মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চাহ-কফীয়ে দীৰ্ঘজীৱী কৰে মধুমেহ ৰোগত ভোগা মহিলাক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ-কফীয়ে দীৰ্ঘজীৱী কৰে মধুমেহ ৰোগত ভোগা মহিলাক :

চাহ-কফীয়ে দীৰ্ঘজীৱী কৰে মধুমেহ ৰোগত ভোগা মহিলাৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণতে কেফেইনযুক্ত পানীয় সেৱন কৰাৰ ক্ষেত্ৰত চিকিৎসকে এক সীমাৰ ভিতৰত চলিবলৈ উপদেশ দিয়ে। কিন্তু শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে মহিলাৰ স্বাস্থ্যৰ বাবে কফী যথেষ্ট লাভদায়ক হয়। পৰ্তুগালত হোৱা এক গৱেষণাত বিজ্ঞানীয়ে দাবী কৰিছে যে মধুমেহ ৰোগত ভোগা মহিলাই কফী সেৱন কৰিলে দীৰ্ঘজীৱী হয়। লিচবনত অনুষ্ঠিত ‘ষ্টাডী অৱ ডায়েবেটিছ এনুৱেল মিটিঙ’ত এই বিষয়ৰ গৱেষণা- পত্ৰ উপস্থাপন কৰা হৈছিল। ১৯৯৯ চনৰ পৰা ২০১০ চনলৈ ৩০০০ ব্যক্তিৰ তালিকা বনোৱা হৈছিল, য’ত সেইসকল ব্যক্তিক অন্তৰ্ভুক্ত কৰা হৈছিল, যিসকলৰ মৃত্যু কেফেইন আৰু ডায়েবেটিছৰ বাবে হৈছিল। গৱেষণাত পোৱা গৈছিল যে ডায়েবেটিছত আক্ৰান্ত যিসকল মহিলাই দৈনিক ১ কাপ কফী সেৱন কৰে, তেওঁলোকৰ কফী সেৱন নকৰা ডায়েবেটিছ আক্ৰান্ত মহিলাৰ তুলনাত মৃত্যুৰ সম্ভাৱনা ৫১ শতাংশ কম হয়। যি মহিলাই ২ কাপ কফী খাই, তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা ৬৬ শতাংশ লৈকে কমে। অৱশ্যে এই গৱেষণাত অন্তৰ্ভুক্ত পুৰুষৰ ওপৰত অৱশ্যে কোনো প্ৰভাৱ দেখা নগ’ল। যিসকল মহিলাই অধিক চাহ পান কৰে, তেওঁলোকৰ সম্ভাৱনা ৮০ শতাংশ লৈকে কম হয়। গৱেষণা অনুসৰি এইক্ষত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে, যদিও কেফেইনে- ডায়েবেটিছ আক্ৰান্ত মহিলাৰ বয়সত যে প্ৰভাৱ পেলাই সেয়া প্ৰমাণ হৈছে ।

উৎস: দেওবৰীয়া সুকন্যা

2.88235294118
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top