স্বাস্থ্য সম্পর্কীয় বর্তমানে দেখা দিয়া এক ডাঙৰ সমস্যা হৈছে মেদবহুলতা। আমি গ্রহণ কৰা আহাৰে মেদ বহুলতা বৃদ্ধি কৰে। মেদবহুলতা হ্রাস কৰাৰ বাবে কিছুমান আহাৰ গ্ৰহণ কৰোতে সাৱধানতা ল’ব লাগে। এই আহাৰসমূহ হৈছে - চেনি চেনি হৈছে মেদবহুলতাৰ প্ৰধান কাৰক। ইয়াত থকা ‘ছীৰাপ’, ‘মেলটছ', ‘লেকটছ’, ‘ফুকটছ’, ‘ছুক্ৰছ’, ‘ব্রাউন চুগাৰ’, ‘হনী’ আৰু ‘মলাছেছ' আদি স্বাস্থ্যৰ বাবে হানিকাৰক। বিভিন্ন মিঠাজাতীয় ফল-মূলতো এইবিধ দ্রব্য পোৱা যায় যিটো স্বাস্থ্যৰ বাবে হানিকাৰক। সেই বাবে ফল-মূল গ্রহণ কৰোতেও কম পৰিমাণৰ মিঠা থকা ফলহে গ্ৰহণ কৰিব লাগে। আপেল, নাচপতি আদি ফলত মিঠাজাতীয় দ্রব্য কম পৰিমাণে থাকে। পিঠাপনা বিভিন্ন ধৰণৰ লঘু আহাৰৰ দৰে পিঠাপনাই আমাক সন্তুষ্টি দিয়ে। কিন্তু অত্যধিক পিঠাপনা গ্রহণো স্বাস্থ্যৰ বাবে হানিকাৰক। ইয়াত থকা অত্যধিক পৰিমাণৰ ‘গ্লাইছেমিক এ’ মেদবহুলতা বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে প্রয়োজনমতেহে এই জাতীয় লঘু আহাৰ গ্ৰহণ কৰিব লাগে। ভাত ভাতত থকা ‘কার্বহাইড্রেট অতি কম সময়ৰ ভিতৰতে ‘গ্লুক’জলৈ’ পৰিণত হয়। যিটো স্বাস্থ্যৰ বাবে হানিকাৰক বুলি প্রমাণিত হৈছে। গ্লুক’জৰ পৰিমাণ বৃদ্ধি পালে ভোক বেছিকৈ লাগে। যাৰ বাবে অধিক পৰিমাণে ভাত খোৱা যায়। সেয়েহে ভাতৰ সলনি ৰুটি খোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকে। ছ’ডা ছ’ডাই শৰীৰৰ বাবে প্ৰয়োজনীয় আহাৰৰ পৰিমাণ পূৰ্ণ কৰিব নোৱাৰে। ইয়াত অধিক পৰিমাণৰ ‘কেলৰিজ’ থাকে। ভিটামিন তথা ‘মিনাৰেল’ৰ পৰিমাণ নথকাত ই স্বাস্থ্যৰ বাবে হানিকাৰক বুলি চিকিৎসকে প্রকাশ কৰে। ছ’ডাৰ সলনি অত্যধিক পৰিমাণে পানী গ্ৰহণ কৰাতহে চিকিৎসকসকল একমত। এলকহল এলকহল জাতীয় দ্রব্য সেৱন নকৰাই স্বাস্থ্যৰ বাবে ফলপ্ৰসূ। ইয়াত কোনো ধৰণৰ শৰীৰৰ বাবে প্ৰয়োজনীয় দ্রব্য নাথাকে। ফাষ্ট-ফুড বর্তমান যান্ত্রিকতাৰ যুগত ফাষ্ট-ফুড অতি জনপ্ৰিয় হৈ পৰিছে। কিন্তু ই স্বাস্থ্যৰ বাবে হানিকাৰক। ইয়াত থকা অধিক পৰিমাণৰ ‘কেলৰিজ’এ মেদবহুলতা বৃদ্ধি কৰাত সহায় কৰে।
লিখক: বিকাশ আৰ্য।
শেহতীয়া উন্নীতকৰণ: : 2/8/2023
ডায়েবেটিছ নহ’বলৈ কি কৰিব?
আঁহযুক্ত খাদ্যই মধুমেহ আৰু মেদবহুলতা প্ৰতিৰোধ কৰে
মেদবহুলতা
ডায়েবেটিছ প্ৰতিৰোধ