰীৰত যথেষ্ট পুষ্টি যোগায় আৰু সহজে ভোক নালাগে । ক’ৰবালৈ হঠাতে ওলাই গ’লেও জৰুৰীকালীন সময়ছোৱাত আপোনাৰ যদি যথেষ্ট ভোক লাগে , তেন্তে এটা বা দুটা আলমণ্ড খাওক । বেগ বা পাৰ্ছত ৰাখি থওক কেইটামান আলমণ্ড ।

ফল-মূল:-

ওজন হ্ৰাস কৰাত ফল-মূলৰ যথেষ্ট গুৰুত্ব আছে । ফল- মূলত নিহিত থকা ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট শৰীৰৰ বাবে উপকাৰী । দৈনিক খাদ্য তালিকাত যিকোনো এবিধ সতেজ ফল-মূল অন্তৰ্ভুক্ত কৰক।

উৎস:  দেওবৰীয়া সম্ভাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate