অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জুয়ে পোৰা ছালখনৰ বিকল্প

জুয়ে পোৰা ছালখনৰ বিকল্প

 

অগ্নিদগ্ধ হোৱা ৰোগীৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল যিমান পাৰি সোনকালে ঘা ডোখৰ স্থায়ীভাৱে ঢাকি দিয়াটো। স্থায়ী বা অস্থায়ী ঘা ঢাকনিৰে সোনকালে ঘা ডোখৰ ঢাকি দিব পাৰিলে শৰীৰৰ পানী ভাগ ওলাই যোৱা আৰু বাহিৰৰ পৰা বীজাণু সংক্ৰমণত বাধাৰ সৃষ্টি হয়।

জুয়ে পোৰা আঘাত মানৱ শৰীৰত হ’ব পৰা সকলো ধৰণৰ আঘাততকৈ ভয়াৱহ। শৰীৰৰ সকলো অংগৰে ঢাকনি-সদৃশ সুন্দৰ ছালখন পুৰি যোৱাৰ ফলত ভিতৰৰ পানী ভাগ কম সময়তে বাহিৰলৈ ওলাই যোৱাৰ উপৰি বিভিন্ন অংগ-প্রত্যংগসমূহ বীজাণুৰে সংক্ৰমিত হোৱাৰ সম্ভাৱনাও আহি পৰে। জুয়ে পোৰা আঘাত কেবল শাৰীৰিক আঘাতেই নহয়, ই এক ভয়াৱহ মানসিক আঘাতো। ঘা ডোখৰ শুকাই যোৱাৰ পাছতো যে পুনৰ আগৰ সেই মসৃণ ছালখন ঘূৰাই নাপাব আৰু বহুক্ষেত্ৰত ছালখনে বিকৃত ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাও থাকে, তাৰে চিন্তাত ৰোগীয়ে যথেষ্ট মানসিক সংঘাতত ভোগে|

যোৱা দুটা দশকত উন্নত দেশবোৰত নতুন নতুন চিকিৎসা পদ্ধতিৰ উদ্ভাৱনৰ ফলত অগ্নিদগ্ধ হোৱা ৰোগীৰ মৃত্যুৰ হাৰ যথেষ্ট নিম্নগামী হোৱা দেখা গৈছে। জুয়ে পোৰা আঘাতৰ স্বৰূপ ভালদৰে পানীভাগৰ সফল পৰিপূৰণ কৰা, বীজাণু সংক্রমণ ৰোধত বহুলাংশে সফল হোৱা আৰু ঘা ডোখৰ সোনকালে কাটি পেলাই তাৰ ওপৰত নতুনকৈ আৱিষ্কৃত হোৱা বিভিন্ন ধৰণৰ ঘা ঢাকনিৰে ঢাকি দিব পৰাৰ নতুন কৌশল আৱিষ্কৃত হোৱা বাবে সেইবোৰ দেশত এতিয়া এই আঘাতৰ চিকিৎসাৰ প্রভূত উন্নতি হৈছে। চিকিৎসাৰ ক্ষেত্ৰত হোৱা এনে উন্নতিৰ ফলতে এতিয়া অগ্নিদগ্ধ হোৱা ৰোগীৰ মৃত্যুৰ হাৰো বহু নিম্নগামী হৈছে।

অগ্নিদগ্ধ হোৱা ৰোগীৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল যিমান পাৰি সোনকালে ঘা ডোখৰ স্থায়ীভাৱে ঢাকি দিয়াটো। স্থায়ী বা অস্থায়ী ঘা ঢাকনিৰে সোনকালে ঘা ডোখৰ ঢাকি দিব পাৰিলে শৰীৰৰ পানী ভাগ ওলাই যোৱা আৰু বাহিৰৰ পৰা বীজাণু সংক্ৰমণত বাধাৰ সৃষ্টি হয়। সেই বাবে অগ্নিদগ্ধ ৰোগীৰ স্বাস্থ্যৰ উন্নতিও ত্বৰান্বিত হয়। উপৰুৱাকৈ পোৰা ঘাৰ ক্ষেত্ৰত, নোপোৰা ছালৰ উপৰুৱা কোষবোৰ কাষ চাপি আহি ঘা ডোখৰ লাহে লাহে ঢাকি ধৰে। দকৈ পোৰা ঘা পিছে এনেদৰে নুশুকায়। এনে ঘাৰ ওপৰত নোপোৰা অংশৰ পৰা ছাল কাটি আনি লগাব লগীয়া হয়। নহ’লে ঘা ডোখৰ সংকুচিত হৈ ছালৰ তলত থকা আঁহযুক্ত কলাৰে (tissue) শুকোৱায়। পিছে এনেদৰে শুকোৱা ঘা পুনৰ সংকুচিত হৈ বিকৃত ৰূপ ধাৰণ কৰে। যদিও ৰোগীজনৰ নিজৰ গাৰ পৰা লোৱা ছাল ঘা ঢাকনিৰ বাবে আটাইতকৈ উপযোগী, অত্যধিক শতাংশ অগ্নিদগ্ধ হোৱা ৰোগীৰ ক্ষেত্ৰত এনে ছাল দুষ্প্ৰাপ্য হোৱা বাবে চিকিৎসকে অন্য উৎসৰ পৰা আহৰণ কৰিব পৰা ঘা ঢাকনিৰ সন্ধান কৰিব লগীয়া হয়।

প্রযুক্তিগত কৌশলেৰে ঘা ঢাকনি

 

উপৰুৱাকৈ পোৰা ঘাৰ চিকিৎসাৰ বাবে যোৱা তিনিটা দশকত কেইবাবিধো প্ৰযুক্তিগত কৌশলেৰে তৈয়াৰী ঘা ঢাকনি আৱিষ্কৃত হৈছে। দেশে-বিদেশে প্রাপ্ত এই ঘা ঢাকনিবোৰ অস্থায়ী আৱৰণ হিচাপে ব্যৱহাৰ কৰি বাৰে বাৰে কৰিবলগীয়া বেদনাদায়ক ড্ৰেছিঙৰ পৰা ৰোগীক সকাহ দিব পৰা হৈছে। তলত উল্লেখ কৰাসমূহ কেইটামান উদাহৰণ-

  • অ’মিদার্ম (Omiderm)

পলিইউৰেথেন নামৰ ৰাসায়নিক পদাৰ্থৰে তৈয়াৰী, পাতল আৰু স্বচ্ছ এই ঢাকনিখনত বহুতো ক্ষুদ্ৰ ৰন্ধ্ৰ থকা বাবে ভিতৰৰ পৰা নিৰ্গত পনীয়াখিনি সহজে ওলাই যাব পাৰে। সেয়েহে এনে ঘা ঢাকনি কেইবাদিনলৈ ৰাখি থ’ব পাৰি। পিছে এইবিধ ঢাকনি এতিয়াও আমাৰ দেশত সহজলভ্য হৈ উঠা নাই।

  • বায়’ব্রেন (Biobrane)

দুতৰপীয়া এই ঘা ঢাকনিখনো পাতল ছিলিকন আৰু নাইলন সূতাৰে তৈয়াৰী। এইবিধ ঢাকনিও আমাৰ দেশত পাবলৈ নাই।

  • এক্‌টিক’ট (Acticoat)

তিনি তৰপীয়া এই ঢাকনিখনৰ বাহিৰৰ তৰপ দুটা পলিইথিলিন সূতা আৰু মাজৰখন ৰেয়ন বা পলিষ্টাৰ সূতাৰে তৈয়াৰী। বাহিৰৰ তৰপ দুটাত ক্ষুদ্রাতিক্ষুদ্র ছিলভাৰৰ কণা থকা বাবে অনৱৰতে ঘা ডোখৰত ছিলভাৰৰ কণাৰে সিঁচৰতি হৈ থাকে। বীজাণু ধ্বংসী ছিলভাৰ কণাবোৰৰ বাবে এই ঢাকনি পূজ-পানী নিৰ্গত হৈ থকা ঘাতো ব্যৱহাৰ কৰিব পাৰি। এই ঢাকনিৰ আন এটা সুবিধা হ’ল তিনিদিনলৈ ড্ৰেছিং বদলি কৰাৰ আৱশ্যকতা নাই। এক্‌টিক’ট কিছু পৰিমাণে দামী যদিও, বেদনাদায়ক ড্ৰেছিং সদায় কৰিব লগীয়া নহয় বাবে ৰোগীৰ বাবে সুবিধাজনক। এক্‌টিক’ট এতিয়া অসমতো পোৱা যায়|

  • ছিলভাৰ
  • একুৱাচেল এ জি

জৈৱ উৎসৰ পৰা তৈয়াৰী ঘা ঢাকনি

অন্য মানুহৰ ছাল

 

জীৱিত সম্পৰ্কীয় বা সম্পর্ক নথকা ব্যক্তিৰ ছাল অথবা মৃত ব্যক্তিৰ পৰা সংগ্ৰহ কৰা ছাল আজিকালি অস্থায়ী ঘা ঢাকনি হিচাপে ব্যৱহাৰ কৰা হয়। জীৱিত ব্যক্তিৰ পৰা এনেধৰণে ছাল সংগ্ৰহত কিছুমান অসুবিধা থাকে যদিও মৃত ব্যক্তিৰ পৰা সংগৃহীত আৰু সংৰক্ষিত ছালৰ ক্ষেত্ৰত অসুবিধা যথেষ্ট কম। মৃত ব্যক্তিৰ পৰা ছাল সংগ্ৰহ কৰি এই বোৰ চাৰি ডিগ্রী চেলচিয়াছ উত্তাপত তিনিৰ পৰা ছয় সপ্তাহলৈ ৰাখিব পৰা হয়। এই ছাল অস্থায়ী ঢাকনি হিচাপে ব্যৱহাৰ কৰি গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা ৰোগীক প্রথম অৱস্থাত, ভিতৰৰ পানী ভা ওলাই যোৱা আৰু বাহিৰৰ পৰা বীজাণুৰ সংক্রমণ ৰোধ কৰিব পৰা হয়। পিছে মৃত ব্যক্তিৰ পৰা ছাল সংগ্ৰহ কৰিবলৈ হ’লে স্কিন বেংক স্থাপন কৰি মানুহক ছাল দান কৰিবলৈ সজাগ কৰাটো এক ডাঙৰ প্ৰত্যাহবান।

অন্য জন্তুৰ ছাল

 

গৰু, গাহৰি, কুকুৰ, ভেকুলী আদি জীৱ-জন্তুৰ পৰা সংগ্ৰহ কৰা ছালো জুয়ে পোৰা ঘাৰ অস্থায়ী ঢাকনি হিচাপে ব্যৱহৃত হৈ আহিছে। কিন্তু এইবোৰ ঘাত বীজাণু সংক্ৰমণ ৰোধ কৰাত মানুহৰ ছালৰ নিচিনা সফলকাম হ’ব পৰা নাই।

ক’লাজেন

গৰু অথবা ভেড়াৰ অন্ত্ৰৰ মাংসপেশীৰ আঁহজাতীয় কলা বা ছালৰ ডাৰ্মিচৰ (Dermis) পৰা তৈয়াৰী কৰা ক’লাজেন নামৰ ঘা ঢাকনিখন উপৰুৱাকৈ পোৰা ঘাৰ বাবে অতি উপযোগী। ক’লাজেনে কোষৰ গঠন প্রক্রিয়াত সহায় কৰে। ই কোনো ধৰণৰ পাশ্বক্রিয়া সংঘটিত নকৰে আৰু বেদনাদায়ক নহয়। শুকান আৰু তিতা— দুই ধৰণৰ ক’লাজেন এতিয়া বজাৰত সহজলভ্য। ইয়াৰ মূল্যও বেছি নহয়। ঘা ডোখৰৰ পৰা পোৰা ছালখন আঁতৰাই পৰিষ্কাৰ কৰি ক’লাজেন ঢাকনিখন পোনে পোনে ঘাৰ ওপৰত লগাই দিব লাগে। তাৰ ওপৰত বেণ্ডেজেৰে মেৰিয়াই থৈ দিয়া হয়। এনে বেণ্ডেজ সাত দিনলৈ সলোৱাৰ আৱশ্যক নহয়৷ ৮-৯ দিনত সাধাৰণতে এনে ঘা শুকাই যায়। তদুপৰি এনেধৰণে শুকোৱা ঘাত স্কাৰ হৈ ওখোৰা-মোখোৰা হোৱাৰ সম্ভাৱনাও কম। এই লেখকেও ক’লাজেন ঢাকনি বহুতো ৰোগীৰ ঘাত লগাই সুফল পাইছে।

যোৱা দশককেইটাত, উন্নত দেশবোৰত, জৈৱ আৰু অজৈৱ অৰ্থাৎ প্ৰযুক্তিগত কৌশলেৰে তৈয়াৰী ঘা ঢাকনিবোৰ বহুলভাৱে প্ৰচলিত হৈছে। আনহাতে, বেছিকৈ পোৰা ৰোগীৰ শৰীৰৰ পৰা লোৱা কম পৰিমাণৰ ছালক সম্প্ৰসাৰিত কৰি গৱেষণাগাৰত তৈয়াৰ কৰা পাতল ছালৰ চাহিদাও যথেষ্ট বাঢ়িছে।

গৱেষণাগাৰত সম্প্ৰসাৰত কৰা ছাল

মানুহৰ ছালৰ উপৰুৱা অংশত থকা কোষবোৰ গৱেষণাত বিশেষ পদ্ধতিৰে বিকাশ ঘটাই এখন পাতল আৱৰণৰ সৃষ্টি কৰাৰ কৌশল প্ৰায় তিনি দশকৰ আগতে আইছিংগাৰ আৰু তেওঁৰ সংগী বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছিল। গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা যিসকল ৰোগীৰ ঘা ঢাকিবলৈ ছালৰ অভাৱ হয়, তেওঁলোকৰ শৰীৰৰ পৰা ১ বর্গ চেঃমিঃ ছাল কাটি নি গৱেষণাগাৰত বিকাশ ঘটাই তিনি সপ্তাহৰ ভিতৰতে গোটেই শৰীৰ ঢাকিব পৰাকৈ এখন আৱৰণৰ সৃষ্টি কৰিব পাৰি। এই আৱৰণখনৰ একমাত্র অসুবিধা হ’ল, ছালৰ উপৰুৱা অংশৰ কোষেৰে গঠিত ই মাত্র এতৰপীয়া পাতল ছাল। তথাপি ৮০-৯০% পোৰা ৰোগীসকলৰ এই আৱিষ্কাৰে জীয়াই থকাৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। এনে ৰোগীৰ ঘাবোৰ প্ৰথম দুসপ্তাহত অন্য মানুহৰ ছাল, জন্তুৰ ছাল অথবা প্রযুক্তিগত কৌশলেৰে তৈয়াৰী ঢাকনিৰে অস্থায়ীভাৱে ঢাকি দি নোপোৰাকৈ থকা ছালৰ সৰু টুকুৰা এটি গৱেষণাগাৰত সম্প্রসাৰিত কৰিবলৈ দিয়া হয়। তিনি সপ্তাহৰ পাছত গৱেষণাগাৰত ছালৰ আৱৰণখন সাজু হ’লেই ৰোগীৰ শৰীৰৰ পৰা অস্থায়ী আৱৰণ আঁতৰাই এই ছালখন স্থায়ীভাৱে লগাই দিব পাৰি। এনেদৰে কৰা চিকিৎসাৰ ফলত উন্নত দেশবোৰত আজিকালি ৯০-১০০% অগ্নিদগ্ধ হোৱা ৰোগীকো বচাব পৰা হৈছেগৈ। পিছে দুৰ্ভাগ্যক্রমে আমাৰ দেশত এতিয়াও গৱেষণাগাৰত ছালৰ আৱৰণ তৈয়াৰী কৰাৰ এনে কৌশল খটোৱাৰ আৱশ্যকীয় সা-সুবিধা হৈ উঠা নাই। সেইবাবে আমাৰ দেশত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা ৰোগীৰ মৃত্যুৰ হাৰ এতিয়াও যথেষ্ট বেছি।

ক্লিনিকেল চেল কালচাৰ (Clinical Cell Culture)

গবেষণাগাৰত সম্প্রসাৰিত ছাল তিনি সপ্তাহৰ পাছতহে ঘাৰ ওপৰত লগাব পৰা হোৱা বাবে ঘা ডোখৰ শুকোৱাৰ পাছত ছালখন সম্পূৰ্ণৰূপে মিহি আৰু দেখনিয়াৰ নহয়। এই অসুবিধাখিনি আঁতৰাবলৈ অষ্ট্ৰেলিয়াৰ প্লাষ্টিক ছাৰ্জন ডাঃ ফিয়োনা উড আৰু বায়’মেডিকেল গৱেষক মেৰী ষ্ট'নে আন এটি কৌশল আৱিষ্কাৰ কৰিছে। ৰোগীৰ শৰীৰৰ নোপোৰা ছালৰ সৰু টুকুৰা কাটি গৱেষণাগাৰত এনজাইমৰ (Enzyme) লগত মিহলাই এটি কোষৰ তৰল তৈয়াৰী কৰে। এই তৰলখিনি ছিৰিঞ্জত ভৰাই লৈ ৰোগীৰ ঘাৰ ওপৰত ছটিয়াই দিয়া হয়। তৰলত থকা কোষবোৰে ঘাৰ ওপৰতে বিকশিত হৈ অতি সোনকালে এখন আৱৰণৰ সৃষ্টি কৰে। দুসপ্তাহৰ ভিতৰতে এনেদৰে ছালৰ পাতল আৱৰণখনে ঢাকি ধৰাৰ ফলত ঘা ডোখৰ শুকোৱাৰ পাছত অধিক নিমজ  আৰু দেখনিয়াৰ হয় বুলি ডাঃ ফিয়োনা উডে প্রমাণ কৰি দেখুৱাইছে।

ছালৰ ভিতৰৰ তৰপৰ পৰিপূৰক

গৱেষণাগাৰত সম্প্ৰসাৰিত ছালখন এতৰপীয় হোৱা বাবেই অতি পাতল আৰু সহজে ফাটি যায়। তদুপৰি এই আৱৰণত ছালৰ আন কিছুমান আৱশ্যকীয় উপাদান, যেনে— মেলান'চাইট (Melanocyte) নামৰ ছালৰ পিগমেন্ট (Pigment), ঘর্মগ্রন্থী আদি নাথাকে| সেয়েহে বহু দিনীয়া গৱেষণাৰ অন্তত ইণ্টিগ্রা (Integraa) নামৰ দুতৰপীয়া ঘা ঢাকনি এখন আৱিষ্কাৰ কৰা হৈছে।

ইন্টিগ্রা

এই দুতৰপীয়া ঢাকনিখনত ভিতৰৰ তৰপত গৰু বা অন্য জন্তুৰ আঁহজাতীয় কলা (Tissue) থাকে আৰু বাহিৰৰ তৰপ চিলিকনেৰে তৈয়াৰী। পোৰা ঘা ডোখৰ যিমান পাৰি সোনকালে দ-কৈ কাটি দি তাৰ ওপৰত ইণ্টিগ্রা লগাই দিয়া হয়। এই ঢাকনিৰ ভিতৰৰ তৰপ ৰোগীৰ কলাৰ (Tissue) লগত মিলি যায়। বাহিৰৰ চিলিকনৰ তৰপটো পাছত আঁতৰাই তাৰ ওপৰত গৱেষণাগাৰত সম্প্রসাৰিত ছাল লগাই দিলে এখন মজবুত দুতৰপীয়া ছাল পোৱা হয়। আমাৰ দেশত ইণ্টিগ্রা এতিয়াও তৈয়াৰ কৰিব পৰা নাই। তদুপৰি ই যথেষ্ট দামী হোৱা বাবে ভাৰতত ইণ্টিগ্রাৰ প্ৰচলন এতিয়াও সীমিত হৈ আছে।

ওপৰত উল্লেখ কৰা ঘা ঢাকনিবোৰে জুয়ে পোৰা আঘাতৰ চিকিৎসাৰ উন্নতিত প্রভূত বৰঙনি যোগাইছে। আমাৰ অসমতো এতিয়া কেইবাবিধো নতুন ঘা পোৰা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ হোৱা পৰিলক্ষিত হৈছে।

লেখক: ডা: ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate