অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘামচি কিদৰে কমাব পাৰি ?

ঘামচি হোৱাৰ কাৰণ

দেহত ঘামচি হোৱাৰ একমাত্ৰ কাৰণটো হ’ল দেহত্বকখন অপৰিষ্কাৰ কৰি ৰখা। সেয়েহে এই কথাটো মনত ৰখা অতি প্ৰয়োজনীয়।

(১) দেহৰ ভিতৰত কেতিয়াও ঘাম জমা হ’বলৈ দিব নালাগে।

(২)গোমা বতৰত পৰিহাৰ কৰাই শ্ৰেয়।

(৩) পৰিষ্কাৰ কপাহী কাপোৰ গ্ৰীষ্মকালত পৰিধান কৰিব লাগে। ছিন্থেটিক কাপোৰ পিন্ধিব নালাগে।

(৪) ঘামত তিতি যোৱা কাপোৰ-কানি পিন্ধি থকা উচিত নহয়।

(৫) চাবোন ব্যৱহাৰ কৰি ভালদৰে দেহত্বক পৰিষ্কাৰ কৰিব লাগে।

(৬) বেছিকৈ তেল দেহত ঘঁহিব নালাগে।

(৭) কেইবাঘণ্টাজুৰি একেৰাহে গেঞ্জি, পায়জামা, ভৰিত মোজা বা বন্ধ জোতা পিন্ধি থকা উচিত নহয়।

বেছিকৈ ঘাম ওলোৱাটো অসুখৰ লক্ষণ নেকি ?

মুঠেও নহয়। বৰং সুস্থতাৰহে লক্ষণ। পৰিৱেশ, সময়, ব্যক্তি, জাতি আৰু দেহৰ অংশভেদে ঘামৰ পৰিমাণৰ তাৰতম্য দেখা যায়। যিহেতু ই কোনো এটা ৰোগ নহয়, সেয়েহে দৰব খোৱাৰ আৱশ্যকতা নাই। তথাপি বেছিকৈ ঘাম নিঃসৰণ হ’লে দেহৰ ক্লান্তি কমাবলৈ সৰহকৈ পানী খোৱা উচিত। এনে ক্ষেত্ৰত এগিলাছ পানীত দুই চামুচ চেনি, এচিকুটমান নিমখ আৰু এফালে নেমুৰ ৰস ঢালিব লাগে। গৰমকালি এজন মানুহৰ দেহৰ পৰা ৭-৮ লিটাৰ পৰ্যন্ত ঘাম নিঃসৰণ ঘটিব পাৰে। শীতকালত এজন সুস্থ মানুহৰ দেহত ২৫০ মিলিলিটাৰৰ পৰা আধা লিটাৰলৈকে ঘাম নিঃসৰিত হয়।

ঘামচিৰ অস্তিত্ব আৰু ঘামৰ দুৰ্গন্ধ কেনেদৰে দূৰ কৰিব ?

(১) অতি চেঁচা পানীৰ দ্বাৰা শৰীৰটো ভালদৰে ধুই বতাহত দেহটো শুকোৱাৰ পাছত এক আউণ্স অডিকলনৰ সৈতে এটা টোপাল ফেলন এচিড মিহলি কৰি সেই মিশ্ৰণ গোটেই দেহতে লগাব লাগে।

(২) এভাগ মিল্ক অব্ মেগনেছিয়ামৰ সৈতে দুভাগ কুহুমীয়া গৰম পানী মিহলাই গোটেই দেহতে সানি ২০ মিনিটৰ পাছত স্নাতক কৰি উপকাৰ পোৱা যায়।

(৩) কৰ্পূৰ, চূণ আৰু ফিটকিৰি চূণ ভালদৰে গুড়ি কৰি মিহলাই গোটেই দেহতে ঘঁহি ঘঁহি লগাব লাগে

(৪) ইয়াৰ বাহিৰেও ঘামৰ দুৰ্গন্ধ দূৰ কৰিবলৈ সুগন্ধি পাউডাৰ আছেই।

ঘামৰ বিষয়ে কিছু জানিবলগীয়া কথাঃ

(১) এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত প্ৰায় ত্ৰিশ লাখ ঘৰ্মগ্ৰন্থি আছে। আটাইতকৈ সৰহসংখ্যক ঘৰ্মগ্ৰন্থি আছে হাতৰ তলুৱাত আৰু ভৰিৰ পতাত। ইয়াৰ সংখ্যা হ’ল প্ৰতি বৰ্গ ছেঃ মিঃ প্ৰায় ৪০০।

(২) প্ৰতি লিটাৰ ঘাম বাষ্পীভূত হ’লে দেহৰ পৰা ৬০০ কিলো কেলৰী উত্তাপ বাহিৰ হৈ যায়।

(৩) এজন মানুহৰ ঘৰ্মগ্ৰন্থিৰ পৰা ৭০ বছৰ বয়সলৈ প্ৰায় ১৫০ টন ঘাম নিঃসৰিত হয়। এই পৰিমাণৰ ঘামেৰে ৰেলৰ তিনিটা ট্ৰেংক ৱেগনপূৰ্ণ কৰিব পৰা যায়। এই হিচাপ এজন প্ৰখ্যাত শৰীৰ তত্ত্ববিদৰ।

শেহান্তৰত উল্লেখ কৰো যে এই বছৰ অৰ্থাত্ ২০১৬ চনত যিদৰে ভয়াৱহ বানৰ কবলত পৰি আমাৰ ৰাজ্যখন ক্ষতিগ্ৰস্ত হৈছে, ঠিক অনুৰূপভাৱে বৰ্তমান শাওণ-ভাদ মাহত চলা খৰাং বতৰৰ প্ৰভাৱত কৃষিকৰ্মৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ উপৰি জনজীৱন বাৰুকৈয়েই ব্যাহত হৈছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত মাত্ৰাত ঘৰ্ম নিঃসৰণ হোৱাৰ উপৰি ঘামচিৰ আক্ৰমণৰ সম্ভাৱনীয়তা বেছি।

লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী

উৎসঃ অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate