অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি সৰা সমস্যা:

চুলি সৰা সমস্যা:

চুলি সৰাৰ কাৰণ:

 

  • শৰীৰত প্ৰ’টিন, আয়’ডিন, মেংগানিজ, খাদ্যপ্ৰাণ আদিৰ অভাৱ।
  • মানুহৰ হৰম’ন গ্ৰন্থিৰ পৰা নিঃসৃত হোৱা হৰম’নৰ তাৰতাম্যই অতিমাত্ৰা চুলি সৰাৰ কাৰণ হ’ব পাৰে।
  • যকৃত, পাকস্থলীৰ নানা ৰোগৰ বাবেও চুলি সৰিব পাৰে।
  • অতিপাত যিকোনো তেল, শ্বেম্পু, ৰং আদি ব্যৱহাৰৰ বাবে।
  • ৰক্তহীনতা, অনিদ্ৰা, অতিমাত্ৰা মানসিক চাপ আদিৰ কাৰণেও চুলি সৰিব পাৰে।
  • পুষ্টিকৰ খাদ্যৰ অভাৱ। শৰীৰত প্ৰয়োজনীয় পৰিপুষ্টিৰ অভাৱৰ কাৰণেও হৰম’নৰ জটিল ক্ৰিয়াকলাপত ব্যাঘাতজনিত কাৰণত চুলি সৰিছে তাৰ নিৰূপণ কৰি সেইমতে এনে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে।

সৰা বন্ধ কৰাৰ প্ৰাকৃতিক উপাদান:

 

  • সপ্তাহত মাটিদাইল পিহি তাত চাউল ধোৱা পানী, জবা পাত পিহি একেলগে মিহলাই ধুব। এনে কৰিলে চুলি সৰা বন্ধ হ’ব।
  • মাটিকঁঠালৰ ৰসৰ লগত মৌৰ ৰস মিহলাই এঘন্টা চুলিৰ গুড়িত সানি পানীৰে ধুব। সপ্তাহত তিনিদিনকৈ।
  • কেঁচা পিয়াজৰ ৰস আৰু নহৰু ৰস চুলিৰ গুৰিত সানিব।
  • চুলিত ব্ৰাহ্মী শাক পিহি তাত এটা কণী দিব। তাত আমলখিৰ ৰস দি ১০ মিনিট মূৰত প্ৰলেপ দিব। সপ্তাহত চাৰি দিনকৈ কৰিব। যিসকলৰ খুব বেছি পৰিমাণে চুলি সৰে, সেইসকলে ইয়াৰ দ্বাৰা উপকৃত হ’ব।
  • চুলি সৰা বন্ধ কৰিবলৈ হাৰ্বেল ট্ৰিটমেন্ট পাৰ্লাৰত গৈ ল’ব পাৰে।
  • চুলিত শ্বেম্পু কৰোতে লক্ষ্য ৰাখিব চুলিত যাতে শ্বেম্পু থাকি নাযায়। সস্তীয়া বিজ্ঞাপন চাই শ্বেম্পু ব্যৱহাৰ নকৰিব। পাৰিলে এৰ’মা শ্বেম্পু ব্যৱহাৰ কৰিব।

অকালতে চুলি কিয় পকে:

 

আমাৰ চুলিত পিগমেন্ট মেলানিন নামৰ এবিধ দ্ৰব্য থাকে। এই পদাৰ্থবিধ কমি গ’লে চুলি বগা হ’ব পাৰে। চুলি পকাটোৰ বয়সৰ লগত কোনো সম্পৰ্ক নাই। এই পিগমেন্ট মেলানিন আকৌ কাৰ্বন, হাইড্ৰ’জেন, অক্সিজেন আৰু ছালফাৰেৰে গঠিত হয়। যেতিয়াই এই পিগমেন্ট মেলানিন উৎপাদন বন্ধ হয়, তেতিয়াই ক’লা চুলি বগা হ’বলৈ ধৰে।

চুলি পকা ৰোধ কৰাৰ উপায়:

 

  • মণিছালৰ গুটিৰ বাকলি, ছালকুঁৱৰীৰ ৰস, ঔ টেঙাৰ বীজ, জবা ফুল পাতৰ ৰস, নিমপাতৰ ৰস, চিৰতা, কালমেঘৰ পাতৰ ৰস আদিৰে সপ্তাহত তিনি দিন ধুলে চুলিৰ ৰং ক’লা হ্য।
  • চুলিৰ অকালপক্কতা ৰোধ কৰিবলৈ দহখিলা নিমপাত এগিলাচ পানীত তিয়াই পুৱা খালী পেটত খাব।
  • বীট, কফিৰ গুড়ি, শিলিখাৰ ৰস, চাহ পাতৰ ৰস, জেতুকা পাতৰ ৰস মিহলাই সানিলে চুলিৰ ৰং ক’লা হয়।
  • চুলিৰ গুড়িত সপ্তাহত আঙুলিৰে মালিচ কৰিলে চুলিৰ গুৰিলৈ তেজৰ সঞ্চালন নিয়মীয়া হয়। চুলিৰ গুড়িবোৰ শক্তিশালী হয়।
  • ভেজাল খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।
  • অকালপক্ক চুলি ৰোধ কৰিবলৈ হ’লে খাদ্যপ্ৰাণ, প্ৰ’টিন, মেংগানিজ, আয়’ডিনযুক্ত খাদ্য গ্ৰহণ কৰা উচিত।
  • এই খাদ্যৰ লগতে আমাৰ অসমীয়া থলুৱা ৮শাক-পাচলিও খাব লাগে। যেনে- মহানিম, মহাভৃংগৰাজ শাক, ব্ৰাহ্মী শাক, কেহৰাজ পাত, বাদাম, সতেজ শাক-পাচলি, ক’লা তিল, সৰিয়হ শাক আদি। চুলিত খাঁটি সৰিয়হ তেল সদায় সানিলে চুলি নপকে। মাজে মাজে ঔ টেঙাৰ বীজেৰে মূৰ ধুব লাগে। চুলিত নাৰিকল তেলৰ লগত তিল তেল মিহলাই সানিব লাগে। ছালকুঁৱৰীৰ বীজ, জবা পাতৰ ৰস, আমলখি ৰস, কেহৰাজ ৰস, মহাভৃংগৰাজ পাতৰ ৰস দি মূৰত সানিলে চুলি ক’লা হয়।
  • চুলিৰ গুড়ি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। চুলিত উফি হ’ব দিব নালাগে।
  • কেতিয়াও আনৰ ফণি, গামোচা ব্যৱহাৰ নকৰিব। নহৰু ৰসৰ লগত এচামুচ নেমু ৰস মিহলাই সানিলে উফি নাইকিয়া হয়।
  • চুলিত যিকোনো ধৰণৰ কোম্পানীৰ চাবোন-শ্বেম্পু ব্যৱহাৰ কৰিব নালাগে। পাৰিলে হাৰ্বেল কোম্পানীৰ শ্বেম্পু ব্যৱহাৰ কৰিব আৰু একেটা কোম্পানীৰ সামগ্ৰী ব্যৱহাৰ কৰিব। বেলেগ বেলেগ ব্যৱহাৰ কৰিব নালাগে।

চুলি ভালে ৰখাৰ উপায়:

 

  • চুলিত শ্বেম্পু ব্যৱহাৰ কৰিলে শ্বেম্পু ভালদৰে গুচাই ধুব লাগে।
  • চুলি তিতি থাকিলে জোৰেৰে আঁচুৰিব নালাগে।
  • চুলিত প্ৰসাধন সামগ্ৰী বা তেনে দ্ৰব্য ব্যৱহাৰ কৰাৰ আগতে ভালদৰে বিশ্লেষণ কৰি চাব লাগে।
  • চুলি সৰা বন্ধ কৰিবলৈ সুমথিৰা টেঙাৰ ৰসৰ লগত মাটিকঁঠালৰ ৰস, মৌ মিহলাই একঘন্টা সানি সপ্তাহত দুই-তিনিবাৰকৈ লগালে চুলি সৰা বন্ধ হয়।

উৎস: সম্ভাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate