কম কেল’ৰিযুক্ত খাদ্যই এজন লোকৰ আয়ুস বৃদ্ধি কৰিব পাৰে। কেল’ৰি দেহৰ বাবে প্ৰয়োজনীয় যদিও তাৰ এটি নিৰ্দিষ্ট মাত্ৰা আছে। মাত্ৰাধিক কেল’ৰিয়ে শৰীৰৰ বিপদ মাতিব পাৰে। সম্প্ৰতি এক গৱেষণাত উপলব্ধ তথ্য অনুসৰি কম কেল’ৰিযুক্ত আহাৰৰ ক্ষেত্ৰত দেহৰ বিপাক প্ৰক্ৰিয়া লাহে লাহে হয় ফলত দীৰ্ঘ জীৱন লাভ সহজ হয়। গৱেষকসকলৰ মতে, দুই বছৰ ধৰি ১৫ শতাংশ কেল’ৰি কমকৈ গ্ৰহণ কৰিলে মানুহৰ বিপাক প্ৰক্ৰিয়া ধীৰে ধীৰে হ’বলৈ ধৰে। ইয়াৰ উপৰি বয়স বৃদ্ধিৰ লগে লগে যিবোৰ ৰোগে আক্ৰমণ কৰে সেইবাবো হ্ৰাস পায়। আমাৰ প্ৰতিবাৰ শৰীৰৰ শক্তিৰ চাহিদা পূৰ কৰাৰ বাবে কেলৰি গ্ৰহণ কৰোঁতে এফালে দেহত ফ্ৰী অক্সিজেন ৰেডিকেল প্ৰস্তুত হয়। ই নানাভাৱে শেষ পৰ্যন্ত দেহৰ কোষ আৰু অংগ-প্ৰত্যংগ ক্ষয় কৰে। আৰু এইদৰে মানুহৰ আয়ুস কমি গৈ থাকে। গৱেষকসকলে জানিবলৈ দিয়া মতে এই প্ৰক্ৰিয়াত ক্ৰমে মানুহ বৃদ্ধ হৈ গৈ থাকে আৰু এলঝেইমাৰ, পাৰ্কিনছনছ ৰোগৰ আশংকা বৃদ্ধি পায়। ইয়াৰ উপৰি এইদৰে কৰ্কট, ডায়েবেটিছ আৰু অন্যান্য ৰোগৰ শংকাও বৃদ্ধি পায়। কমকৈ কেল’ৰি গ্ৰহণ কৰিলে দেহৰ বিপাক ক্ৰিয়া ১০ শতাংশ কমি যায়। আৰু এইদৰে দেহৰ অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস পায়। ফলত দেহৰ কোষবিলাকৰ ক্ষতি কম হয় আৰু মানুহ দীৰ্ঘদিন ধৰি ভালে থাকে।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 4/15/2020