অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোৰোহাৰ বিষ, কাৰণ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা

গোৰোহাৰ বিষ, কাৰণ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা

ভৰি দুখন হৈছে আমাৰ চালিকা শক্তি। আমাৰ গোটেই দেহৰ ভাৰ বহনকাৰী ভৰিৰ পতাযুৰীৰ সহযোগত আমি চলা-ফুৰা কৰি থাকিব পাৰো। যেতিয়া এই ভৰিত পতা বা গোৰোহাৰ বিষ অনুভৱ হয়, আমাৰ জীৱন কেনেকুৱা হৈ পৰে এনে ৰোগত ভুগাজনেহে অনুভৱ কৰিব পাৰে। আজি আমি এই গোৰোহাৰ বিষৰ ওপৰত আলোচনা কৰিম।

গোৰোহাৰ বিষৰ আলোচনাৰ পূৰ্বে আমি অকণমান ইয়াৰ শাৰীৰিক গঠন সম্পৰ্কে জানি লও আহক।
ভৰিৰ পতাৰ গঠন:

ভৰিৰ পতাখনত প্ৰায় ২৬ডাল হাৰ ৩৩ টা গাঁঠি, আৰু প্ৰায় ১০০ তা মান মাংসপেশী তথা ligaments আৰু টেন্দন থাকে।

এয়া হৈছে আমাৰ ভৰিৰ পতাৰ গঠন। আমাৰ গোৰোহৰ হাড় ডালৰ নাম হৈছে calcanium। ভৰিৰ পতাখনে যাতে আঘাত পাই হাড় বোৰ আঘাতপ্ৰাপ্ত নকৰে তাৰ বাবে পতাৰ ছালখনৰ ভিতৰত এখন কঠিন তৰপ থাকে যাক কোৱা হয় planter fascia। আমাৰ ভৰিৰ কলাফুলৰ মাংসপেশীটো এডাল কণ্ডৰা(tendon)ৰ সহায়ত (যাৰ নাম tendo achilis বুলি কোৱা হয়)calcaneum নামৰ হাৰ ডালৰ লগত সংযোজিত হৈ থাকে।
গোৰোহৰ বিষৰ কাৰণ:

১)গোৰোহৰ calcaneum হাড়ডালৰ পৰা কাঁইট সদৃশ হাড়ৰ বৃদ্ধি ইয়াৰ প্ৰধান কাৰণ।এই হাড় বৃদ্ধি বিভিন্ন কাৰণত হয় যেনে-

*অত্যাধিক শকত হোৱা।

*অত্যাধিক খোজ কঢ়া বা দৌৰা।

*পিন্ধা জোতাজৰৰ তল অংশ যদি টান হয়।

*জোতাৰ ভিতৰ অংশ টান হলে।

*ডায়েবেটিচ, থাইৰয়ড ৰোগত ভুগিলে।

*শৰীৰত কেলচিয়ামৰ অভাৱ হলে।

*খালি ভৰিৰে টান বা ওখৰা মোখৰা ঠাইত অত্যাধিক খোজ কাঢ়িলে।

*খোজৰ বিসংগতি।

*ভৰিৰ গঠনৰ কিবা বিসংগতি থাকিলে।

২)tendo achilis কণ্ডৰা ফুলিলে নতুবা আঘাতপ্ৰাপ্ত হলে । যাক কোৱা হয় tendo achilitis।

৩)ভৰিৰ পতাৰ তলৰ planter fascia কিবা কাৰণত ফুলি উঠিলে।

৪)ইয়াৰোপৰি বিভিন্ন ৰোগ যেনে gouty arthritis, rheumatoid arthritis, ভৰিৰ নাৰ্ভৰ আঘাত, ইত্যাদি অন্যান্য ৰোগটো গোৰোহৰ বিষ হয়।

গোৰোহৰ বিষৰ লক্ষণ:

 

সাধাৰণতে প্ৰায়বোৰ ৰোগীয়ে ৰাতিপুৱা শুই উঠি ভাৰীখন পাতোতে অত্যাধিক বিষ অনুভৱ কৰে। খোজ কাঢ়ি থাকিলে বিশেষ নিবিষায় যদিও বহাৰ পৰা উঠি খোজ কাঢ়িলে প্ৰাৰম্ভতে অত্যাধিক বিষাব ধৰে। বহুত ৰোগীয়ে মজিয়াত ভৰি পাতিবই নোৱাৰা হয়।

আপোনাৰ কৰণীয়:

 

১)কেতিয়াও খালি ভৰিৰে খোজ নাকাঢ়িব।

২)ভৰিৰ পতাত ঠাণ্ডা লাগিব নিদিব।

৩)সদায় স্পঞ্জৰ সদৃশ চেন্ডেল আৰু সঠিক ভাবে ফিটিং হোৱা জোতাহে পিন্ধিব।

৪)জোতাৰ ভৰিৰ তলি স্পৰ্শ কৰা অংশ অৰামদায়ক হব লাগে।

৫)বজাৰত তলত দিয়া ধৰণৰ জোতা চেন্ডেল পোৱা যায়।কিনিব পাৰে।

৬)শৰীৰৰ ওজন কমোৱাত গুৰুত্ব দিয়ক।

আয়ুৰ্বেদিক দৃষ্টিভঙ্গী:

 

অত্যাধিক বায়ু বৃদ্ধি কাৰি ওপৰোক্ত কৰ্ম সমূহৰ লগতে কেতবোৰ খাদ্য অভ্যাসে আমাৰ গোৰোহৰ হাড়ৰ ওপৰৰ চেলনী খন (যাক periosteum বুলি কয়)ৰ বিদিৰ্ণ কৰে আৰু এই অংশৰে হাড়ডাল বাঢ়ি আহি এডাল কাঁইটৰ সদৃশ হয়। এই হাড়ডালে মাংসপেশী আৰু fascia খনক খুচি থাকে কাৰণে গোৰোহৰ বিষ হয়। হাড়ৰ কাঁইট সৃষ্টি হয় বাবে এইবিধ ৰোগক আয়ুৰ্বেদিকত বাত কণ্টক বুলি জনা যায়। ইয়াৰোপৰি পাদ শুল আদি নামেৰেও জনা যায়।

কেতবোৰ ব্যায়ামে আপোনাৰ সমস্যা সমাধান কৰিব:

 

১)থিয় হওক।হাত দুখনেৰে বেৰত জোৰকৈ হেঁচি এখন ভৰি সন্মুখৰ পিনে কোচাওক আৰু আনখন ভৰি পিছলৈ চিধা কৰি ৰাখক।মনত ৰাখিব যাতে দুয়োখন ভৰিৰ পতা পকাত লাগি থাকে।এনেকৈ ভৰি দুখন সলাই সলাই দহবাৰ মান কৰক।

২) ভৰিৰ আঙুলিত ভৰ দি থিয় হওক। কিছু সময় থাকি যথাস্থানত আহক।এনেকৈ দহবাৰমান কৰক।
৩)যিকোনো ঘূৰণীয়া বস্তু যেনে পানীৰ বটল আদি তলৰ ছবিত দেখুৱাৰ দৰে বিষায় থকা ভৰিৰ তলত ৰাখি সন্মুখৰ পৰা পিছলৈ আৰু পিছৰ পৰা সন্মুখলৈ ঘূৰাই থাকক।এনেকৈ ৫মিনিটমান সময় কৰক।

৪)বিছনাত ভৰি দুখন মেলি বহি লওক।এতিয়া এখন গামোচা জাতীয় কাপোৰেৰে ভৰিৰ পতাৰ পিছফালৰ টানি আনি হাত দুখনেৰে ভৰি দুখন আৰু ভৰিৰ পতা দুখনেৰে কাপোৰ খন ঠেলিব।এনেকৈ দহ বৰ মান কৰক।

ঘৰুৱা চিকিৎসা:

 

গোৰোহৰ হাড় বঢ়িলে অশেষ কষ্ট হয়। বৰ্ধিত হাড়ডাল যদি ৬-৭বছৰ পুৰণি হয় তেন্তে সম্পূৰ্ণ নোহোৱা কৰাটো টান হয়। গোৰোহাৰ বৰ্দ্ধিত হাৰে planter fascia আৰু মাংসপেশী সমূহক খুচি থাকে কাৰণে এই অংশ বোৰ ফুলিব ধৰে আৰু বিষৰ সৃষ্টি হয়।তলৰ ঘৰুৱা দিহাবোৰে ৰোগ উপশমত সহায় কৰিব।

১) ১০০মি:লি: তিল তেল লওক।এমুঠিমান এৰাগছৰ পাত,সম পৰিমাণৰ কৰছ গছৰ পাত লৈ পাত খিনি সৰু সৰুকৈ কাটি তিল তেলত ভাজক।পাতবোৰ ভজা গলে তেল খিনি চেকি আইনাৰ বটলট থৈ দিয়ক। এই তেল খিনি অকণমান গৰম কৰি ভৰিৰ তলুৱা আৰু গোৰোহাত ভালদৰে মালিচ কৰিব। এনেদৰে ব্যায়ামৰ লগতে কৰিলে বিষৰ পৰা উপশম পাব পাৰি।

২)উক্ত টেলবিধ গোৰোহাত মালিচ কৰি এটা ধাতুৰা গছৰ পাত, এটা আকনৰ পাত, আৰু এটা এৰা গছৰ পাত পতাত ভালদৰে বাতি বিষোৱা অংশত লগাই bandage কাপোৰেৰে গোটেই ৰাতি বান্ধি ৰাখি ৰাতিপুৱা খুলি দিয়ক (কিছুমান ৰোগীৰ এলাৰ্জি হোৱা দেখা যায়, যদি লগালে খজুৱাই তেন্তে নলগাব)। মোৰ ব্যক্তিগত অভিজ্ঞতাত বহুত ৰোগীৰ বৰ্ধিত হাড় নোহোৱা হৈ যায় ওপৰোক্ত দিহা সমূহৰ দ্বাৰা।

৩)আয়ুৰ্বেদিক চিকিৎসাত অনেক ঔষধি আছে যাক এনে ৰোগত ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ নিতান্তই প্ৰায়োজন।

লেখক: ডাঃ অনুপ বৈশ্য(অসমীয়া কথা-বতৰা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate