অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি পকা ৰোধৰ ঘৰুৱা উপায় :

চুলি পকা ৰোধৰ ঘৰুৱা উপায় :

 

অকালতে চুলি পকাটো বৰ্তমান সময়ত যুৱতী-মহিলাৰ বাবে এক সমস্যাত পৰিণত হৈছে। এই সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। বংশগত, খাদ্যত পুষ্টিৰ অভাৱ, বায়ু প্ৰদূষণ, উদ্বিগ্নতা আৰু চাপ, চুলিত ব্যৱহাৰ কৰা তেল, হেয়াৰ ডাই আদিত থকা ৰাসায়নিক পদাৰ্থ আদিৰ বাবে অকালতে পকিব পাৰে।

চুলিৰ  সমস্যা সমাধানৰ বাবে নিম্নলিখিত টিপছসমূহ অনুকৰণ কৰিব পাৰে -

নৰসিংহ পাত:

নৰসিংহ পাতে চুলিৰ ক’লা ৰঙৰ পিগমেন্টেচনৰ বিকাশত সহায় কৰে। নাৰিকলৰ তেলৰ সৈতে ইয়াক মিহলাই ল’লে ই চুলিৰ ট’নিকস্বৰূপ হৈ পৰে। তাৰ বাবে এচামুচ নাৰিকল তেলত গছৰ পৰা ছিঙি অনা সতেজ নৰসিংহ পাত গৰম কৰিব, যেতিয়ালৈকে সামান্য ৰঙা নহয়। এতিয়া ৩০ৰ পৰা ৪৫ মিনিট সময় এনেদৰেই ৰাখি থ’ব। পাতৰ পৰা তেলখিনি নিলগাই লাহে লাহে চুলিত মালিচ কৰিব। প্ৰতি সপ্তাহত অন্ততঃ দুবাৰকৈ নৰসিংহ পাত আৰু তেল এনেদৰে চুলিত লগাব। তদুপৰি নৰসিংহ পাতৰ আঞ্জাও নিয়মীয়কৈ খাব।

২)জেতুকা পাত আৰু নাৰিকল তেল:

নাৰিকল তেলত কেইটামান জেতুক পাত গৰম কৰিব আৰু কিছু ঠাণ্ডা হ’লে চুলিত লগাই মালিচ কৰিব।

৩)এলমণ্ড অইল আৰু নেমুৰ ৰস:

চুলিৰ গুৰিত এলমণ্ড অইল লাহে লাহে ঘঁহিব। ফলত চুলিৰ গুৰিয়ে পুষ্টি পাব। চুলিৰ আগ ফটা সমস্যা হ্ৰাস হ’ব। উফিৰ সমস্যাও হ্ৰাস কৰিব। নেমূৰ ৰসে ‘চি’ ভিটামিন যোগান ধৰাৰ লগতে ‘বি’ ভিটামিন আৰু ফছফৰাছো যোগান ধৰিব। লগতে চুলি উজ্জ্বল আৰু শক্তিশালী হ’ব। ২ চামুচ এলমণ্ড অইল, ৩ চামুচ নেমুৰ ৰস মিহলাই চুলি আৰু চুলিৰ গুৰিত লগাব। আধা ঘন্টা ৰাখি কোমল ছেম্পুৰে ধুই দিব।

লেখক: গৌতম বৰা(সুকন্যা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate