গৰমৰ দিনত ছাল আৰু ছুলিৰ যতন
- গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল-চুলিৰ যথেষ্ট পৰিমানে ক্ষতি হয় । এইদিনকেইটাত সেয়েহে ছাল-চুলিৰ উপযুক্ত যত্ন ল’ব লাগে।
- গৰমৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে। চাব যাতে চুলিৰ গুৰিবোৰ ঘামি তেলেতীয়া হৈ নাথাকে। প্ৰয়োজন অনুসাৰে চুলিবোৰ চেম্পু কৰিব। কণ্ডিচনাৰ ব্যৱহাৰ কৰিব।
- সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালক বেয়াকৈ প্ৰভাৱিত কৰে । গৰমৰ দিন অহাৰ লগে লগে ছালৰ প্ৰাকৃতিক উজ্বলতা হেৰাই যায় । ৰ’দে পোৰা, শালমইনা, ঘামচি আদি সমস্যাই গা কৰি উঠে । কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি ছালৰ সতেজতা ঘুৰাই আনিব পাৰি । পাণী খাব প্ৰচুৰ পৰিমাণে । চানস্ক্ৰীন ব্যৱহাৰ কৰিব ।
- মুলতানী মাটি , গোলাপজল, কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমানত একেলগে মিহলাই দহমিনিট মুখত লগাই থৈ ঠাণ্ডা পাণীৰে ধূব । ছালখন নিমজ আৰু উজ্বল হ’ব।
- তিয়হ , নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থব । মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু শালমইনা ও কমিব।
- গাখীৰ , মৌ, আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধূব । ৰ’দে পোৰা দাগ কমিব।
চুলিৰ বাবে
- শুকান চুলি হ’লে চালকুঁৱৰীৰ ৰস আধাঘণ্টা লগাই থব । ই চুলি মসৃন কৰাৰ লগতে টনিঙৰ কামো কৰে ।
- নিমপাত বতি তাৰ ৰসত অলিভ অইল মিহলাই কুহুমীয়া গৰম কৰি চুলিৰ গুৰিত লগাব । এঘন্টামান ৰাখি ধুব । চুলি সৰা বন্ধ হ’ব । চুলি গজিব ।
- বেছি শুকান আৰু আগ ফঁটা চুলিৰ বাবে মুলতানী মাটিৰ লগত কণী দুটা, দৈ একাপ মিহলাই আধাঘন্টা লগাব ।
লেখিকা: মিনাক্ষী নাথ পেগু, এগৰাকী সৌন্দৰ্য্য বিশেষজ্ঞ
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.