অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গেষ্ট্ৰাইটিচ ৰোগক দিয়ক বিদায় :

গেষ্ট্ৰাইটিচ ৰোগক দিয়ক বিদায় :



আমাৰ ওপৰ পেটৰ বাওঁফালে নাভি আৰু মধ্যচ্ছদাৰ মাজত পাকস্থলী বা আমাশয় অৱস্থিত। চাৰিটা তৰপৰে পাকস্থলী গঠিত , বাহিৰৰ পৰা ভিতৰলৈ ক্ৰমে- (ক) কোষ্ঠধৰা কলা (খ) মাংস কলা (গ) উপশ্লেষ্ম কলা (ঘ) শ্লেষ্মাকলা। খোৱা আহাৰৰ ধাৰণ ক্ষমতা অনুসৰি পাকস্থলী সহজে শিথিল হব পাৰে। আমি চাৰিপ্ৰকাৰ আহাৰ অসিত , খাদিত, পীত আৰু লেহ্য খোৱাৰ পিছত আমাশয়ত প্ৰথমে জমা হৈ অম্লৰসৰ ( হাইড্ৰক্লৰিক এচিড আৰু পেপচিন) সহায়ত গলিত আহাৰলৈ ৰূপান্তৰিত হয়। সেয়েহে আয়ুৰ্বেদত উল্লেখ কৰিছে যে ” অন্নং গৃহ্নতি মুঞ্চতি বিবেচয়তি পচতি চ”।
বৰ্তমান সময়ত অম্লপিত্ত নোহোৱা ব্যক্তি বহুত কম। আমাৰ পাকস্থলীৰ শ্লেষ্মিক কলাত প্ৰদাহ উৎপন্ন হোৱা ৰোগ বিধেই হৈছে অম্লপিত্ত বা গেষ্ট্ৰাইটিচ। পাকস্থলীক আয়ুৰ্বেদিকত আমাশয় বোলা হয় । আমাশয়ত অতিৰিক্ত ভাৱে হাইড্ৰক্লৰিক এচিড আৰু পেপচিন (অম্লৰস) নি:সৰিত হোৱাৰ পৰিপ্ৰেক্ষিত অম্লপিত্ত হয়। অম্লপিত্তৰ বাবে পেট ফুলে, বিষায়, বুকু আৰু গলা জ্বলে, টেঙাপানী আহে আৰু কেতিয়াবা ওকালি বা বমি হয়।


ৰোগৰ কাৰণ -


অত্যাধিক পৰিমাণে জ্বলা, টেঙা, ভজা-পোৰা,মচলাযুক্ত আহাৰ,অপুষ্টিকৰ আহাৰ, গেলা-পচা , ফাষ্ট ফুড, চালানী মাছ, ভেজাল খাদ্যৰ উপৰিও অসময়ত আহাৰৰ খোৱা। মদ্যপান, ধূমপান, গুটকা,খৈনী, জৰ্দাপান, চাহ ,কফি বেছিকৈ খোৱা। বিষনাশক ঔষধ, আইৰণ টনিক ব্যৱহাৰ। প্ৰচুৰ পৰিমাণে পানী নোখোৱা , মানসিক চিন্তা, অনিদ্ৰা, ভয়-সঙ্কোচ, বদহজম, গ্ৰহণী, অতিসাৰ, যকৃতৰোগ আদিৰ কাৰণে অম্লপিত্ত হয়।
উল্লেখিত কাৰণত পাকস্থলীত থকা শ্লেষ্মিক কলা সঘনাই উত্তেজিত হোৱাৰ বাবেই অতিৰিক্ত পৰিমাণে হাইড্ৰক্লৰিক এচিড আৰু পেপচিন ( অম্লৰস) নি:সৰণ হয়। এইদৰে অতিৰিক্ত পৰিমাণে নি:সৰিত হোৱা অম্লৰসৰ কাৰণে অম্লপিত্ত ৰোগ উৎপন্ন হয়। অম্লপিত্ত ৰোগ দুই প্ৰকাৰৰ –(ক) তীব্ৰ অম্লপিত্ত আৰু (খ) সঞ্চিত অম্লপিত্ত।
(ক) তীব্ৰ অম্লপিত্ত

তীব্ৰ অম্লপিত্তৰ লক্ষণবোৰ দ্ৰুতগতিত প্ৰকাশ পায়। ওকালি আৰু বমি হয়, পেটত খামূচিয়া বিষ আৰু পোৰণি হয়, বুকু আৰু গলা জ্বলে, মুখেৰে টেঙাপানী ওলাই, মূৰ বিষায়, পাকস্থলীত অহৰহ ভৰতা অনুভৱ হয়, খাবলৈ মন নাযায়, অজীৰ্ণতাৰ কাৰণে প্ৰায়েই পেট ফুলে,জিভাৰ বৰণ হালধীয়া হয়, পিয়াহ লাগে, কেতিয়াবা ৰক্তবমি আৰু কলা শৌচ হয়, শৰীৰ দূৰ্বল আৰু অৱশ হয়।
(খ) সঞ্চিত অম্লপিত্ত

সঞ্চিত অম্লপিত্ত ৰোগত তীব্ৰ অম্লপিত্তৰ লক্ষণ দেখা পোৱা যায়।কিন্তু এই ক্ষেত্ৰত লক্ষণ সমূহ ধীৰ গতিত প্ৰকাশ পায়। সচৰাচৰ আদহীয়া অথবা বয়সীয়াল ব্যক্তিৰ সঞ্চিত অম্লপিত্ত হোৱা দেখা যায়।
সঞ্চিত অম্লপিত্ত ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত হেলিকবেক্টাৰ নামৰ এবিধ বেক্টেৰিয়াৰ সংক্ৰমণৰ কাৰণে পাকস্থলীৰ শ্লেষ্মিক কলা ক্ষত হলে অন্নদ্ৰৱ শূল বা গেষ্ট্ৰিক আলচাৰ হয়।


সাধাৰণ লক্ষণসমূহ -

আহাৰ খোৱাৰ প্ৰতি অনিচ্ছা, অজীৰ্ণতা, ওকালি, বমি আদি লক্ষণ সমূহ দিনৰ সকলো সময়তে হয় যদিও পূৱাবেলা অধিক প্ৰৱলতা দেখা যায়। পাকস্থলীত অহৰহ ভৰতা অনুভৱ হয়, ওপৰ পেটৰ বিষ সদায় থাকে যদিও কেতিয়াবা হঠাতে বেছি হয়।সঘনাই পিয়াহ লাগে, হাত-ভৰিত পোৰণি উঠে।একেৰাহে বহুত দিন ৰোগাক্ৰান্ত হৈ থাকিলে পূষ্টিহীনতা আৰু ৰক্তহীনতাৰ কাৰণে শৰীৰ দূৰ্বল আৰু অৱশ হয়। সঠিক সময়ত চিকিৎসা নকৰিলে ৰোগীৰ অন্নদ্ৰৱ শূলৰ উপৰিও আনুসংগিক উপসৰ্গ হোৱাৰ সম্ভাৱনা থাকে।

অম্লপিত্ত ৰোগৰ আহাৰ বিহাৰ -


তলত উল্লেখ কৰা নীতি-নিয়ম ভালদৰে পালন কৰিলে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগত আক্ৰান্ত হলেও সোনকালে আৰাগ্য হয়।
(১) সদায় ৰাতিপুৱা উঠি ভালদৰে হাত-মুখ ধূই একলিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। কুহুমীয়া গৰম পানী খালে পাকস্থলীত সঞ্চিত হৈ থকা অতিৰিক্ত অম্লৰস আৰু বদহজম আহাৰ অন্ত্ৰলৈ সঞ্চালন হৈ শৌচৰ লগত বাহিৰ হয়। সেয়েহে কুহুমীয়া গৰমপানী খোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰ পৰিস্কাৰ হয় বাবে গেষ্ট্ৰাইটিচ হোৱাৰ সম্ভাৱনা নাথাকে। কেৱল কুহুমীয়া গৰমপানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰি।
তাৰোপৰি কুহুমীয়া গৰমপানী খালে যকৃত, কিডনী , অগ্নাশয় , থায়ৰইড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। শৌচ-পেচাব নিয়মীয়া হোৱাৰ উপৰিও শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰমপানী কমেও এক লিটাৰ খাওক।
(২) আহাৰ খোৱাৰ আধাঘন্টাৰ আগতে আৰু এঘন্টাৰ পিছত পানী খালে আহাৰ ভালদৰে হজম হয় বাবে গেষ্ট্ৰাইটিচ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকিলেও সোনকালে আৰোগ্য হয়। আহাৰ খোৱাৰ পিছত পিত্তৰস আহাৰৰ সৈতে ভালদৰে মিহলি হলেহে সহজেই হজম হয়। কিন্তু আহাৰ খাই লগে লগেই পানী খালে পিত্তৰসৰ গাঢ়তা কমি যায় বাবে সঠিক ভাৱে আহাৰ পৰিপাক হব নোৱাৰে। ইয়াৰ ফলত বদহজম হৈ এচিডিটি হয়।
(৩) আমি আহাৰ খোৱাৰ পিছত কমেও এঘন্টা বাওকাতিহৈ শুব লাগে। বাওকাতিহৈ শুলে পাকস্থলীত থকা খাদ্যৰ লগত অম্লৰস (হাইড্ৰোক্লৰিক এচিড আৰু পেপচিন) ভালকৈ মিহলি হয়। তাৰোপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা অম্লৰস খাদ্যনলীত প্ৰবেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হব নোৱাৰে। গেষ্ট্ৰাইটিচ থকা ব্যক্তিয়ে সদায় বাওঁকাতিকৈ শুব লাগে।
(৪) অম্লপিত্তত আক্ৰান্ত ব্যক্তিয়ে সপ্তাহ এদিন উপবাস কৰিব। উপবাস কৰিলে পাচন প্ৰক্ৰিয়াকে আদি কৰি শৰীৰ শোধন হয় বাবে সকলো অঙ্গ
প্ৰত্যঙ্গ অধিক সক্ৰিয় হৈ উঠে। উপবাস কৰিলে যিকোনো ৰোগ সহজে হব নোৱাৰে।
(৫) অম্লপিত্তৰ কাৰণে পদিনা বৰ উপকাৰী। পদিনা খালে বদহজম, বুকু জ্বলাপোৰা কৰা, পেটফুলা আৰু টেঙাপানী অহা নিমিষতে নাইকিয়া হয়‌। পদিনা পাতৰ ৰস এচামুচকৈ দিনে তিনিবাৰ খাব পাৰি। তাৰোপৰি পদিনাৰ পাত ৮-১০ টামান এগিলাচ পানীত সিজাই চেকিলৈ দিনে তিনিবাৰ খালে অম্লপিত্ত ভাল হয়। এলোপেথিক গেষ্ট্ৰিকৰ ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল আদি খালে কিডনী ফেইলাৰ আৰু পাকস্থলীৰ কেঞ্চাৰ হয়। কিন্ত পদিনা অম্লপিত্ত আৰু কেঞ্চাৰ নাশক।
(৬) অম্লপিত্তৰ বাবে মানিমুণি বৰ উপকাৰী। ৰাতিপুৱা সদায় মানিমুণি পাত ৮-১০ টামান চোবাই খালে অম্লপিত্ত ভাল হয় । তাৰোপৰি মানিমুণি খালে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ উপৰিও ভাল টোপনি হয় বাবে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণ হয়।
(৭) ভাত খোৱাৰ আগমূহুৰ্ত্তত এটুকুৰা আদা ক’লা নিমখৰ সৈতে খালে হজম শক্তি বৃদ্ধি হয় বাবে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে। আয়ুৰ্বেদিক সংহিতাত উল্লেখ আছে যে ” ভোজনাগ্ৰে লৱনাদ্ৰক” অৰ্থাৎ আহাৰৰ আগতে আদা আৰু কলা নিমখ খাব লাগে
(৮) অম্লপিত্ত ৰোগীয়ে টোপনি খতি নকৰিব । খং, ৰাগ, মানসিক চিন্তা আদিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।
(৯) মদ, ভাং, ধপাত বৰ্জন কৰিব।
(১০) বেছি ভজা-পোৰা, মচলা, জ্বলা, টেঙা , চাহ আৰু কফি নাখাব বা কমকৈ খাব।
(১১) গাখীৰ, মাখন, গৰুৰ ঘিউ, সিজোৱা তৰ্কাৰী, মগুদাইল খাব।
(১২) শুকান বা কেঁচা আমলখি ৩-৪ সদায় খালে অম্লপিত্ত ভাল হয়।
(১৩) ৰোগ হৈ থকা সময়ত আটা আৰু ময়দাৰ পৰা বনোৱা খাদ্য নাখা
(১৪) অম্লপিত্ত ৰোগীয়ে কল খোৱাটো অতি প্ৰয়োজনীয়। কলত ভিটামিন-বি কমপ্লেক্স থকা বাবে পাকস্থলীৰ শ্লেষ্মিক কলা শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা কমি যয়।
(১৫) অসমীয়া মানুহৰ খাৰখোৱা বুলি এক পৰিচয় আছে। মাজেসময়ে কলাখাৰ খালে অম্লপিত্ত সহজে নহয়।
(১৬) কেতিয়াও সম্পূৰ্ণ পেটভৰাই আহাৰ নাখাব। এইদৰে আহাৰ খালে হজম ভালদৰে নহয় আৰু অম্লপিত্ত ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate