মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গ্ৰীষ্মকালি ওজন হ্ৰাস কৰা কেইবিধমান পাচলি আৰু ফল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালি ওজন হ্ৰাস কৰা কেইবিধমান পাচলি আৰু ফল :

গ্ৰীষ্মকালি ওজন হ্ৰাস কৰা কেইবিধমান পাচলি আৰু ফলৰ বিষয়ে লিখা হৈছে ।

 

তৰমুজ:

গ্ৰীষ্মৰ অন্যতম এবিধ পনীয়া ফল। প্ৰায় ৯২ শতাংশ পানী থাকে এইবিধ ফলত। লগতেই কম কেলৰিযুক্ত খাদ্যও। এইবিধ ফল দৈনন্দিন আপুনি ব্যৱহাৰ কৰিলে যথেষ্ট পৰিমাণৰ পুষ্টিও লাভ কৰিব। বিশেষকৈ মেদবহুল লোকৰ বাবে এইবিধ ফল খোৱাৰ উপযোগী।

মাটিকঁঠাল -

গ্ৰীষ্মৰ এবিধ মিঠা ফল মাটিকঁঠাল। সমভূমিৰ তুলনাত পাহাৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে এইবিধ ফল হোৱা দেখা যায়। এই ফলবিধৰ জৰিয়তে খুব কম সময়তে হজমশক্তি বৃদ্ধি হয়। হজমশক্তি বৃদ্ধি হোৱাৰ মূলতে হ’ল ফলবিধত প্ৰোটিয়োটিক এনজাইম ব্ৰোমেলেন থাকে। বিশেষকৈ পেটৰ চৰ্বি কমোৱাত ই এণ্টি-ইনফ্লেমেটৰিৰ কাম কৰে।

তিতা কেৰেলা -

গ্ৰীষ্মৰ অন্যতম এবিধ পাচলি। তিতা পাচলিবিধৰ বহুতো ঔষধি গুণ আছে। খাদ্য খোৱাৰ পিচত হজমশক্তিত বিশেষভাৱে সহায় কৰে তিতা কেৰেলাই। লগতে এইবিধ পাচলিয়ে নিম্ন ৰক্ত শৰ্কৰাতো যথেষ্ট পৰিমাণে সহায় কৰে। দৈনন্দিন জীৱনত মেদবহুল লোকে এইবিধ পাচলি খালে যথেষ্ট আৰোগ্য লাভ কৰিব।

বিলাহী -

গ্ৰীষ্মৰ আনবিধ পাচলি বিলাহী। আপুনি চালাদ হিচাপে খোৱাৰ উপৰি যিকোনো চবজিতে ইয়াৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে এইবিধ পাচলি খালে মেদবহুল লোক খীণ হোৱাত অৰিহণা যোগায়। বিলাহীত ভিটামিন চি থাকে।

লেখক: পল্লৱ দ্বীজেন (দেওবৰীয়া সম্ভাৰ)

 

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top