স্বাস্থ্য নিৰোগী আৰু অনাবিল আনন্দ প্ৰাপ্তিত শৰীৰ আৰু মনৰ ওপৰত য়োগৰ কেনে প্ৰভাৱ, তাৰ বিস্তৰ গৱেষণা আৰু বিশ্লেষণ যোৱা শতিকাৰ আগভাগৰ পৰা আৰম্ভ হৈছে।
চাইক’নিউৰ’ইম্মিন’লজী (মন, মগজু আৰু স্ব প্ৰতিৰোধী তন্ত্ৰৰ মাজৰ জৈৱিক সম্বন্ধৰ অধ্যয়ন) ৰ বিকাশ হোৱাত য়োগৰ প্ৰভাৱৰ বিষয়ে কৰা গৱেষণাৰ পথ সুগম হয়। আদুনিক বিজ্ঞানৰ অন্যতম ডাঙৰ অৱদান- মন আৰু শৰীৰ পৃথক আৰু পৰস্পৰ স্বতন্ত্ৰ নহয়, পৰস্পৰৰ মাজত ওত:প্ৰোত সম্বন্ধ আছে (এলেক্সি কেৰল-) ।
আনহাতেদি ‘স্নায়ুবিজ্ঞান’ এটা নতুন আৰু ভৱিষ্যতৰ এটা অপৰিহাৰ্য বিষয়, যাৰ দ্বাৰা মন-মগজুৰ সবিশেষ জানিব পাৰি। লগতে মগজুৰ বিদ্যুৎচুম্বক ক্ৰিয়া- কলাপবোৰ জুখিবলৈ ব্যৱহাৰ কৰা MRI সঁজুলিৰ ফলত ধ্যানৰ দ্বাৰা প্ৰভাৱিত হোৱা শৰীৰ মনৰ কোষ আৰু নিউৰন আদি অধ্যয়নৰ পথ সুচল হয়। কালিফৰ্নিয়া বিশ্ববিদ্যালয়ত স্নায়ুবিজ্ঞানৰ গৱেষণা ইমান দ্ৰুতগতিত আগবাঢ়িছে যে, বৰ্তমান স্নায়ুবিজ্ঞানীৰ এটা দলে মানুহৰ চিন্তা আৰু কল্পনাক দৃশ্যগ্ৰহণ কৰাটোও সম্ভ কৰি তুলিছে।
শৰীৰ আৰু মনৰ প্ৰভাৱ পেলোৱা সম্পুৰ্ণ শিথিলীকৰণ(Relaxation) (য’ত প্ৰতিটো কোষ শিথিল হয়)আৰু মগজু বা মনৰ গভীৰ নীৰৱতা (যি প্ৰতিটো নিউৰনক প্ৰভাৱ পেলায়)ৰ ওপৰত কৰা বৈজ্ঞানিক গৱেষণাই বিশেষকৈ বেমাৰ-আজাৰৰ প্ৰতিকাৰৰ এটা দিশ নিৰ্ণয় কৰিছে।
আকৌ জীৱবিজ্ঞানৰ মাইক্ৰ’বায়ম আৰু এপিজিনম নামৰ এই দুটা শাখাই চিকিৎসা বিজ্ঞানৰ আমুল ৰুপান্তৰ ঘটাবলৈ আৰম্ভ কৰিছে। বিশেষকৈ ৰোগ আৰু ৰোগৰ কাৰণ বিশ্লেষণ কৰিবলৈ সক্ৰিয় সহযোগ স্থাপন কৰিছে। মানুহৰ শৰীৰত প্ৰায় ১০০ ত্ৰিলিয়ন (১ ত্ৰিলিয়ন=১ লাখ কোটি ) কোষ আছে। আমাৰ শৰীৰৰ সকলো অংগ-প্ৰত্ংগ প্ৰায় দহ ত্ৰিলিয়ন কোষ বা চেলেৰে গঠিত। এই কোষবোৰতকৈ প্ৰায় নগুণ বেছি অণুজীৱ আমাৰ শৰীৰত আছে, যিবোৰে নানা ধৰণে আমাক জীয়াই থকাত সহায় কৰি আছে। খাদ্য হজম কৰা, বহিৰাগত বিপজ্জনক অণুজীৱৰ বিৰুদ্ধে যুঁজ দিয়া আদিত এই অণুজীৱবোৰে সহায় কৰে। আসন, প্ৰাণায়াম আৰু ধ্যানৰ কেনে ধনাত্মক প্ৰভাৱ, তাৰ সবিশেষ এতিয়াও জানিবলৈ বাকী আছে। কাৰণ ডি এন এৰ এটা অণুৱে পৃথিৱীৰ গোটেই কম্পিউটাৰে একে লগে যিমান কাম কৰে, তাতকৈ ১০০ গুণ বেছি কাম কৰে।
মানুহৰ মগজুত প্ৰায় ১০০ বিলিয়ন নিউৰন থাকে আৰু থাকে কোৱেড্ৰিলিয়ন (একৰ পিচত ২৪ টা শুন্য) সংখ্যক চিনপচেচ। শৰীৰত প্ৰবাহিত হৈ থকা মুঠ তেজ আৰু অক্সিজেনৰ ২০ শতাংশ মগজুলৈ যায়। মগজুৰ প্ৰায়বোৰ কোষেই বিকশিত হৈয়েই আহে। য়োগৰ মতে মগজুৰ কোষ কিছুমান যোগীসকলে পুনৰ সংস্থাপন কৰিবলৈ সক্ষম হয়। সেই কাৰণে য়োগ আৰু এলজেইমাৰ গৱেষণাৰ এটা আগ্ৰহী বিষয়। উল্লেখ্য যে মানুহৰ মগজু গোটেই শৰীৰৰ ওজনৰ দুই শতাংশ, কিন্তু শৰীৰৰ ২০% শক্তি খৰচ কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত Mind & Life Institute ৰ পৰা প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে মানুহে মগজুৰ এক দশমাংশ ব্যৱহাৰ কৰে, বাকী ৯ ভাগ অব্যৱহৃত হৈ থাকে।
মহৰ্ষি মহেশ যোগীৰ ভাৱাতীত ধ্যানৰ প্ৰশিক্ষণপ্ৰাপ্ত স্নায়ুবিজ্ঞানী ৰে কাৰ্যৱেলে তেওঁ “The Age of Spiritual Machine” গ্ৰন্থত কৈছে মানুহৰ মগজুৰ ক্ষমতা অতি বিশাল , ছেকেণ্ডত ১০ লাখ কোটি গণনা কৰিব পাৰে। প্ৰতি মিনিটত মনত ২৫-৩০ টা চিন্তা অহা-যোৱা কৰে, অৰ্থাৎ প্ৰতি দিনে গড়ে ৪০-৬০ হাজাৰ চিন্তাৰ উদ্ৰেক হয়। এই চিন্তাৰ বঢ়া-টুটা নিৰ্ভৰ কৰে মনৰ শান্ত অৱস্থাৰ ওপৰত।
ধ্যান কৰাৰ অৱস্থাত মগজুৰ নিউৰনবোৰৰ Disorder বা উশৃংখল অৱস্থা শিথিল হয়, ইয়াকে Laws of Thermody nimcs মতে Entropy শুন্য বুলি কোৱা হয়। অৰ্থাৎ Concentration বাঢ়ে। এনে অৱস্থাত ব্যক্তি অষ্টাংগ য়োগৰ স্থান সমাধি প্ৰাপ্তি হয়। বিজ্ঞানৰ মতে E=0 অৰ্থাৎ ১০০ বিলিয়ন নিউৰনৰ এনে অৱস্থাক Quantum Coherence বুলি কোৱা ফলত ব্যক্তিজনে অনাবিল আনন্দ উপলব্ধি কৰে।
আসন, প্ৰাণায়াম আৰু ধ্যান অভ্যাসৰ ফলত ব্যক্তিৰ শৰীৰ আৰু মনৰ ওপৰত কেনে প্ৰভাৱ পৰে বা কিছুমান দুৰাৰোগ্য কেনেকৈ শাম কাটে, তাৰ বিস্তৰ বিশ্লেষণাত্মক আলোচনা (মই জনাত) ১৯৩০ দশকমানৰ পৰা আৰম্ভ হয়। পুনেৰ লোনাৱালা নগৰত অৱস্থিত কৈৱল্যধামত স্বামী কুৱলয়ানন্দই (প্ৰকৃত নাম ডা: জে.জে. গুণে) য়োগৰ অৰ্থাৎ আসন, প্ৰাণায়ামৰ দ্বাৰা ব্যক্তিৰ দেহৰ ওপৰত পৰা প্ৰভাৱৰ ওপৰত বৈজ্ঞানিক বিশ্লেষণ আৰম্ভ কৰিছিল।
পাশ্চাত্য দেশত বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত মহৰ্ষি মহেশ যোগীয়ে তেওঁ ভাৱাতীত ধ্যান (TM) প্ৰচৰ কৰিলে, তেতিয়া ইয়াৰ পৰিসৰ বৃদ্ধি পালে। জনপ্ৰিয়তা বৃদ্ধি পালে, বিখ্যাত প’পগায়ক ‘ব্ৰিটিলচ গায়ক’ চাৰিজনে তেখেতৰ শিষ্য হোৱাত। তেওঁ ‘মহৰ্ষি ইন্সটিটিউট অব ক্ৰিয়েটিভ ইণ্টেলিজেন্স’ (MICI) নামৰ বিশ্ববিদ্যালয়ৰ আমেৰিকাত স্থাপন কৰিছিল। লগে লগে এই বিশ্ববিদ্যালয় আন্তৰ্জাতিক ক্ষেত্ৰলৈ প্ৰসাৰ পালে আৰু তেওঁৰ ধ্যান TM ৰ জনপ্ৰিয়তা প্ৰায় দেশত বৃদ্ধি পালে। উল্লেখ্য যে, এই চ’ৰাৰ লেখকে যদিও অষ্টম শ্ৰেণীৰ পৰা আসন, প্ৰাণায়াম আৰম্ভ কৰিছিল, ১৯৭৯ চনত ‘ওচমানিয়া বিশ্ববিদ্যালয়ত’ গৱেষণা কৰিবলৈ যাওঁতে, সেই হায়দৰাবাদত অৱস্থিত MICI অনুষ্ঠানত নিয়মীয়া প্ৰশিক্ষণ গ্ৰহণ কৰে। পাচত দুখন গৱেষণা পত্ৰ-১) Psychobiology of Yoga ২) Fuzzy Logic and Buddha প্ৰকাশ কৰা হয়।
মহৰ্ষি শিষ্য তথা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ স্কুল অব মেডিচিনৰ অধ্যাপক ড° কীথ ৱালেচ (Thesis:Physiological As-pects of TM) আৰু ড° বেনচনে স্বাস্থ্যৰ ওপৰত TM ৰ কেনেকুৱা প্ৰভাৱ আদি কেইবালানি গৱেষণাপত্ৰ প্ৰকাশ কৰি TM ৰ জনপ্ৰিয়তা প্ৰচাৰ কৰে। বিগত শতিকাৰ ১৯৭৪ চনৰ অক্টোবৰ মাহত দিল্লীত ‘Neurophysiology on Enlightment’ নামৰ এখন আন্তৰ্জাতিক পৰ্যায়ৰ আলোচনা-চক্ৰ আয়োজিত হৈছিল, য’ত কীথ ৱালেচে তেওঁ গৱেষণা পত্ৰ পাঠ কৰিছিল। এই চক্ৰত ধ্যানৰ প্ৰভাৱত ব্যক্তিৰ মন, মগজু আৰু স্বপ্ৰতিৰোধী তন্ত্ৰৰ মাজত কেনে জৈৱিক সম্বন্ধ বা আধুনিক যুগত সৃষ্টি হোৱা উদ্বেগ, ষ্ট্ৰেচ, উচ্চ ৰক্তচাপ, ডায়েবেটিচ আদি বিভিন্ন ব্যাধিৰ কেনেকৈ উপশম ঘটে, তাৰ বিত্ং বিৱৰণ প্ৰকাশ পায়। লগতে আলোচিত হৈছিল ধ্যানৰ অভ্যাসৰ ফলত যুৱক-যুৱতীৰ মেধাশক্তি, স্মৃতিশক্তি আৰু আই কিউ বৃদ্ধি হোৱা এক ৰিপ’ৰ্ট। হ্ৰাস পাইছিল উচ্ছৃংখলতা মদ্যপান বা চিগাৰেট সেৱন।
২০০৫ বৰ্ষৰ ১০ অক্টোবৰ তৰইখে ‘ৱ’লৰ্ড মেণ্টেল হেলথ ডে’ উদযাপন কৰি ঘোষণা কৰা হৈছিল যে , মানুহৰ ৰোগৰ আশী শতাংশই মানদিক। মাত্ৰ বিশ শতাংশেহে শৰীৰজনিত ৰোগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েল, হাৰ্ভাৰ্ড, মাছাচুচেটছ জেনেৰেল হাস্পতাল আৰু মাছাচুচেটচ ইন্সটিটিউট অব টেকন’লজিৰ পৰা প্ৰকাশিত গৱেষণা পত্ৰত কোৱা হৈছে যে নিয়মীয়া ধ্যানৰ প্ৰভাৱত ব্যক্তিৰ মগজুৰ কীটকেলৰ (Cortical Thickness) গাঢ়তা বৃদ্ধি পায় আৰু আৱেগ, সংবেদন আদি নিয়ন্ত্ৰণ হোৱাৰ উপৰি দেহৰ অভ্যন্তৰীণ অংগবোৰ অটুট ৰখাত সহায় হয়।
বৰ্তমান মনৱ সমাজত দেখা দিয়া অন্যতম ভয়ানক ব্যাধি নি:সংগতা আৰু উদ্বিগ্নতা।
লেখক: ড° মুকুন্দ ৰাজবংশী (সাদিন)
শেহতীয়া উন্নীতকৰণ: : 3/4/2024