অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেচাৰী মাহৰ সম্ভাৱনা :

খেচাৰী মাহৰ সম্ভাৱনা :

 

সৰুতে খেচাৰী দাইল খাই তৃপ্তি পোৱা গৈছিল যদিও সাম্প্ৰতিক কালত সেই সামগ্ৰী পাবলৈ নাই।এই দাইল পিতৃদেৱৰ বৰ প্ৰিয় খাদ্য আছিল।যিজনে এই মাহৰ গুড়ি নিমখ,তেল,পানীৰে সানি ভাতেৰে খাই বৰ জুতি পাইছিল।কেতিয়াবা কাছৰ মাংস খেচাৰী দাইলেৰে ৰান্ধি টকালি পাৰি খাইছিল।এই দাইল বেমাৰ নিৰাময়তো ব্যৱহৃত হৈছিল।এই দাইল তিয়াই থৈ পিছত পটাত পিহি মিহি কৰি তাৰে খহুৰ চাৰিওফালে লেপ দিলে ই ফাটি তেজ-পুজ ওলায় আৰু পিছত ঘা শুকায়।অথচ আমাৰ দেশৰ চৰকাৰে ১৯৬১ চনত এই শস্য নিষিদ্ধ কৰাত ইয়াক জুতি লগাই খোৱাৰ ভিকাচন ভঙাই নহয় আনকি ইয়াক উৎপাদন কৰা কৃষি কাৰ্যতো প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ল,যাৰ পৰিণতিত এই সামগ্ৰী বিৰল হৈ পৰিল।চৰকাৰৰ এনে কঠোৰ পদক্ষেপৰ মুলতে বিজ্ঞানীৰ গৱেষণাৰ ফল য’ৰ পৰা জনামতে খেচাৰী মাহত বীজত বি অ’এ এ নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে-যি মানুহৰ স্নায়ু তথা মগজুৰ ক্ষতিসাধন কৰে।তাহানি বিহাৰ তথা মধ্য প্ৰদেশৰ লোকে অত্যধিক পৰিমাণে এই কৃষিজাত সামগ্ৰী খাদ্য হিচাপে ভক্ষণ কৰিছিল যাৰ বাবে সেই ৰাজ্য দুখনৰ কোনো কোনো অঞ্চলৰ লোক এবিধ স্নায়ৱিক বিকাৰত (নিউৰ’লেথিৰিজম)ভুগিছিল।এক ধৰণৰ মগজুৰ ক্ষয়জনিত পক্ষাঘাত (স্পেছটিকপেৰালাইছিছ)নামৰ এই ৰোগবিধৰ বিষয়ে অনুসন্ধান কৰি গম পোৱা মতে ইয়াৰ মুলতে এবিধ ৰাসায়নিক পদাৰ্থ-যাৰ নাম বিটা এন অক্সেলিল এমাইন’এল এলানাইন (চমুকৈ বি অ’এ এ )বিষাক্ত পদাৰ্থ খেচাৰী মাহৰ অন্যতম উপাদান।

আমাৰ দেশৰ বিভিন্ন ৰাজ্যত বিস্তৃত পৰিসৰত খেচাৰী   মাহৰ খেতি কৰা হৈছিল।ই বৰ কষ্টসহিষ্ণু শস্য,যিয়ে গোটেই বছৰ ডাল-পাত মেলি থাকে।ই লহপহকৈ বাঢ়ি আহিবলৈ সাৰুৱা মাটিৰ প্ৰয়োজন নাই।আনহাতে,সাৰ প্ৰয়োগ তথা জলসিঞ্চন নকৰিলেও অসুবিধা নহয়।এই শস্য প্ৰতিকুল পৰিৱেশ তথা জলবায়ুতো বাঢ়ি আহে,যি অৱস্থাত আন শস্য লেৰেলি-ঠেৰেলি পৰে।চৰকাৰে এই শস্য মানুহৰ খাদ্য হিচাপে নিষিদ্ধ কৰাত ইয়াৰ খেতি হ্ৰাস পাবলৈ ধৰে যদিও ইয়াক গৰু-ছাগলীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাত কোনো ধৰণৰ বাধা আৰোপ কৰা হোৱা নাছিল।

নেপাল,ইথিঅ’পিয়া ,বাংলাদেশ আদি দেশতো খেচাৰী মাহ খাদ্য হিচাপে গ্ৰহণ কৰা হয়।আমাৰ দেশৰ সকলো অঞ্চলত খেচাৰী মাহৰ বিষম প্ৰভাৱ অনুভুত হোৱা নাছিল কিয়নো ইয়াৰ জাত তথা অঞ্চলটোৰ কৃষি জলবায়ুৰ অৱস্থাভেদে বিষাক্ত পদাৰ্থৰ গাঢ়তাৰ তাৰতম্য ঘটে(০.১-২.৫)।উন্নত জাতৰ খেচাৰী মাহৰ পৰা প্ৰভুত পৰিমাণে উৎপাদন লাভ কৰা যায়,ঘাইকৈ বিহাৰ,মধ্যপ্ৰদেশৰ গম উৎপাদিত অঞ্চলৰপৰা।সেইবাবে সম্ভৱত:এইবোৰ অঞ্চলত বেমাৰটো প্ৰায়ে হোৱা পৰিলক্ষিত হয়,যি পৰিপ্ৰেক্ষিতত এই মাহ খাদ্য হিচাপে গ্ৰহণ কৰাত নিষেধাজ্ঞাৰ প্ৰয়োজন হৈছিল।বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত সেইবাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অপকাৰবিহীন মাত্ৰাত বিষাক্ত পদাৰ্থ থকা জাত বিকশিত কৰিবলৈ প্ৰয়াস কৰা হৈছিল।বিজ্ঞানীয়ে প্ৰমাণ পোৱা মতে ৰন্ধাৰ বেলিকা সাৱধানতা অৱলম্বন কৰিলে অধিক পৰিমাণে বিষাক্ত পদাৰ্থ খাদ্যৰ পৰা আঁতৰাব পাৰি।অত্যধিক পৰিমাণে পানী ব্যৱহাৰ কৰি দাইল সিজাই অথবা ৰন্ধাৰ আগেয়ে এৰাতিৰ বাবে দাইল পানীত তিয়াই থৈ পানী পেলাই দিব পাৰি।তদুপৰি বাকলি থকা বীজবোৰ দুই-তিনিঘণ্টাৰ বাবে গৰম পানীত তিয়াই ৰাখি পানীখিনি পেলাই দিলে অবাঞ্জনীয় উপাদানবোৰ বহু পৰিমাণে গুচাব পাৰি।অৱশ্যে এনে ব্যৱস্থাবোৰ গ্ৰহণ কৰিলে বিষাক্ত পদাৰ্থবোৰৰ লগতে কিছু পৰিমাণে প্ৰ’টিন ,খনিজ লোণ আৰু খাদ্যপ্ৰাণ আঁতৰি পৰে তথাপি ইয়াৰ পুষ্টিমুল্য যথেষ্ট পৰিমাণে থাকে।

খেচাৰী মাহ ব্যৱহাৰোপযোগী কৰিবলৈ নতুন জাত উদ্ভাৱন কৰাৰ প্ৰয়াস কৰা হৈছে,য’ত সামান্য পৰিমাণে বিটা এন অক্সেলিল এমাইন’এল এলানাইন থাকে।শেহতীয়াকৈ তিনিটা উন্নত জাত যেনে ৰতন,প্ৰতীক আৰু মহাটেওৰা মুকলি কৰা হৈছে-যিবোৰ বিচৰা ধৰণৰ চৰ্ত পুৰণ কৰিব পাৰে।ভাৰতীয় কৃষি বিজ্ঞান গৱেষণা পৰিষদৰ জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী ড:এছ এল মেহতাৰ মতে সামান্য বিষ থকা খেচাৰী মাহৰ জাত কলাকৰ্ষণ কৌশলেৰে উলিওৱা হৈছে।এই প্ৰক্ৰিয়াত প্ৰথমে প্ৰতি বছৰে প্ৰায় ৩০০ উন্নত জাত বিকশিত কৰা হৈছিল আৰু সেইবোৰৰ ভিতৰত নামমাত্ৰ বিষ থকা জাতবোৰৰ মাজত প্ৰজনন ঘটোৱাৰ ফলত অতি কম পৰিমাণে (০.০২-০.০৫%) বিষ থকা তথা অধিক উৎপাদনক্ষম জাত পোৱা গ’ল।এইবোৰৰ ক্ষেত্ৰভিত্তিক পৰীক্ষা সুসম্পন্ন কৰা হ’ল মাহজাতীয় শস্য গৱেষণা সঞ্চালকালয়ৰ নেতৃত্বত-যি পৰীক্ষা উত্তৰ প্ৰদেশৰ কানপুৰ,ৰায়পুৰ তথা বিহাৰৰ ঢোলীত সম্পন্ন কৰি সুফল লাভ কৰা হয়।এই পৰীক্ষাৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে খেচাৰী দাইলৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই ল’বলৈ দাঙি ধৰা প্ৰস্তাৱ নিশ্চিত কৰে।তথাপি মানুহৰ খাদ্য হিচাপে গ্ৰহণৰ নিৰ্ভৰযোগ্যতা প্ৰমাণ কৰিবলৈ প্ৰায় দহ বছৰ ধৰি জাতবোৰ বিস্তৃত পৰিসৰত বিভিন্ন প্ৰাণীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে-য’ত দীৰ্ঘম্যাদী প্ৰতিকুল প্ৰভাৱ পোৱা নগ’ল।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক ড:এছ স্বামীনাথনৰ মতে খেচাৰী মাহৰ জাতবোৰ যেতিয়া ৰন্ধা হয় তাত নগণ্য মাত্ৰাৰ বিষ থাকে।সেইবাবে চৰকাৰে তিনিটা জাতৰ উৎপাদন কৰিবলৈ অনুমতি প্ৰদান কৰি খেচাৰী মাহৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞ প্ৰত্যাহাৰ কৰিব খুজিছে।তদুপৰি বিষমুক্ত অধিক জাত উদ্ভাৱনৰ বাবে প্ৰয়াস অব্যাহত ৰখা হৈছে।

লেখক: আনন্দ দেৱ গোস্বামী (দৈনিক অসম)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate