গ্ৰীষ্মকাল মানেই সৌন্দৰ্যৰ যতন।। কাৰণ সূৰ্যৰ চোকা ৰশ্মিয়ে আমাৰ ছালখনৰ উপৰিও আমাৰ সমস্ত স্বাস্থ্যত প্ৰভাৱ পেলায়। সেয়ে জহকালিৰ সময়ছোৱাৰ বাবে আমাৰ ছাল, চুলিৰ লগতে খাদ্যসামগ্ৰী অর্থাৎ আমি কি খাদ্য গ্রহণ কৰিছো সেই দিশটোৰ প্ৰতিও চকু দিব লগা হয়। কাৰণ এই সময়ত খোৱা খাদ্যই আমাৰ অধিক গৰম লগাব পাৰে। সৌন্দর্য যতন বুলিলে ছাল, চুলি আদিৰ যতনৰ বাবে আমি নানা ধৰণৰ মাস্ক, সৌন্দর্য সামগ্ৰী ব্যৱহাৰ কৰো, কিন্তু ঘাম ? হয়, অধিক ঘমাৰ ফলত আমাৰ সকলো সৌন্দৰ্য নিমিষতে ম্লান হৈ পৰে। সেয়ে এনে কিছু উপায়ৰ প্রয়োজন, যাৰ দ্বাৰা ঘামিলেও যাতে আমাৰ সৌন্দর্য অটুট থাকে।
সাধাৰণতে জহকালি ঘাম ওলোৱাটো আমাৰ শৰীৰৰ এটা স্বাভাৱিক প্রক্রিয়া। কিন্তু কিছুলোকৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক ঘামে তেওঁলোকৰ স্বাভাৱিক জীৱনযাত্ৰাত প্রভাৱ পেলায়। যাক চিকিৎসা বিজ্ঞানত হাইপাৰহাইড্র’চিছ (Hyperhidrosis) বোলা হয়। এই সমস্যাত ভোগাসকলে আনকি শীতকালতো ঘামিবলৈ ধৰে। এই সমস্যাৰ বাবে চিকিৎসা বিজ্ঞানত উপায় নথকা নহয়—
কিছুমান ঘৰুৱা উপায়
খাদ্য
সতেজ আৰু পাতল আহাৰ গ্ৰহণ কৰিব লাগে। তিয়ঁহ, পদিনা, টেঙা ফলমূল, বিলাহীৰ ৰস, আঙুৰ আদি সেৱন কৰা অতি দৰকাৰী। এই ধৰণৰ খাদ্যই পিয়াহ গুচাব। তাৰোপৰি ছ'ডিয়াম আৰু কেল’ৰিৰ মাত্রা একেবাৰে কম হোৱাৰ উপৰিও এণ্টি অক্সিডেণ্ট, কেলছিয়াম আৰু ভিটামিন ‘এ’ যথেষ্ট পৰিমাণে পোৱা যায়।— যি এই বতৰত অতি প্রয়োজনীয়। অতিমাত্রা জ্বলা, ভজা-পোৰা, কফি তথা ৰাগিয়াল খাদ্যসামগ্ৰীয়ে ঘৰ্মগ্রন্থিসমূহক অধিক সক্রিয় কৰি তোলে। সেয়ে অধিক সেৱন নকৰাই ভাল।
এইখিনিতে উল্লেখনীয় যে—অধিক ঘাম ৰোধ কৰাৰ ক্ষেত্ৰত অধিক সংখ্যাকে ডিঅ’ডৰেন্ট আৰু এন্টিপাৰ্চপিৰেন্ট (Antiperspirant) ব্যৱহাৰৰ সময় ছোৱাত দুয়োবিধৰ মাজৰ পাৰ্থক্য ধৰিব নোৱাৰে। দুয়োৰে সংজ্ঞা দিবলৈ হ’লে— ডিঅ’ডৰেণ্ট হ’ল এনে এবিধ মাস্ক, যি শৰীৰৰ পৰা ওলোৱা ঘামৰ ওপৰত এটা প্রলেপৰ সৃষ্টি কৰি দুৰ্গন্ধ ৰোধ কৰে। আনহাতে এণ্টি পার্চ পিৰেণ্টে (Antiperspirant) শৰীৰত থকা ঘর্মগ্রন্থিৰ ওপৰত এটা অস্থায়ী তৰপৰ সৃষ্টি কৰি ঘাম ওলোৱাত বাধা প্রদান কৰে। এণ্টিপার্চপিৰেণ্টত থাকে এলক'হল, এলুমিনিয়াম চল্ট— যি ছালত পৰাৰ লগে লগে ছালৰ সৈতে মিহলি হৈ ক্রিয়া আৰম্ভ কৰে। সোনকালে শুকান আৰু ঠাণ্ডা অনুভৱ হয়। দুয়োবিধেই ষ্টিক, এচ’ৰল বা স্প্ৰে, ৰোল অন আৰু ক্লিনিকেল চ’লিড আদিত উপলব্ধ। উল্লেখ্য যে অধিক বা দীঘলীয়া সময়লৈকে এণ্টিপার্চপিৰেণ্ট ব্যৱহাৰৰ ফলত কেন্সাৰ হোৱাৰ বৈজ্ঞানিক ভিত্তিত প্রমাণিত হোৱা নাই।
লেখিকা: শ্ৰুতি জৈন।
শেহতীয়া উন্নীতকৰণ: : 12/4/2023