অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাণফুলি, নাকফুলি , ওঁঠফুলিৰ ইতিকথা :

কাণফুলি, নাকফুলি , ওঁঠফুলিৰ ইতিকথা :

 

আমি সততে দেখি অহা কাণফুলি আৰু নাকফুলিৰো পুৰণি ইতিহাস আছে। উত্তৰ আফ্ৰিকাৰ ঐতিহাসিক ইজিপ্ত বা মিছৰ দেশত অতীজ কালৰ পিৰামিডৰ ভিতৰৰ মামীৰ কাণ ফুটোৱাৰ প্ৰমাণ আছে। সেয়া প্ৰায় খ্ৰীষ্টপুৰ্ব ৫৩০০ বছৰ আগৰ কথা। তেনেদৰে মধ্য এছিয়াৰ পাৰস্য দেশ (এতিয়াৰ ইৰান) ৰ পাৰ্চিপলিচত অতীজ কালতে কাণফুলি পিন্ধাৰ নিৰৰ্শন পোৱা গৈছিল। মধ্যযুগৰ জলদস্যুসকলে প্ৰায়ে কাণফুলি পিন্ধিছিল। জলদস্যুসকলে বিশ্বাস কৰিছিল যে কাণ ফুটালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়। এতিয়াও কিছুমান চিকিৎসাশাস্ত্ৰই কাণৰ লতি আৰু চকুৰ দৃষ্টিশক্তিৰ মাজত সম্পৰ্ক থকা বুলি বিশ্বাস কৰে। জলদস্যুসকলে কাণফুলি পিন্ধাৰ আন এক কাৰণ আছিল। তেওঁলোকে ভাবিছিল যে সাগৰত ডুবি মৃত্যু হ’লে কোনোবাই তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিলে এই কাণফুলিকে মুল্য হিচাবে লৈ ভালদৰে দাহ-সংস্কাৰ কৰিবলৈ উদগনি দিব। ভাৰতত কন্যাশিশুৰ কম বয়সতে কাণ ফুটাই দিয়া হয়।

নাকফুলিৰ ঐতিহ্য প্ৰধানকৈ দক্ষিণ আৰু দক্ষিণ-পুব এছিয়াৰ দেশসমুহত দেখা যায়। ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ফিলিপাইন আদি দেশত মহিলাসকলে নাকফুলি পিন্ধা দেখা যায়। ভাৰতৰ আদিবাসী আৰু দাক্ষিণাত্যত নাকফুলি অধিক পৰিমাণে পৰিধান কৰা দেখা যায়।

কাণ আৰু নাক ফুটোৱা চখ থাকিলেও সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে। কাৰণ কেতিয়াবা হিতে বিপৰীত হোৱাও দেখা যায়। অৰ্থাৎ সৌন্দৰ্য বৰ্ধন কৰিবলৈ যাওঁতে সৌন্দৰ্য হানি হোৱা দেখা যায়। কাৰণ নাক আৰু কাণত ছাল বা ত্বছাৰ লগত উপাস্থি বা কাৰ্টিলেজসমুহ লাগি থাকে। এই উপাস্থিসমুহ আঘাতপ্ৰাপ্ত হ’লে দৃষ্টিকটু ক্ষতচিহ্ন (Hypertrophied Scar) বা কিলইড (Keloid) হ’ব পাৰে। এই কিলইডবোৰৰ চিকিৎসা কঠিন। এই কিলইডবোৰ দেখাত বেয়া আৰু এইবোৰে মুখৰ সৌন্দৰ্য হানি কৰিব পাৰে।

নাক বা কাণ ফুটোৱা কাৰ্য পৰিষ্কাৰ আৰু বিজ্ঞানসন্মত নহ’লে ৰোগ সংক্ৰমণ হ’ব পাৰে।

এনেদৰে ৰোগ সংক্ৰমণ হ’লে ফুটাবোৰ ফুলি উঠি পুঁজ-পানী ওলাব পাৰে আৰু মুখখন ফুলি উঠি বিষ-কোপ হ’ব পাৰে। সেয়েহে নাক বা কাণ ফুটোৱাৰ সময়ত হাত আৰু সঁজুলিসমুহ বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ কৰি ল’ব লাগে (Sterilised)। মুখৰ বিভিন্ন স্থানত ক্ষত শুকাবলৈ পৃথক সময়ৰ প্ৰয়োজন। সেই বিষয়ে প্ৰথমেই জ্ঞাত হৈ ল’ব লাগে।

নাক বা কাণৰ ফুলি বা দুলবিলাকৰ ধাতু (Metal) বিভিন্ন ধৰণৰ হ’ব পাৰে। যেনে- সোণ, ৰুপ আৰু নিকেল (Nickel) ধাতু এই অলংকাৰসমুহত অধিক পৰিমাণে ব্যৱহাৰ হোৱা দেখা যায়। পিতল (Brass), ষ্টীল বা লোহাও ব্যৱহাৰ হয়। এই সকলো ধাতুৰ ভিতৰৰ সোণ ত্বছাৰ বাবে নুন্যতম এলাৰ্জী থকা ধাতু। বিশেষকৈ ৰুপ আৰু নিকেলৰ পৰা অধিক পৰিমাণে এলাৰ্জী থকা ধাতু। বিশেষকৈ ৰুপ আৰু নিকেলৰ পৰা অধিক পৰিমাণে এলাৰ্জী ৰোগ হোৱা দেখা যায়। ইয়াক কণ্টেক এলাৰ্জী বোলা হয়। নিকেলৰ দ্বাৰা তৈয়াৰী অলংকাৰৰ পৰা সৰ্বাধিক কণ্টেক এলাৰ্জী হোৱা দেখা যায়। সেয়ে বহু লোকে মাথোন সোণেৰে তৈয়াৰী অলংকাৰ পৰিধান কৰা দেখা যায়। মুল্য অধিক যদিও টাইটেনিয়াম ধাতুৰে তৈয়াৰী অলংকাৰৰ সবাতোকৈ নুন্যতম কণ্টেক এলাৰ্জী হোৱা দেখা যায়। সোণৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰত ১৪ কেৰেট বা ১৮ কেৰেট সোণেৰে তৈয়াৰী অলংকাৰৰ কণ্টেক এলাৰ্জী সৰ্বনিম্ন হোৱা দেখা যায়।

নাক বা কাণ ফুটোৱাৰ ক্ষেত্ৰত তলত দিয়া সাৱধানতা অৱলম্বন কৰা যুগুত।

-কাণ বা নাক ফুটোৱাৰ সময়ত হাত আৰু সঁজুলি পৰিষ্কাৰ হ’ব লাগে।

-মলিয়ন আঙুলিৰে চুব নালাগে।

-পানী লগাব নালাগে।

-সাঁতুৰিব নালাগে।

-প্ৰসাধন লগাব নালাগে।

-ক্ষতস্থানত এণ্টিছেপ্টিক মলম লগাব লাগে।

-এণ্টিবায়’টিক ঔষধ খাব লাগে।

-ক্ষতস্থানত ইনফেকচন বা ৰক্ত টেমুনা হ’লে (Hematoma) সুচিকিৎসা গ্ৰহণ কৰিব লাগে।

-শিশুৰ ক্ষেত্ৰত কাণৰ লতি ছিগি যোৱা বা নাকৰ পাহি ছিগি যোৱাও দেখা যায়। তেতিয়া অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়।

- অসাৱধানতাৰ বাবে নাকফুলি বা কাণফুলি নাকৰ বা কাণৰ ভিতৰত সোমাই যাব পাৰে। তেতিয়া ইএনটি বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। নাকফুলি আৰু কাণফুলি পিন্ধাৰ চখ মুলতে সৌন্দৰ্য বৰ্ধক অলংকাৰ হিচাপে। অতীজ কালৰে পৰা পৰম্পৰাগতভাৱে, বিশেষকৈ নাৰীয়ে কাণফুলি আৰু নাকফুলি ব্যৱহাৰ কৰি অহিছে। ইজিপ্তৰ মামী, মহাভাৰতৰ চৰিত্ৰ কৰ্ণৰ ক্ষেত্ৰত কাণৰ কাণফুলিৰ উল্লেখ আছে। পুৰুষৰ কাণফুলি বিংশ শতিকাৰ হিপ্পি (Hippie Culture) সকলে পশ্চিমীয়া দেশত জনপ্ৰিয় কৰে। তাৰ পৰা জনপ্ৰিয় গায়ক, অভিনেতা আদিয়ে কাণফুলি পিন্ধাৰ বাবে সমাজৰ যুৱ প্ৰজন্মই ইয়াক আঁকোৱালি ল’বলৈ ধৰে। ধাৰ্মিক কাৰণৰ লগতে আধুনিক সমাজত আৰ্থিক স্বচ্ছলতা প্ৰদৰ্শন কৰিবলৈও হীৰা খটোৱা নাকফুলি আৰু কাণফুলি পিন্ধাৰ চখ বঢ়া দেখা যায়। ফেশ্বন ট্ৰেণ্ড (Fashion Trend) বা সামাজিক প্ৰতিষ্ঠাৰ প্ৰতীক (Status Symbol) হিচাবেও হীৰাখচিত অলংকাৰ (Diamond Studded Jewerly ) যেনে- নাকফুলি বা কাণফুলি পৰিধান কৰা দেখা যায়। পশ্চিমীয়া দেশত সততে কোৱা শুনা যায়- “You never really Know a woman until you’ve seen her jewelry”

সৌন্দৰ্যৰ বিষয়ে এজনে কৈছিল, “Beauty is who you are… jewelry is simply the icing on the cake”  আন এজনে কৈছিল, “ Smile is the jewelry on your face” । অৰ্থাৎ মনৰ আনন্দই সৌন্দৰ্যৰ মুল ভেটি।

লেখক: ডা: বিশ্বনাথ শৰ্মা (জি এনআৰচি স্বাস্থ্য)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate