প্ৰায়ে মানুহে কোৱা শুনো-‘সাহসী হোৱা, নাকান্দিবা। সাহসী মানুহে নাকান্দে।’ কিন্তু এই কথাষাৰ মই মুঠেও সমৰ্থন নকৰো। কান্দোন স্বাস্থ্যৰ বাবে সুফলদায়ক। মই মোৰ পোন্ধৰ বছৰীয়া চিকিৎসক জীৱনত বহুবাৰ বহু ব্যক্তিক ইমোচেনেল হৈ অথবা মানসিক ষ্ট্ৰেছত কন্দা আৰু কন্দাৰ পিছত মনোকষ্টৰ পৰা উপশম পাই মানসিক সুখ অনুভৱ কৰা দেখিছো। ব্যক্তিগতভাৱে মই সুখী যে মই ইমোচনেল হৈ অথবা মানসিক ষ্ট্ৰেছত কান্দিব পাৰো, কাৰণ এবাৰ কন্দাৰ পিচত মই মানসিক সুখ অনুভৱ কৰাৰ উপৰি কান্দোনে মোৰ মনৰ দুখ, ক্ষোভ, হতাশা, মানসিক উৎকন্ঠা আৰু শোক আদি আতঁৰাই মোক নতুনকৈ কামবোৰ কৰাৰ বাবে অনুপ্ৰেৰণা দিয়া অনুভৱ কৰো। সেয়েহে মই প্ৰত্যেক ব্যক্তিকে জীৱনত যেতিয়াই ইমোচনেল হৈ অথবা ষ্ট্ৰেছত পৰি কন্দাৰ পৰিৱেশ পায়, তেতিয়াই কান্দিবলৈ উপদেশ দিওঁ, কাৰণ এনে কান্দোনে মানুহৰ মনৰ ভিতৰত থকা ঋণাত্মক শক্তিবোৰক উলিয়াই দি মন ধনাত্মক শক্তিৰে ভৰাই তুলি জীৱনত যিকোনো পৰিৱেশৰ মুখামুখি হৈ জীয়াই থাকিবলৈ অনুপ্ৰেৰণা দিয়ে। অৱশ্যে এনে কান্দোন সকলোৰে বাবে সমানে সুখদায়ক আৰু লাভদায়ক নহব’ও পাৰে, বিশেষকৈ মানসিক ৰোগ অথবা মুড ডিছ’অ’ৰ্ডাৰত ভোগা ব্যক্তিয়ে কান্দোনৰ পিচত সুখ অনুভৱ কৰে আৰু ৯.৪% এ নকৰে। কান্দোন এক সাধাৰণ প্ৰক্ৰিয়া। ইয়াৰ বাবে লাজ পাব লগা একো নাই। অৱশ্যে সঘনাই কন্দা কেতিয়াও স্বাস্থ্যৰ বাবে সুফলদায়ক হ’ব নোৱাৰে। সঘনাই কন্দাটো হতাশাত ভোগে, পোষ্টট্ৰমেটিক ডিছা’অৰ্ডাৰত ভোগা, পোষ্টনেটেল ডিপ্ৰেছনত ভোগা আদি গুৰুতৰ মানসিক ৰোগৰ লক্ষণ হ’ব পাৰে। এনে হ’লে মানসিক চিকিৎসকৰ সহায় ল’ব লাগে।
কান্দোন এক শাৰিৰীক আৰু মানসিক প্ৰক্ৰিয়া, য’ত চকুপানী নিৰ্গত হয়। কান্দোনৰ পৰা হোৱা মানসিক, স্বাস্থ্যজনিত আৰু সামাজিক সুফলবোৰ আচলতে আমি এই চকুপানীৰ পৰাই পাঁও। চকুপানীয়ে আমাৰ চকু দুটাক সুৰক্ষা দিয়াৰ উপৰি চকুপানীৰ বহু ৰোগ আৰু মানসিক দুখ উপশম কৰা শক্তি আছে। চকুপানীত থকা ৰাসায়নিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি চকুপানীক বেজেল চকুপানী ৰিফ্লেক্স চকুপানী আৰু ইমোচনেল চকুপানী হিচাপে ভগাব পাৰো। আমাৰ চকু দুটাৰ ওপৰফালে থকা দুটা লেক্ৰিমেল গ্ৰন্থিয়ে সদায় নিৰ্গত কৰি থকা বেজেল চকুপানীত মুখ্যত: পানী আৰু লাইছোজেম নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এই চকুপানীয়ে চকু দুটাক সদায় ভিজাই ৰাখি সুৰক্ষা দি থকাৰ উপৰি ইয়াত থকা লাইছোজোম নামৰ ৰাসায়নিক পদাৰ্থবিধে বেক্টেৰিয়া আৰু ভাইৰাছৰ আক্ৰমণৰ পৰা চকুহালক সদায় ৰক্ষা কৰি থাকে। ইয়াৰ অভাৱ হ’লেই চকু দুটা শুকাই যাব আৰু নানা বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণ হৈ আমি অন্ধ হ’ব পাৰো। আমাৰ চকুত কিবা ধূলি-বালি, বাহ্যিক পদাৰ্থ জ্বলন কৰিলে (যেনে-পিঁয়াজ কটা, ক্ষাৰ আদিৰ প্ৰভাৱ) মস্তিস্কই আমাক কন্দুৱাই লেক্ৰিমেল গ্ৰন্থি দুটাৰ দ্বাৰা নিৰ্গত কৰা ৰিফ্লেক্স চকুপানীত প্ৰায় ৯৮% পানী থাকে আৰু এই পানীয়ে চকু দুটা ধুৱাই পদাৰ্থবোৰ উলিয়াই চকু দুটাক সুৰক্ষা দিয়ে। এই দুয়োটাই আমাৰ শৰীৰে নিজে নিজেই কৰা সাধাৰণ শাৰিৰীক প্ৰক্ৰিয়া। কিন্তু ইয়াত মুখ্যত: ক’বলৈ ওলাইছো ইমোচনেল বা ষ্ট্ৰেছ কান্দোনৰ মানসিক, শাৰিৰীক আৰু সামাজিক লাভালাভৰ কথাহে।
প্ৰত্যেক ব্যক্তিয়ে জীৱনত কেতিয়াও হ’লেও ইমোচনেল হৈ অথবা মানসিক ষ্ট্ৰেছত কান্দে। কোনো সম্পৰ্কৰ অৱসান ঘটিলে, কোনো আত্মীয়ৰ মৃত্যু হ’লে, পৰীক্ষাত আশানুৰূপ ফল লাভ নকৰিলে, শৰীৰ অথবা মনত দুখ পালে, কৰ্মস্থানত সুখী নহ’লে অথবা চিনেমা এখন চায়ো আমি ইমোচনেল হৈ কান্দিব লগা হ’ব পাৰে। কেতিয়াবা আকৌ আনন্দৰ পৰিৱেশত অতিমাত্ৰা সুখ অনুভূত হোৱাৰ বাবেও আমি কান্দো। এক অধ্যয়ন মতে এগৰাকী মহিলাই বছৰি ৪৭
বাৰ এনেদৰে কন্দাৰ বিপৰীতে এজন পুৰুষে বছৰি ৭ বাৰ এনেদৰে কান্দে। পুৰুষে কমকৈ এনেদৰ কন্দাৰ কাৰণ প্ৰোলেক্টিন আৰু এষ্ট্ৰোজেন হৰম’ন। অৱশ্যে যৌৱনপ্ৰাপ্ত নোহোৱালৈকে ল’ৰা আৰু ছোৱালীয়ে প্ৰায় সমানে কান্দে। ইমোচনেল হৈ অথবা মানসিক ষ্ট্ৰেছত কান্দিলে নিৰ্গত হোৱা চকুপানীক ইমোচনেল চকুপানী বুলি কোৱা হয়। এইবিধ চকুপানীৰ হতাশাবিৰোধী গুণে (শৰীৰত মেংগানিজৰ পৰিমাণ কমায়) কন্দাৰ পিছত মানুহৰ মুড ভাল কৰি তুলি মনত আনন্দ দিয়ে। সাধাৰণতে কন্দাৰ পিছত শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰৰ ধপধপনি কমি নৰ্মেল হৈ শান্ত পৰিৱেশ সৃষ্টি কৰি ব্যক্তিজনক এক সুখানুভূতি দিয়ে। ব্যক্তি এজনে হতাশা, ক্ষোভ, শোক, দুখ, খং আদিত ভুগিলে ব্যক্তিজনৰ শৰীৰে নিৰ্গত কৰা প্ৰোলেক্টিন হৰ’মন, এড্ৰিনোকোৰ্টিকোট্ৰপিক হৰ’মন আদিৰ প্ৰভাৱত কৰ্টিচ’ল নামৰ ষ্ট্ৰেছ হৰম’নবিধ অধিক নিৰ্গত হয়। আমাৰ শৰীৰে যিদৰে শৰীৰৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ প্ৰস্ৰাৱ, ঘাম আদিৰ দ্বাৰা বাহিৰ কৰে, সেইদৰে এনে পৰিৱেশত কান্দিলে ওলোৱা চকুপানীয়ে এই পদাৰ্থবোৰ শৰীৰৰ পৰা নিৰ্গত কৰি আমাৰ শৰীৰ পৰিষ্কাৰ কৰে আৰু কৰ্টিচ’ল হৰম’ন নিৰ্গমণ কমাই মানসিক ষ্ট্ৰেছ লাঘৱ কৰি মন পাতল কৰি সুখ অনুভৱ কৰোৱাৰ উপৰি ষ্ট্ৰেছে কৰিব পৰা হৃদযন্ত্ৰৰ ৰোগ, উচ্চ ৰক্তচাপ, টাইপ-২ ডায়েবেটিছ আৰু মেদবহুলতা আদি কমাই শৰীৰ সুস্থ কৰি ৰাখে। তদুপৰি কান্দিলে এন্দোৰ্ফিনে লিউচিন এনকেফেলিন নামৰ এবিধ প্ৰাকৃতিক বিষ নিৰাময়কে ধৰি বহুবিধ ফিল গুড হৰম’ন নিৰ্গত হৈ মনৰ দুখ আৰু শাৰিৰীক বিষ নিৰাময় কৰে। সেয়েহে এনে চকুপানীত প্ৰোলেক্টিন হৰম’ন, এড্ৰিনোকোৰ্টিকোট্ৰপিক হৰম’ন আৰু এন্দোৰ্ফিন লিউচিন এনকেফেলিন আদি প্ৰচুৰ পৰিমাণে থকা দেখা যায়। চকুপানীত থকা লাইছোজোমে প্ৰায় ৯০% বেক্টেৰিয়া আৰু ভাইৰাছ ধ্বংস কৰি এইবোৰৰ আক্ৰমণৰ পৰা চকুহালক সদায় ৰক্ষা কৰাৰ উপৰি এনে পানী নাকেৰে ওলায় বাবে ই নাকটো পৰিষ্কাৰ কৰি সংক্ৰমণৰ পৰা ৰক্ষা কৰে। চকুপানীয়ে চকু দুটা তিয়াই দৃষ্টিশক্তি উন্নত কৰে। চকুপানী ওলোৱা দেখিলে লাগি থকা কাজিয়া বন্ধ সম্পৰ্ক ভাল হৈ পৰে। সেয়েহে সুখী আৰু নীৰোগী হ’বলৈ মাজে-সময়ে কান্দক।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ, সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/29/2020
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
এৰবিক ব্যায়াম
আহাৰ আৰু স্বাস্থ্য