মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / খাদ্যপ্ৰাণৰ অভাৱ অথবা আধিক্য উভয়ে দেহৰ বাবে ক্ষতিকাৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্যপ্ৰাণৰ অভাৱ অথবা আধিক্য উভয়ে দেহৰ বাবে ক্ষতিকাৰক

খাদ্যপ্ৰাণৰ অভাৱ অথবা আধিক্য উভয়ে দেহৰ বাবে ক্ষতিকাৰক, সেই বিষয়ে লিখা হৈছে ।

সাধাৰণতে প্ৰাণীদেহৰ স্বাভাৱিক শ্ৰীবৃদ্ধি তথা বিকাশৰ বাবে পৰিমিত ৰূপত প্ৰয়োজন হোৱা আৱশ্যকীয় কাহাৰ্য দ্ৰব্যবোৰকে খাদ্যপ্ৰাণ বা ভিটামিন বোলা হয়। জীৱদেহৰ বিপাকীয় কাৰ্যত এই দ্ৰব্যসমূহৰ ভূমিকা অনন্য আৰু অপৰিসীম। উদ্ভিদ আৰু প্ৰাণী উভয়ৰ বাবেই এইবোৰ অত্যাৱশ্যকীয় যদিও উদ্ভিদে নিজৰ প্ৰয়োজন নিজে পূৰাব পাৰে, প্ৰাণীবিলাকে কিন্তু এই খাদ্যাপ্ৰাণ বা ভিটামিনৰ বাবে সদায় উদ্ভিদ আৰু আন প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সামান্য পৰিমাণ হ’লেও, প্ৰাণীদেহৰ বাবে অত্যাৱশ্যকীয় এই যৌগবোৰৰ যিকোনো এবিধৰে দীৰ্ঘকালীন অভাৱ জীৱদেহত যিদৰে ৰোগৰ সৃষ্টি কৰে, সেইদৰে এইবোৰৰ মাত্ৰাধিক্যতাই দেহত নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে। সেয়ে এই খাদ্যাপ্ৰাণসমূহৰ সুষম বা পৰিমিত ৰূপতহে দেহত উপস্থিতি সুস্বাস্থ্যৰ বাবে সদায় আৱশ্যকীয়।

দেহত খাদ্যপ্ৰাণ- ‘ক’ বা ভিটামিন- ‘এ’ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা প্ৰায় সকলোৱে জানে। এইবিধ উপাদানৰ অভাৱত-

  • কুকুৰীকণা,
  • চকুৰ ছালত চামনী(ছানি) পৰা,
  • চকুৰ কৰ্ণিয়াত(Cornea) ঘা হোৱা তথা দৃষ্টিহীনতাকে ধৰি চকুৰ বিভিন্ন মাৰাত্মক ৰোগ হ’ব পাৰে।

কিন্তু এই ভিটামিন-‘এ’ৰ মাত্ৰাধিক্যতাৰ ফলত-

  • ভোক নোহোৱা হোৱা(অভোক),
  • বমি বমি ভাব হোৱা,
  • দেহৰ ছাল খহতা হোৱা,
  • চুলি অকালতে পকিবলৈ ধৰা,
  • স্বভাৱ খিংখিঙীয়া হোৱা,
  • খজুৱতি,
  • ৰক্তাল্পতা,
  • যকৃৎ বৃদ্ধি,
  • ওজন হ্ৰাস হোৱা,
  • মগজুৰ চাপজনিত কাৰণত মূৰৰ বিষ হোৱা,
  • গৰ্ভৱতী মাতৃয়ে বিকলাংগ শিশুৰ জন্ম দিয়া আদিকে ধৰি অনেক দৈহিক অথন্তৰ ঘটিব পাৰে।

ভিটামিন-‘বি-কমপ্লেক্সৰ, ভিটামিন-বি-১ যাক আজিকালি ‘থায়মিন’ বোলা হয়, ইয়াৰ অভাৱত

  • ‘বেৰিবেৰি’ ৰোগ,

ভিটামিন-বি-২ অৰ্থাৎ ‘ৰিবোফ্লেভিন’ৰ অভাৱত-

  • ওঁঠ,
  • মুখ,
  • চকু,
  • জিভাত ঘা,
  • চকুৰ অসুখ,

ভিটামিন-বি-৬ অৰ্থাৎ ‘পাইৰিড’ক্সিন’ৰ অভাৱত-

  • নোম সৰা,
  • দেহৰ ছাল ওখহা,

ভিটামিন-বি-১২ অৰ্থাৎ ‘ছায়েন’কবালএমিন’ৰ অভাৱত-

  • ৰক্তহীনতা,
  • দৈহিক বৃদ্ধিত বিলম্ব,

ভিটামিন-বি-৫(পেন্টথিনিক এচিড)ৰ অভাৱত০

  • যকৃত ক্ৰিয়াত বিজুতি ঘটিব পাৰে।

কিন্তু এই ভিটামিন-‘বি কলপ্লেক্স’ৰ মাত্ৰাধিক্যতাৰ ফলত-

  • পেপটিক আলচাৰ,
  • জণ্ডিচ,
  • পেটৰ অসুখ,
  • চকুৰ অসুখ,
  • ফোঁহা
  • খজুৱতি,
  • চকু-মুখ ৰঙা পৰা আদিকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে।

ইয়াৰ উপৰিও এই ভিটামিন-‘বি’ৰ অতিৰিক্ত ব্যৱহাৰ বা আধিক্যৰ ফলত-

  • পেটৰ ঘা,
  • যকৃতৰ ক্ষতি আৰু
  • স্নায়ুতন্ত্ৰৰো ক্ষতি হ’ব পাৰে বুলি চিকিৎসা বিজ্ঞানৰ সমীক্ষাত প্ৰকাশ পাইছে।

ভিটামিন-‘চি’ৰ অভাৱত ‘স্কাৰ্ভি’ ৰোগ হয়, কিন্তু ইয়াৰ আধিক্যই কিডনি বা বৃক্কৰ ক্ষতি কৰিব পাৰে। গৰ্ভৱতী মাতৃয়ে ভিটামিন-‘চি’ বেছিকৈ খালে, গৰ্ভস্থ শিশু বিকলাংগ হ’ব পাৰে।

ভিটামিন-‘ডি’(কেলছিফেৰল)ৰ অভাৱত -

  • পঁয়ালগা ৰোগ,
  • দাঁত দুৰ্বল আৰু বেৰীয়া হয়।

কিন্তু ইয়াৰ আধিক্যৰ ফলত শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়-

  • কিডনিত পাথৰ হ’ব পাৰে,
  • পেটৰ বিষ,
  • মূৰৰ বিষ আদি হ’ব পাৰে।

ভিটামিন-‘ই’(অৰ্থাৎ টক’ফেৰল)ৰ অভাৱত প্ৰজনন ক্ষমতা লোপ পায় আৰু দেহৰ পেশী আৰু শৰীৰৰ ক্ষতিসাধন হয়, কিন্তু ইয়াৰ মাত্ৰাধিক্যতাৰ ফলত-

  • বমি বমি ভাব হয়,
  • মাংসপেশীবোৰ দুৰ্বল হয়,
  • ক্লান্তিবোধ হয়,
  • মূৰৰ বিষ আৰু
  • দৃষ্টিশক্তিৰ বিজুতি ঘটিব পাৰে।

ভিটামিন-‘কে’(মেনাদিয়ন)ৰ অভাৱত কটা-ছিঙা হ’লে সহজে তেজ বন্ধ নোহোৱা অৱস্থাৰ সৃষ্টি হ’ব পাৰে। কিন্তু ইয়াৰ মাত্ৰাধিক্যতা বা আধিক্যৰ ফলত তেজত ‘বিলিৰুবিন’ নামৰ উপাদানৰ পৰিমাণ বাঢ়ি ৰগ জণ্ডিচ ৰোগ হ’ব পাৰে। তদুপৰি ৰক্তাল্পতা, যকৃৎ বা লিভাৰৰ দোষ আদিকে ধৰি স্নায়ুৰ অসুখ পৰ্যন্ত হ’ব পাৰে।

সেয়ে আমি খাদ্যপ্ৰাণসমূহৰ সমুচিত মাত্ৰাৰ বাবে সদায় সুষম আহাৰৰ প্ৰতি যত্নপৰ হ’ব পাৰে। খাদ্যতালিকাত সেউজীয়া শাক-পাচলি, বিভিন্ন বতৰৰ ফল-মূল আদজিক অগ্ৰাধিকাৰ দিব লাগে। এই ক্ষেত্ৰত আমদানিকৃত ফল-মূল সমূহৰ বিপৰীতে বতৰৰ থলুৱা প্ৰায় সকলো ফল-মূলকে বতৰত গ্ৰহণ কৰিব লাগে। পাৰ্যমানে কৃত্ৰিমভাৱে অত্যাৱশ্যকীয় খাদ্যপ্ৰাণসমূহ গ্ৰহণৰ চেষ্টা নকৰি সুষম আহাৰৰ জৰিয়তে এই উপাদানবোৰৰ সমন্বয় ৰক্ষা কৰি চলি আমি নিসন্দেহে নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ।

লেখক: ভুৱনেশ্বৰ ডেকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top