অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চেৰিব্ৰেল পল্‌চি আৰু ফিজিঅ’থেৰাপী

চেৰিব্ৰেল পল্‌চি আৰু ফিজিঅ’থেৰাপী

 

চলাফুৰা কৰা বা শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা কামসমূহ মগজুৰ যিটো অংশই পৰিচালনা কৰে, সেই অংশত কোনো কাৰণত আঘাত লাগিলে শৰীৰৰ চলন-ফুৰণ আৰু ভাৰসাম্য ৰক্ষা কৰাত ব্যাঘাত জন্মে। শিশু এটি মাতৃ গৰ্ভত থকা অৱস্থাত বা প্রাক-শৈশৱ কালত হোৱা মগজুৰ কোনো বিকাশগত দুর্বলতা বা ব্যাঘাতৰ (আঘাত) ফলত দেখা দিয়া এনে লক্ষণক সাধাৰণ অৰ্থত চেৰিব্ৰেল পল্‌চি বুলিব পাৰি। কেতিয়াবা এনে ৰোগত চলনফুৰণ সমস্যাৰ লগতে পেশী আৰু হাড়ৰ বিসংগতি আদিকে ধৰি বিভিন্ন লক্ষণে দেখা দিয়ে। অৱশ্যে মগজুৰ আঘাতপ্রাপ্ত স্থানৰ বিকাশ বা বর্ধন নহয়।

চেৰিব্ৰেল পল্‌চি হোৱা কাৰণ-

 

অপৈণত মগজুত পোৱা আঘাতৰ ফলতেই চেৰিব্ৰেল পল্‌চি হয়। আঘাতৰ সময়ৰ ভিত্তিত ইয়াক তিনি ভাগত ভগাব পাৰি।—

(ক) শিশু জন্ম হোৱাৰ আগত মাতৃগৰ্ভত থকা অৱস্থাত।

(খ) জন্মৰ সময়ত আৰু

(গ) জন্ম হোৱাৰ পিছত শৈশৱ কাললৈ।

জন্মৰ আগত মাতৃগৰ্ভত থকা অৱস্থাত

এই সময়ত বিভিন্ন কাৰণত শিশুৰ মস্তিষ্কৰ স্বাভাৱিক বিকাশত বাধা আহিব পাৰে। প্রধান কাৰণসমূহৰ ভিতৰত-

  • গৰ্ভাৱস্থাত মাকৰ অপুষ্টি, এই সময়ত মাকৰ বিভিন্ন ৰোগ (ডায়েবেটিছ, জণ্ডিছ, হৃদৰোগ আদি) হ’লে।
  • অত্যধিক পৰিমাণে বিভিন্ন ঔষধ বা ধূমপান বা মাদক দ্রব্য গ্রহণ।
  • অধিক বয়সত বা বেছি কম বয়সত মাক গৰ্ভৱতী হোৱা।
  • মাতৃৰ শাৰীৰিক তথা মানসিক বিসংগতি।
  • নিজৰ পৰিয়ালৰ মাজত হোৱা বিবাহৰ ফলত জন্ম হোৱা শিশু এই ৰোগৰ চিকাৰ হ’ব পাৰে।

জন্মৰ সময়ত

এই সময়খিনি বিশেষভাৱে মন কৰিবলগীয়া। এই সময়ত বিভিন্ন কাৰণত শিশু এটিয়ে মগজুত আঘাত পাব পাৰে। এই ৰোগত আক্রান্ত হ’ব পৰা প্রধান দুটামান কাৰণ হ’ল—

  • বহু সময় ধৰি মাকৰ প্ৰসৱ যন্ত্রণা আৰু জৰায়ুত শিশুৰ অস্বাভাৱিক অৱস্থান।
  • জন্মৰ সময়ত চেপেনাৰ (Forcep delivery) ব্যৱহাৰৰ ফলত পোৱা আঘাত।
  • শিশুৰ ডিঙিত ‘এম্ব্‌লিকেল ক’ৰ্ড’ (নাড়ী) মেৰখাই থকা।
  • কোনো কাৰণত শিশুৰ মগজুত অক্সিজেনৰ অভাৱ।
  • জন্মগত হৃদৰোগৰ ফলত।
  • শিশুৰ জন্মৰ সময়তকৈ বহুত আগত বা পিছত জন্ম।
  • যমজ শিশু অথবা জন্মৰ সময়ত শিশুৰ ওজন অস্বাভাৱিকভাৱে কম থাকিলে এই ৰোগ দেখা দিব পাৰে।

জন্মৰ পিছত শৈশৱ কাললৈ

এই সময়ছোৱাত ৰোগটো হ’ব পৰা কাৰণসমূহ-

 

  • কোনো কাৰণত মগজুত আঘাত পালে অথবা ৰক্তক্ষৰণ হ’লে।
  • মগজুত অক্সিজেনৰ অভাৱ হ’লে।
  • তেজত আৰ এইচ ফেক্টৰৰ মাত্রা স্বাভাৱিক নহ’লে।
  • শিশু জণ্ডিচ, মৃগী আদি বিভিন্ন ৰোগত আক্রান্ত হ’লে।
  • শিশুৰ শাৰীৰিক অপুষ্টি থাকিলে বা কম ওজনৰ বাবেও এই ৰোগ হ’ব পাৰে।

ইয়াক মাথোঁ আমি সকলোৱে বুজা কাৰণ কিছুমানকহে চুই আৰু যোৱাৰ চেষ্টা কৰিছো। ইয়াৰ উপৰি বিভিন্ন কাৰণত এই ৰোগ হ’ব পাৰে।

সমস্যাসমূহ-

 

শিশু স্বাভাৱিকভাৱে চলা-ফুৰা কৰা, মূৰ, হাত-ভৰি আদি লৰচৰ কৰাত অসুবিধা হয়। অৱশ্যে অসুবিধাসমূহৰ পৰিমাণ শিশু বিশেষে ভিন ভিন হয়। ইয়াৰ লগতে থাকিব পৰা আন সমস্যাসমূহৰ ভিতৰত মানসিক বাধাগ্ৰস্ততা, কাণেৰে কমকৈ শুনা, কথা কোৱাত অসুবিধা, চকুৰে নেদেখা বা কম দেখা, শিকাৰ অসুবিধা আদিয়ে প্রধান।

বিভিন্ন প্ৰকাৰৰ চেৰিব্ৰেল পল্‌চি-

 

এই লেখাত চেৰিব্ৰেল পল্‌চিৰ লক্ষণসমূহ খুব সাধাৰণভাৱে বৰ্ণনা কৰিবলৈ চেষ্টা কৰা হৈছে। আমি জানো যে মগজুৱে আমাৰ সকলো কাম নিয়ন্ত্রণ কৰে। ইয়াৰ ভিতৰত মগজুৰ তিনিটা অংশই প্রধানতঃ আমাৰ শৰীৰৰ অংগ সঞ্চালন আৰু ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এইকেইটা হ’ল— চেৰিব্ৰেল কৰ্টেক্স, বেচেল গেংলিয়ন আৰু চেৰিবেলাম।

চেৰিব্ৰেল পল্‌চিৰ প্ৰকাৰ-

 

স্পেচটিক

মগজুৰ মটৰ কৰ্টেক্স নামৰ অংশত আঘাত লাগিলে চলন-ফুৰণৰ যি সমস্যা হয়, তাক স্পেচটিক চেৰিব্ৰেল বুলি কোৱা হয়। এনে হ’লে গোটেই শৰীৰৰ মাংসপেশীসমূহত টানি ধৰাৰ ভাব পৰিলক্ষিত হয়। যাৰ ফলত স্বাভাৱিক অংগ সঞ্চালনত বাধাৰ সৃষ্টি হয়।

লগে লগে সন্ধিসমূহে স্বাভাৱিক সঞ্চালন ক্ষমতা হেৰুৱাই পেলায়। এই ক্ষেত্ৰত টেনডন জাৰ্ক বেছি দেখা যায়, ক্ল’নাছৰ উৎপত্তি হয় আৰু কোনো এটা নির্দিষ্ট কামত মনোনিৱেশ কৰিব বিচাৰিলে স্পেচটিচিটি বৃদ্ধি পায়। এই ক্ষেত্ৰত শিশুৰ বুদ্ধিমত্তা কম হয়, ক্ষতিগ্রস্ত দেহৰ অংশসমূহৰ স্বাভাৱিক বৃদ্ধি ব্যাহত হয় আৰু চকু সাধাৰণতে “কেৰা’ হোৱা দেখা যায়।

এথেটয়ড

মগজুৰ বেচেল গেংলিয়া আঘাতপ্রাপ্ত হ’লে চলা-ফুৰাত নিয়ন্ত্ৰণ কমি যায় আৰু এই অৱস্থাটোক এথেটি 'ছিছ বা এথেটয়ড চেৰিব্ৰেল পল্‌চি বুলি কোৱা হয়। এনে শিশুৰ স্বাভাৱিক অংগ-সঞ্চালনত বাধাৰ সৃষ্টি হয় আৰু অনিয়মিত তথা অনিয়ন্ত্রিত অংগ সঞ্চালন কৰা দেখা যায়। শব্দ উচ্চাৰণ নিয়ন্ত্রণকাৰী পেশীসমূহৰ ওপৰত নিয়ন্ত্ৰণ নথকা বাবে এনে শিশুৱে কথা কোৱাত,  জিভা লৰচৰ কৰাত আৰু খাদ্য গ্ৰহণত অসুবিধা পায়। এনে শিশুৱে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে আৰু ভৰিত ভৰ দি থিয় হোৱাত অসুবিধা পায়। ইয়াৰ লগতে আন কিছুমান আনুষংগিক সমস্যাও থাকে।

এটাক্সিয়া

মগজুৰ চেৰিবেলাম আঘাতপ্রাপ্ত হ’লে হোৱা চলা-ফুৰাৰ সমস্যা বিধক এটাক্সিয়া বোলে। ইয়াৰ প্ৰধান লক্ষণসমূহ হ’ল— শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা, খোজ কঢ়া বা বহাৰ ক্ষেত্ৰত শৰীৰৰ বিভিন্ন অংগৰ মাজত সামঞ্জস্যহীনতা, অংগ সঞ্চালনত একধৰণৰ কম্পন, ভাৰসাম্যহীনতাৰ বাবে ভৰি দুখন অস্বাভাৱিকভাৱে ফাঁক কৰি থিয় হয় বা খোজ কাঢ়ে।

আনুষংগিক সমস্যাসমূহৰ ভিতৰত দৃষ্টিশক্তিৰ সমস্যা, চকুৰ মণিৰ ক্ৰমাগত পার্শ্বস্থ লৰচৰ, কাণেৰে কম শুনা বা কম বুদ্ধিমত্তাই প্রধান। এই তিনি ধৰণৰ প্ৰধান বিসংগতিৰ উপৰি কেতিয়াবা মিশ্রিত প্রকৃতিৰ চেৰিব্ৰেল পল্‌চি দেখিবলৈ পোৱা যায়। যেনে —স্পেচটিক এটাক্সিয়া বা স্পেচটিক এথেটয়েড।

অংগস্থান অনুযায়ী চেৰিব্ৰেল পল্‌চিৰ বিভিন্ন প্ৰকাৰ

হেমিপ্লেজিয়া: দীঘলীয়াভাৱে শৰীৰৰ এটি ফাল ক্ষতিগ্রস্ত হয়।

ডাইপ্লেজিয়া: শৰীৰৰ ওপৰ অংশতকৈ নিন্ন অংশ বেছিকৈ ক্ষতিগ্রস্ত হয়।

কোৱাড্রিপ্লেজিয়া: হাতভৰিকে ধৰি কার্যতঃ সমগ্র শৰীৰ ক্ষতিগ্ৰস্ত হয়।

মনোপ্লেজিয়া: যিকোনো এটি অংগ বিশেষভাৱে ক্ষতিগ্রস্ত হয়।

বাইলেটাৰেল হেমিপ্লেজিয়া: ইয়াতো সমগ্ৰ শৰীৰ ক্ষতিগ্ৰস্ত হয় যদিও শৰীৰৰ এটি ফাল আনফালতকৈ বেছি ক্ষতিগ্রস্ত হয়।

ফিজিঅ’থেৰাপি চিকিৎসা-

 

চেৰিব্ৰেল পল্‌চি আক্ৰান্ত শিশুৰ চিকিৎসাত ফিজিঅ’থেৰাপি চিকিৎসাৰ ভূমিকা লেখত ল’বলগীয়া। ইয়াত মাঁথো থুলমূলকৈ কিছু কথা উল্লেখ কৰা হৈছে। এনে শিশুৰ চিকিৎসাৰ মূল উদ্দেশ্য হ’ল শিশুটিয়ে আয়ত্ত কৰিব পৰা কার্যসমূহ সর্বাধিক পৰিমাণে শিশুটিৰ আয়ত্তলৈ অনাৰ সৃষ্টি কৰা। যাতে শিশুটিৰ দৈহিক বাধাসমূহ কিছু পৰিমাণে দূৰ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰিব পৰা যায়। ফিজিঅ’থেৰাপি চিকিৎসাৰ জৰিয়তে প্রথম পৰ্যায়ত পেশীসমূহৰ জড়তা নাইকিয়া কৰিব পাৰি। বিভিন্ন ব্যায়ামৰ জৰিয়তে প্রথম পর্যায়ত সন্ধিসমূহত বিকৃতিও ৰোধ কৰিব পাৰি, যদিও পৰৱর্তী পৰ্যায়ত ইয়াৰ বাবে ফিজিঅ’থেৰাপি চিকিৎসাৰ লগতে বিভিন্ন সঁজুলিৰ ব্যৱহাৰ কৰিব লগা হয়। এইবোৰৰ ব্যৱহাৰে শিশুটিক স্বাধীনভাৱে স্বনিৰ্ভৰশীল হৈ চলা-ফুৰাত সহায় কৰে। এই ক্ষেত্ৰত শিশুৰ মানসিক বিকাশৰ দিশটোও জড়িত হৈ থাকে। ফিজিঅ’থেৰাপি চিকিৎসাত প্ৰথমতে শিশুটিক উঠা-বহাৰ ভংগী স্বাভাৱিক কৰাত গুৰুত্ব দিয়া হয় আৰু সঠিক ভংগীসমূহ শিকোৱা হয়। লগতে নিয়মিতভাৱে শিশুটিক বিভিন্ন ব্যায়াম আৰু নিজৰ বাবে প্ৰয়োজনীয় কামৰ পুনৰ অনুশীলন কৰোৱা হয়। বিভিন্ন ব্যায়ামৰ জৰিয়তে শিশুৰ হাত-সন্ধি বা পেশীসমূহৰ জড়তা আৰু কঠিনতা আঁতৰোৱা হয়। দুর্বল হাত-ভৰিলৈ শক্তি ঘূৰাই অনাটো এই চিকিৎসাৰ এটা প্রধান লক্ষ্য।

কঠিন পেশীসমূহক ঢিলা কৰাৰ বাবে ব্যায়াম অপৰিহার্য।  শিশুটিক বিভিন্ন সঁজুলিৰ ব্যৱহাৰৰ যোগেদি খোজকঢ়া, বহা আদিৰ ব্যৱস্থা কৰা হয়। ফিজিঅ’থেৰাপি চিকিৎসাত সঠিক ভংগী বাহাল ৰাখি শিশুটিক বহা, আঁঠু কঢ়া, খোজ কঢ়া আদি শিকোৱা হয়। মূৰ আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱৰা শিশুসকলক বিভিন্ন ব্যায়াম আৰু অন্য প্রক্রিয়াৰ জৰিয়তে ভাৰসাম্য ৰক্ষা কৰিব পৰা অৱস্থা এটালৈ আনিব পাৰে। ফিজিঅ’থেৰাপিষ্টে শিশুৰ পিতৃ-মাতৃক ঘৰুৱা ব্যায়াম শিকোৱাৰ লগতে শিশুৰ খোজ কঢ়া, আঁঠু কঢ়া, ভালকৈ বহা, থিয় হোৱা আদিৰ প্ৰশিক্ষণ দিয়ে। মুঠৰ ওপৰত এটি শিশুক আত্মনিৰ্ভৰশীল হৈ চলিব পৰা অৱস্থা এটালৈ আনিবলৈ ফিজিঅ’থেৰাপি চিকিৎসা নিতান্তই প্রয়োজন। ইয়াৰ উপৰি শিশুটিৰ জ্ঞান বৃদ্ধি আৰু বুদ্ধি বিকাশৰ বাবে প্রয়োজনীয় বহু কাম এই চিকিৎসাত কৰা হয়।

অভিভাৱকলৈ দিহা-

 

যদিহে আপোনাৰ শিশুটো চেৰিব্ৰেল পল্‌চিত আক্ৰান্ত বুলি সন্দেহ হৈছে, তৎক্ষণাৎ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক আৰু ফিজিঅ’থেৰাপি চিকিৎসা আৰম্ভ কৰাওক। বহুতে শিশুটিক ব্যায়াম কৰালে কিবা পার্শ্বক্রিয়া আহিব পাৰে বুলি এক ভ্রান্ত ধাৰণাৰ বশৱৰ্তী হৈ ৰৈ থাকে। তেনে কৰাটো ভুল। যিমান সোনকালে চিকিৎসা আৰম্ভ হ’ব, সিমান সোনকালেই সুফল পাব। শিশুটিক আন শিশুতকৈ বেলেগ বুলি বা দুর্বল বুলি ভাবি অৱজ্ঞা নকৰিব। তেওঁৰ স্বকীয় প্রতিভাসমূহৰ বিকাশত গুৰুত্ব দিয়ক আৰু প্রয়োজনীয় আহিলাসমূহ সাধ্যানুসৰি যোগান ধৰক। ৰাষ্ট্রীয় স্বাস্থ্য মিছন, বিভিন্ন বেচৰকাৰী সংস্থা, সর্বশিক্ষা অভিযান আদিয়েও এনে শিশুৰ চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি চলাই আছে। এই আঁচনিসমূহৰ সুবিধা আপোনালোকেও ল’ব পাৰে।

লিখক: ডা: প্ৰণৱ চক্ৰৱৰ্তী, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate