অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলিত ৰং কৰাৰ সময়ত সাৱধান হওক:

চুলিত ৰং কৰাৰ সময়ত সাৱধান হওক:

 

সৌন্দৰ্য সচেতন পুৰুষ-নাৰী উভয়ে চুলিত ৰং কৰে বা ব্লীচ কৰে। আদহীয়াসকলে সাধাৰণতে ক’লা ৰং কৰে নাইবা জেতুকা লগায়। আগেয়ে মানুহৰ ধাৰণা আছিল যে চুলি পকিলেহে ৰং কৰিব লাগে। কিন্তু বৰ্তমান চুলিত ৰং কৰাটো এটা ফেশ্বনত পৰিণত হৈছে। কিশোৰ-কিশোৰীসকলে চুলিত বিভিন্ন ধৰণৰ ৰং কৰি ভাল পায়। বিশেষকৈ প্ৰিয় অভিনেতা-অভিনেত্ৰী বা খেলুৱৈ আদিয়ে ব্যৱহাৰ কৰা ৰং নিজেও ব্যৱহাৰ কৰে। চুলিত ৰং কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। কাৰণ, ভালদৰে যত্ন নল’লে চুলি শুকান, ৰুক্ষ হোৱাৰ লগতে চুলি সৰাৰ সম্ভাৱনাও থাকে। গতিকে চুলিৰ সৌন্দৰ্য অটুট ৰাখিবলৈ কিছুমান কথালৈ মন কৰা উচিত।

চুলিত ৰং কৰোঁতে ল’বলগীয়া সাৱধানতা:

 

  • যিকো ৰং ব্যৱহাৰ কৰাৰ আগেয়ে কাণৰ তলত সেই ৰং অকণমান লগাই কেইঘন্টামান অপেক্ষা কৰা উচিত। যদি খজুৱায় বা জ্বলা-পোৰা কৰে, তেন্তে সেই ৰং লগোৱাৰপৰা বিৰত থাকক।
  • যিসকলে জেতুকা লগায়, তেওঁলোকে পৰাপক্ষত আন ৰং ব্যৱহাৰ কৰিব নালাগে।
  • নিজৰ চুলিৰ ৰঙৰ লগত মিলা ৰং ব্যৱহাৰ কৰিলে শুৱনি দেখি।
  • যদি দুটা ৰং লগাব বিচাৰে, তেন্তে এটা পাতল আৰু আনটো ডাঠ ৰং ব্যৱহাৰ কৰিলে ভাল দেখাব।
  • আজিকালি টেম্প’ৰেৰী, ছেমি পাৰ্মানেন্ট বা পাৰ্মানেন্ট ৰং পোৱা যায়, নিজৰ পছন্দ তথা আৰ্থিক স্থিতি চাই ৰং বাছিব লাগে।
  • তেল লাগি থকা নাইবা তিতা চুলিত কেতিয়াও ৰং নলগাব।
  • ৰ’দে অতি সোনকালে চুলিৰ ৰং নষ্ট কৰে। সেয়ে ৰ’দত ওলালে ছাতি ল’ব লাগে নাইবা মূৰত স্কাৰ্ফ বান্ধিব লাগে।
  • ছুইমিং পুলত গা ধুলে শ্বাৱাৰ কেপ পিন্ধা উচিত।
  • এমোনিয়া থকা ৰং ব্যৱহাৰ কৰা উচিত নহয়। এনে ৰঙে চুলি শুকান, ৰুক্ষ কৰাৰ লগতে চুলিৰ সৌন্দৰ্য হ্ৰাস কৰে।
  • চুলি কেতিয়াও ৰ’দত নাইবা হেয়াৰ ড্ৰায়াৰেৰে শুকাব নালাগে। চুলিৰ কোমলতা নষ্ট হোৱাৰ লগতে ৰঙো ভালদৰে নালাগে।
  • এটা ৰং কৰাৰ পিছত আন এটা ৰং কৰিব বিচাৰিলে কমেও পঁচিশ দিন অপেক্ষা কৰা উচিত।
  • যদি চুলিত উফি থাকে, উফিযুক্ত কৰিহে ৰং লগাব লাগে।
  • প্ৰথমবাৰ যদি ৰং কৰিব ওলাইছে, তেন্তে সৈন্দৰ্য বিশেষজ্ঞৰ মতামত অনুসৰি ৰং কৰা উচিত।
  • ৰং কৰি চুলি ধুবৰ সময়ত কোমল শ্বেম্পু ব্যৱহাৰ কৰিব লাগে।
  • সদায় ভাল কণ্ডিচনাৰযুক্ত হেয়াৰ কালাৰহে ব্যৱহাৰ কৰা উচিত।
  • ৰং গুলি লোৱাৰ পিছত ৰৈ গ’লে সেই ৰং ব্যৱহাৰ কৰিব নালাগে।
  • ৰং লগোৱাৰ সময়ত ‘গ্লোভছ’ পিন্ধিব লাগে।
  • ৰং কৰা চুলিত ৰোলাৰ আদি বেছিকৈ নলগাব। চুলিৰ গুৰি দুৰ্বল হৈ চুলি সৰিব পাৰে।
  • ৰঙৰ পেকেটৰ ওপৰত থকা সাৱধানবাণীৰ প্ৰতি মনোযোগ দিব।

লেখিকা: ললিতা শৰ্মা লহকৰ(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate