অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জুয়ে পোৰাৰ ভয়াবহতাঃ

 

জুয়ে পোৰাৰ ভয়াবহতা কোনেও নুই কৰিব নোৱাৰে-

 

প্ৰায় সকলো লোকেই সৰু, ডাঙৰ জুয়ে পোৰা অনুভৱ কৰিছে, সেয়া হয়তো ঘৰতেই হওক অথবা আন কোনো কাৰণতেই হওক যেনে- দীপাৱলী অথবা কোনো কাৰখানা, ইলেক্ট্ৰিকেল দুৰ্ঘটনাজনিত কাৰণত।

জুয়ে পোৰাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি সকলোৱে সজাগ হোৱা উচিত। সাধাৰণতে সজাগতাৰ অভাৱতেই এনে দুৰ্ঘটনাৰ সন্মুখীন হ’ব লাগে।

জুয়ে পোৰা ৰোগীৰ চিকিৎসা অকল ব্যয়বহুলেই নহয়, যথেষ্ট দীঘলীয়াও হয়। তদুপৰি ৰোগীজনৰ যথেষ্ট শাৰীৰিক বিসংগতিৰ কাৰণে স্বাভাৱিক জীৱনযাত্ৰা অচল হৈ পৰে। সেয়ে এনে দুৰ্ঘটনাৰ লগত অকল স্বাস্থ্য বিভাগেই নহয় সমাজ কল্যাণ বিভাগো জড়িত হৈ থকাটো বাঞ্ছনীয়। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেচনেও বাৰ্ন ইঞ্জুৰি যথেষ্ট গুৰুত্বসহকাৰে লৈছে, বিশেষকৈ অনুন্নত দেশসমূহত।

বাৰ্ন ইঞ্জুৰিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে সমূহ ৰাইজ সজাগ হোৱাৰ লগতে স্কুল-কলেজ, হস্পিতালৰ কৰ্মচাৰীসকলৰ মাজতো সময়ে সময়ে সজাগতামূলক অনুষ্ঠান কৰাটো বাঞ্ছনীয়।

এনে দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ আৰু প্ৰতিকাৰৰ বাবে যথেষ্ট গৱেষণামূলক অনুসন্ধান পৃথিৱীৰ সকলো দেশতে কৰা হৈছে।

কিছুদিন আগলৈকে বাৰ্ন ৰোগীসকলক চিকিৎসা কৰিবলৈ অকল ডাক্তৰেই নহয় নাৰ্ছ অথবা সহায়ক/পৰিচালকসকলেও দ্বিধাবোধ কৰিছিল। ছাৰ্জাৰী বিভাগৰ দীঘলীয়া জেনেৰেল ৱাৰ্ডৰ একেবাৰে একোণত তেওঁলোকক আঁঠুৱাৰে ঢাকি ৰাখি চিকিৎসা কৰা হৈছিল, কাৰণ বাকী ৰোগীসকলে বাৰ্ন ৰোগীসকলৰ গলিত ছাল, মাংস আদিৰ দুৰ্গন্ধত ওচৰত থাকিব নোৱাৰিছিল। সুচিকিৎসাৰ অভাৱত তেওঁলোকে প্ৰায়েই জীয়াতু ভুগি মৃত্যুমুখত পৰিছিল। এতিয়া উন্নত চিকিৎসা পদ্ধতিৰ ক্ৰমবৰ্ধমান বিকাশে এনে ৰোগীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। অকল ৰাজ্যিক প্ৰশাসনেই নহয়, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এনে ৰোগীৰ প্ৰতিকাৰ আৰু পৰিত্ৰাণৰ উপায় বিচাৰি মেডিকেল কলেজৰ উপৰি ৰাজ্যিক চিকিৎসালয়সমূহত বাৰ্ন ইউনিট খুলি সুচিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

তদুপৰি নিত্য-নতুন প্ৰযুক্তি আদিৰ ব্যৱহাৰে এনে চিকিৎসা সহজ কৰি তুলিছে-

 

যদিও অকল প্ৰযুক্তিয়েই নহয়, এনে ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকৰ্মীসকলৰ আন্তৰিকতা, সহমৰ্মিতা, সহযোগ থাকিলেহে তেওঁলোকক আৰোগ্যৰ পথত আগুৱাই নিব পৰা যাব। যিহেতু বাৰ্নৰ চিকিৎসা দীঘলীয়া আৰু ব্যয়বহুল আৰু প্ৰায় ৰোগীয়েই দাৰিদ্ৰ সীমাৰেখাৰ তলত, তেওঁলোকক ইঞ্চুৰেণ্স আদিৰ সুবিধাৰ আওতালৈ আনিব পাৰিলেহে তেওঁলোকক সহায় কৰা হ’ব। অতি সন্তোষজনক কথা যে বাৰ্ন ৰোগীসকলক এতিয়া অটল অমৃত অভিযানেও সাঙুৰি লৈছে আৰু তেওঁলোকৰ চিকিৎসাৰ বাবে সহায় হিচাপে কিছু ধন আগবঢ়াইছে। আমি সকলোৱে জানিব লাগিব যে জুয়ে পোৰাৰ প্ৰথম পৰ্যায়ৰ নিয়মসমূহ সকলোৰে জ্ঞাত হোৱা উচিত। তদুপৰি কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই বিষয়েও সকলো সজাগ হোৱাটো আৱশ্যক।

জুয়ে পোৰাতকৈও ভয়াৱহ ইলেক্ট্ৰিক্স বাৰ্ন, কাৰণ দেখাত সৰু যেন লগা ঘা এটাও বহু দকৈ ভিতৰলৈকে শৰীৰৰ কোষসমূহ ধ্বংস কৰে। সেয়ে কেতিয়াবা উচ্চ ভল্টেজ বাৰ্নত হাত-ভৰি অথবা অন্য কোনো অংগ হেৰুৱাবলগীয়াত পৰে। ৰোগীজনৰ প্ৰাণ বচাবলৈ কোনো অংগৰ অৰ্ধগলিত মাংসপেশীবোৰ ততাতৈয়াকৈ ইমাৰ্জেণ্সী এমপুটেচনৰো ব্যৱস্থা কৰিবলগীয়া হয়। তদুপৰি বন্ধ কোঠাত জুয়ে পুৰিলে গৰম ধোঁৱাই শ্বাস-প্ৰশ্বাসৰ নলীত সোমাই গৈ এই নলীৰ লগতে হাওঁফাওঁৰো ক্ষতি কৰিব পাৰে আৰু কাৰ্বন মন’ক্সাইড পয়জনিং হ’লে সহজেই মৃত্যুমুখত পৰে।...

(উৎসঃ খবৰ, ৰকী শ্ৰীবাস্তৱ, ফোনঃ ৯৯৫৪৩-৪৮৯৮৮)।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate