আমাৰ সমাজত এষাৰ কথা আছে যে তাই হাৰিতখাইতী। হয় ৰান্ধনী যদি অতি লুভিয়া হয় তেতিয়া মনে মনে লুকাই নিজে ৰন্ধা ব্যঞ্জণ খাই আৰু তাকেই আমি কথিতত হয়তো এই শব্দটো ব্যৱহাৰ কৰো! কিন্তু এই হাৰিতখাইতীও যে কিমান কামত আহে জানিলে আপোনালোকৰ চকু কপালত উঠিব। সৌসিদিনা এজনী লুভিয়া মহিলাৰ কাৰনে প্ৰায় দহ-এঘাৰ জনমান মানুহৰ জীৱন বাছিল। হঠাতে দূপৰীয়া দুই মান বজাত হুৱাদুৱা লাগিল।
এখন ১০৮ এম্বুলেঞ্চত অচেতন মহিলা এজনীক লৈ আহিল।আমিও ইমাৰজেঞ্চিত থকা কেইজন লগে লগে যুদ্ধকালিন প্ৰস্তুতিৰে মহিলা গৰাকীৰ স্বাস্থ্য পৰিক্ষা কৰিলোঁ আৰু চিকিৎসা আৰম্ভ কৰিলো।প্ৰায় চাৰি ঘন্টা পিছত দুটা মান চেলাইন যোৱাৰ পিছত মহিলা গৰাকী ৰ জ্ঞান ঘূৰি অহাত গম পালোঁ তেওঁ এজনী হাৰিতখাইতী আৰু তাইৰ কাৰনে ঘৰৰ আন মানুহৰ জীৱন ৰক্ষা পৰিল। কি হৈছিলনো আচলতে সিদিনা তেওঁৰ !গিৰিয়েকে ৰাতিপুৱা ৮ বজাত দুটা বগলী চৰাই চিকাৰ কৰি আনি বাচি কুটি ঘৈণীয়েকক ৰান্ধি বলৈ দিছিল। মহিলা গৰাকীয়ে ভাত আঞ্জা বনাই সকলোকে ভাত বাঢ়িব দিব যো যা কৰোতে নিজে ৰন্ধা মাংসৰ আঞ্জাৰ লোভ লাগিল আৰু মনে মনে এক দোখৰ মাংস হেতাৰ পৰা উঠাই খাবলৈ লোৱাহে তেওঁৰ মনত আছে তাৰ পিছত আৰু একো কব নোৱাৰে মাথোঁ ৰান্ধনী শালত মাটিত বগৰি পৰি থকা অবস্থাত ঘৰৰ আন সদস্যই উদ্ধাৰ কৰে! লগে লগে গিৰিয়েকক আমি সুধাত তেওঁ কলে হয় বগলী দুটা মোৰ খেতি দৰাত ধপধপাই আছিল আৰু মই সহজতে ধৰি ঘৰলৈ লৈ আহি মাৰিবলৈ নেলাগিলে ভয়তে হেনো মৰি থাকিল।
আমি আৰু বুজিবলৈ বাকি নেথাকিল!হয় অতি বিষাক্ত কিটনাশক দৰব সেৱন কৰি বগলী দুটাৰ মৃত্যু হৈছিল হয়তো ই ইমান বিষাক্ত যে তাৰ মাংস একনমান মুখত দিয়াৰ পিছত মহিলা গৰাকী অসুস্থ হৈ পৰিল। হয়তো আটাইকেইজনে যদি উক্ত মাংস ভালকৈ খালেহেতেন কি হলহেতেন আপুনি ছাগে বুজি পাইছে! গতিকে অবৈজ্ঞানিক পদ্ধতিৰে এই দৰৱ সমূহৰ প্ৰয়োগ কিমান ভয়ংকৰ হব পাৰে বাৰু? এনেকৈ বিভিন্ন শাক পাচলি ত অসাধু ব্যৱসায়ী চক্ৰৰ বিভিন্ন দৰৱৰ অপপ্ৰয়োগৰ ভয়াবহতা আজিৰ বজাৰত চিন্তনীয় বিষয়।
আমি সচেতন লোক সকলে চালানি মাছ বা কৃত্ৰিম ভাবে প্ৰস্তুত কৰা মাংস নেখাও কিন্তু এতিয়া শুনিছো কিছুমান অসাধু ব্যৱসায়ী য়ে ইউৰীয়া প্ৰভৃতিৰ কিছুমান ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাত কিছুমান লোকেল মাছো চালানিতকৈ ভয়াবহ বুলি ভবাৰ অবকাশ নথকা নহয়! যিয়েই নহওক কিয় আমাৰ শৰীৰৰ প্ৰধান অংগ বৃক্ক, যকৃত, হৃদযন্ত্ৰ সমূহ আমাৰ খাদ্য নিতি ৰ ওপৰতে কৰ্মক্ষমতা বহু খিনি নিৰ্ভৰ কৰে। গতিকে এই মুখ্য অংগ সমুহ বিকল নোহোৱাকৈ ৰখাটো অত্যন্ত জৰুৰী, তেতিয়াহে আমি সুস্থ আৰু নিৰোগী হৈ জীয়াই থাকিব পাৰিম।
বিষ কন্যা! অতি চিনাকি নাটকীয় শব্দ! বুৰঞ্জীৰ পাত লুটিয়ালে দেখি আহিছো আগৰ দিনৰ ৰজা মহাৰজা বোৰ মহাপ্ৰতাপী আৰু বৰ লাসবিলাসী আছিল। ৰজাৰ ওছৰত সুন্দৰী ললনাৰ কোমল বিছনীৰ বা লগোৱাতো তেওঁলোকৰ ফেন্টাছি আছিল। একেদৰে মন পচন্দৰ সুন্দৰীক বহু বিবাহপাশত আবদ্ধও কৰাইছিল। এই দুৰ্বলতাৰ সুযোগ হিচাবে শত্ৰু পক্ষই ৰণনিতীও প্ৰয়োগ কৰিছিল! সৰুৰে পৰা অকণ অকণ বিহ ভক্ষণ কৰাই এই বিষকন্যাৰ সৃষ্টি কৰিছিল যাৰ শাৰীৰিক স্পৰ্শ, আলিংগন, চুম্বন হৈ পৰিছিল মৃত্যুৰ কাৰণ!
এনেকৈ শত্ৰু ৰজাক কূট কৌশলেৰে হত্যাকৰাৰ দৰে আমাকো তিলতিলকৈ আয়ুস কমোৱাৰ কৌশলত এচাম অসাধু ব্যাৱসায়ীয় ব্যস্ত নেকি? আগৰ দিনৰ দৰে আচলতে ৰান্ধনী শালত ঘৰুৱা শাকবন ৰ ব্যঞ্জণ এয়াই উত্তম। আজি কালি আমাৰ গাঁওৰ দৰিদ্ৰতাৰ গৰালত ককবকাই থকা মানুহৰ সংখ্যা তুলনামূলকভাৱে বহু খিনি কমি আহিছে কাৰণ সকলোৰে কাৰনে কাম কৰি দুপইছা আৰ্জি খোৱাটো সহজ হৈ পৰিছে। আধুনিকতাৰ বহুলতাত জীৱন শৈলীৰ নৱজাগৰণৰ কাৰণে হয়তো খেতি কৰা মানুহৰ অভাৱ হৈছে। উপযুক্ত খাদ্য প্ৰস্তূত কৰন অবিহনে আমাৰ সমাজত উচিত খাদ্য সংকট যে হব ই ধুসৰ।
বেছি বেপৰুৱা মানসিকতাত সুস্থ জীৱনৰ প্ৰতি ভাবুকি আহিছে।মোৰ জীৱনৰ জটিল সন্ধিক্ষনত মোক পৰামৰ্শ দি অহা মোৰ অসাধৰন পাণ্ডিত্যৰ বন্ধুগুৰু ধ্ৰুৱ-শংকৰাচায্য হতেও ইয়াৰ ভয়াবহতা স্বিকাৰ কৰিছে! কিমান ভয়ংকৰ মানসিকতাৰ কিছুমান অসাধু ব্যাৱসায়ী থাকিব পাৰে আপোনাৰ চকুত ধূলি দি তাৰ উমান পোৱা গৈছে!ছাগলী মাংস আমাৰ অতিকৈ প্ৰিয় ইয়াৰ অবিহনে আমাৰ উৎসৱ বিয়া সবাহৰ কথা ভাবিবলৈ টান। দৈনন্দিন অহা যোৱা কৰোঁতে কেইজনমান মানুহৰ কথোপকথন মোৰ কাণত পৰিল যে এই ছাগলীবোৰক কিছুমান অসাধু ব্যাৱসায়ীয়ে মাৰাত্মক নেফটেলিন খুৱাই দিলে অধিক পানীৰ পিয়াহত ৰব নোৱাৰি বহু পানী খাই আৰু ইয়েই হয়তো ছাগলীৰ কোষত পানীৰ কনিকা সোমাই ওজন বঢ়াই দি সিহতক লাভাম্বিত কৰে। আমাৰ গৃহিনীয়েই উক্ত মাংসৰ লিভাৰ কিডনিৰ কোমল কেইটুকুৰামান শিশুটোক খাবলৈ দি আত্মসণ্টুষ্টি পাই দৰাচলতে উক্ত ভাইটেল অংগবোৰত এৰোমেটিক বিশাক্ত দ্ৰব্য সমুহ অধঃক্ষেপন আন অংগ সমূহৰ তুলনাত বেছি হোৱাৰ আশংকা বেছি কাৰণে এই মাংস দেৱ শিশু যিয়েই হয়তো ফেটী সাপ এদাল হাতত উঠাই দিলেও মুখত দিয়াৰ আশংকা বেছি থকা বিলাক ক শৰীৰত অন্যায় কৰি আহিছে!
বিভিন্ন শাক পাচলিত বিভিন্ন ইনজেকচন দি তাতক্ষনিক উৎপাদন বৃদ্ধি কৰি আমাৰ জীৱনলৈ ভাবুকি আনিছে।গৰমত তৰমুজ এটি উত্তম খাদ্য কিয়নো ই অধিক জলিয় হোৱা হেতুকে শৰীৰৰ আদ্ৰতা নিয়ন্ত্ৰণৰ সহায়ক আৰু ইয়াত থকা বিভিন্ন এন্টিঅ'ক্মিডেন্ত এইদছদৰে মাৰাত্মক ব্যাধিকো বাধা দিব পৰা বিধৰ।
ইয়াক নেচাৰেল ভাইয়েগ্ৰা মানে মানুহৰ যৌনক্ষমাতা বৃদ্ধিকৰনৰ প্ৰথম খাদ্য হিচাবে ধৰা হয়। পামকিন চিডচ, কল, ডালিম, দাৰ্কচকলেট এইবোৰ ভাইয়েগ্ৰা ফুডতকৈ আগস্থান দিছে। এক গিলাচ তৰমুজৰ ৰস হেনো শাৰীৰিক ক্ষমতা বৃদ্ধিৰ উপৰিও ফাৰ্টিলিটিতো সহায়ক হয়।যেনেকৈ শ্যাৱনমুনিয়ে শ্যাৱনপ্ৰাচ সেৱন কৰি দীৰ্ঘায়ু আৰু আজীৱন যৌৱনপ্ৰাপ্ত হৈ থকাতো আমাৰ সকলোৰে জ্ঞাত।গতিকে এই তৰমুজ আমি সৰুতে চিনেমা ত খোৱা দেখিবলৈ পাইছিলোঁ, দিল হেই...নেহিত পূজা ভাটে খোৱা মই প্ৰথম দেখিছিলোঁ।
কিন্তু এতিয়া এই মহান খাদ্য গাওঁ নগৰ সকলোতে সুলভ। কিন্তু এই প্ৰভৃতিৰ খাদ্যতো কিছুমান অসাধু ব্যাবসায়ীয়ে ইনেজকচনেৰে জধে মধে পানী সুমুৱাই ওজন বঢ়াই আমাৰ ইন্টেছটাইনেল বেমাৰত আক্ৰান্ত কৰাৰো খবৰ ওলাইছে! গতিকে আমাৰ সমাজৰ সজাগতা বৃদ্ধি নহলে আমি আমাৰ মাজত থকা অমৃত সমূহ বিহ হিচাবে খাই অকাল বাৰ্ধক্য বা বিনাশ হব যে ধূৰূপ।
আমাৰ গেলেস্কীৰ ঢুকি পোৱা জীৱ শ্ৰেষ্ঠ মানৱৰ জীৱনত টেনশ্যন এক এৰাব নোৱাৰা বিষয়, ই যেন অবিৰত অবিচ্ছেদ্য সুখৰ গৰালত অতৰ্কিত চাকৈনিয়া! তথাপি জীৱন দ্ৰুত গতিশীল! হয়তো ওভতনি চাৱনিৰ সময় যে কাৰো নাই! কিন্তু আমি গাঁৱৰ চিকিৎসক সকলে মানুহৰ জীৱন বচাবলৈ প্ৰায়ে লৈ থকা টেনশ্যন কাৰো লগত তুলনা কৰিব পৰা নাযায়! ই যেন কল্পনাতিত অনাকাংখিত তিব্ৰ চাপযুক্ত! এই চাপ সদায় লৈ থকা এই সৌৰজগতৰ সাধাৰণ মানৱৰ কাৰনে সম্ভৱ হয় জানো? কেতিয়াবা এনে লাগে জীৱন ইমান কষ্টকৰ, কেতিয়াবা ভাবোঁ এই দুনিয়াত সকলো মানুহৰ জীৱনৰ পেচাবোৰ অন্তত আমাতকৈ বহুত ভাল! অন্ততঃ এবাৰ ভাবকচোন ভগৱান প্ৰদত্ত মানৱ জীৱনৰ বিসংগতি তাকো হব লাগিব একে মানৱৰ হাততে পুনৰ মেৰামতি! দোভাগ নিশা কেতিয়াবা অকলে চিয়ৰি চিয়ৰি কান্দিবলৈ মন যায়। প্ৰায়ে গভীৰ নিশা এজন ৰ পিছত আন এজন ৰ লগত সিমিত সুবিধা ৰে চিকিৎসা কৰোতা সকলৰ কেনেকুৱা টেনশ্যন হয় মোৰ শ্ৰদ্ধাৰ চিকিৎসক বন্ধুসকলৰ বাহিৰে আনে বুজাত অসুবিধা পাব। তাৰোপৰি নিশাৰ পৃথিৱী নেটৱৰ্ক বিহীন মানৱতাৰ বধ্য ভুমিৰো আশংকা! কেতিয়াবা কিছুমানৰ মানৱীয়তা ও প্ৰদূষন হোৱাৰ শংকা নুই কৰিব নোৱাৰি! এনেকৈ দিনৰাতি একাকাৰ কৰি নিৰবিচ্ছিন ভাবে কাম কৰা মোৰ বন্ধু বৰ্গলৈ মোৰ আজিৰ চিকিৎসকৰ প্ৰবিত্ৰ দিনটোতে মই নিজেই প্ৰণাম জনালো।
এংকৰি বেংকৰি সোমাই আহিল মহিলাজনী, লগতে এদল আত্মীয়! ও এয়াচোন আনকমন বেমাৰী কিয়নো আন বেমাৰী বোৰৰ মুখত অকনমান হলেও কেকনী গেঠনী বা মুখৰ অৱয়বৰ যৎকিন্সিৎ হলেও সলনি হৈ আহে! কিন্তু উক্ত মহিলা গৰাকীৰ অকল মৌনতাই চানেকি তেওঁৰ বেমাৰৰ বিষয়ে জানিবলৈ! মুখেৰে নেমাতে জুপুকা মাৰি বহি কিবা কিবি ভাবত বিভোৰ হৈ সাধাৰণ মানুহৰ লগত নেটৱৰ্ক বিচ্ছিন্ন হৈ পৰে, কোনো নিদ্দিষ্ট কাৰনত মানসিক চাপ পৰি সেই বিষয়ত ভাবি ভাবিয়েই এনেকুৱা পৰিস্তিতী হয় আৰু এয়াই ডিপ্ৰেছন! এক বুজাব নোৱাৰা ভয়ংকৰ মানসিক পৰিৱৰ্তন! সাৱধান উক্ত লক্ষণ সহিতে পৰিয়ালত বসবাস কৰাবোৰ কাৰোবাৰ চকুত যদি ধৰা পৰিছে তেন্তে তেওক অকলশৰীয়াকৈ এৰি নিদিব! যদিও এই বেমাৰৰ কাৰণে পুৰুষ মহিলা বা নিদ্দিষ্ট বয়সৰ কোনো কথা নাই তথাপি ডেকা বা মহিলাৰ ক্ষেত্ৰত হে ইয়াৰ প্ৰভাব বেছিকৈ পৰা দেখা যায়! কিয়নো পুৰুষ প্ৰাধান্য আমাৰ সমাজত নাৰীয়ে একেবাৰে ব্যক্তিগত বিষয়ৰ কথাবোৰ ৰাজহুৱা হোৱাৰ ভয়ত নিজৰ ভিতৰতে পাগুলিয়াই থাকি এটা সময়ত মস্তিষ্কত ধুমুহাৰ সৃষ্টি হয় তাৰ ফলতেই মগজুৰ ভাৰসাম্যতা কিছু পৰিমাণে হেৰাই মানসিক ভাবে দুৰ্বল হৈ উক্ত পৰিস্তিতীৰ সন্মুখীন হয়।লাজ ভয়ৰ শংকাত মহিলাৰ সকলো ধৰনৰ ৰিপু বা অভিলাসী মনৰ কথা বোৰ ব্যক্ত কৰিব নোৱাৰে বাবে এনেকুৱা পৰিস্তিতীৰ দাশত কিছুমান মহিলা কামশীতলও হৈ পৰে তাৰ পৰিপ্ৰেক্ষীতত পাৰিবাৰিক অশান্তিৰ বীজ ৰোপন হৈও ডিপ্ৰেছনৰ দৰে মাৰাত্মক ৰোগ হোৱাটো নুই কৰিব নোৱাৰি!আমাৰ সমাজত শৈক্ষিক পৰিবেশৰ অভাৱ, ভয়ানক অৰ্থনৈতিক সমস্যা, প্ৰকৃতিক দূৰ্যোগ, মাদক দ্ৰব্য সেৱন, খাদ্য অভ্যাস বা প্ৰশ্যাত্যৰ জীৱন প্ৰক্ৰিয়াৰ প্ৰভাৱ, নোপোৱা বা পাই হেৰুৱোৱাৰ বেদনা, ঠগ প্ৰবঞ্চকৰ উদ্ভাণ্ডলি আদিয়েই ইয়াৰ প্ৰধান কাৰন! ইয়াৰ ফলত মানুহে নিজকে আত্মহনন কৰিব নোৱাৰিলে ও পিছলৈ উম্মাদ বা আলজেইমাৰ প্ৰভৃতিৰ ৰোগও হোৱাৰ সম্ভাৱনা নোহোৱা নহয়! গতিকে উক্ত লক্ষণ সমুহ দেখা মাত্ৰকে ইয়াৰ উপযুক্ত চিকিৎসা কৰাই লৱ লাগে।হয়তো কেতিয়াবা মানসিক ৰোগৰ চিকিৎকৰো পৰামৰ্শ লব লগাত পৰে।কিন্তু আমি এই শিতানত চিকিৎসা কৰাতকৈ ইয়াৰ মুখ্য কাৰন সমুহৰ বাধাআৰোপনৰ দ্বাৰা বা বিভিন্ন দৈনন্দিন আচাৰ নিতি বা যোগভ্যাসৰ দ্বাৰা ইয়াৰ প্ৰতিকাৰ কৰিব পাৰি যে সেই বিষয়ত হে গুৰুত্ব দি সুস্থিৰ ব্যক্তিত্বত সুস্থ সমাজ গঢ়িবলৈ প্ৰয়াস কৰাটো ভাল বুলি আমি ভবাৰ অবকাশ নথকা নহয়।
যৌন তত্ত্ব আৰু কাম কলা এক বাস্তৱ গভীৰ বিষয়। ই যেন চতুৰ্থ মৌলিক প্ৰয়োজনীয় বিষয়। ভাৰতীয় সভ্যতাত বুৰঞ্জীৰ ইতিহাসে জগৎসৃষ্টি আদাম ইভৰ পৰাই আহিছিল বুলি এক প্ৰবাদ আছে। যিয়েই নহওক কিয় বিজ্ঞান ভিত্তিক বিশ্লেষণতো যিকোনো জীৱৰ সৃষ্টিৰ মুল কাৰনটোৱে হল মতা মাইকী ৰ মিলন। বিখ্যাত বিজ্ঞানী মেণ্ডেলাই ইয়াক বিভিন্ন ধৰনে পৰীক্ষা কৰি সুত্ৰ সৃষ্টি কৰি থৈ গৈছে।এনেদৰে হয়তো বছৰ বছৰ ধৰি বিবৰ্তনৰ দ্বাৰা নতুন নতুন জীৱৰ সৃষ্টি হৈছে! কিন্তু ইয়াৰ মুলতে মানুহৰ বংশ বৃদ্ধিৰ ক্ষমতাই হৈছে মানৱ জাতিৰ উওৰ সুৰীৰ জন্ম। জীৱৰ এই ক্ষমতা ও জন্ম সূত্ৰে পোৱা। জীবৰ অতি সুক্ষ লক্ষণ সমুহ বহনকাৰী ক্ৰমোজম জীনৰ প্ৰধান অংগ। এই জীনে কেতিয়াও মানৱক নঠগাই সেয়ে পিতৃৰ লগত পুত্ৰৰ মিল বা ছোৱালী জনী সাইলাখ মাকৰ দৰে ইত্যাদি। এই যৌনতাৰ বিভিন্ন সমস্য সম্পৰ্কে আমাৰ মাজত লিখনি কমকৈ ওলাই। কাৰন আমাৰ সমাজত সচাঁ বা প্ৰিয় বিষয় হলেও কিছুমান বিষয় লাজ ভয়ৰ শংকাত গোপনীয় হৈ ৰৈ যায় ফলশ্ৰুতিত অতি গুৰুত্বপূৰ্ণ এইবোৰ বিষয়ত আমাৰ সমাজত অজ্ঞতা থাকি যায়। যাৰ ফলত বিভিন্ন সামাজিক ব্যধিও সৃষ্টি হয়। উপযুক্ত শিক্ষা বা জ্ঞানৰ অভাৱত অপৰাধ প্ৰৱনতাত যৌনতা এক মানসিক ব্যধিও হোৱা দেখা যায়! নেতিবাচক ধনাত্মক শিক্ষাত যৌন শিক্ষা অন্তৰ্ভুক্ত কৰাক লৈ চিন্তা চৰ্চা চলি আছে ভবিষ্যতলৈ হয়তো পাঠ্যক্ৰমতে আমাৰ উওৰ সুৰীৰ ছাত্ৰ ছাত্ৰীয়ে স্কুলতে পঢ়ি শিক্ষা আহৰনৰ সুযোগ পাব। আমাৰ দৰে চিকিৎসা সেৱাৰ লগত জৰিত ব্যক্তি সকলৰ বাস্তৱ অভিজ্ঞতাৰ আংশিক সম্যক জ্ঞান আপোনাৰ দৰে সমাজ সচেতন ব্যক্তিত্বৰ লগত ভাব বিনিময় কৰিলে নিশ্চয় ব্যক্তিগত ভাবে লাভাম্বিত হোৱাৰ উপৰিও সমাজৰ যৎকিন্সিৎ হলেও লাভ হব বুলিয়েই এই শিতানত এই বিষয়বস্তুৰ সংযোজন কৰাৰ প্ৰয়াস কৰিলোঁ।
সন্ধিয়াৰ ফালে গহীন পৰিবেশ চৌদিশে সৰ্বত্ৰ বিৰাজমান! আমাৰ হস্পিতেলত আৰু তেনেই ওলোটা! কিছুমান পুৰুষ মহিলা ই নিজৰ মনতে ভাবি লয় চিকিৎসকৰো আজৰি পৰতে সকলো কথাই খোচলাকৈ পাতিব পৰাৰ মানসিকতাৰে সন্ধিয়াহে আহি ৰৈ থাকে।সংস্কৃতত এষাৰ কথা আছে শনৈ শনৈ মানে লাহে লাহে লাজ লাজকৈ প্ৰায়ে সন্ধিয়াৰ কৰ্তব্যত আমাৰ ওচৰলৈ অহা কিছুমান অতি গুৰুত্বপূৰ্ণ ৰোগীক আমি অধিক গুৰুত্ব প্ৰদান কৰি আহিছোঁ। কিয়নো জীৱনৰ অতি ব্যক্তিগত গোপনীয়তা ভংগ কৰি মোৰ দৰে অতি সাধাৰন চিকিৎসকৰ ওচৰত বহু আশা কৰি আহিছে যে তাক আমাৰ দৰে চিকিৎসকে বুজি পোৱাতো অত্যন্ত দৰকাৰী বুলি মই অন্তত সদায়েই ভাবোঁ। এনেদৰে প্ৰায়ে স্বামী স্ত্ৰী উভয়ে বা কেতিয়াবা ব্যক্তিগত ভাবেই আহি বিভিন্ন সমস্যা আমাক অবগত কৰাই চিকিৎসা কৰি বহুতে সুফলো পাই আহিছে!এই যৌন সমস্যা বোৰ এখন বিশাল সাগৰৰ লেখীয়া। এইবোৰ আমিও অধ্যয়নৰত কাৰন ইয়াৰ বিষদ অধ্যয়ন আমাৰো আজিও বহু প্ৰয়োজন নথকা নহয়! কিছুদিন আগতে মোৰ জ্যেষ্ঠ বন্ধু এজনৰ লিখনি এটি ধাৰাবাহিক ভাবে কাকতত পঢ়িছিলোঁ। বিনা সংকোচে তেওঁ কিছুমান নাৰীৰ কামশীতলতাৰ ওপৰত লিখি উলিয়াইছিল।সচাকৈ বাৰু কিছুসংখ্যক নাৰী কামশীতল হয় নেকি! এই কামশীতলতাই বাৰু পাৰিবাৰিক কিছু শান্তি লাঘৱ কৰিছে বুলি ভবাৰ স্থল আছে নেকি! কোনোবা সুস্থ পুৰুষ এই বিষয়ৰ কাৰনে উদাসিনতাত ভূগিছে নেকি নে তেওঁ উক্ত গুৰুত্বপূৰ্ণ বিষয় চেক্ৰিফাইছ কৰি এৰাই চলিছে? এনেবোৰ অলেখ প্ৰশ্ন আজি ইচ্ছুক পাঠকৰ মনত উদয় হোৱাটো অস্বাভাৱিক নহয়। কিছুসংখ্যক পুৰুষ মহিলা উভয়ে এই সমস্যত ভূগা দেখা যায়। তথাপি আমাৰ পুৰুষ প্ৰধান সমাজত কিছুমান মহিলা পুৰুষতকৈ অধিক কামশীতল হয়। কিয়নো নিতৌ দৈনন্দিন পাৰিবাৰিক কামৰ বোজা লৰাছোৱালীৰ দায়িত্ব পৰায়নতা মানসিক উদ্বিগ্নতাই পুৰুষৰ তুলনাত মহিলাক বেছিকৈ প্ৰভাম্বিত কৰে ফলস্বৰূপে বিভিন্ন হৰমনেল নিঃসৰনত বাধা আৰোপিত হৈ কিছুমান নাৰী অধিক কামশীতল হোৱা দেখা যায়। এনেবোৰ যৌন উদাসীনতাৰ ফলস্বৰূপে কিছুসংখ্যক ব্যক্তিত্বত বা সামাজিক প্ৰদূষিত হোৱাৰ সম্ভাৱনা একেআষাৰে নুই কৰিব নোৱাৰি! গতিকে অত্যাধিক যৌন মনোনিবেশ যেনেকৈ ক্ষতিকাৰক অন্যহাতে ইয়াৰ অত্যন্ত হ্ৰাসপ্ৰাপ্তিত চিকিৎসা ৰ প্ৰয়োজনীয়তা আছে যে ই বাস্তৱ সন্মত হয়েই যে ই ধূৰূপ। ইয়াৰ বিজ্ঞান সন্মত বাখ্যাত এটাই কব পাৰি যে আমাৰ জলবায়ু, সামাজিক বান্ধোন, খাদ্য ভ্যাস, নিতি নিয়ম, অৰ্থনৈতিক সমস্যা তথা যৌন বিষয়ক অধ্যয়নৰ অভাৱ ফলতে প্ৰাশ্যাত্যৰ লগত আমি বহু পৰিমানে পৃথক হোৱা কাৰনে উক্ত বিষয়ত আমাৰ সমাজৰ এচাম ব্যক্তিৰ এই যৌন শক্তি বিলুপ্তিৰ পথত বুলি কোৱাৰ স্থল নথকা নহয়! ইয়াৰ ফলস্বৰূপে আমাৰ সমাজত সাংসাৰিক কন্তকতা, পাৰিবাৰিক কণ্ডলতা, অপৰাধ প্ৰবনতা, বংশবৃদ্ধিৰ স্তব্ধতা বা অকাল বন্ধ্যাত্বতা আদিয়েই যে মহামাৰিৰ ৰূপ লৈছে সি নিশ্চিত।
এটি সচাঁ অভিজ্ঞতাৰ আত ধৰি লিখিবলৈ প্ৰয়াস কৰিছোঁ। ২০০২ চনৰ কথা, তেতিয়া মোৰ চাকৰি কালৰ আৰম্ভণি আৰু ইয়ং কাৰনে নাইট ডিউটি প্ৰায়ে মোৰ ভাগতে পৰে।আমাৰ চিকিৎসালয়খন চেন্টাৰত আৰু আমি চিকিৎসক সকল কৰ্তব্যত নিয়মানুবৰ্তীতা ভাল বাবে বাক্মা জিলাৰ ভিতৰৰ জটিল ৰোগী সমূহ আমাৰ হস্পিতেলত প্ৰায়ে অহা দেখা যায়। ইয়াৰ ভিতৰত অধিক জটিলতা থাকিলে আমি জি এম চি লৈ পঠিয়াই দিওঁ এয়া আমাৰ কৰ্তব্যৰ তাগিদা। আমিও নিশা ব্যস্ততাৰ মাজত কিছুমান বিশেষ অসাধাৰণ ৰোগী পাই আহিছো।সিদিনা গধূলি অহা ৰোগীটো আছিল সাংঘাটিক আমোদজনক।তেতিয়া মৃত্যুঞ্জয় সেৱা নাছিল বাবে অটোএখনতে দুজনমান মানুহে ৰোগীটো লৈ আহি মোক কলে যে ছোৱালী জনী আছে নে নাই চাই দিয়কচোন। সাধাৰণ কথা আমাৰ কাৰনে, কিয়নো বহুত মানুহ হস্পিতেল পোৱাৰ আগতে মৃত্যু হোৱা দেখা যায়। সিদিনাও মই চাবলৈ ধৰোতে আত্মিয়বিলাকে ছোৱালী জনীক দাঙি আনি আমাৰ ইমাৰজেঞ্চি কক্ষত সোমাই দিলে।হয়তোচোন এই কুৰি বছৰীয়া ছোৱালী জনী সচাকৈ পৃথিৱীৰ পৰা বিদায় মাগিলে নেকি!মনটোত বৰ দুখো লাগিল ইমান মৰমলগা ছোৱালী জনীৰ চোন দেখাত জীয়াই থকাৰ কোনো লক্ষণে নাই।মই ভালদৰে পৰীক্ষা কৰি নিজকে কিবা হঠাতে বেমাৰৰ প্ৰিন্সিপাল যেন লাগিল আৰু কি হৈছিল বিৱৰন লব ধৰিলো। তেওঁ লোকে কৈ গ'ল যে আমি একো নেজানো ছোৱালী জনীহেনো নিকাচিযোৱা গাড়ী খনত হাঠাতে অচেতন হৈ পৰিল লগে লগে গাড়ীৰ মানুহ আৰু তেওঁলোকৰ তত্বাৱধানত ওচৰৰ ক্লিনিক এখনত লৈ গলত তাত থকা চিকিৎসক জনে কলে আশা কম ততাতৈয়াকৈ বৰমা হস্পিতেলত লৈ যাওক তাত সকলো সুবিধা পাব কিন্তু ছোৱালী জনীৰ জীয়াই থকাৰ আশা ক্ষীণ হয়তো তেওলোকেও এই দুইঘন্টা ৰাস্তাত জীৱিতৰ একো লক্ষণ নোপোৱাত অলপ ভয়ো খাইছে সহায় কৰিব আহি যদি আৰক্ষীৰ জেৰা খাব লাগে!গতিকে তেওঁ লোকে নিৰ্দোষী যে সেইটো বুজাববলৈ মোক কাকুতি মিনতি কৰিব ধৰিলে।আমাৰ চকিদাৰ জনো আমাৰ লগত এইবোৰ দেখি দেখি বৰ টেঙৰ হৈ গ'ল,আৰু মোৰ ওঠত সহজাত হাঁহি দেখি সি বুজি উঠিলে হয়তো মানুহ কেইজনে ভাবিবলৈ ধৰিলে মানুহ মৰিলেও চিকিৎসকৰ হাঁহি উঠে নেকি!
এতিয়া আৰম্ভ আমাৰ কাম মই চকিদাৰৰ ফালে চালোঁ হে মাত্ৰ সি কৈ উঠিল চাৰ সেইটোৱেই নেকি মই ইয়েচ বুলি কোৱাত কৰ্মৰত চিষ্টাৰ আৰু সি ততাতৈয়াৰিকৈ আনি ছোৱালী জনীৰ মুখত ঢালি দিয়াত ঐ মোৰ বাপ বুলি বাকী মানুহ বোৰ তাৰ পৰা দৌৰ মাৰিলে অকল আমাৰ লগত ছোৱালী জনীয়ে উঠি বহি 'ও ভিনী ও তই মোক প্ৰতিশ্ৰুতি দি কত এৰি গ'লি ও বুলি চিঞঁৰি চিঞঁৰি কান্দিবলৈ হে ধৰিলে।যি নহওঁক ভিনীয়েকে তাইক কি ঠগালে বা প্ৰতিশ্ৰুতি দি আঘাত হানিলে সেইবোৰ সিহতৰ অত্যন্ত ব্যক্তিগত কথাদিয়কচোন!
বোধয় তাই মানসিক আঘাত পাই খংউঠি প্ৰত্যুতপন্নমতিৰ দৰে ভাও লৈ আছিল আমি কিছুমান উগ্ৰগন্ধৰ পানীয় মুখত চতিয়াই দিলে সকলো নাটকৰ বেলুণ ফুচ হৈ যায়!মুঠতে ছোৱালীজনী বাছিল কিন্তু সকলো বোৰ বেবেৰিবাংত পৰিল। এয়াই হিষ্টেৰীয়া এক জটিল লক্ষণযুক্তৰোগ।মাজে মাজে এনেকুৱা ৰোগী আমাৰ ওছৰত আহে,কিন্তু আমি সাধৰন বুদ্ধিৰে অলপমান চিকিৎসা কৰিলে বেমাৰ পলাই পত্ৰং দিয়ে।
কিছুমান সৰু ছোৱালীৰ এনেকুৱা হৈ যে আহে মৰা ভাও জুৰি পৰি থাকে মই কেতিয়াবা অভিভাৱকক তাই শুনাকৈ কওঁ যে তাই ভাল হব কিন্তু চকুত বেজি এটি দিব লাগিব আৰু কোনটো চকুত দিম বেজিটো আপোনালোকৰ অনুমতি লাগে কাৰন চকুটো ভালে থকাৰ আশা ক্ষীণ! তেতিয়া প্ৰায়ে বেমাৰীয়ে কৈ উঠে যে মোৰ একো হোৱা নাই মই ঘৰলৈ যাম।এনেকৈ কথাৰেও চিকিৎসা কৰি কেতিয়াবা বিদায় দিয়াৰ উদাহৰণ ও বহুত আছে।যি কি নহওঁক এই আনকমন অতি সাধাৰণ মানসিক ৰোগ মাথোঁ কিছু মানসিক দুৰ্বলতা,অত্যাধিক চিন্তা, যৌবন কালৰ নিমিলা অংকৰ কাৰনেও হয়তো হব পাৰে বুলি আমি ভবাৰ স্থল নথকা নহয়।
ডাঃ প্ৰণৱ শৰ্মা
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 4/23/2020