অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলিৰ বিষয়ে খুটি-নাটি :

চুলিৰ বিষয়ে খুটি-নাটি :

প্ৰত্যেক নাৰী-পুৰুষৰেই কাম্য এছোৱা স্বাস্থ্যৱান আৰু ঘন চুলি। কিন্তু সঠিক পৰিচৰ্চাৰ অভাৱত বিচৰা ধৰণে আমি চুলিৰ অধিকাৰী হ’ব নোৱাৰো। আচলতে চুলিৰ সঠিক পৰিচৰ্চা কৰাৰ আগতেই আমি চুলিৰ গঠন আৰু সমস্যাৰ কথা জানিব লাগিব।

চুলিৰ গঠন -

*চুলি তিনিটা স্তৰেৰে গঠিত- কিউটিকল, কৰ্টেক্স, মেডুলা।

*চুলিৰ প্ৰথম স্তৰ অৰ্থাৎ কিউটিকল স্তৰটো মাছৰ বাকলিৰ নিচিনাকৈ সজোৱা। কিউটিকলৰ কাম হ’ল চুলিখিনিক ধূলি-মাকতিৰ পৰা ৰক্ষা কৰা। যিসকল ব্যক্তিৰ কিউটিকল লেয়াৰ বেছি থাকে, তেওঁলোকৰ চুলি স্বাস্থ্যৱান হয়। খাৰযুক্ত শ্বেম্পু ব্যৱহাৰৰ ফলত অথবা বেছি ৰ’দত ঘূৰিলে লাহে লাহে এই স্তৰটো নষ্ট হৈ যায়।

*দ্বিতীয় স্তৰ অৰ্থাৎ কৰ্টেক্স এবিধ পাতল ক্ষাৰজাতীয় কোষৰ দ্বাৰা গঠিত। এটা স্তৰৰ মাজত পিগমেন্ট থাকে। মেলানিনৰ বাবে চুলিৰ বিভিন্ন ৰং হয়। চুলিত মেলানিন বেছি থাকিলে চুলি ক’লা, কম থাকিলে ৰঙচুৱা আৰু মেলানিন নাথাকিলে চুলি বগা হৈ যায়। অৰ্থাৎ চুলি পকি যায়। বয়স বঢ়াৰ লগে লগে মেলানিন নষ্ট হৈ যায়।

*চুলিৰ তৃতীয় স্তৰটো অৰ্থাৎ মেডুলা লেয়াৰটো ঘূৰণীয়া স্তৰেৰে গঠিত। পাতল চুলিত মেডুলা নাথাকে।

চুলিৰ সমস্যা -

চুলিৰ সমস্যাসমূহৰ ভিতৰত চুলি সৰা, উফি, অকালতে চুলি পকা আৰু চুলিৰ আগ ফটা আদিয়েই প্ৰধান।

চুলি সৰা -

এডাল চুলিৰ আয়ুস হ’ল ৪-৫ বছৰ আৰু প্ৰত্যেক দিনে ১৫-২০ ডাল চুলি সৰা স্বাভাৱিক। কিন্তু তাতকৈ বেছি চুলি সৰিবলৈ ধৰিলে আমি ইয়াৰ কাৰণ জানিব লাগে। বিভিন্ন কাৰণত লচুলি সৰিব পাৰে। যেনে- অপুষ্টিৰ কাৰণে, নিম্নমান অথবা ক্ষাৰজাতীয় শ্বেম্পু ব্যৱহাৰ কৰিলে, গৰ্ভাৱস্থাৰ সময়ত, সস্তীয়া চুলিত লগোৱা ৰং ব্যৱহাৰ কৰিলে, স্কেল্পত উফি হ’লে ইত্যাদি। শৰীৰৰ কোনো ভিতৰুৱা সমস্যা থাকিলেও চুলি সৰিব পাৰে। চুলি সৰা বন্ধ কৰিবলৈ নিয়মিত ভাল তেল(আয়ুৰ্বেদিক) শ্বেম্পু কৰাৰ এক ঘন্টাৰ আগত ব্যৱহাৰ কৰা উচিত। ৪ চামুচ মেথি পাউদাৰ, এটা কণী আৰু ৫-৬ চামুচ ঘৰত পতা দৈ একেলগে মিহলি কৰি এটা লেপন বনাই শ্বেম্পু কৰাৰ আধাঘন্টাৰ আগতে লগাওক। লাহে লাহে চুলি সৰা বন্ধ হ’ব। অথবা ৫-৬টা মান ৰঙা জবাফুলৰ পেষ্ট, চাৰি চামুচ দৈ আৰু ৭-৮ চামুচ আমলখিৰ ৰস মিহলি কৰি লগাওক, উপকাৰ পাব।

উফি -

চুলিৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল উফি। বিভিন্ন কাৰণত উফি হ’ব পাৰে। যেনে- শ্বেম্পু কৰি যদি ভালদৰে চুলিখিনি পৰিষ্কাৰ কৰা নহয়, তেতিয়া স্কেল্পত হৈ উফি হ’ব পাৰে। ভিতৰুৱা সমস্যা থাকিলেও উফি হ’ব পাৰে। উফি হ’লে প্ৰতিদিনে শ্বেম্পু কৰিব লাগে। শ্বেম্পু কৰাৰ ২০ মিনিট আগত নিয়মীয়াকৈ ৪/৫ চামুচ তিয়ঁহৰ ৰস আৰু সম পৰিমাণৰ বগা ভিনেগাৰ মিহলাই স্কেল্পত লগালে উফি দূৰ হয়। দুচামুচ তুলসীৰ পাত বটা আৰু এটা গোল নেমুৰ ৰস মিহলাই সপ্তাহত ২/৩ দিন লগালেও উফিৰ হাত সাৰিব পাৰি। ঘৰুৱা উপায়ত উফি দূৰ নহ’লে অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞৰ হতুৱাই অ’জন ট্ৰিটমেন্ট কৰোৱা উচিত।

অকালতে চুলি পকা -

আজিকালি বহুতৰে অকালতে চুলি পকা দেখা যায়। বিভিন্ন কাৰণত চুলি পকিব পাৰে। যেনে বয়স বঢ়াৰ লগে লগে মেলানিন নষ্ট হৈ চুলি পকিব পাৰে। খুব ছাপত থাকিলেও চুলি পকিব পাৰে। অপুষ্টি অথবা সস্তীয়া শ্বেম্পু ব্যৱহাৰ কৰিলেও চুলি পকিব পাৰে। অকালতে চুলি পকাৰ পৰা হাত সাৰিবলৈ আমলখিৰ ৰস নিয়মিতভাৱে স্কেল্পত লগাব লাগে। একাপ পানীত ৮-১০ টা নিমপাত নিশা তিয়াই থৈ পুৱা খালী পেটত খাওক।

চুলিৰ আগ ফটা -

বহুদিন ধৰি ৰোগত ভুগিলে, সস্তীয়া চুলিৰ ৰং ব্যৱহাৰ কৰিলে, বেছিকৈ ৰ’দত ঘূৰিলে বা চুলি ষ্ট্ৰেইট কৰিলেও চুলিৰ আগ ফাটিব পাৰে। দুচামুচ আমলখিৰ ৰস, দুচামুচ ভিনেগাৰ আৰু এটা কণীৰ এটা প্ৰলেপ বনাই শ্বেম্পু কৰাৰ আধা ঘন্টাৰ আগতে লগাই ভালদৰে ধুই পেলাওক। সপ্তাহত দুদিনকৈ কৰিলে উপকৃত হ’ব। ঘৰত পতা দৈ আৰু মৌজাল ফটা চুলিত লগালে ফটা বন্ধ হয়। সপ্তাহত দুদিন জেতুকাৰ পাত বটা লগালেও চুলিৰ আগ ফটা বন্ধ হ’ব।

নাৰী হওক বা পুৰুষ আটাইৰে চুলিখিনিতেই গোটেই সৌন্দৰ্য লুকাই থাকে। গতিকে ইয়াক কেতিয়াও অৱহেলা নকৰিব।

লেখিকা: প্ৰণামী দাস(সম্ভাৰ)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate